ছেপ্টেম্বৰৰ আগভাগৰ কথা, ঘোঁৰামাৰা দ্বীপৰ ফেৰিঘাটটো ব্যস্ত হৈ পৰিছে। পুৰুষ-মহিলা-শিশু, আনকি গৰু-ম’হেও নাওখনৰ পৰা খৰধৰকৈ নামি দিনটোৰ বাবে ওলাবলৈ খৰখেদা কৰিছে। জোৱাৰ-ভাটা বাঢ়িলে প্ৰায়ে দ্বীপটোৰ পৰা ওলাই গৈ সম্পৰ্কীয়ৰ ঘৰত থকা মানুহবোৰ পানী কমা দেখি নিজ ঘৰলৈ উভতিছে। কাকদ্বীপৰ পৰা সুন্দৰবন বদ্বীপৰ সেই দ্বীপটোলৈ ফেৰিৰে ৪০ মিনিট সময় লাগে, মাহত অতিকমেও দুবাৰ তালৈ ফেৰি অহা-যোৱা কৰে। কিন্তু অহা-যোৱাৰ এই ৰুটিনখনেই পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ এই সৰু দ্বীপটোত ঘোৰামাৰাবাসীৰ দীঘলীয়া জীৱন সংগ্ৰামৰ ছবিখন দাঙি ধৰিছে।
সঘনাই অহা ঘূৰ্ণীবতাহ, ক্ৰমশঃ ওখ হৈ অহা সাগৰপৃষ্ঠ আৰু অতিবৃষ্টি – জলবায়ু পৰিৱৰ্তনৰ এইকেইটা লক্ষণে ঘোৰামাৰাবাসীৰ জীৱনবোৰ আৰু বেছি কঠিন কৰি তুলিছে। দশকৰ পিছত দশকজোৰা বানপানী আৰু ভূ-অৱক্ষয়ে হুগলী মোহনাৰ তেওঁলোকৰ অকলশৰীয়া দ্বীপটো পানীৰ মাজত ভাঁহি থকা ভূখণ্ড এটুকুৰালৈ পৰিণত কৰিছে।
মে’ মাহত যেতিয়া য়াছ ঘূৰ্ণীবতাহ আহি ভূভাগ পাইছিল, সুন্দৰবনৰ সাগৰ ব্লকৰ ঘোঁৰামাৰা অঞ্চলটোৰ আটাইতকৈ বেছি ক্ষতিসাধন হৈছিল। ২৬ মে’ত ঘূৰ্ণীবতাহ আৰু জোৱাৰ-ভাটাই দ্বীপটোৰ মথাউৰি ভাগি পেলাইছিল আৰু ১৫ কি ২০ মিনিটত গোটেইটো দ্বীপ জলমগ্ন হৈ পৰিছিল। ২০২০ত আমফান আৰু তাৰ আগত ২০১৯ত বুলবুলে তচনচ কৰা দ্বীপটোৰ বাসিন্দাসকলে কোনোমতে জীৱন-জীৱিকা চিজিল লগাবলৈ ধৰিছিলহে, কিন্তু পুনৰাই য়াছে তেওঁলোকক ধৰাশায়ী কৰি পেলায়। তেওঁলোকৰ ঘৰবোৰ বানে ভাঙি নিলে, ধান-তামোলৰ ভঁৰাল আৰু সৰিয়হৰ খেতি উটুৱাই নিলে।
ঘূৰ্ণীবতাহৰ ফলত আব্দুল ৰৌফৰ খাচিমাৰা ঘাটৰ কাষতে থকা ঘৰটো ভাগি চুৰমাৰ হৈ গ’ল। “সেই তিনিদিন খাবলৈ বুলি খুদকণ এটাও নাছিল, বৰষুণৰ পানী খাই বাচি আছিলো, আশ্ৰয় বুলিবলৈ আছিল এখন প্লাষ্টিকৰ তিৰ্পাল,” খাচিমাৰাৰ পৰা ৯০ কিলোমিটাৰ দূৰৰ কলকাতাত চিলাই-কটাই কাম কৰা ৰৌফে কয়। তেওঁ আৰু তেওঁৰ ঘৈণীয়েক দুয়োজনেই নৰিয়াত পৰোঁতে “সকলোৱে আমাৰ ক’ভিড হোৱা বুলি সন্দেহ কৰিছিল,” তেওঁ কয়। “বহুতেই গাওঁ এৰি আঁতৰি গৈছিল,” ৰৌফে কয়। “নিৰাপদ স্থানলৈ যাবলৈ আমাৰ গাত বল নাছিল, তাতেই থাকিবলগীয়া হৈছিল।” খণ্ড উন্নয়ন বিষয়াজনক কোনোবাই খবৰ দিওতেহে ৰৌফ আৰু তেওঁৰ পত্নীয়ে চিকিৎসা লাভ কৰিছিল। “বিষয়াজনে আমাক কোনোমতে কাকদ্বীপলৈ আহিবলৈ কৈছিল। তেওঁ তাত এম্বুলেঞ্চ এখনৰ ব্যৱস্থা কৰি থৈছিল। আমাৰ প্ৰায় ২২ হাজাৰ টকা (চিকিৎসাৰ নামত) খৰছ হৈছিল।” তেতিয়াৰে পৰা ৰৌফ আৰু তেওঁৰ পৰিয়ালটো দ্বীপটোতে অস্থায়ী ঘৰ সাজি বাস কৰিছে।
ঘৰ ভাঙি যোৱা বহুতকে অস্থায়ী আশ্ৰয় শিবিৰলৈ নিয়া হৈছিল। মন্দিৰতালা গাঁৱৰ বাসিন্দাসকলৰ বাবে দ্বীপটোৰ আটাইতকৈ ওখ ঠাই মন্দিৰতালা বজাৰৰ টেংক গ্ৰাউণ্ডত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছিল। কিছুমানে তাৰে কাষৰে ঠেক ৰাস্তা এটাত শিবিৰ পাতিছে। দ্বীপটোৰ হাতখোলা, সোণপুৰি আৰু খাচিমাৰা এলেকাৰ ৩০টা পৰিয়ালক ঘোঁৰামাৰাৰ দক্ষিণৰ ফালে থকা সাগৰ দ্বীপত অস্থায়ীভাৱে আশ্ৰয় শিবিৰ সাজি দিয়া হৈছে। তেওঁলোকক পুনৰ্সংস্থাপনৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে।



























