এই ধাৰাবাহিকত সমগ্ৰ ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলাৰ প্ৰজনন আৰু যৌন স্বাস্থ্য বিষয়ক সমস্যাৰাজি সামৰি লোৱা হৈছে। এই ধাৰাবাহিক শৃংখলৰ ভালেমান ষ্ট’ৰিৰ যোগেদি বাঁজী হোৱাৰ কলংক, মহিলাৰ বলপূৰ্বক বন্ধ্যাকৰণ, পৰিয়ালৰ পৰিকল্পনাত অদৃশ্য হৈ পৰা পুৰুষৰ ভূমিকা আৰু বহুতকে ঢুকি পোৱাত অক্ষম গ্ৰামীণ স্বাস্থ্য ব্যৱস্থাৰ দুৰৱস্থা আদি বিষয়ত আলোকপাত কৰা হৈছে। তাৰোপৰি অযোগ্য চিকিৎসক আৰু বিপজ্জনক পৰিস্থিতিৰ মাজত সন্তান প্ৰসৱ, মাহেকীয়াৰ নামত বৈষম্য, পুত্ৰ সন্তানৰ প্ৰতি অগ্ৰাধিকাৰ আদি বিভিন্ন দিশ সাধাৰণজনৰ দৃষ্টিৰে ফঁহিয়াই চোৱা হৈছে।

কিছুমান প্ৰতিবেদনৰ জৰিয়তে মহিলাৰ দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বান আৰু সৰু সৰু সফলতাৰ কাহিনীও দাঙি ধৰা হৈছে।

এই প্ৰতিবেদনলানিৰ বিষয়ে ভালকৈ জানিবলৈ অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক আৰু সম্পূৰ্ণ প্ৰতিবেদনলানিৰ বাবে ইয়াত ক্লিক কৰক।

ভিডিঅটো চাওক: ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য

পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টৰ গ্ৰামীণ ভাৰতৰ কিশোৰী আৰু যুৱতীসকলৰ ওপৰত দেশজুৰি চলোৱা প্ৰতিবেদন প্ৰকল্পটো হৈছে সাধাৰণ মানুহৰ কণ্ঠস্বৰ আৰু জীৱন্ত অভিজ্ঞতাৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ তথাপিও প্রান্তীয় গোটবোৰৰ পৰিস্থিতি অন্বেষণ কৰাৰ বাবে ভাৰতৰ জনসংখ্যা ফাউণ্ডেচন সমৰ্থিত পদক্ষেপৰ এটা অংশ।

অনুবাদ: পংকজ দাস

PARI Team

ಪರಿ ತಂಡ

Other stories by PARI Team
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das