ভাৰতৰ সংসদ ভৱনত চলি থকা শেহতীয়া আইনগত পৰিঘটনালৈ চালে এই কথা স্পষ্ট হৈ পৰে যে সংবিধানৰ সম্ভাৱ্য অপব্যৱহাৰক লৈ ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী ড০ বি আৰ আম্বেদকাৰৰ উদ্বেগ মুঠেও ভিত্তিহীন নাছিল। বৰ্তমান সময়ত বিভিন্ন আইনৰ পৰিৱৰ্তনে নাগৰিকৰ সাংবিধানিক অধিকাৰৰ প্ৰতি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ লগতে সুৰক্ষা আৰু ব্যক্তিগত স্বাধীনতাৰ মাজৰ ভাৰসাম্য সম্পৰ্কেও অৱতাৰণা কৰিছে অলেখ প্ৰশ্নৰ। আইনৰ অপব্যৱহাৰৰ আশংকাক লৈ এদিন ড০ আম্বেদকাৰেই কৈছিল, "যদি মোৰ অনুভৱ হয় যে সংবিধানৰ অপব্যৱহাৰ হৈছে, তেন্তে মইয়ে প্ৰথমে এয়া জ্বলাই দিম।"
নাগৰিকৰ সাংবিধানিক অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ২০২৩ চনত সংসদত গৃহীত হোৱা গুৰুত্বপূৰ্ণ নতুন বিধেয়কসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে পাৰি লাইব্ৰেৰীয়ে।
উদাহৰণস্বৰূপে বন (সংৰক্ষণ) সংশোধনী আইন, ২০২৩ৰ কথাই ক'ব পাৰি। এই আইনখনৰ জৰিয়তে ভাৰতৰ বনাঞ্চলসমূহৰ পৰিভাষা সলনি কৰা হৈছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ দৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰীয়া বনাঞ্চলসমূহত এই আইনখনে বিশেষ প্ৰভাৱ পেলাইছে। ‘অশ্ৰেণীবদ্ধ বনাঞ্চল’ হিচাপে শ্ৰেণীভুক্ত অঞ্চলটোৰ আধাতকৈ অধিক বনাঞ্চল এতিয়া আইনখনৰ সংশোধনীৰ পিছত সামৰিক আৰু অন্যান্য কৌশলগত ব্যৱহাৰৰ অধীন হৈ পৰিছে।
ইফালে ডিজিটেল গোপনীয়তাৰ ক্ষেত্ৰখনত ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা আইনখনে তদন্তকাৰী সংস্থাসমূহে ফোন আৰু লেপটপৰ দৰে ডিজিটেল ডিভাইচসমূহ জব্দ কৰাৰ প্ৰক্ৰিয়াটো সৰল কৰি তুলিছে। পৰিণামস্বৰূপে গোপনীয়তাৰ মৌলিক অধিকাৰৰ সৈতে কৰা হৈছে আপোচ। নতুন দূৰসংযোগ আইনখনে টেলিকমিউনিকেচন সেৱাৰ বাবে বায়’মেট্ৰিক চিনাক্তকৰণ বাধ্যতামূলক কৰি তোলাৰ ফলত বায়’মেট্ৰিক তথ্য পৰিচালনাৰ বাবে গোপনীয়তা আৰু চাইবাৰ সুৰক্ষাক লৈ বৃদ্ধি পাইছে উদ্বিগ্নতাৰ।







