উদ্দাণ্ডৰায়ুনীপালেম গাঁৱৰ গিঞ্জুপাল্লি শংকৰ ৰাওৱে ২০১৭ত চৰকাৰে অমৰাৱতী ৰাজধানী চহৰৰ বাবে চৰকাৰে আৱণ্টন দিয়া ১০০০ স্কোৱেৰ গজৰ এটুকুৰা আবাসিক ভূমি বিজয়ৱাড়াৰ ক্ৰেতাৰ হাতত বিক্ৰী কৰে। তাৰ বাবদ তেঁও ২ কোটি টকা পায়। তাৰে ৮০ লাখ টকাৰে তেঁও পুৰণি ঘৰটো ভাঙি দুমহলীয়া ঘৰ সাজি উলিয়ায়। ‘এই টকাৰে মই ঘৰটো সাজি উলিয়ালো, এখন চাৰ্ভ’লেট আৰু মটৰ চাইকেল কিনিলো, অষ্ট্ৰেলিয়ালৈ পঢ়িবলৈ যাবলৈ মোৰ জীয়ৰীজনীৰ খৰছৰ কাৰণে আৰু তাইৰ বিয়াৰ কাৰণেও অলপমান সাঁচি থৈছো,’ তেঁও আনন্দৰে কয়।
উদ্দাণ্ডৰায়ুনীপালেম গাঁও হৈছে গুণ্টুৰ জিলাৰ কৃষ্ণা নদীৰ উত্তৰ পাৰৰ সেই ২৯ খন গাঁৱৰ মাজৰ এখন য’ত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ নতুন ‘সেউজ’ ৰাজধানী অমৰাৱতী নিৰ্মাণৰ কাম চলি আছে। অমৰাৱতী বহনক্ষম ৰাজধানী চহৰ উন্নয়ন প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে লেণ্ড পুলিং স্কীম (এলপিএছ)ৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ বাবেই ৩৩ হাজাৰ একৰৰো অধিক মাটি আহৰণৰ কাম কৰি আছে।
২৯ খন গাঁৱৰ সেই এলেকাটো ঠায়ে ঠায়ে এতিয়া নতুন, কিছুমান সম্পূৰ্ণ হোৱা আৰু কিছুমান অৰ্ধনিৰ্মিত অট্টালিকাৰে ভৰি পৰিছে। ২০১৪ত নতুন ৰাজধানী ঘোষণাৰ পিছৰেপৰা গাঁওবোৰত ৰিয়েল ইষ্টেল এজেন্সী কাঠফুলাৰ দৰে গজি উঠিছে। তাৰপৰা আটাইতকৈ বেছি লাভান্বিত হৈছে উচ্চ জাতৰ ভূস্বামীসকল; বিশেষকৈ কাম্মা সম্প্ৰদায়ৰ লোকসকল। ‘মোৰ দৰে প্ৰায় ৯০ শতাংশ মাটিৰ মালিকে তেঁওলোকৰ মাটি (আৱণ্টিত)ৰ এটা অংশ বিক্ৰী কৰি ঘৰ বান্ধিছে,’ শংকৰা ৰাওৱে (চুবুৰীয়া নাৰিনা চুব্বা ৰাওৰ সৈতে প্ৰচ্ছদ ফটোৰ ওপৰত, সোঁফালে) কয়।









