‘হাম বডি কা কাম কৰতে হ্যে, তহ্ উনহে লগতা হ্যে কুচ্চ ভি বদলে ম্যে চলেগা (আমি দেহোপজীৱিনী হোৱা কাৰণে তেওঁলোকে ভাৱে যে তাৰ বিনিময়ত তেওঁলোকে যি বিচাৰে তাকেই কৰিব পাৰিব),” গিৰিয়েক হঠাতে হৃদৰোগত আক্ৰান্ত হৈ ঢুকুৱাত ২০১২ চনত তিনিটা সন্তান বুকুত বান্ধি উত্তৰ প্ৰদেশৰ ফাৰুক্কাবাদ চহৰৰ পৰা দিল্লীলৈ অহা ৩০ বছৰীয়া মীৰাই কয়। এই মুহূৰ্তত তাইৰ মনত যিমান খং পূঞ্জীভূত হৈছে সিমানেই তাই অৱসো হৈ পৰিছে।
“সিহঁতে যেতিয়া মোক মোৰ ঔষধ দিয়ে তেতিয়াই এনেকুৱা কৰে,” ৩৯ বছৰ বয়সীয়া অমিতাই কথাটো মনত পেলাই পৰম বিতৃষ্ণাৰে মুখ কোঁচাই কয়, লগতে এখন হাতৰ তলুৱাৰে কোমলকৈ নিজৰ শৰীৰৰ কাষটো চুই চিকিৎসালয়ৰ পুৰুষ সহায়ক আৰু ৱাৰ্ড সহায়কবোৰে তাইক কেনেকৈ অশালীনভাৱে স্পৰ্শ কৰে দেখুৱাই দিলে। তেনে অপমানে তাইক শংকিত কৰে, তথাপি চেক-আপ কৰিবলৈ বা ঔষধ আনিবলৈ তাই ৰাজহুৱা চিকিৎসালয়লৈ উভতি যাব লাগে।
“আমি এইচ.আই.ভি টেষ্ট কৰিবলৈ যাওঁতে সিহঁতে যদি গম পায় যে আমি যৌনকৰ্মী, সিহঁতে আমাক সহায় কৰা যেন দেখুৱাই কয়, ‘পিচফালৰ দৰ্জাৰে সোমাই আহিবি, ঔষধ দিয়াই দিম’। তাৰ পিচত সিহঁতে সেই সুবিধা লৈ আমাক অশালীনভাৱে স্পৰ্শ কৰে।” ৪৫ বছৰ বয়সীয়া কুসুমে কথাখিনি কওঁতে বাকী বহুতে হয়ভৰ দি মূৰ দুপিয়াইছিল। তেওঁলোকৰ মাজত ১৬ খন ৰাজ্যৰ ৪.৫ লাখ যৌন কৰ্মীক সংগঠিত কৰা সংগঠন সদৌ ভাৰত যৌনকৰ্মী মণ্ডলী বা চমুকৈ এ.আই.এন.এছ.ডব্লিউ.-ৰ পূৰ্বৰ সভাপতি গৰাকীও আছিল।
দিল্লীৰ উত্তৰ পশ্চিম জিলাৰ ৰোহিনী এলেকাত এটা সামাজিক আশ্ৰয় গৃহত থকা যৌনকৰ্মীসকলক পাৰিৰ তৰফৰ পৰা সাক্ষাৎ কৰা হৈছিল। অতিমাৰীৰ বাবে তেওঁলোকৰ সৰহ সংখ্যকৰে হাতত কাম নাই। শীতৰ আবেলি এটাত উমাল কোঠাত বহি তেওঁলোকে ঘৰতে ৰান্ধি ষ্টিলৰ টিফিন বাকচত ভৰাই অনা পাচলি, দাইল আৰু ৰুটিৰ সামান্য আহাৰ ভগাই খাইছিল।













