আজি আমি পাৰিৰ ১৭০ গৰাকী অনুবাদকৰ অদ্বিতীয় গোটৰ বিস্ময়কৰ সাফল্য উদযাপন কৰিবলৈ লৈছো। এই গোটটোৰ অতিকমেও ৪৫ গৰাকী যিকোনো সময়তে সক্ৰিয় থাকে। আৰু এই কাম কৰোঁতে আমি সকলোৱে সমানে কৰি যাওঁ, সমমৰ্য্যাদাৰে নজীৰ ৰাখি যাওঁ। ৰাষ্ট্ৰসংঘই ৩০ ছেপ্টেম্বৰৰ দিনটো বিশ্ব অনুবাদ দিৱস হিচাপে উদযাপন কৰি আহিছে।

এই দিনটোৱে “ৰাষ্ট্ৰসমূহৰ মাজত সংহতি স্থাপনৰ বাবে আলোচনাৰ বাট সুচল কৰি তুলি বুজাবুজি আৰু সহযোগিতাৰ সুবিধা আগবঢ়াই উন্নয়নৰ দিশত অৰিহণা যোগোৱা ভাষাৰ পেচাদাৰীসকলৰ শলাগ লোৱাৰ এক সুযোগ” আমাক দিছে। সেয়ে আন কোনো সাংবাদিকতাৰ ৱেবছাইটৰ লগত তুলনাত নুঠা বুলি আমাৰ মনে ধৰা আমাৰ অনুবাদকৰ গোটটোলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

আমাৰ অনুবাদকৰ গোটটোত ডাক্তৰ, পদাৰ্থবিদ, ভাষাবিদ, কবি, গৃহিণী, শিক্ষক, শিল্পী, সাংবাদিক, লিখক, অভিযন্তা, ছাত্ৰ আৰু অধ্যাপক অন্তৰ্ভূক্ত। আটাইতকৈ প্ৰবীণগৰাকীৰ বয়স ৮৪ আৰু আটাইতকৈ তৰুণগৰাকীৰ বয়স ২২। কিছুমান ভাৰতৰ বাহিৰত থাকে। আন কিছুমানৰ আকৌ এই দেশৰে আওহতীয়া ঠাইত ঘৰ, যোগাযোগৰ সুবিধা তেনেই শোচনীয়।

দেশৰ প্ৰতিটো ভাষাই যাতে সমমৰ্য্যাদাৰ মাজেদি সংহতি লাভ কৰে সেয়াই পাৰিয়ে নিজ স্তৰত নিজস্ব সীমাবদ্ধতাৰে বিশাল অনুবাদ অভিযানেৰে প্ৰয়াস কৰি গৈছে। পাৰিৰ প্ৰতিখন প্ৰতিবেদন ১৩টা পৰ্য্যন্ত ভাষাত উপলব্ধ হৈছে নাইবা শীঘ্ৰেই হ’বলৈ গৈ আছে। ইয়াতে ১৩ টা ভাষাত প্ৰকাশ পোৱা পাৰিৰ প্ৰতিবেদনৰ নমুনা চাব পাৰে: আমাৰ স্বাধীনতাৰ বাবে ভগত সিং ঝুগ্গিয়াৰ সংগ্ৰাম আমাৰ গোটটোৱে তেনে প্ৰায় ৬,০০০ খন প্ৰতিবেদন প্ৰকাশ কৰিছে, তাৰে বহুকেইখনত মাল্টিমিডিয়াও আছে।

পংকজ দাসে পাঠ কৰা ' প্ৰতিটো ভাৰতীয় ভাষাই আপোনাৰ ভাষা শীৰ্ষক পি সাইনাথৰ লেখাটো শুনক

পাৰিয়ে ভাৰতীয় ভাষাসমূহ অতি গুৰুত্ব সহকাৰে লয়। নহ’লে আমি কেৱল ইংৰাজী ভাষাতেই প্ৰতিবেদন প্ৰকাশ কৰি যোৱাত গুৰুত্ব দিলোঁহেতেন। এনে কৰিলে আমি গ্ৰাম্য ভাৰতৰ সংখ্যাগৰিষ্ঠ লোকক একাষৰীয়া কৰা গ’লহেঁতেন, যিসকলৰ মাজত সেই ভাষাৰ সুবিধা নাই। ভাৰতীয় লোক ভাষা সমীক্ষা অনুযায়ী ভাৰতত প্ৰায় ৮০০ মান জীৱিত ভাষা আছে। কিন্তু যোৱা ৫০ টা বছৰত ২২৫টা ভাৰতীয় ভাষা বিলুপ্ত হৈ গৈছে। ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিৰ ঘাই শিপাডালতেই ভাষাসমূহৰ স্থিতি বুলি আমি ভাবো। আৰু এনে নহয় যে কেৱল ইংৰাজী ভাষা কোৱাসকলৰেই তথ্য আৰু জ্ঞানৰ অধিকাৰ আছে।

৪০টালৈকে ভাষাত সম্প্ৰচাৰ কৰা বিবিচিৰ দৰে বৃহৎ মিডিয়াগোষ্ঠীও নথকা নহয়। কিন্তু এই বিভিন্ন ভাষাত সম্প্ৰচাৰ কৰা চেনেলৰ বিষয়বস্তুবোৰো ভিন্ন। ভাৰততো বিভিন্ন ভাষাত সম্প্ৰচাৰ কৰা ক’ৰ্পৰেটচালিত চেনেল আছে। এনে বৃহত্তম গোষ্ঠীটোৰ সম্প্ৰচাৰিত ভাষাৰ সংখ্যা ১২।

পাৰিৰ এয়া আচলতে এক অনুবাদ অভিযানহে। ৱেবছাইটটোত ইংৰাজী ভাষাত প্ৰকাশিত প্ৰতিটো লেখাই আন ১২টা ভাষাত উপলব্ধ। আৰু অনুবাদবোৰো ইংৰাজীৰ সমান্তৰালভাৱে ৰিয়েল টাইমতে হোৱাৰ কাষ চাপিছে। ১৩টা ভাষাৰ প্ৰতিটোৰে একোজনকৈ একান্তভাৱে লাগি থকা সম্পাদক আছে। চত্তীশগড়ী আৰু চাওঁতালি ভাষাকো অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনা চলি আছে।

আন এটা গুৰুত্বপূৰ্ণ কথা যে পাৰিৰ অনুবাদবোৰ কেৱল ভাষাতত্ত্ব সম্বন্ধীয় কামেই নহয়, আকৌ ইংৰাজী ভাষাৰ কেৱল অনুবাদ হিচাপেই ইয়াৰ ভূমিকা সীমাবদ্ধ নহয়। আমাৰ চিনাকি শব্দবোৰৰ আঁৰত লুকাই থকা আনুষংগিক কথা পৰিস্ফুট কৰি তোলাটোও পাৰিৰ অনুবাদৰ উদ্দেশ্য। ভাৰতক বিভিন্ন ভাৰতীয় ভাষাৰ মাধ্যমেৰে চোৱাৰ নিৰলস প্ৰয়াস আমাৰ অনুবাদকে কৰি আহিছে। গুগল অনুবাদৰ দৰে এটা ভাষাৰ শব্দবোৰক আন এটা ভাষালৈ নিয়া আমাৰ উদ্দেশ্য নহয়। মূল ভাষাত থকা কাহিনীটোৰ চেতনাক, প্ৰসংগ, সংস্কৃতি, জতুৱা ঠাঁচকে ধৰি সুক্ষ্ম স্বকীয়তাক আন এটা ভাষাত ফুটাই তোলৰ চেষ্টা আমাৰ অনুবাদকৰ গোটটোৰ উদ্দেশ্য। আকৌ প্ৰতিজন অনুবাদকৰ কাম আন এজনে পুনৰীক্ষণ কৰে যাতে অনুবাদৰ মান উন্নত হয় আৰু ভুল ৰৈ নাযায়।

পাৰিৰ অনুবাদ কাৰ্য্যসূচীয়ে ছাত্ৰ-ছাত্ৰীক লেখাবোৰ একাধিক ভাষাত পঢ়ি তেওঁলোকৰ ভাষাৰ কৌশল বঢ়োৱাত সহায় কৰি আহিছে

আনকি আমি নতুনকৈ আৰম্ভ কৰা পাৰি এজুকেচন শিতানটোও বিভিন্ন ভাৰতীয় ভাষাত প্ৰকাশ কৰিবলৈ লৈছো। ইংৰাজী ভাষাটোক সঁজুলি আনকি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা সমাজ এখনত বিভিন্ন ভাষাত লেখা প্ৰকাশ পোৱাটোৱে বিভিন্ন দিশত সহায় কৰে। ব্যক্তিগত টিউশ্যন বা লক্ষ্যবিশেষ পাঠ্যক্ৰমৰ খৰছ বহন কৰিব নোৱাৰাজনকে ধৰি শিক্ষাৰ্থী সমাজে আমাক কৈছে যে তেওঁলোকে ইয়াৰ পৰা ইংৰাজী শিকিব পাৰিছে। তেওঁলোকে নিজৰ ভাষাত লেখাটো পঢ়ি উঠি একেটা লেখাই ইংৰাজীত (বা হিন্দী বা মাৰাঠী যিটো ভাষাত তেওঁলোকে শিকিব বিচাৰিছে সেই ভাষাত) পঢ়িব পাৰিছে। আৰু এয়া বিনামূলীয়া। পাৰিত গ্ৰাহকভূক্তিৰ বাবে কোনো মাচুল দিব নালাগে, আন কোনো সমলৰ বাবেও পইছা ভৰিব নালাগে।

তাৰোপৰি আপুনি ৩০০ৰো অধিক সাক্ষাৎকাৰৰ ভিডিঅ’, ফিল্ম, তথ্যচিত্ৰ ভাৰতীয় মূল ভাষাত পাব, যিবোৰ এতিয়া ইংৰাজী আৰু আন আন ভাষাত প্ৰকাশিত হৈছে।

পাৰি হিন্দী, ওড়িয়া, উৰ্দু, বাংলা আৰু মাৰাঠী ভাষাতো স্থানীয়কৰণ কৰা হৈছে আৰু এই প্ৰতিটো ভাষাৰে নিজা ৱেবছাইটত পাৰি উপলব্ধ। তামিল আৰু অসমীয়া ভাষা সোনকালে উপলব্ধ হ’ব। ইংৰাজীৰ উপৰিও হিন্দী, উৰ্দু আৰু তামিল ভাষাতো ছচিয়েল মিডিয়াত পাৰি উপলব্ধ। তদুপৰি স্বেচ্ছাসেৱক যিমানেই বাঢ়িব, সিমানেই আমি আন আন ভাষাতো ছচিয়েল মিডিয়ালৈ আহিব পাৰিম।

আমি আমাৰ পাঠকসকলক স্বেচ্ছাই সেৱা আৰু অৰিহণা যোগাই আমাক আৰু বেছি প্ৰসাৰ লাভত সহায় কৰিবলৈ আহ্বান জনালোঁ। বিশেষকৈ আমাৰ দ্বিতীয় বৃহৎ পদক্ষেপ, সংকটাপন্ন ভাষাসমূহৰ শিতান মুকলি কৰাত সহায় কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতিটো ভাৰতীয় ভাষাই আপোনাৰ ভাষাঃ এনেকৈ ভাবকচোন।

অনুবাদ: পংকজ দাস

ಪಿ. ಸಾಯಿನಾಥ್ ಅವರು ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದ ಸ್ಥಾಪಕ ಸಂಪಾದಕರು. ದಶಕಗಳಿಂದ ಗ್ರಾಮೀಣ ವರದಿಗಾರರಾಗಿರುವ ಅವರು 'ಎವೆರಿಬಡಿ ಲವ್ಸ್ ಎ ಗುಡ್ ಡ್ರಾಟ್' ಮತ್ತು 'ದಿ ಲಾಸ್ಟ್ ಹೀರೋಸ್: ಫೂಟ್ ಸೋಲ್ಜರ್ಸ್ ಆಫ್ ಇಂಡಿಯನ್ ಫ್ರೀಡಂ' ಎನ್ನುವ ಕೃತಿಗಳನ್ನು ರಚಿಸಿದ್ದಾರೆ.

Other stories by P. Sainath
Illustrations : Labani Jangi

ಲಬಾನಿ ಜಂಗಿ 2020ರ ಪರಿ ಫೆಲೋ ಆಗಿದ್ದು, ಅವರು ಪಶ್ಚಿಮ ಬಂಗಾಳದ ನಾಡಿಯಾ ಜಿಲ್ಲೆ ಮೂಲದ ಅಭಿಜಾತ ಚಿತ್ರಕಲಾವಿದರು. ಅವರು ಕೋಲ್ಕತ್ತಾದ ಸಾಮಾಜಿಕ ವಿಜ್ಞಾನಗಳ ಅಧ್ಯಯನ ಕೇಂದ್ರದಲ್ಲಿ ಕಾರ್ಮಿಕ ವಲಸೆಯ ಕುರಿತು ಸಂಶೋಧನಾ ಅಧ್ಯಯನ ಮಾಡುತ್ತಿದ್ದಾರೆ.

Other stories by Labani Jangi
Translator : Pankaj Das

ಪಂಕಜ್ ದಾಸ್ ಪೀಪಲ್ಸ್ ಆರ್ಕೈವ್ ಆಫ್ ರೂರಲ್ ಇಂಡಿಯಾದಲ್ಲಿ ಅಸ್ಸಾಮಿಯ ಭಾಷಾಂತರ ಸಂಪಾದಕರು. ಗುವಾಹಟಿಯಲ್ಲಿ ನೆಲೆಸಿರುವ ಅವರು ಯುನಿಸೆಫ್ನಲ್ಲಿ ಕೆಲಸ ಮಾಡುವ ಲೋಕಲೈಸೇಷನ್ ತಜ್ಞರೂ ಆಗಿದ್ದಾರೆ. ಅವರು idiomabridge.blogspot.com ಎನ್ನುವ ಜಾಲತಾಣದಲ್ಲಿ ತಮ್ಮ ಭಾವನೆಗಳನ್ನು ಅಭಿವ್ಯಕ್ತಿಸುತ್ತಾರೆ.

Other stories by Pankaj Das