অক্টোবৰৰ আৰম্ভণিৰ ঘটনা। কোনোবা এটা নিশা তেওঁলোকৰ জুপুৰীত কাৰেণ্ট গুচি যোৱা সময়কণতে শোভা চৱনৰ পৰিয়ালটোৱে অমংগলীয়া কিবা এটাৰ আগজাননী পাইছিল। কিন্তু তেওঁলোকে কি হৈছে বুজ লোৱাৰ আগতেই এদল মানুহ আহি আঠজনীয়া পৰিয়ালটোক ৰড আৰু লাঠিৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। এঘণ্টামানৰ ভিতৰতে পৰিয়ালটোৰ সদস্য আঠৰ পৰা সাতজন হৈছিল। শোভাৰ দুবছৰীয়া নাতি ল’ৰাটো সেই আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল। পিছদিনালৈ তেওঁলোকৰ আৰু এজন সদস্য কমি গৈ ছয়জন হৈছিল, যেতিয়া শোভাৰ আহত স্বামীৰ চিকিৎসালয়ত মৃত্যু হয়।
মাজনিশাৰ ঠিক আগতে দুৰ্বৃত্তসকল তেওঁলোকৰ জুপুৰীত প্ৰৱেশ কৰি, পৰিয়ালৰ সকলো সদস্যকে লথিয়াই, ঘুচিয়াই প্ৰহাৰ কৰিছিল। সেই সময়ত ৬৫ বছৰীয়া শোভা, তেওঁৰ ৭০ বছৰীয়া স্বামী মাৰুতিকে ধৰি তেওঁলোকৰ পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, এগৰাকী ভতিজী আৰু শোভাৰ ভনীয়েক জুপুৰীটোত আছিল। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ তেওঁলোকৰ গাঁৱৰ কাষতে থকা পৰিয়ালটোৰ জুপুৰী আৰু ভেড়াৰ গঁৰালবোৰ জ্বলাই দিছিল। শোভাই আৰক্ষীক দাখিল কৰা এফআইআৰখনত সেই নিশাৰ ঘটনাটোৰ বিষয়ে বিৱৰি কৈছিল।
শোভাৰ ৩০ বছৰীয়া বিবাহিতা কন্যা অনিতাই কয়, "সেইনিশা আমাৰ তিনিগৰাকীক সিহঁতে ধৰ্ষণ কৰিছিল। তাই কয় যে দুৰ্বৃত্তই তাইক, তাইৰ ২৩ বছৰীয়া ভনীয়েক আৰু ১৭ বছৰীয়া ভতিজীক ধৰ্ষণ কৰিছিল।
দুৰ্বৃত্তৰ দলটোৱে অনিতাৰ মাকৰ জুপুৰীৰ পৰা এক কিলোমিটাৰ দূৰত্বত থকা অনিতাৰ জুপুৰীলৈ গৈছিল আৰু নিশাৰ ভাগত তেওঁৰ পৰিয়ালকো সন্ত্ৰাসিত কৰিছিল। অনিতাই কয়, "তেওঁলোকে নিশা প্ৰায় ২ বজাত আমাৰ জুপুৰীত উপস্থিত হৈছিল।" "তেওঁলোকে আমাক গাঁৱৰ পৰা বাহিৰলৈ লৈ যাব বিচাৰিছিল। আমাৰ মটৰ চাইকেলখনত জুই লগাই দিছিল আৰু আমাৰ পশুধন সৱ চুৰ কৰি লৈ গৈছিল।" সিহঁতে তেওঁৰ জুপুৰীটোও জ্বলাই দিছিল।
দুৰ্বৃত্তৰ দলটোৱে চৱন পৰিয়ালক আক্ৰমণ কৰাৰ সময়ত, সিহঁতে তেওঁলোকক এইদৰে কোৱা শোভাৰ মনত আছে "তহঁত সৱ চোৰ। আমি তহঁত পাৰ্ধিবোৰ এইখন গাঁৱত থকাটো নিবিচাৰো। এজাহাৰ দাখিল কৰাৰ সময়ত শোভাই এই কথাও উল্লেখ কৰিছিল।
চৱনসকল হৈছে পাৰ্ধি সম্প্ৰদায়ৰ। তেওঁলোকক মহাৰাষ্ট্ৰত অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে। পাৰ্ধিসকল এসময়ত চিকাৰী আছিল। কিন্তু ঔপনিৱেশিক শাসনৰ সময়ত সম্প্ৰদায়টোক ১৮৭১ চনৰ অপৰাধী জনজাতি আইন (চিটিএ)ৰ অধীনত 'অপৰাধী জনজাতি' হিচাপে চিহ্নিত কৰা হয়। তেওঁলোকক 'জন্মগতভাৱে অপৰাধী' বুলি কোৱা হৈছিল আৰু তেওঁলোকৰ চলা-ফিৰা সীমিত কৰা হৈছিল। যেতিয়া ভাৰত চৰকাৰে চিটিএ বাতিল কৰিছিল, পাৰ্ধিসহ ১৯৮ টা 'অপৰাধী জনজাতি'ক 'অধিসূচনামুক্ত' কৰা হৈছিল। কিন্তু ১৯৫২ৰ চিটিএ - অভ্যাসগত অপৰাধী আইন সলনি হ’ল যদিও সেই সম্প্ৰদায়বোৰে পোৱা 'অপৰাধী'ৰ কালিমা সেই পদক্ষেপে আঁতৰাব নোৱাৰিলে।
কলংকিত আৰু শিক্ষা আৰু নিযুক্তিৰ পৰা বঞ্চিত পাৰ্ধিসকল সদায়েই উপান্ত শ্ৰেণী হিচাপে জীয়াই আহিছে। বীড়ৰ প্ৰায় ৫,৬০০ (২০১১ৰ লোকপিয়ল) জনসংখ্যৰ পাৰ্ধি লোকৰ ওপৰত শেহতীয়া বছৰবোৰত আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। "স্বাধীনতাৰ ইমান বছৰৰ পাছতো পাৰ্ধিসকলক অপৰাধী বুলি গণ্য কৰা হয়। গাঁওখনত তেওঁলোক থকাটো নিবিচৰাৰ বাবেই সেই ঘটনা সংঘটিত হৈছিল," জিলা আদালতত শোভা চৱনৰ গোচৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা সিদ্ধাৰ্থ চিণ্ডেয়ে ব্যাখ্যা কৰে। আৰু যিসয়মত ক’ভিড-১৯ৰ বাবে মানুহে বেছি ঘূৰি ফুৰাটো চৰকাৰে বিচৰা নাছিল, সেই সময়তে এই পাৰ্ধি পৰিয়ালবোৰক তেওঁলোকৰ জুপুৰীৰ পৰা খেদি পঠিওৱা হৈছিল।
১০ জন অভিযুক্তৰ আটাইকেইজন প্ৰভাৱশালী মাৰাঠা সম্প্ৰদায়ৰ আছিল। শোভাই এজাহাৰ দাখিল কৰাৰ পিছতে আঠজনক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ ৰিমাণ্ড নোটত কোৱা হৈছে যে তেওঁলোকে "গাওঁখনৰ লোকসকলক কষ্ট দিয়াৰ বাবে" পাৰ্ধি পৰিয়ালক আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে। গোচৰটোৰ তদন্তকাৰী বিষয়া আৰু উপ-আৰক্ষী অধীক্ষক বিজয় লাগাৰে অধিক বিৱৰণৰ বাবে এই সাংবাদিকৰ ফোন কলৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল।
এজন অভিযুক্তই দাবী কৰিছিল যে শোভাৰ পুত্ৰ কেদাৰে তেওঁক চুৰিৰে আক্ৰমণ কৰিছিল। কেদাৰে এনে কৰাৰ কাৰণ চিণ্ডেয়ে নিশ্চিত কৰি কয় যে এইটো নিৰ্যাতনৰ প্ৰতিশোধ আছিল। "পাৰ্ধি পৰিয়ালবোৰে বহু বছৰ বছৰ ধৰি হাৰাশাস্তি সহ্য কৰি আহিছে, যাৰ বাবে যুঁজখন আৰম্ভ হৈছিল।" আক্ৰমণকাৰীসকলে আৰক্ষীৰ ওচৰত অভিযোগ দিয়াৰ প্ৰয়োজন আছিল, অধিবক্তাজনে কয়। "তাকে নকৰি তেওঁলোকে পৰিয়ালটোক আক্ৰমণ কৰিছিল। তেওঁলোকৰ মাজৰ দুজন সদস্যক হত্যা কৰিছিল আৰু তিনিগৰাকী মহিলাক ধৰ্ষণ কৰিছিল। সকলোৱে তেওঁলোকক কেৱল গাঁৱৰ পৰা বাহিৰ কৰিব বিচাৰিছিল।"
গাঁওখনৰ মানুহে পাৰ্ধিসকল মাটিৰ মালিক হোৱাটো নিবিচাৰে, শোভাৰ আন এজন পুত্ৰ কৃষ্ণাই কয়। "আমাৰ জুপুৰীৰ সন্মুখত, গাওঁখনৰ দাঁতিত দুই একৰ খেতিপথাৰ আছে। তেওঁলোকে সেইবোৰ ভাল নাপায়। প্ৰায় ৪-৫ বছৰ আগতে, তেওঁলোকে মোৰ দেউতাক আক্ৰমণ কৰি তেওঁৰ হাত ভাঙি দিছিল। তেওঁলোকে আমাৰ ওপৰত পশুধন চুৰি কৰা অভিযোগ আনে। লগতে আমাক বাহিৰ কৰি দিবলৈ ভুৱা অভিযোগ দাখিল কৰে। আমাৰ বদনাম থকা কাৰণে আৰক্ষীয়ে বেছিভাগ সময়তে আমাৰ কথা বিশ্বাস নকৰে," তেওঁ বুজাই কয়।
চৱন পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে মুম্বাইৰ এখন দৈনিক বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত উপ-আৰক্ষী অধীক্ষক লাগাৰেয়ে ভুক্তভোগীসকলক "হিষ্ট্ৰী শীটাৰ" (জন্মগত অপৰাধী) বুলি উল্লেখ কৰে। টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্সেজ (টিআইএছএছ)ৰ গৱেষকসকলৰ দ্বাৰা মুম্বাই চহৰৰ পাৰ্ধিৰ ওপৰত কৰা এক অধ্যয়নত এইদৰে উল্লেখ কৰা হৈছেঃ "কেইবাজনো আৰক্ষী বিষয়াই আমাক কৈছে যে তেওঁলোকৰ প্ৰশিক্ষণৰ কিতাপবোৰত পাৰ্ধি আৰু অন্যান্য ডিনটিফাইড সম্প্ৰদায়ক স্বভাৱগত চোৰ আৰু কুচৰিত্ৰৰ অধিকাৰী হিচাপে চিহ্নিত কৰা আছে।"
পাৰ্ধিসকলৰ বেছিভাগ গাঁৱৰ গাইৰণ মানে চৰণীয়া ভূমি বসবাস কৰে। কিছুমানে চৰকাৰৰ পৰা মাটিৰ পট্টা পাইছে, বহুতেই পোৱা নাই। "আমি বেছিভাগেই শ্ৰম কৰি জীয়াই আছো। আৰু আমি [ক’ভিড] লকডাউনৰ পিছত সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। ইমান বেছি অত্যাচাৰ ভূগিবলগীয়া হৈছে যে কেতিয়াবা ভাগৰি পৰো," কৃষ্ণাই কয়।
২০২০ৰ মাৰ্চৰ শেষৰ ফালে হঠাতে হোৱা ক’ভিড-১৯ লকডাউনৰ পিছত, পাৰ্ধিসকলে অত্যধিক কষ্টৰ সন্মুখীন হৈছে। "আনকি স্বাভাৱিক দিনবোৰতো কোনেও তেওঁলোকক কামৰ বাবে সহজে বিশ্বাস কৰা নাছিল। ক’ভিডৰ পিছত কাম কমিছে আৰু কৰোঁতা বাঢ়িছে। ফলত পাৰ্ধিসকলক উপায় নাপালেহে মানুহে কামৰ বাবে মাতে। সমাজে তেওঁলোকক দিনৰ সময়ছোৱাত বাহিৰ হ'বলৈ নিদিয়ে। আৰক্ষীয়ে আকৌ নিশা ওলোৱাৰ অনুমতি নিদিয়ে," উপান্ত সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্যৰ ঘটনাৰ ওপৰত চকু দি অহা চিণ্ডেয়ে কয়।
পাৰ্ধিসকলে দিন হাজিৰাৰ কাম বিচাৰে। কুঁহিয়াৰ কাটিবলৈ বা ইটাভাতীত কাম কৰিবলৈ ঋতু অনুসৰি প্ৰব্ৰজন কৰে। কিছুমানে মুম্বাই আৰু পুণেৰ দৰে ডাঙৰ চহৰলৈ স্থায়ীভাৱে স্থানান্তৰিত হৈছে। টি.আই.এছ.এছ.ৰ অধ্যয়নত দেখা গৈছে যে পুঁজিৰ অভাৱ আৰু জীৱিকাৰ খাতিৰত যাতায়তৰ ওপৰত বাধা, আৰু "আঞ্চলিক অনুন্নতিৰ কাৰণে সৃষ্টি হোৱা দাৰিদ্ৰ্য পৰিস্থিতি, আকৌ আৰক্ষী আৰু গাওঁবাসীৰ দ্বাৰা ধাৰাবাহিক উৎপীড়নৰ অভিজ্ঞতাই পাৰ্ধি পৰিয়ালবোৰক নিজৰ মানুহবোৰ আৰু মুলুক [পৈতৃক গাওঁ] এৰি চহৰমুখী হ’বলৈ বাধ্য কৰিছে।"
২০২০ চনৰ নৱেম্বৰ মাহত, যেতিয়া লকডাউনৰ পিছত বীড়ৰ ইটাভাতীবোৰত পুনৰ কাম আৰম্ভ হ’বলৈ ধৰে, পাৰ্লি তালুকৰ সৰু চহৰ চিৰছালাৰ ভিট্টাল পাৱাৰে কামৰ বাবে নাম লিখালে। তেওঁ কয়, "আমাৰ বাহিৰে ইটা ভাতীৰ সকলো শ্ৰমিকে ঠিকাদাৰৰ পৰা এডভাঞ্চ (অগ্ৰিম ধন) লাভ কৰে।" "আমি কেৱল পাৰ্ধি হোৱাৰ বাবেই দিনটোৰ শেষত ৩০০ টকা পাওঁ। যদিও আমি বহু বছৰ ধৰি মূলসূঁতিৰ মানুহৰ সৈতে মিলিবলৈ চেষ্টা কৰি আহিছোঁ, তথাপিও আমাক মানুহে অপৰাধী বুলিয়েই গণ্য কৰে।"
তেওঁৰ নামত কোনো খেতিপথাৰ নথকাৰ বাবে ৪৫ বছৰীয়া ভিট্টালে কামৰ বাবে কৃষক আৰু ইটা ভাতীৰ ঠিকাদাৰৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ কয়, "কিন্তু আমাক সদায় সন্দেহৰ চকুৰে চায়। বহু বছৰ ধৰি আমি গাঁওবাসীৰ পৰা মানুহৰ দৰে আচৰণ পাবলৈ চেষ্টা কৰি আহিছো।"
২০২০ চনত ক’ভিড লকডাউনৰ সময়ত, বিত্তালৰ পাঁচজনীয়া পৰিয়ালে চৰকাৰে যোগান ধৰা বিনামূলীয়া ৰেচনৰে কোনোমতে পেট প্ৰৰ্ৱতাইছিল। কিন্তু তাৰ পিছৰ সময়ছোৱাৰ পৰা জীয়াই থকাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰিছে। কাৰণ কামৰ কোনো হিচাপ নাইকিয়া হৈছে। বিত্তালে মহামাৰীৰ আগতে সপ্তাহত ৪-৫ দিন কাম কৰিছিল। কিন্তু এতিয়া মাত্ৰ ২-৩ দিনহে কাম পায়। তেওঁৰ সাপ্তাহিক উপাৰ্জন প্ৰায় ১২০০ টকাৰ পৰা ৬০০ টকালৈ হ্ৰাস পাইছে।
তেওঁ সন্মুখীন হৈ অহা সমস্যাবোৰৰ উপৰিও এই বছৰৰ জুন মাহত তেওঁ লাভ কৰা উচ্ছেদৰ জাননীয়ে তেওঁক অথাই সাগৰত পেলালে। বীড়-পাৰ্লি ঘাইপথৰ কাষৰ মাটি এটুকুৰাত বাস কৰা বিত্তালকে ধৰি দহটা পৰিয়ালক কোৱা হৈছে যে তেওঁলোকৰ ভূমি মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমৰ এটা নতুন প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
"আমি ক'লৈ যাম?" বিত্তালে প্ৰশ্ন কৰে। "যেতিয়া আমি কৰ্তৃপক্ষক সুধিছিলো, তেওঁলোকে কৈছিল, 'য’লৈ খুচি তালৈ যাওক।'
তেওঁৰ ৬০ বছৰীয়া খুৰীয়েক গুলাম বাইয়ে চাৰি দশকৰ পৰা তেওঁৰ পৰিয়ালৰ সৈতে চিৰছালাত বাস কৰি আহিছে। কিন্তু এতিয়াও গাওঁবাসীয়ে তেওঁলোকক সন্দেহৰ দৃষ্টিৰে চায়। "আমাৰ ওপৰত যেতিয়া বিশ্বাসেই নাই, তেনেস্থলত আমাকনো কোনে নতুন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিব? তাকো এই ক’ভিডৰ সময়ত?" তেওঁ প্ৰশ্ন কৰে। "মই ইয়াত ৪০ বছৰ ধৰি বাস কৰি আহিছোঁ, কিন্তু মই এতিয়াও এজন 'বেদখলকাৰী'। এই বয়সত মই ক'লৈ যাম?"
ভিট্টাল আৰু গুলামৰ হাতত ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড আছে। আনকি তেওঁলোকে বিদ্যুতৰ বিলো পৰিশোধ কৰে। কিন্তু তেওঁলোকে বসবাস কৰা মাটিখিনিৰ পট্টা হাতত নথকাৰ বাবে তেওঁলোকক আৰক্ষীয়ে অতি সহজতে তাৰ পৰা উচ্ছেদ কৰিব পাৰে।
স্বাধীনতাৰ পিছত আৰম্ভ কৰা কেইবাটাও নীতি আৰু ভূমি সংস্কাৰৰ ব্যৱস্থা থকা স্বত্বেও, চৰকাৰবোৰে প্রান্তীয় সম্প্ৰদায়বোৰৰ মাজত ভূমি বিতৰণৰ ক্ষেত্ৰত একো বিশেষ কৰা নাই। মহাৰাষ্ট্ৰ চৰকাৰে ২০১১ চনত চৰণীয় ভূমিৰ 'বেদখল' নিয়মীয়াকৰণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। ড. বি. আৰ. আম্বেদকাৰে দলিতসকলক চৰকাৰী ভূমি অধিগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল, সেইসূত্ৰে ১৯৫০ৰ পিছত 'বেদখল'কাৰী মানে ঘাইকৈ দলিত আৰু অন্যান্য বঞ্চিত সম্প্ৰদায়ৰ দ্বাৰা চৰকাৰী ভূমি দখল কৰাটোকে বুজায়। আম্বেদকাৰে বিশ্বাস কৰিছিল যে দলিতসকলৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে তেওঁলোক ভূমিৰ গৰাকী হোৱাটো প্ৰয়োজনীয়।
গুলামে কয়, "যেতিয়া আমি প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছিলো, তেতিয়া এই মাটিত অ’ত-ত’ত জোপোহা গছ আদি আছিল।" "কিন্তু আমি এই মাটিত কাম কৰি খেতিৰ উপযোগী কৰি তুলিছিলো। মুঠতে মাটিখিনিক জীপাল আৰু কৃষিযোগ্য কৰি তুলিছিলো। এতিয়া আমাক ইয়াৰ পৰা লথিয়াই-গতিয়াই খেদি পঠিয়াব আৰু সমাজে চাই ৰ’ব।”
গুলামে ঠিকেই কৈছে।
গাঁওখনৰ কোনেও ভ্ৰূক্ষেপকে নকৰে যে শোভা চৱনৰ পৰিয়ালৰ জীৱিত সদস্যসকলে কেনেকৈ শংকাত দিন নিয়াইছে। অক্টোবৰত তেওঁলোকৰ জুপুৰীত হোৱা আক্ৰমণৰ পিছত পৰিয়ালটো ছেদেলি-ভেদেলি পৰিছিল। শোভা বৰ্তমান ডেৰশ কি.মি. দূৰত থকা তেওঁৰ আনজনী জীয়াৰীৰ সৈতে আছে। কেদাৰৰ বিষয়ে এতিয়া তেওঁ একো গম নাপায়। তেওঁৰ ফোনটো বন্ধ হৈ আছে। সেই ভয়াবহ নিশাটোৰ পৰা কোনেও তেওঁক দেখা নাই। আক্ৰমণৰ পিছতো অনিতা গাঁওখনত অলপদিন আছিল। কিন্তু গাঁওবাসীৰ চকুত তেওঁলোকৰ প্ৰতি থকা হিংসাভাৱ দেখি তাই তাৰ পৰা পলাই যাবলৈ বাধ্য হয়। সিহঁত সকলোৱে গোচৰটোৰ চলাই যুঁজখন অব্যাহত ৰাখিব বিচাৰে। তেওঁলোকেও ইয়াৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব নেকি? সময়ই সকলো ক'ব।
অক্টোবৰত নিৰ্য্যাতনৰ বলি হোৱা পৰিয়ালটোৰ সদস্যসকলৰ নামবোৰ তেওঁলোকৰ পৰিচয় নিৰাপদে ৰাখিবলৈ সলনি কৰা হৈছে।
এই প্ৰতিবেদন সাংবাদিকজনলৈ পুলিটজাৰ চেণ্টাৰে আগবঢ়োৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ অধীনত কৰা এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: ৰিমঝিম বৰঠাকুৰ