ভাৰতৰ সংসদ ভৱনত চলি থকা শেহতীয়া আইনগত পৰিঘটনালৈ চালে এই কথা স্পষ্ট হৈ পৰে যে সংবিধানৰ সম্ভাৱ্য অপব্যৱহাৰক লৈ ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী ড০ বি আৰ আম্বেদকাৰৰ উদ্বেগ মুঠেও ভিত্তিহীন নাছিল। বৰ্তমান সময়ত বিভিন্ন আইনৰ পৰিৱৰ্তনে নাগৰিকৰ সাংবিধানিক অধিকাৰৰ প্ৰতি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ লগতে সুৰক্ষা আৰু ব্যক্তিগত স্বাধীনতাৰ মাজৰ ভাৰসাম্য সম্পৰ্কেও অৱতাৰণা কৰিছে অলেখ প্ৰশ্নৰ। আইনৰ অপব্যৱহাৰৰ আশংকাক লৈ এদিন ড০ আম্বেদকাৰেই কৈছিল, "যদি মোৰ অনুভৱ হয় যে সংবিধানৰ অপব্যৱহাৰ হৈছে, তেন্তে মইয়ে প্ৰথমে এয়া জ্বলাই দিম।"

নাগৰিকৰ সাংবিধানিক অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ২০২৩ চনত সংসদত গৃহীত হোৱা গুৰুত্বপূৰ্ণ নতুন বিধেয়কসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে পাৰি লাইব্ৰেৰীয়ে।

উদাহৰণস্বৰূপে বন (সংৰক্ষণ) সংশোধনী আইন, ২০২৩ৰ কথাই ক'ব পাৰি। এই আইনখনৰ জৰিয়তে ভাৰতৰ বনাঞ্চলসমূহৰ পৰিভাষা সলনি কৰা হৈছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ দৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰীয়া বনাঞ্চলসমূহত এই আইনখনে বিশেষ প্ৰভাৱ পেলাইছে। ‘অশ্ৰেণীবদ্ধ বনাঞ্চল’ হিচাপে শ্ৰেণীভুক্ত অঞ্চলটোৰ আধাতকৈ অধিক বনাঞ্চল এতিয়া আইনখনৰ সংশোধনীৰ পিছত সামৰিক আৰু অন্যান্য কৌশলগত ব্যৱহাৰৰ অধীন হৈ পৰিছে।

ইফালে ডিজিটেল গোপনীয়তাৰ ক্ষেত্ৰখনত ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা আইনখনে তদন্তকাৰী সংস্থাসমূহে ফোন আৰু লেপটপৰ দৰে ডিজিটেল ডিভাইচসমূহ জব্দ কৰাৰ প্ৰক্ৰিয়াটো সৰল কৰি তুলিছে। পৰিণামস্বৰূপে গোপনীয়তাৰ মৌলিক অধিকাৰৰ সৈতে কৰা হৈছে আপোচ। নতুন দূৰসংযোগ আইনখনে টেলিকমিউনিকেচন সেৱাৰ বাবে বায়’মেট্ৰিক চিনাক্তকৰণ বাধ্যতামূলক কৰি তোলাৰ ফলত বায়’মেট্ৰিক তথ্য পৰিচালনাৰ বাবে গোপনীয়তা আৰু চাইবাৰ সুৰক্ষাক লৈ বৃদ্ধি পাইছে উদ্বিগ্নতাৰ।

২০২৩ চনৰ সংসদৰ অধিৱেশনৰ অংশ আছিল আইনৰ এই পৰিৱৰ্তনৰ কাৰ্য্যবিধি। কিন্তু সেই অধিৱেশনতে এক অভূতপূৰ্ব পৰিঘটনাৰ সাক্ষী হ'বলগীয়া হ'ল ভাৰত। ২০২৩ চনৰ ডিচেম্বৰ মাহৰ সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে একেলগে সংসদ ভৱনৰ পৰা বহিষ্কাৰ কৰা হয় ১৪৬ গৰাকী বিৰোধী সাংসদক। স্বাধীন ভাৰতৰ ৭২ বছৰীয়া সংসদীয় ইতিহাসত এয়া আছিল বিৰোধীৰ সৰ্বাধিক নিলম্বন।

ফৌজদাৰী আইন সংশোধনৰ ওপৰত চলি থকা বিতৰ্কৰ সময়তে সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৰাজ্যসভাৰ ৪৬ গৰাকী আৰু লোকসভাৰ ১০০ গৰাকী সাংসদক।

সংসদৰ এই আলোচনা হৈছিল ভাৰতীয় অপৰাধ আইনৰ সংস্কাৰ আৰু উপনিৱেশমুক্ত কৰাৰ লক্ষ্যৰে তিনিখন বিধেয়কক কেন্দ্ৰ কৰি, সেয়া আছিল ভাৰতীয় দণ্ডবিধি, ১৮৬০; ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা, ১৯৭৩; আৰু ভাৰতীয় সাক্ষ্য প্ৰমাণ আইন, ১৮৭২। চৰকাৰে এই তিনিখন আইনৰ ঠাইত ক্ৰমান্বয়ে ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা, ২০২৩ (বিএনএছ), ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা, ২০২৩ (বিএনএছএছ), আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) বিধেয়ক, ২০২৩ (বিএছবি)ৰ দ্বাৰা প্ৰতিস্থাপিত কৰিছিল। সংসদত গৃহীত হোৱাৰ মাত্ৰ কেইটামান দিন পিছতে অৰ্থাৎ ২৫ ডিচেম্বৰত এই বিধেয়ক কেইখনে ৰাষ্ট্ৰপতিৰ অনুমোদনো লাভ কৰে, আৰু এতিয়া ২০২৪ চনৰ ১ জুলাইত চৰকাৰে এই আইন প্ৰণয়ন কৰিবলৈ সাজু হৈছে।

ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা, ২০২৩ (বিএনএছ )ত মূলত পুৰণি ধাৰাসমূহকেই নতুনকৈ সন্নিবিষ্ট কৰা হৈছে, কিন্তু এই বিএনএছ বিধেয়কৰ দ্বিতীয় সংস্কৰণত কিছু তাৎপৰ্যপূৰ্ণ সংশোধনী সংযুক্ত কৰা হৈছে যি নেকি পূৰ্বৰ ভাৰতীয় দণ্ডবিধি, ১৮৬০ বা আইপিচি -তকৈ যথেষ্ট সুকীয়া।

ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা আইনখনে ইয়াৰ সংশোধিত ৰূপত দেশদ্ৰোহৰ সৈতে জড়িত বিধানটো বেলেগ নামেৰে সংজ্ঞায়িত কৰিছে আৰু ইয়াৰ পৰিসৰ বৃদ্ধি কৰি ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্য্যসমূহকো সামৰি লৈছে। এই আইনৰ ১৫২ নং ধাৰাত পূৰ্বৰ নীতিৰ উল্লেখযোগ্য পৰিৱৰ্তন কৰা হৈছে আৰু দেশদ্ৰোহৰ সংজ্ঞাটো সম্প্ৰসাৰিত কৰি বিচ্ছিন্নতা, সশস্ত্ৰ বিদ্ৰোহ বা বিধ্বংসী কাৰ্যকলাপৰ উচটনি দিবলৈ চেষ্টা কৰা কাৰ্য্যসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ উপৰিও ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা আইনৰ দ্বিতীয় সংস্কৰণত এটা গুৰুত্বপূৰ্ণ সংশোধনী ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ নং ধাৰা বাদ দিয়াৰ সৈতে জড়িত, যিয়ে "প্ৰকৃতিৰ বিৰুদ্ধে" বুলি গণ্য কৰা সন্মতিসূচক যৌন কাৰ্য্যক অপৰাধ গণ্য কৰে। কিন্তু নতুন আইনখনত আনুষংগিক বিধানৰ অনুপস্থিতিয়ে ব্যক্তিগতভাৱে বিশেষকৈ তেনে লিংগৰ ব্যক্তিসকলক যৌন নিৰ্যাতন আৰু বৈষম্যৰ পৰা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত উদ্বেগৰ সৃষ্টি কৰিছে।

সাধাৰণতে বিএনএছএছ আইন নামেৰে জনাজাত ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা আইন ২০২৩য়ে ১৯৭৩ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ঠাই লয়। এই আইনখনে গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীৰ জিম্মাৰ অনুমোদিত ম্যাদ প্ৰাৰম্ভিক ১৫ দিনৰ পৰা সৰ্বাধিক ৯০ দিনলৈ বৃদ্ধি কৰি এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। এই সম্প্ৰসাৰণ বিশেষকৈ মৃত্যু, আজীৱন কাৰাদণ্ড, বা নিম্নতম ১০ বছৰৰ বাবে কাৰাদণ্ডৰ দৰে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত প্ৰযোজ্য, যি আইন প্ৰৱৰ্তন আৰু ন্যায়িক প্ৰক্ৰিয়াৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন প্ৰতিফলিত কৰে।

ইয়াৰ উপৰিও এই আইনখনে সম্ভাৱ্যভাৱে গোপনীয়তাৰ অধিকাৰ উলংঘা কৰি তদন্তৰ সময়ত সংস্থাসমূহক ফোন আৰু লেপটপৰ দৰে ডিজিটেল ডিভাইচ জব্দ কৰাৰ পূৰ্ণ ক্ষমতা প্ৰদান কৰে।

ভাৰতীয় সাক্ষ্য (দ্বিতীয়) আইন, ২০২৩ ত কেৱল সামান্য সংশোধনৰ সৈতে ১৮৭২ চনৰ ভাৰতীয় সাক্ষ্য আইনৰ গাঁথনি মুখ্যতঃ বজাই ৰখা হৈছে।

বন (সংৰক্ষণ) সংশোধনী আইন, ২০২৩ ৰ লক্ষ্য হৈছে বন (সংৰক্ষণ) আইন, ১৯৮০ ৰ সলনি কৰা। সংশোধিত আইনখনে কিছুমান প্ৰকাৰৰ ভূমিকা ইয়াৰ ব্যৱস্থাৰ পৰা ৰেহাই দিয়ে। এইবোৰৰ ভিতৰত আছে:

''(ক) চৰকাৰে ৰক্ষণাবেক্ষণ কৰা ৰেলপথ বা ৰাজহুৱা পথৰ কাষত অৱস্থিত এনে বনভূমি, যিয়ে থকাৰ ব্যৱস্থা কৰে বা ৰেলপথত প্ৰৱেশৰ ব্যৱস্থা কৰে আৰু প্ৰতিটো ক্ষেত্ৰতে সৰ্বাধিক ০.১০ হেক্টৰ পৰ্যন্ত পথৰ কাষৰ সুবিধা প্ৰদান কৰে;

(খ) উপ-অনুচ্ছেদ (১)ৰ দফা (ক) বা দফা (খ)ত উল্লেখ নকৰা ভূমিত উৎপাদিত এনে গছ-গছনি, বাগিচা বা পুনৰ বনানীকৰণ; আৰু

(গ) এনে বনভূমি:

(১) আন্তঃৰাষ্ট্ৰীয় সীমান্ত বা নিয়ন্ত্ৰণ ৰেখা বা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে এশ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ কৌশলগত ৰৈখিক প্ৰকল্প নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ প্ৰস্তাৱিত বনভূমিক ৰেহাই দিয়া হৈছে। অথবা

(২) সুৰক্ষা সম্পৰ্কীয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০ হেক্টৰ পৰ্যন্ত ভূমি ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, অথবা

(৩) প্ৰতিৰক্ষা সম্পৰ্কীয় কোনো প্ৰকল্প নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তাৱিত বনভূমি, অৰ্ধসামৰিক বাহিনীৰ বাবে শিবিৰ, বা ৰাজহুৱা উপযোগিতা প্ৰকল্পসমূহকো ৰেহাই দিয়া হৈছে।"

উল্লেখযোগ্য যে এই সংশোধনীয়ে জলবায়ু সংকট আৰু পৰিৱেশৰ অৱক্ষয়ৰ পৰিৱেশ সম্পৰ্কীয় উদ্বিগ্নতাক কোনো ধৰণে প্ৰাধান্য দিয়া নাই।

সংসদে ভাৰতৰ ডিজিটেল খণ্ডৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা একাধিক আইনী ব্যৱস্থাও উত্থাপন কৰে, যাৰ ভিতৰত আছে দূৰসংযোগ আইন ২০২৩, ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন ২০২৩ (ডিপিডিপি আইন ), আৰু সম্প্ৰচাৰ সেৱা (নিয়ন্ত্ৰণ) বিধেয়ক ২০২৩ গৃহীত কৰা। এই পদক্ষেপবোৰে নাগৰিকসকলৰ ডিজিটেল অধিকাৰ আৰু সাংবিধানিকভাৱে সুৰক্ষিত গোপনীয়তাৰ অধিকাৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, অনলাইন সমল নিয়ন্ত্ৰণ কৰে আৰু টেলিকমিউনিকেচন নেটৱৰ্কক এক নিয়ন্ত্ৰক সঁজুলি হিচাপে বলপূৰ্বক নিষিদ্ধ কৰে।

বিৰোধীৰ অনুপস্থিতিত টেলিকম বিধেয়কখন অতি খৰধৰকৈয়ে দুয়োখন সদনত গৃহীত কৰা হয়। আৰু তাৰ পিছত লোকসভাত গৃহীত হোৱাৰ মাত্ৰ চাৰিদিন পিছতে ২৫ ডিচেম্বৰত এই বিধেয়কত অনুমোদন জনায় ৰাষ্ট্ৰপতিয়েও। ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ আৰু ভাৰতীয় বেতাঁৰ টেলিগ্ৰাফ আইন, ১৯৩৩ সংস্কাৰৰ প্ৰয়াসত এই আইনখনে নিয়ন্ত্ৰণ কাঠামোৰ আধুনিকীকৰণক সমৰ্থন কৰে। যেনে:

“(ক) কিছুমান বাৰ্তা বা কিছুমান বিশেষ শ্ৰেণীৰ বাৰ্তা গ্ৰহণৰ বাবে ব্যৱহাৰকাৰীসকলৰ পূৰ্বৰ সন্মতি;

(খ) দূৰসংযোগ অধিনিয়ম ২০২৩ত এক বা একাধিক পঞ্জীয়ন প্ৰস্তুত আৰু তত্বাৱধান বাধ্যতামূলক কৰা হৈছে, যাক "ডু নট ডিষ্টাৰ্ব" পঞ্জীয়ন বুলিও কোৱা হয়। ইয়াৰ উদ্দেশ্য হৈছে যাতে ব্যৱহাৰকাৰীসকলে আগতীয়া সন্মতি অবিহনে নিৰ্দিষ্ট বাৰ্তা বা নিৰ্দিষ্ট শ্ৰেণীৰ বাৰ্তা প্ৰাপ্ত নকৰে।

(গ) দূৰসংযোগ অধিনিয়ম ২০২৩ত ব্যৱহাৰকাৰীসকলক এই শাখাৰ উলংঘন কৰি লাভ কৰা যিকোনো মালৱেৰ বা নিৰ্দিষ্ট বাৰ্তাৰ প্ৰতিবেদন দিবলৈ সক্ষম কৰাৰ এক প্ৰণালী অন্তৰ্ভুক্ত কৰা হৈছে।

আইনখনে অপৰাধমূলক কাৰ্যকলাপৰ উচটনি ৰোধ কৰিবলৈ ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ সময়ত "যিকোনো অনুমোদিত কৰ্তৃপক্ষৰ পৰা যিকোনো দূৰসংযোগ সেৱা বা দূৰসংযোগ নেটৱৰ্ক অস্থায়ীভাৱে লোৱাৰ" অধিকাৰো প্ৰদান কৰিছে।

এই ব্যৱস্থাই বিষয়াসকলক ৰাজহুৱা সুৰক্ষা বজাই ৰখাৰ নামত টেলিকম নেটৱৰ্কত যোগাযোগ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাৰ যথেষ্ট ক্ষমতা প্ৰদান কৰে।

মূল আইনসমূহৰ এই সংস্কাৰসমূহক দেশৰ গৃহমন্ত্ৰীয়ে 'নাগৰিক-কেন্দ্ৰিক' বুলি অভিহিত কৰিছে। অৱশ্যে, অৰণ্যৰ ওচৰত বাস কৰি অহা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়সমূহে এই নতুন বন সংৰক্ষণ (সংশোধনী) আইনৰ ফলত তেওঁলোকৰ জীৱিকা, সংস্কৃতি আৰু ইতিহাস হেৰুৱাব পাৰে। এই আইনৰ অধীনত তেওঁলোকৰ অধিকাৰ পৰ্যাপ্তভাৱে সুৰক্ষিত নহ'বও পাৰে।

ফৌজদাৰী আইন সংশোধনে নাগৰিকসকলৰ ডিজিটেল অধিকাৰ আৰু সাংবিধানিকভাৱে গোপনীয়তাৰ অধিকাৰ সম্পৰ্কেও উদ্বেগৰ সৃষ্টি কৰিছে। এই আইনসমূহে নাগৰিকৰ অধিকাৰ আৰু অপৰাধমূলক আইনী কাৰ্য্যবিধিৰ মাজত ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰা চকুত পৰে। সেয়েহে এনে সংশোধনীসমূহৰ ওপৰত সূক্ষ্মভাৱে বিবেচনা কৰাটো নিতান্তই প্ৰয়োজনীয়।

বিৰোধীৰ অনুপস্থিতিত কেন্দ্ৰীয় চৰকাৰে অতি ততাতৈয়াকৈ সংশোধন কৰা এই আইনসমূহক চৰকাৰে 'নাগৰিক কেন্দ্ৰিক’ বুলি অভিহিত কৰিলেও ই কিদৰে সাধাৰণ জনতাৰ হিত সাধন কৰিব, সেয়া জানিবলৈ নিশ্চয় আজি সংবিধানৰ প্ৰণেতা ড০ বি আৰ আম্বেদকাৰো উৎসুক হৈ পৰিলেহেঁতেন।

প্ৰচ্ছদ অলংকৰণ: স্বদেশা শৰ্মা

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Siddhita Sonavane

Siddhita Sonavane is Content Editor at the People's Archive of Rural India. She completed her master's degree from SNDT Women's University, Mumbai, in 2022 and is a visiting faculty at their Department of English.

Other stories by Siddhita Sonavane
Editor : PARI Library Team

The PARI Library team of Dipanjali Singh, Swadesha Sharma and Siddhita Sonavane curate documents relevant to PARI's mandate of creating a people's resource archive of everyday lives.

Other stories by PARI Library Team
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari