“এইখনেই স্কুল,” মহাৰাষ্টৰ গুন্দেগাওঁ গাঁৱৰ এটা মুৰে মুকলি পথাৰৰ মাজত দুটা কোঠাৰ এটা ঘৰলৈ আঙুলিয়াই অতুল ভোসলে কয়। আপুনি গাওঁখনৰ মাজেৰে বোকাময় ৰাস্তাটোৰে যাওতে এইখন স্কুল চকুত পৰিবই, তাৰপৰা এক কিলোমিটাৰ দূৰত আছে পাৰ্ধি লোকৰ সৰু চুবুৰীটো।

শেতা পৰা হালধীয়া ৰং কৰা কংক্ৰীটৰ বেৰ, নীলা ৰঙৰ খিৰিকী, ৰংচঙীয়া কাৰ্টুন আৰু বেৰত আঁকি থোৱা ভাৰতীয় মুক্তিযুঁজাৰুৰ ছবিয়ে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰাটো তেনেই স্বাভাৱিক। ২০ টা পাৰ্ধি পৰিয়াল থকা অস্থায়ী ঘৰ, ঘৰ মানে আচলতে অস্থায়ী জুপুৰী আৰু কেঁচা বেৰ, ওপৰত তিৰ্পাল তৰা আশ্ৰয়স্থল - তাৰ তুলনাত এই স্কুলখন জাকত জিলিকি থকা বুলিয়েই ক’ব লাগিব।

“অতা আমচ্যাকড়ে বিকাশ মাঞ্জে নি চালাচ আহে। বিকাচাচি নিচানি (উন্নয়নৰ নামত এই স্কুলখনেই আমাৰ আছে),” আহমেদনগৰৰ নগৰ তালুকৰ পৌতকাবস্তি বুলি জনাজাত নিজৰ চুবুৰীটোৰ বাসিন্দা ৪৬ বৰ্ষীয় অতুল ভোসলে কয়।

“দুছৰা কাই নাই। বস্তিত য়াইলা ৰাস্তা নাই, পানী নাই, লাইট নাই কে, পক্কী ঘৰ নাইত (বাকী একোৱেই নাই। ৰাস্তা নাই। পানী নাই। লাইট নাই। পকী ঘৰ নাই।) স্কুলখন ওচৰতে, সেয়ে আমাৰ ল’ৰা-ছোৱালীহঁতে এতিয়া অন্ততঃ পঢ়িব পাৰে, লিখিব পাৰে,” তেওঁ কয়। অতুলে এই সৰু পঢ়াশালিখনক লৈ গৌৰৱবোধ কৰে। ইয়াতেই তেওঁৰ ল’ৰা-ছোৱালীহাল - চাহিল আৰু শৱনমৰ লগতে আন ষোল্লগৰাকী শিক্ষাৰ্থীয়ে পঢ়ে - সাতগৰাকী ছাত্ৰী আৰু নগৰাকী ছাত্ৰ।

এই স্কুলখনকেই চৰকাৰে বন্ধ কৰি আন কোনো স্কুলৰ সৈতে একত্ৰিত কৰিব বিচাৰিছে। এই কথাত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এই চুবুৰীটোৰ লোকসকল হতভম্ব হৈছে। যাযাবৰ শ্ৰেণীৰ বিমুক্ত জনজাতি পাৰ্ধিসকল মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ।

ডেৰটা শতিকা এই জনজাতিটোৱে অতিশয় বৈষম্য আৰু বঞ্চনাৰ চিকাৰ হৈ আহিছে। ১৮৭১ত ব্ৰিটিছে প্ৰায় ২০০টা জনজাতি, যাৰ অধিকাংশই ব্ৰিটিছ আধিপত্য মানি ল’ব বিচৰা নাছিল, তেওঁলোকক দমন কৰাৰ উদ্দেশ্যে অপৰাধী জনজাতি আইন (ক্ৰিমিনেল ট্ৰাইবচ্ এক্ট চমুকৈ চিটিএ) বুলি এখন আইন বলবৎ কৰে। পাৰ্ধিসকলৰো তাত নাম আছিল। এই আইনখনৰ মূল উদ্দেশ্য আছিল জন্মগতভাবে এইসকল লোকক অপৰাধী বুলি চিহ্নিত কৰা। স্বাধীন ভাৰতত ১৯৫২ত চিটিএ বৰ্খাস্ত কৰা হয় আৰু ভুক্তভোগী জনজাতিসকলক ডিন’টিফাই কৰা হয়। কিন্তু সেই কালিমা কেতিয়াও আঁতৰি নগ’ল। পাৰ্ধিসকলে স্থায়ী নিয়োগ পোৱাটো প্ৰায় অসম্ভৱ কথা। তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে আন স্কুললৈ যায় যদিও তেওঁলোকক প্ৰায়ে হাৰাশাস্তি আৰু মাৰ-পিট কৰা হয়।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে: নিজৰ ল’ৰা-ছোৱালীহাল চাহিল আৰু শৱনমৰ সৈতে আহমদনগৰৰ নগৰ তালুকৰ পৌতকাবস্তি চুবুৰীৰ নিজ ঘৰত অতুল আৰু ৰূপালী। সোঁফালে: চাহিল আৰু শৱনমে পঢ়া প্ৰাথমিক জিলা পৰিষদৰ স্কুলখন। ‘অতা আমচাইকড়ে বিকাশ মাঞ্জে নি চালাচ আহে। বিকাচাচি নিচানি (উন্নয়নৰ নামত এই স্কুলখনেই আমাৰ আছে),’ অতুল কয়

এই উপান্ত শ্ৰেণীটোৰ বাবে স্কুলখন কেৱল পকী এটা ঘৰ নহয়। এয়া কেৱল চৰকাৰী উন্নয়নৰ এটা নিদৰ্শন নহয় - তেওঁলোকে নিজৰ সন্তানক মানৱ সম্পদ কৰি গঢ়ি তোলাৰ এক আহিলা। হয়তো এই শিক্ষাৰে তেওঁলোকৰ নিজৰ ল’ৰা-ছোৱালীৱে কিবা এটা ভাল জীৱিকা পাব। ইমানদিনে মূলসূঁতিৰ শিক্ষাৰ পৰা নিষ্ঠুৰতাৰে আঁতৰাই ৰখা এনে এটা জনগোষ্ঠীয়ে স্কুল এখন হেৰুওৱা মানে কি হেৰুওৱা, সেয়া ভালকৈয়ে উপলব্ধি কৰে।

“মোৰ ল’ৰা-ছোৱালীহঁতে ভাল মাৰাঠী ক’ব পাৰে। সিহঁতে পঢ়িব পাৰে। আমি নোৱাৰোঁ,” অতুলৰ পত্নী ৰূপালী ভোসলেয়ে (৪১) কয়। “কিন্তু শুনিবলৈ পাইছো যে চৰকাৰে স্কুলখন ইয়াৰ পৰা আন ক’ৰবালৈ লৈ যাব,” তেওঁ কয়।

অবিশ্বাস আৰু উদ্বেগভৰা কণ্ঠৰে অতুলে কয়, “সিহঁতে সঁচায়ে তেনে কৰিব নেকি?”

দুখৰ কথা যে তেওঁলোকে সেয়াই কৰিব। যদিহে মহাৰাষ্ট্ৰ চৰকাৰে বৰ্তমানৰ তেওঁলোকৰ এই পৰিকল্পনা ৰূপায়ণ কৰে, তেন্তে কেৱল পৌতকাবস্তি স্কুলখনেই নহয়, ৰাজ্যখনৰ ১৪ হাজাৰ আন স্কুলো এই বন্ধ, স্থানান্তৰ আৰু একত্ৰিতকৰণৰ পৰা প্ৰভাৱান্বিত হ’ব।

*****

পঢ়াশালিখন প্ৰতিষ্ঠাৰ ১৭ বছৰ পাৰ হৈ গ’ল, কিন্তু মাৰাঠী ভাষাত ৰঙা আখৰেৰে লিখা নামটো এতিয়াও মচা যোৱা নাই - পৌতকাবস্তি গুন্দেগাওঁ প্ৰাথমিক জিলা পৰিষদ বিদ্যালয়। পঢ়াশালিখন ২০০৭ত ভাৰত চৰকাৰৰ শৈক্ষিক দিশত ঘাই কাৰ্যসূচী সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মাণ কৰা হৈছিল, য’ত এইটো চুবুৰীৰ ল’ৰা-ছোৱালীয়ে ১ম মানৰ পৰা ৪ৰ্থ মানলৈ প্ৰাথমিক শিক্ষা লাভ কৰি আহিছিল। পঢ়াশালিখনৰ বেৰত তেতিয়াই লিখা হৈছিল - প্ৰত্যেক মুল চালেত জায়িল, এখি মুল ঘৰি না ৰাহিল (প্ৰতিজন শিশুৱে স্কুললৈ যাব, কোনো শিশুৱে ঘৰত নাথাকিব)।

সেই সময়ত সেয়া বৰ ভাল চিন্তা যেন লাগিছিল।

কিন্তু শেহতীয়াকৈ ২০২৩ৰ ২১ ছেপ্টেম্বৰত উলিওৱা এখন বিজ্ঞপ্তিত কোৱা হৈছে যে বিদ্যায়তনিক গুণগত মান ৰক্ষাৰ স্বাৰ্থত ‘সামগ্ৰিক বিকাশ, আৰু শিশুৰ মাজত পৰ্য্যাপ্ত শৈক্ষিক সুবিধা’ৰ বাবে কেতবোৰ নিৰ্দিষ্ট এলেকাৰ ২০ জনৰ কম শিক্ষাৰ্থী থকা স্কুলবোৰ আন ডাঙৰ ক্লাষ্টাৰ স্কুল অৰ্থাৎ সমল কেন্দ্ৰ বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ’ব। এনেকৈ সৰু সৰু পঢ়াশালিবোৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ৭ নং দফাৰ অধীনত সমল কেন্দ্ৰ বিদ্যালয় অধীনলৈ অনা হৈছে।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

স্কুলৰ দেৱালত ভাৰতীয় মুক্তিযুঁজাৰুৰ ছবি (বাওঁফাল) অঁকা আছে। সৰ্বশিক্ষা অভিযানৰ অধীনত ২০০৭ত নিৰ্মাণ কৰা স্কুলখনৰ বেৰত লিখা আছে - প্ৰত্যেক মুল চালেত জায়িল, এখি মুল ঘৰি না ৰাহিল (প্ৰতিজন শিশুৱে স্কুললৈ যাব, কোনো শিশুৱে ঘৰত নাথাকিব)

পৌতকাবস্তি জিজেদপিএছ, কুশলকৰ গংগাৰামক তেওঁৰ অধীনত থকা শিক্ষাৰ্থীৰ সংখ্যা দাখিল কৰিবলৈ কোৱা হৈছে যাতে ৰাজ্য চৰকাৰে সেয়া সমল কেন্দ্ৰ বিদ্যালয়ত অন্তৰ্ভূক্ত কৰিব লাগিব নে নাই, সেয়া বিবেচনা কৰিব পাৰে। তেওঁক বহুত উদ্বিগ্ন দেখা গৈছে। “ল’ৰা-ছোৱালীকেইটা ভালদৰেই পঢ়া-শুনা কৰি আছে। সংখ্যা, ইংৰাজী-মাৰাঠী আখৰ, কবিতা। সিহঁতে পঢ়িব পাৰে।”

“আমাৰ স্কুলত শৌচালয় নাই, খোৱাপানীৰ নলো নাই,” তেওঁ অনুতাপৰ সুৰত কয়। “কিন্তু এইবোৰ সুবিধা সৃষ্টিৰ বাবে যিখিনি পুঁজিৰ প্ৰয়োজন, সেইখিনি নতুনকৈ স্কুল এখন নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা পুঁজিতকৈ কম। মানেমেলা বস্তি স্কুল বুলি এখন আছে আৰু আন কেইখনমানো আছে য’ত শিক্ষাৰ্থীৰ সংখ্যা ২০ জনতকৈ কম। এই স্কুলবোৰ একত্ৰিত কৰি দিয়াটো ভাল কথা নহয়। স্কুলকেইখনৰ ইয়াত প্ৰয়োজন আছে, ল’ৰা-ছোৱালীহঁতৰ কাষত স্কুল লাগে,” তেওঁ মনৰ ভিতৰত গুজৰি-গুমৰি থকা কথাখিনি তেওঁ স্পষ্টকৈ ক’ব পাৰিছে।

“ল’ৰা-ছোৱালীৰ মনত শিক্ষাৰ প্ৰতি আগ্ৰহ জন্মোৱাটো আমাৰ শিক্ষকসকলৰ বাবে বৰ কষ্টৰ কাম,” গংগাৰামে কয়। “যদি এই স্কুলখন দূৰলৈ লৈ যোৱা হয়, এই শিশুসকল প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হ’ব,” তেওঁ জনায়।

নতুন সমল কেন্দ্ৰ বিদ্যালয়খন “বাছেৰে ৪০ মিনিটতকৈ কম” হ’ব লাগিব আৰু চৰকাৰী তথা চিএছআৰ (কৰ্প’ৰেট ছচিয়েল ৰেচপন্সিবিলিটি) পুঁজিৰ পৰা বিনামূলীয়া বাছসেৱা যোগান ধৰিব লাগিব, চৰকাৰী বিজ্ঞপ্তিখনত এই কথা কোৱা হৈছে। “দূৰত্বক লৈ ষ্পষ্ট কোনো ধাৰণা তাত নাই। ৪০ মিনিট মানে কি বুজাইছে, কিমান দূৰত্বৰ কথা কোৱা হৈছে? সেয়া নিশ্চয়কৈ এক কিলোমিটাৰতকৈ বেছি হ’ব,” কুশলকাৰে কয়। বিনামূলীয়া বাছসেৱাৰ কথাত তেওঁ পতিয়ন যোৱা নাই যেন লাগিছে।

“হাইস্কুলখন এইটো চুবুৰীৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত আছে। নিৰ্জন পথেৰে ল’ৰা-ছোৱালীয়ে তালৈ যাবলগীয়া হয়, বিশেষকৈ ৰাস্তাটো নিৰাপদ নহয় বাবে ছোৱালীবোৰে পঢ়া আধাতে এৰিবলগীয়া হয়। বিনামূলীয়া বাছসেৱা ক’ত?” গংগাৰামে কয়। যোৱাবছৰ সাত কি আঠগৰাকী শিক্ষাৰ্থীয়ে চতুৰ্থমানৰ পিছত পঢ়া এৰিছিল, তেওঁ কয়। এতিয়া সিহঁতে মাক-দেউতাকৰ লগত কাম কৰিবলৈ যায়।

আপুনি ভাবিব পাৰে যে ৰাজহুৱা পৰিবহনৰ অভাৱ আৰু ঘৰৰ পৰা স্কুললৈ দূৰত্বই শিক্ষাৰ্থীৰ বাবে প্ৰত্যাহ্বান, কিন্তু কেৱল সেয়াই নহয়। এই ল’ৰা-ছোৱালীবোৰৰ মাক-দেউতাকে কাম বিচাৰি যাবলগীয়া হয়। প্ৰায়ে তেওঁলোকে কামৰ সন্ধানত প্ৰব্ৰজন কৰিবলগীয়া হয়। সেয়াও এটা কাৰণ। বাৰিষাৰ দিনত তেওঁলোকে আশে-পাশে থকা খেতিপথাৰত কাম কৰে। কেতিয়াবা ঘৰৰ পৰা দূৰতো যাবলগীয়া হয়। বছৰটোৰ বাকীখিনি সময়ত তেওঁলোকে তাৰপৰা ৩৪ কিলোমিটাৰ দূৰৰ আহমেদনগৰৰ নিৰ্মাণ ছাইটতো কাম বিচাৰি যায়।

“এছটি বাছ বা শ্বেয়াৰিং জীপ আদিও ইয়াত নাই। আমি কামলৈ বুলি কিবা এখন গাড়ী ধৰিবলৈ ৮-৯ কিলোমিটাৰ খোজকাঢ়িব লাগে,” অতুলে কয়। “পুৱা ৬-৭ বজাতে আপুনি লেবাৰ নাকা পাব লাগিব। ইমান দূৰৰ স্কুললৈ আমাৰ ল’ৰা-ছোৱালী পঠিওৱাটো কঠিন কাম হৈ পৰে,” ৰূপালীয়ে কয়। “আমি সদায় কাম বিচাৰি ফুৰিব লাগে, গোটেই বছৰটো।” ৰূপালী আৰু অতুল দুয়ো দিনে খুব বেছি ৪০০-৪৫০ টকা উপাৰ্জন কৰে। এনেকৈ তেওঁলোকে বছৰত ১৫০ মান দিনৰ কাম পায়। সেয়ে ঘৰখন চলাবলৈ তেওঁলোকে বছৰটোৰ বাকীকেইটা দিনত যেতিয়াই যিয়ে কাম পায় বিচাৰি ফুৰে।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

অস্থায়ী জুপুৰী আৰু তিৰ্পাল তৰা কেঁচা ঘৰবোৰেই পৌতকাবস্তিৰ ২০ টা পাৰ্ধি পৰিয়ালৰ ঘৰ। এই উপান্ত শ্ৰেণীটোৰ বাবে জিলা পৰিষদৰ স্কুলখন কেৱল পকী ঘৰ বা চৰকাৰে কৰা উন্নয়নৰ এক নিদৰ্শন নহয়, সেয়া তেওঁলোকে নিজৰ সন্তানক মানৱ সম্পদ কৰি গঢ়ি তোলাৰ এক আহিলা

ৰাষ্ট্ৰীয় শিক্ষানীতি অনুযায়ী সৰু স্কুলবোৰ পৰিচালনা কৰাটো চৰকাৰৰ বাবে কঠিন কাম। এন.ই.পি.ৰ মতে “শিক্ষক নিয়োগ আৰু জৰুৰী ভৌতিক সমলৰ ফালৰ পৰা এনে স্কুলৰ সৰু আকাৰে আৰ্থিক দিশত সমস্যাৰ সৃষ্টি কৰে আৰু পৰিচালনা জটিল হৈ পৰে।” প্ৰশাসন আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ই এক পদ্ধতিগত প্ৰত্যাহ্বান হৈ পৰে, কিয়নো “ভৌগোলিক বিস্তাৰণ, সেই স্কুলসমূহ ঢুকি পোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতি আৰু এনে স্কুলৰ সংখ্যা অধিক হোৱা বাবে সকলো স্কুলতে সমানে গুৰুত্ব দিয়াটো কঠিন কাম হৈ পৰে।”

সঁচা যে ক্ষুদ্ৰ স্কুলবোৰ পৰিচালনাৰ ক্ষেত্ৰত সমস্যা আছে, কিন্তু সেয়া একত্ৰিতকৰণৰ পৰা তাৰ সমাধান পোৱা নাযায়। পুণেৰ পানচেত গাঁৱত মহাৰাষ্ট্ৰ চৰকাৰে কৰা পৰীক্ষণৰ কথা আলোচনালৈ অনা হয়, তেতিয়া এনে এটা কথাই মনলৈ অহাটো স্বাভাৱিক। প্ৰতিবেদন অনুসৰি বেলহে তালুকত সমল কেন্দ্ৰ বিদ্যালয় হিচাপে এখন বিদ্যালয় গঢ়ি তোলা হৈছে যদিও সেইখন স্কুলত কৰ্মচাৰীৰ নাটনিৰ লগতে মৌলিক আন্তঃগাঁথনিৰ অভাৱ ঘটিছে, যদিওবা চৰকাৰে এই পৰিকল্পনা গোটেই ৰাজ্যজুৰি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে।

“পাহাৰীয়া এলেকাত আৰু দুৰ্গম স্থানত থকা বিদ্যালয়বোৰ বাস্তবিকতে এক গভীৰ সমস্যা। কিন্তু সেইবোৰ স্কুলত ভাল শিক্ষা প্ৰদানৰ আন কোনো উপায় দেখা নাযায়, যদিও তাত ল’ৰা-ছোৱালীৰ সংখ্যা কম,” শৈক্ষিক অৰ্থনীতি বিশেষজ্ঞ জন্ধ্যালা বি জি তিলকে কয়। পাৰিয়ে ইমেইল কৰি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই কথা কৈছিল।

“একত্ৰিতকৰণে শিক্ষাৰ অধিকাৰ আইনৰ নিয়মাৱলী উলংঘা কৰে,” তেওঁ কয়। আইনখনে ১ম মানৰ পৰা ৫ম মানৰ শিক্ষাৰ্থীৰ বিদ্যালয়খন তেওঁলোকৰ চুবুৰীটোৰ এক কিলোমিটাৰ ভিতৰতে থকাটো বাধ্যতামূলক কৰিছে। এনে বিদ্যালয়ত ৬ৰ পৰা ১১ বছৰৰ কমেও ২০ জন ল’ৰা-ছোৱালী থাকিব লাগে।

“তাৰোপৰি ২-৩ জন শিক্ষকেৰে এখন পূৰ্ণাংগ বিদ্যালয় চলোৱা আৰু প্ৰায় ৫-১০ গৰাকী শিক্ষাৰ্থীৰ বাবে সকলো সুবিধা আইৰটিই অনুসৰি যোগান ধৰাটোও যুক্তিযুক্ত যেন নালাগে। প্ৰশাসকবৰ্গই প্ৰায়ে এই সমস্যাৰ কথা উত্থাপন কৰি আহিছে। আমি নব্য পদ্ধতিৰে সমাধান বিচাৰিব লাগিব। একত্ৰিতকৰণ, যদিওবা আকৰ্ষণীয় সমাধান যেন লাগে, তথাপি সেয়া ভাল সমাধান নহয়,” তিলকে বুজাই কয়।

*****

কিন্তু এই সকলো প্ৰশ্নৰ মাজতো মহাৰাষ্ট্ৰ ৰাজ্যিক শিক্ষা বিভাগৰ এই কথা কেৱল পৌতকাবস্তিলৈকে সীমাবদ্ধ নহয়। ২০২৩ৰ চৰকাৰী বিজ্ঞপ্তি এখনত কোৱা হৈছে যে ৰাজ্যখনত ‘১ৰ পৰা ২০’জন শিক্ষাৰ্থী থকা ‘১৪,৭৮৩ খন বিদ্যালয়’ আছে, য’ত মুঠ ১,৮৫,৪৬৭ শিক্ষাৰ্থী আছে, সেইবোৰ ডাঙৰ সমল কেন্দ্ৰ বিদ্যালয়ৰ সৈতে একত্ৰিত কৰিব লাগিব। সেইবোৰত গভীৰ অনিশ্চতয়তাই বিৰাজ কৰিছে।

PHOTO • Jyoti Shinoli

নগৰ তালুকৰ ৱালুঞ্জ গাঁৱৰ কাষৰে পাৰ্ধি বস্তি এটাৰ ল’ৰা-ছোৱালীয়ে সিহঁতৰ স্কুলৰ শিক্ষকৰ অপেক্ষা কৰিছে। ‘আমাৰ স্কুল ১০ বজাত আৰম্ভ হয়। আমি তাৰ আগতেই উপস্থিত হওঁ,’ সাত বছৰীয়া আয়েশাই কয়

সৰু স্কুলসমূহৰ ইতিহাস সম্পৰ্কে গীতা মহাশব্দেয়ে কয়, “এইবোৰ স্কুল বিভিন্ন কাৰণত সৰু।” গীতা বেচৰকাৰী সংস্থা নবনিৰ্মিতি লাৰ্নিং ফাউণ্ডেছনৰ সঞ্চালক।

২০০০ চনত মহাৰাষ্ট্ৰ চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনত বস্তি শালা যোজনা আৰম্ভ কৰিছিল। সেয়া পৌতকাবস্তিৰ দৰে সৰু সৰু চুবুৰীত স্কুল খোলাৰ বাবে আৰম্ভ কৰা কাৰ্যসূচী আছিল। “চৰকাৰৰ পৰিকল্পনা আছিল শিক্ষাৰ পৰা আঁতৰি থকা শিশুক চিনাক্ত কৰা আৰু তেনে শিশুৰ বাবে নতুন স্কুল খোলা, তেওঁলোকৰ নিজৰ চুবুৰীত, নাইবা তেনে দুৰ্গম পাহাৰীয়া এলেকাত। এই আঁচনিক মহাত্মা ফুলে শিক্ষণ হমী কেন্দ্ৰ যোজনা বুলিও জনা গৈছিল,” গীতাই কয়।

নতুন আঁচনি অনুযায়ী এখন বস্তি শালাত ১মৰ পৰা ৪ৰ্থ শ্ৰেণীলৈ ১৫ গৰাকী শিশুৱে পঢ়িব পাৰে। এই সংখ্যা জিলা পৰিষদ বা পৌৰনিগম কাৰ্য্যবাহী কমিটিৰ অনুমোদন সাপেক্ষে কম থাকিলেও বস্তিশালাখন চলি থাকিব পাৰে। বিশেষ কিছুমান পৰিস্থিতিত শিক্ষাৰ্থীৰ সংখ্যা ১০ জনো হোৱাত আপত্তি নাই।

এনেদৰে ৰাজ্যখনে ২০০০ৰ পৰা ২০০৭ চনৰ ভিতৰত প্ৰায় আঠ হাজাৰ বস্তিশালা খুলিছিল।

কিন্তু ২০০৮ৰ মাৰ্চত চৰকাৰে এই পৰিকল্পনাক ‘অস্থায়ী ব্যৱস্থা’ বুলি বন্ধ কৰাৰ সিদ্ধান্ত লয়।

গীতাই কয়, “মহাৰাষ্ট্ৰ চৰকাৰে এই স্কুলবোৰৰ পৰিস্থিতিৰ অধ্যয়ন আৰু পৰামৰ্শদানৰ বাবে এখন কমিটি গঠন কৰি দিছিল।” এইখন কমিটিৰ এজন সদস্য গীতাও আছিল। কমিটিখনে কেইখনমান স্কুল নিয়মীয়া স্কুললৈ পৰিৱৰ্তন কৰাৰ পৰামৰ্শ দিয়ে। ২০০৮ৰ পৰা ২০১১ৰ ভিতৰত ৰাজ্য চৰকাৰে ৬,৮৫২ খন বস্তিশালা প্ৰাথমিক স্কুল হিচাপে নিয়মীয়া কৰে আৰু ৬৮৬খন বস্তিশালা বন্ধ কৰি দিয়ে।

PHOTO • Jyoti Shinoli

পাৰ্ধি বস্তিবোৰত মাক-দেউতাকে কামৰ বাবে ঘৰৰ পৰা দূৰত থাকিবলগীয়া হয়, ঘৰত ছোৱালীয়ে ৰন্ধা-বঢ়া কৰে আৰু ভাই-ভনীহঁতক চোৱা-চিতা কৰে আৰু ঘৰখনো চায়

বস্তিশালা যোজনাৰ অধীনত ৰাজ্য চৰকাৰে ২০০০ৰ পপৰা ২০০৭ৰ ভিতৰত প্ৰায় আঠ হাজাৰখন বস্তিশালা মুকলি কৰে। কিন্তু ২০০৮ত চৰকাৰে স্কুলসমূহ ‘অস্থায়ী ব্যৱস্থা’ বুলি বন্ধ কৰাৰ সিদ্ধান্ত লয়

এটা দশকৰো বেছি সময় হ’ল, এই সিদ্ধান্ত সলনি কৰিবপৰা গ’লহেঁতেন। নিয়মীয়া কৰা এই স্কুলবোৰো এতিয়া এনইপি ২০২০ৰ অধীনত বন্ধ কৰাৰ কথা আহি পৰিছে। “নিয়মীয়া কৰা স্কুলসমূহ বন্ধ কৰাৰ কোনো যুক্তি নাই,” গীতাই কয়। “শিক্ষাৰ্থীৰ সংখ্যা কমিলেও চুবুৰীবোৰ আছে আৰু তাৰ শিশুবোৰে শিক্ষালাভৰ আন কোনো বাট নাই।”

“ঢোলত মাৰিলো থাপৰ, ৰনজজনাই উঠিল চহৰ-নগৰ…” অতুলৰ আঠ বৰ্ষীয় কন্যা শৱনমে নিজৰ পঢ়া-শুনাৰ বিষয়ে ক’বলৈ পাই উৎসাহিত হৈ পৰে। “পদ্য পঢ়ি মই ভাল পাওঁ,” তাই কয়। তাই লগে লগে ৩য় মানৰ মাৰাঠী পাঠ্যপুথিৰ পৰা পদ্য এটা আমাক পঢ়ি শুনাইছে।

“মই যোগ-বিয়োগ আৰু হৰণ অংক জানো। পুৰণ নেওতাখন পাঁচৰ ঘাইলৈ জানো।পাঁচ ইকে পাঁচ, পাঁচ দুনে দাহা… (পাঁচ এক গুণ পাঁচ, পাঁচ দুগুণ দহ)।”

দুয়োৱে স্কুল গৈ ভাল পায়। কিন্তু কেৱল পদ্য বা অংকৰ বাবেই নহয়। চাহিলে কয়, “মই স্কুললৈ গৈ ভাল পাওঁ, আমাৰ বস্তিৰ আটাইবোৰকে লগ পাওঁ আৰু আমি দুপৰীয়াৰ টিফিন খোৱা সময়ত লংগড়ি আৰু খো-খো খেলো।” পৌতকাবস্তি জিজেদপিএছৰ আটাইবোৰ শিশুৱে প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী।

“স্কুল আৰু পঢ়া-শুনাৰ প্ৰতি সিহঁতৰ আগ্ৰহ দেখি মই বৰ সুখ পাওঁ,” কেঁচা ঘৰটোৰ বাহিৰত বহি থকা সিহঁতৰ মাক ৰূপালীয়ে কয়। সিহঁতৰ স্কুলখন বন্ধ হৈ যাব বুলি শুনি সিহঁতেও ভয় খাইছে। তেওঁ কিম্বা অতুল কোনোৱে পঢ়াশালিলৈ গৈ পোৱা নাই। পাৰ্ধি সম্প্ৰদায়ৰ বাবে শিক্ষা লাভ সদায়েই এক প্ৰত্যাহ্বান হৈ আহিছে। ২০১১ৰ লোকপিয়ল অনুযায়ী মহাৰাষ্ট্ৰত ২২৩,৫২৭ গৰাকী পাৰ্ধি সম্প্ৰদায়ৰ লোক আছে। দশকৰ পিছত দশক নীতিগত হস্তক্ষেপ স্বত্ত্বেও অধিকাংশ শিশুৱে প্ৰাথমিক শিক্ষা লাভ কৰিব পৰা নাই।

PHOTO • Jyoti Shinoli

আঠ বছৰীয়া শৱনমে (মাজত থকা, ৰঙা স্কাৰ্ট পিন্ধাগৰাকী) কয়, ‘মই পদ্য ভাল পাওঁ।’ পৌতকাবস্তি গুন্দেগাওঁ জিলা পৰিষদ স্কুলৰ সকলো শিশুৱে সম্প্ৰদায়টোৰ স্কুললৈ যোৱা প্ৰথমটো প্ৰজন্মৰ

*****

“ইয়াৰপৰা স্কুললৈ কোনো নাযায়,” দহ বছৰীয়া আকাশ বাৰ্দেয়ে বৰ বেপৰোৱাহ ভংগীৰে কয়। তেওঁ পৌতকাবস্তিৰ পৰা প্ৰায় ৭৬ কিলোমিটাৰ দূৰৰ শিৰুৰ তালুকৰ পাৰ্ধি বস্তিত থাকে। কুকাড়ি নদীৰ পাৰত অৱস্থিত চিন্দৌদি কলনিৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় তিনি কিলোমিটাৰ দূৰত আছে। তালৈ তেওঁ খোজকাঢ়ি যাবলৈ দূৰ হয়। “মই কেতিয়াবা মাছ ধৰোঁ। মাছ মাৰিবলৈ গৈ ভাল পাওঁ,” তেওঁ কয়। “মা-দেউতাই ইটাৰ ভাতী আৰু নিৰ্মাণ ছাইটত কাম কৰে। সিহঁত ৩-৪ মাহ ধৰি বাহিৰতে আছে, কাম কৰি আছে। স্কুললৈ যাবলৈ সিহঁতে কোৱা মোৰ মনত নপৰে। ময়ো এইবিষয়ে ভবা নাই।”

এইটো বস্তিত ৫-১৪ বছৰ বয়সৰ ২১ গৰাকী শিশু আছে, কিন্তু তাৰে কোনোৱে স্কুললৈ নাযায়।

মহাৰাষ্ট্ৰৰ যাযাবৰ আৰু বিমুক্ত জনজাতিৰ শৈক্ষিক স্থিতিৰ ওপৰত ২০১৫ত চলোৱা এক জৰীপৰ প্ৰতিবেদনত  কোৱা হৈছে যে ২০০৬-০৭ৰ পৰা ২০১৩-১৪ৰ মাজৰ সময়ছোৱাত এনে জনজাতিৰ ২২ লাখ শিশুৱে স্কুলত নামভৰ্তি কৰাইছিল।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

পৌতকাবস্তিৰ পৰা প্ৰায় ৭৬ কিলোমিটাৰ দূৰৰ শিৰুৰ তালুকৰ চিন্দৌদিত আন এটা পাৰ্ধি চুবুৰীত বাস কৰা ১০ বৰ্ষীয় আকাশ বাৰ্দেয়ে কয়, ‘ইয়াৰ কোনোৱে স্কুললৈ নাযায়।’ চিন্দৌদিৰ শিশুবোৰে বেছিভাগ সময় নদী আৰু নাৱত খেলিয়েই কটায়। এই বস্তিটোৰ ৫-১৪ বছৰ বয়সৰ ২১ টা শিশু আছে, কিন্তু কোনেও স্কুললৈ নাযায়

PHOTO • Jyoti Shinoli

চাহিল আৰু টুইংকলৰ সৈতে খেলি থকা অশ্বিনী (মাজত)য়ে কয়, ‘স্কুলৰ কথা মই নাজানো। এইবিষয়ে কেতিয়াও ভবা নাই। মই ছোৱালীক স্কুলৰ পোছাকত দেখিছো। বৰ ভাল দেখি’

“এনে বহু শিশুৰ মাক-দেউতাকে বাহিৰত কাম কৰে, পুণেত নাইবা মুম্বাইত। ল’ৰা-ছোৱালীবোৰ অকলে ঘৰতে থাকি যায়। কিছুসংখ্যকে মাক-দেউতাকৰ লগত যায়,” ৫৮ বৰ্ষীয় কান্তাবাই বাৰ্দে কয়। কান্তাবাইয়ে নিজৰ নাতি-নাতিনী - ন বছৰীয়া অশ্বিনী আৰু ছয় বছৰীয়া টুইংকলক ঘৰতে এৰি যায়, যেতিয়া তেওঁ আৰু ল’ৰা-বোৱাৰী চাংলিৰ কুঁহিয়াৰ খেতিৰ পথাৰত কাম কৰিবলৈ যায়। দুয়োৰে কোনো এজনেও স্কুললৈ নাযায়।

টুইংকলৰ জন্ম হৈছিল কুঁহিয়াৰ খেতিৰ পথাৰত, তেওঁ কয়। মাক-দেউতাকে তাইক স্কুলত নাম লগাই দিব বিচৰাত তেওঁলোকে দাখলা (জন্মৰ প্ৰমাণপত্ৰ) বিচাৰিলে। “ইয়ালৈ কোনো আশাকৰ্মী নাহে। আমাৰ ল’ৰা-ছোৱালী, নাতিল’ৰা আটাইৰে ঘৰতে জন্ম হৈছে। কাৰোৱে দাখলা নাই,” কান্তাবাইয়ে কয়।

“মই বেছিভাগ সময় মোৰ ভনীজনীৰ লগত থাকো। অকলে,” অশ্বিনীয়ে কয়। “মোটি আই (আইতা)য়ে আমাৰ চোৱা-চিতা কৰিবলৈ কেইসপ্তাহমানৰ বাবে ঘুৰি আহিছিল। মই ভাত ৰান্ধিব পাৰো। ভাখৰিও বনাব পাৰো। এইবিষয়ে কেতিয়াও ভবা নাই। মই ছোৱালীবোৰক স্কুলীয়া পোছাকত দেখিছো। বৰ ভাল দেখি,” তাই খিলখিলাই হাঁহি কয়।

ৰাষ্ট্ৰীয় নমুনা সৰ্বেক্ষণ (এনএছএছ), ২০১৭-১৮ অনুসৰি, চিন্দৌদিৰ আকাশ, অশ্বিনী আৰু টুইংকলৰ দৰে গ্ৰাম্য ভাৰতত ৩-৩৫ বছৰ বয়সৰ প্ৰায় ১৩ শতাংশ পুৰুষ আৰু ১৯ শতাংশ মহিলাই কোনোধৰণৰ শৈক্ষিক প্ৰতিষ্ঠানত কেতিয়াও নামভৰ্তি কৰা নাই।

“মানুহে আমাক চোৰ বুলি কয়। তেওঁলোকে আমাক লেতেৰা দেখে আৰু গাঁৱত সোমাব নিদিয়ে। আপুনিয়ে আমাক কওঁক, আমি ল’ৰা-ছোৱালীক স্কুললৈ কেনেকৈ পঠিয়াও?” কান্তাবাইয়ে নিজৰ সম্প্ৰদায়ৰ শিশুৰ বাবে স্কুলখন নিৰাপদ ঠাই বুলি নাভাবে।

অপৰাধী জনাজাতি আইনখন উঠাই লোৱাৰ কেবাটাও দশক পাৰ হোৱাৰ পিছতো পাৰ্ধিসকল বৈষম্যৰ চিকাৰ হৈ আহিছে। (পঢ়ক: অপৰাধ নাই, কিন্তু অন্তহীন নিৰ্যাতন )। জন্মৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, ভোটিং কাৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ অভাৱত তেওঁলোকে চৰকাৰী যোজনাৰ পৰাও বঞ্চিত হয়। (পঢ়ক: যাযাবৰ শান্তাবাঈৰ নাতি-নাতিনীৰো এদিন হ’ব এটা ভাল ঘৰ আৰু সমৃদ্ধি ৰাজপথে মহতিয়াই নিলে পাৰ্ধিৰ বিদ্যালয় )।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে: কান্তাবাই (বেঙুনীয়া শাড়ী পৰিহিতা)য়ে নিজৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ বাবে স্কুলখন কেতিয়াও সুৰক্ষিত স্থান বুলি ভবা নাই: ‘মানুহে আমাক চোৰ বুলি কয়। তেওঁলোকে আমাক লেতেৰা দেখে আৰু গাঁৱত সোমাব নিদিয়ে। আপুনিয়ে আমাক কওঁক, আমি ল’ৰা-ছোৱালীক স্কুললৈ কেনেকৈ পঠিয়াও?’ সোঁফালে: দিব্যা মালী, মীনা পাৱাৰ আৰু মণিকা ধুলে (বাওঁফালৰ পৰা সোঁফাললৈ) কেতিয়াও স্কুললৈ যোৱা নাই। ‘মীনাৰ বিয়াৰ ঠিক হৈছে। এইবছৰেই বিয়া দিয়া হ’ব। আমাৰ মা-দেউতাইও দৰাৰ সন্ধান কৰি আছে। সেয়াই আমাৰ ভাগ্যত লিখা আছে। স্কুল লিখা নাই চাগে,’ মণিকাই কয়

মহাৰাষ্ট্ৰৰ ২৫ খন জিলাৰ বিমুক্ত, যাযাবৰ আৰু অৰ্ধ-যাযাবৰ জনজাতিৰ ওপৰত ২০১৭ত হায়দৰাবাদৰ সামাজিক উন্নয়ন পৰিষদে কৰা এক সমীক্ষাত সামৰি লোৱা ১৯৯ টা পাৰ্ধি পৰিয়ালৰ প্ৰায় ৩৮ শতাংশ শিশুৱে বৈষম্য, ভাষা সম্পৰ্কীয় সমস্যা, বিয়া আৰু শিক্ষাৰ ক্ষেত্রত সজাগতাৰ অভাৱত প্ৰাথমিক শিক্ষা লাভৰ পিছত পঢ়া এৰিছে।

“ফলি-কিতাপ লোৱাৰ ভাগ্য আমাৰ ল’ৰা-ছোৱালীৰ নাই। সমাজে আজিও আমাক একো বুলিয়ে নাভাবে। মই নাভাবো যে কিবা পৰিৱৰ্তন হ’ব,” কান্তাবাইয়ে নিৰুৎসাহ হৈ কয়।

তেওঁৰ কথা বৰ ভয়লগা ধৰণে সঁচা যেন লাগে। ১৯১৯ত মহাৰাষ্ট্ৰৰ মহান সমাজ সংস্কাৰক আৰু শিক্ষক কৰ্মবীৰ ভাউৰাৱ পাটিলে শিক্ষাক ৰাইয়াত (সাধাৰণ জনতা)ৰ মাজলৈ লৈ যোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ হৈছিল আৰু তেওঁ বস্তি তিথে শালা (প্ৰতিটো বস্তিতে স্কুল)ৰ হৈ ওকালতি কৰিছিল। অৱশ্যে পৌতকাবস্তিলৈ তেনে এখন স্কুল আহোতে ৯০ বছৰ লাগিল। তাকো এতিয়া নতুন নীতিৰ ধুমুহাত বস্তিটোৰ ল’ৰা-ছোৱালীক আশ্ৰয়হীন কৰি স্কুলখন ভাগি পৰাৰ উপক্ৰম ঘটিছে।

পৌতকাবস্তিৰ জিলা পৰিষদ স্কুলখনৰ দেৱালত লিখা আছে:

শিক্ষণ হক্কাছী কিময়া ন্যাৰী,
শিক্ষণ গংগা আতা ঘৰৌঘৰি।

(শিক্ষাৰ অধিকাৰৰ যাদু কি মনোমোহা
ঘৰে ঘৰে বব শিক্ষাৰ গংগা)

এই কথাখিনি সঁচা হ’বলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ’ব?

অনুবাদ: পংকজ দাস

Jyoti Shinoli

ज्योति शिनोली, पीपल्स आर्काइव ऑफ़ रूरल इंडिया की एक रिपोर्टर हैं; वह पहले ‘मी मराठी’ और ‘महाराष्ट्र1’ जैसे न्यूज़ चैनलों के साथ काम कर चुकी हैं.

की अन्य स्टोरी ज्योति शिनोली
Editor : P. Sainath

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das