ভৱানী মাহাতোক আমি লগ পাওতে তেওঁৰ বয়স আছিল ১০৪। নিজৰ কোঠাৰ পৰা ওলাই আহোতে তেওঁক সহায় কৰিবলৈ আগবঢ়া হাতকেইখন বৰ বিৰক্তিত তেওঁ আঁতৰাই দিছিল। লাখুটিডালত ভেঁজা দিয়াৰ বাদে তেওঁ আন কাৰোপৰা সহায় বিচৰা নাছিল আৰু কোনোবা আগবাঢ়ি আহিলেও সেয়া পোনচাটে নাকচ কৰিছিল। সেই বয়সতো তেওঁ নিজে উঠা-বহা কৰিব পাৰিছিল, খোজ কাঢ়িব পাৰিছিল। পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ চেপুৱা গাঁৱত তেওঁৰ বিশাল যৌথ পৰিয়ালটো এইজন খেতিয়ক আৰু গৃহিণীৰ ওপৰতে নিৰ্ভৰশীল আছিল। তেওঁ আছিল পৰিয়ালটোৰ জীৱন আৰু জীৱিকা তথা ভবিষ্যত নিৰ্ধাৰণ কৰা ঘাইশিপা।
মুক্তিযুঁজাৰু ভৱানী মাহাতোৱে ২০২৪ৰ ২৯-৩০ আগষ্টৰ নিশাৰ ভাগত শান্তিৰে টোপনিতে এই পৃথিৱীৰ পৰা মেলানি মাগে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৬ বছৰ। তেওঁৰ মৃত্যুৰ লগে লগে দা লাষ্ট হিৰ’জ: ফুট চ’লজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম (পেংগুইনৰ পৰা ২০২২ৰ নৱেম্বৰত প্ৰকাশিত) কিতাপখনত মই লিখা ১৬ জন মুক্তিযুঁজাৰুৰ মাত্ৰ চাৰিজনহে বাচি আছে। পাৰিৰ মুক্তিযুঁজাৰুৰ গেলাৰীত যিসকল অনন্য ব্যক্তিৰ সাক্ষাৎকাৰ প্ৰকাশ কৰা হৈছে, তাৰে ভিতৰত ভৱানী মাহাতো আছিল খুবেই ব্যতিক্ৰমী আৰু বিনয়ী ব্যক্তিত্বৰ অধিকাৰী। আমাৰ ভালেকেইঘণ্টাজোৰা কথোপকথনত স্বাধীনতা আন্দোলনত তেওঁৰ যে কিবা ভূমিকা আছিল, সেই কথা বাৰে বাৰে তেওঁ নস্যাৎ কৰিছিল। “মোৰ তাত বা তেনে কিহবাত কৰিবলগীয়া কি আছিল?” ২০২২ৰ মাৰ্চত প্ৰথমবাৰ লগ পাওতে তেওঁ আমাকহে ওলোটাই প্ৰশ্ন কৰিছিল। পঢ়ক: এটা বিপ্লৱক লালন-পালন কৰা ভৱানী মাহাতো
১৯৪০ৰ দশকত পশ্চিমবংগৰ দুৰ্ভিক্ষৰ সময়ত তেওঁৰ দায়িত্বৰ বোজা বব নোৱাৰাকৈ বাঢ়িছিল। সেই আকালৰ যি দুৰ্বিষহ সময় তেওঁ নেওচিব পাৰিছিল, সেয়া কল্পনাও কৰিব নোৱাৰি
কিন্তু তেওঁ বাৰুকৈয়ে এই সংগ্ৰামত জৰিত আছিল। আমি মন বাজাৰ ব্লকত থকা তেওঁৰ ঘৰলৈ যোৱাৰ আগেয়েই, ২০ বছৰ পূৰ্বে দেহাৱসান ঘটা প্ৰখ্যাত মুক্তিযুঁজাৰু, তেওঁৰ স্বামী বৈদ্যনাথ মাহাতোতকৈও তেওঁ অধিক জৰিত আছিল এই বিপ্লৱত। মোৰ সহকৰ্মী স্মিতা খাটোৰ আৰু মই যেতিয়া ভৱানী মাহাতোক তেওঁৰ ঘৰত দেখা কৰিবলৈ যাও, তেওঁ স্বাধীনতা সংগ্ৰামত তেওঁৰ ভূমিকা নাই বুলি বাৰম্বাৰ কোৱাত আমি হতাশেই হৈছিলো। কিয় তেওঁ তেনেকৈ কৈ আছিল, সেই কথা বুজোতে আমাক কেবাঘণ্টা লাগিল।
স্বতন্ত্ৰ সৈনিক সন্মান যোজনা, ১৯৮০ত যিদৰে মুক্তিযুঁজাৰুৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে, সেই হিচাপত তেওঁ ঠিকেই কৈছিল। দৰাচলতে সেই সংজ্ঞাই মহিলাসকলক ঔপনিৱেশ বিৰোধী সংগ্ৰামত তেওঁলোকৰ ভূমিকাক সাঙুৰি লোৱা নাছিল। সেই সংজ্ঞাত কেৱল কাৰাবাস খটাৰ সময়হে বিবেচনা কৰা হৈছিল। সেই একেটা কাৰণতে আত্মগোপনকাৰী বহু বিপ্লবীও বাদ পৰিছিল। তেওঁলোকে আত্মগোপন কৰি থকাৰ ‘প্ৰমাণ’ বিচৰা হৈছিল। তাৰমানে ব্ৰিটিছে দিয়া নথিৰ ভিত্তিতহে কাৰোবাক মুক্তিযুঁজাৰু হয় নে নহয়, সেয়া বিবেচনা কৰা হৈছিল।
আমি যেতিয়া কথাবোৰ অন্যধৰণে বিবেচনা কৰিলো, চিন্তা কৰিলো, তেতিয়াহে ভৱানী মাহাতোৱে কৰা আত্মত্যাগৰ তাৎপৰ্য্য বুজি পালো। পুৰুলিয়াৰ হাবিত আত্মগোপন কৰি থকা পলাতক বিপ্লৱীক খাদ্য পৰিৱেশন কৰিছিল ভৱানী মাহাতোৱে, সেয়া আছিল ভয়ংকৰ বিপদক ঘৰত মাতি অনাৰ দৰে। দৈনিক প্ৰায়ে ২০ জনমান বিপ্লৱীৰ বাবে তেওঁ ৰন্ধা-বঢ়া কৰিবলগীয়া হৈছিল। তাতে আকৌ অতিৰিক্তভাৱে পৰিয়ালৰ ২৫ জনমান সদস্য আছেই। তাকো এনে এটা সময়ত, যেতিয়া বংগত ভীষণ আকাল পৰিছিল। ১৯৪২-৪৩ৰ সেই সময়ছোৱাত তেওঁ একেধাৰে খেতিও চম্ভালিছিল। ভাৰতীয় স্বাধীনতা সংগ্ৰামত এয়া কি যে এক অতুল্য অৱদান!
আপোনালৈ মনত পৰি থাকিব ভৱানীজী।



২০২২ত পি সাইনাথে সাক্ষাৎ কৰা সময়ত ভৱানীৰ বয়স আছিল ১০১ৰ পৰা ১০৪ৰ ভিতৰত। তেওঁৰ সৈতে ৭০ বৰ্ষীয় পুত্ৰ শ্যাম সুন্দৰ মাহাতো (বাওঁফালে)

স্বামী বৈদ্যনাথ আৰু ভনী উৰ্মিলাৰ সৈতে ১৯৮০ৰ দশকত ভৱানী মাহাতো (মাজত)। ইয়াৰ আগৰ সময়ৰ পৰিয়ালৰ ফটো নাই

মুক্তিযুঁজাৰু ভৱানী মাহাতোৱে ২০২৪ত ভোট দিছে

ভৱানীৰ নাতিল’ৰা পাৰ্থ সাৰথি মাহাতোৰ (তলত সোঁফালে) লগতে পৰিয়ালৰ ১৩ জন সদস্যৰ সৈতে ভৱানী মাহাতো। ফটোখন লোৱাৰ সময়ত পৰিয়ালৰ কেইগৰাকীমান সদস্য উপস্থিত নাছিল
অনুবাদ: পংকজ দাস