“মই সজা জুপুৰি এটা অতিকমেও ৭০ বছৰ চলে।”

বিষ্ণু ভোশলেৰ এক বিৰল দক্ষতা আছে – তেওঁ ঝোপড়ি (পৰম্পৰাগত জুপুৰি) সাজিব পাৰে। তেওঁৰ ঘৰ ক'লহাপুৰ জিলাৰ জাম্বালি গাঁৱত।

৬৮ বছৰ বয়সীয়া বিষ্ণুয়ে গছৰ ঠানি আৰু খেৰ-পাতেৰে জুপুৰি নিৰ্মাণৰ দক্ষতা পিতৃ প্ৰয়াত গুণ্ডুৰ পৰা শিকিছিল। তেওঁ ১০টা মান জুপুৰি সাজিছে আৰু প্ৰায় একেসংখ্যক জুপুৰি নিৰ্মাণত সহায়ক হিচাপে কাম কৰিছে। তেওঁ মনত পেলাই কয়, “আমি [সাধাৰণতে] কেৱল গ্ৰীষ্মকালতহে জুপুৰি সজা কাম কৰিছো, কিয়নো [সেই সময়ত] আমাৰ পথাৰত বিশেষ কাম নাছিল।”

বিষ্ণুৱে ১৯৬০ চনৰ আশে-পাশে এটা সময়ৰ কথা মনত পেলাইছে, যেতিয়া জাম্বালিত এনে এশৰো অধিক জুপুৰি আছিল। তেওঁ কয় যে লগ-বন্ধুৱে ইজনে সিজনক সহায় কৰিছিল আৰু আশে-পাশে উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰিছিল। “আমি জুপুৰি সজাৰ নামত এটকাও খৰছ কৰা নাছিলো ৷ কাৰোৱেই ইমান সামৰ্থ্য নাছিল,” তেওঁ লগতে কয়, “মানুহে তিনি মাহলৈকে অপেক্ষা কৰিবলৈ সাজু আছিল, কিন্তু যেতিয়া তেওঁলোকৰ হাতত প্ৰয়োজনীয় সামগ্ৰী মজুত আছিল, তেতিয়াহে তেওঁলোকে জুপুৰিৰ কাম আৰম্ভ কৰিছিল।”

শতিকাটোৰ শেষৰফালে, ৪,৯৬৩ জন লোকৰ এই গাঁওখনত ঠানি আৰু খেৰৰ পঁজাৰ ঠাইত ইটা, চিমেণ্ট আৰু টিনে ঠাই লৈছিল (লোকপিয়ল ২০১১)। প্ৰথমে স্থানীয় মৃৎশিল্পীৰ দ্বাৰা নিৰ্মিত খাপৰি কৌলু (ছাদৰ টাইলছ) বা কুম্ভাৰী কৌলু উপলব্ধ হোৱাৰ বাবে আৰু পিছলৈ মেচিনত নিৰ্মিত বেংগালুৰু কৌলু অহাৰ ফলত জুপুৰিৰ চাহিদা কমিছিল, কিয়নো সেইবোৰৰ স্থায়িত্ব আৰু শক্তি আছিল বেছি।

টাইলছবোৰ বিশেষ একো মেৰামতি কৰিবলগীয়া নাথাকে, জুপুৰিৰ খেৰৰ বাবে প্ৰয়োজন হোৱা শ্ৰমৰ তুলনাত সেইবোৰ বহুৱাবলৈকো সহজ। শেষত পকা ঘৰ বনাবলৈ চিমেণ্ট আৰু ইটা অহাৰ পাছত জুপুৰি একেবাৰেই নাইকিয়া হৈ পৰিল। জাম্বালিৰ মানুহে জুপুৰি এৰিলে আৰু এতিয়া মুষ্টিমেয় কেইঘৰমানৰহে জুপুৰি আছে।

“গাওঁখনত এতিয়া কাচিৎহে পঁজাঘৰ দেখিব। কেইবছৰমানৰ পাছত আমি আটাইবোৰ পৰম্পৰাগত পঁজাঘৰ হেৰুৱাম, কাৰণ কোনেও সেইবোৰ মেৰামতি কৰিব নিবিচাৰে,” বিষ্ণুৱে কয়।

*****

Vishnu Bhosale is tying the rafters and wooden stems using agave fibres. He has built over 10 jhopdis and assisted in roughly the same number
PHOTO • Sanket Jain
Vishnu Bhosale is tying the rafters and wooden stems using agave fibres. He has built over 10 jhopdis and assisted in roughly the same number
PHOTO • Sanket Jain

বিষ্ণু ভোশলেয়ে আগেভৰ আঁহ ব্যৱহাৰ কৰি ৰুৱা বান্ধি আছে। তেওঁ ১০ টা পঁজা নিজে সাজিছে আৰু প্ৰায় একেসংখ্যক পঁজা নিৰ্মাণত সহায় কৰিছে

বিষ্ণু ভোশলেৰ বন্ধু, চুবুৰীয়া নাৰায়ণ গাইকোৱাদে জুপুৰি এটা সাজিবৰ মন কৰিলে। সেয়ে বিষ্ণু ভোশলেক তেওঁ লগ ধৰিছে। দুয়োজনেই কৃষক আৰু সমগ্ৰ ভাৰতবৰ্ষৰ বহু কৃষকৰ প্ৰতিবাদী কাৰ্য্যসূচীত একেলগে ভ্ৰমণ কৰিছে। পঢ়ক: ভগা হাতে প্ৰতিবাদত নামিছে জাম্বালিৰ খেতিয়ক

জাম্বালিত বিষ্ণুৰ এক একৰ আৰু নাৰায়ণৰ প্ৰায় ৩.২৫ একৰ মাটি আছে। দুয়োজনে কুঁহিয়াৰৰ খেতিৰ লগতে জলকীয়া, ইমাৰ ঘেঁহু, সৰিয়হ, ফ্ৰেছ বীন আৰু পালেং শাক, মেথি, ধনীয়া আদি শাক-পাচলিৰ খেতি কৰে।

নাৰায়ণৰ জুপুৰি নিৰ্মাণৰ ইচ্ছা এটা দশকৰ আগতেই আছিল, যেতিয়া তেওঁ ঔৰংগাবাদ জিলা ভ্ৰমণ কৰি কৃষি শ্ৰমিকৰ সৈতে তেওঁলোকৰ কৰ্মৱস্থাৰ বিষয়ে কথা পাতিছিল। তাতে তেওঁ এটা ঘুৰণীয়া পঁজা দেখি ভাবিলে, “ আগড়ি প্ৰেক্ষানি [বৰ ধুনীয়া]। ত্যচা গুৰুত্বকৰ্ষণ কেন্দ্ৰ আগড়ি বৰোবৰ হোতা [ভাৰকেন্দ্ৰৰ ভাৰসাম্য বৰ নিখুঁতকৈ ৰখা হৈছিল],” তেওঁ কয়।

জুপুৰিটো নৰাৰে সজা হৈছিল আৰু প্ৰতিটো অংশ নিৰ্দিষ্ট এক ক্ৰমত আছিল বুলি নাৰায়ণে মনত পেলায়। তেওঁ আৰু সোধা-পোছা কৰি দেখিলে যে সেইটো এজন কৃষি শ্ৰমিকে নিৰ্মাণ কৰিছিল। অৱশ্যে তেওঁক দেখা কৰা নহ’ল। ৭৬ বছৰীয়া নাৰায়ণে তাৰে টোকা এটা কৰি ৰাখিলে। দশক দশক ধৰি তেওঁ দৈনন্দিন জীৱনৰ মনোগ্ৰাহী বিৱৰণবোৰ সুক্ষ্মতাৰে লক্ষ্য কৰি আহিছে। তেওঁৰ হাতত আঞ্চলিক মাৰাঠী ভাষাত হাজাৰ হাজাৰ পৃষ্ঠাৰ হাতেলিখা টোকা আছে, যিবোৰ ৪০ খন ভিন্ন ডায়েৰীত সিঁচৰতি আছে – পকেটৰ আকাৰৰ পৰা আৰম্ভ কৰি এ-ফ’ৰ চাইজলৈকে।

এটা দশকৰ পাছত তেওঁ নিজৰ ৩.২৫ একৰ পামত হুবহু তেনে এচা জুপুৰিটোৰ সাজিব বিচাৰিছিল, কিন্তু প্ৰত্যাহ্বানো বহুত আছিল। বিশেষকৈ জুপুৰি সজা মানুহ বিচাৰি পোৱাটো টান আছিল।

ইয়াৰ পিছতে তেওঁ জুপুৰি সাজিব জনা বিষ্ণু ভোশলেৰ সৈতে কথা পাতে। সেই অংশীদাৰিত্বৰ ফলস্বৰূপে এতিয়া ঠানি আৰু খেৰৰ ঘৰ এটা নিৰ্মাণ হ’ব ধৰিছে, যিটো হস্তনিৰ্মিত স্থাপত্যৰ প্ৰতীক।

নাৰায়ণে কয়, “যেতিয়ালৈকে এই পঁজা থাকিব, ই হাজাৰ হাজাৰ বছৰীয়া শিল্পৰ কথা নৱ প্ৰজন্মক সোঁৱৰাই দিব।” পঁজা সজা তেওঁৰ লগৰীয়া বিষ্ণুৱে আৰু কয়, “মোৰ কামৰ বিষয়ে মানুহে নহ’লে কেনেকৈ জানিব?”

*****

Vishnu Bhosale (standing on the left) and Narayan Gaikwad are neighbours and close friends who came together to build a jhopdi
PHOTO • Sanket Jain

বিষ্ণু ভোশলে (বাওঁফালে থিয় হৈ থকাজন) আৰু নাৰায়ণ গাইকোৱাদ চুবুৰীয়া আৰু ঘনিষ্ঠ বন্ধু, তেওঁলোকে একেলগে জুপুৰি এটা সাজিবলৈ ওলাইছে

Narayan Gaikwad is examining an agave plant, an important raw material for building a jhopdi. 'This stem is strong and makes the jhopdi last much longer,' explains Vishnu and cautions, 'Cutting the fadyacha vasa [agave stem] is extremely difficult'
PHOTO • Sanket Jain

নাৰায়ণ গাইকোৱাদে জুপুৰি নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ কেঁচামাল এগেভ গছ পৰীক্ষা কৰি আছে। ‘এই ঠাৰিটো শক্তিশালী আৰু জুপুৰি বহু বেছি দিন টিকি থাকে,’ বিষ্ণুৱে ব্যাখ্যা কৰি সতৰ্ক কৰি দিয়ে, ‘ফাড়য়াচা বাস [আগাভে ঠাৰি] কাটি দিয়াটো অত্যন্ত কঠিন’

Narayan Gaikwad (on the left) and Vishnu Bhosale digging holes in the ground into which poles ( medka ) will be mounted
PHOTO • Sanket Jain

নাৰায়ণ গাইকোৱাদ (বাওঁফালে) আৰু বিষ্ণু ভোশলেয়ে মাটিত মেড়কা (খুঁটা) পুতিবলৈ মাটিত গাত খান্দিছে

জুপুৰি নিৰ্মাণৰ প্ৰথম পদক্ষেপ হ’ল পঁজাটো কি কামত ব্যৱহৃত হ’ব, “তাৰ ওপৰত নিৰ্ভৰ কৰি আকাৰ আৰু গঠন ভিন্ন হয়,” বিষ্ণুৱে কয়। উদাহৰণস্বৰূপে, খাদ্য জমা ৰখাৰ বাবে সজা জুপুৰিবোৰ সাধাৰণতে ত্ৰিকোণীয় হয়, আনহাতে সৰু পৰিয়ালৰ বাবে এটা জুপুৰি সাধাৰণতে ১২ x ১০ ফুটৰ আয়তাকাৰ হয়।

নাৰায়ণ এজন উৎসুক পাঠক, আৰু তেওঁ এটা সৰু কোঠাৰ সমান জুপুৰি এটা পঢ়া কোঠা হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ সাজিব বিচাৰিছে। তেওঁৰ কিতাপ, আলোচনী আৰু বাতৰি কাকত ইয়াতেই ৰাখিব বুলি ক’লে।

কি কামত ব্যৱহাৰৰ হ’ব, স্পষ্টকৈ জনাৰ পিছত বিষ্ণুৱে কেইডালমান খৰিকাৰে এটা ক্ষুদ্ৰ আৰ্হি সাদি উলিয়ালে। ইয়াৰ পিছত তেওঁ আৰু নাৰায়ণে ৪৫ মিনিটতকৈও অধিক সময় খৰচ কৰি তাৰ সবিশেষ আৰু আকৃতিটো চূড়ান্ত কৰিলে। নাৰায়ণৰ পথাৰখন কেইবাবাৰো ঘুৰি ফুৰি তেওঁলোকে বতাহৰ চাপ কম থকা ঠাইত পঁজাটো সজাৰ সিদ্ধান্ত ল’লে।

“জুপুৰি বনোৱাৰ ক্ষেত্ৰত কেৱল গ্ৰীষ্ম বা শীতকালৰ কথা ভাবিলে নহ’ব৷ ই কেইবাটাও দশকলৈকে চলিব লাগিব, গতিকে আমি কেইবাটাও কাৰকৰ কথা ভাবো,’ নাৰায়ণে কয়।

মাটিত দুফুট দঁ গাত এটা কৰাৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, প্ৰতিটো গাত জুপুৰি নিৰ্মাণ হ’বলগীয়া সীমাৰ সিপাৰে ১.৫ ফুট দূৰত্বত। ১২ x ৯ ফুটৰ পঁজাটোৰ বাবে এনে পোন্ধৰটা গাঁতৰ প্ৰয়োজন হৈছিল আৰু সেইবোৰ খান্দিবলৈ প্ৰায় এঘণ্টা সময় লাগিছিল। ফুটাবোৰ পলিথিন বা প্লাষ্টিকৰ বস্তাৰে ঢাকি থোৱা আছিল। বিষ্ণুৱে কয়, “খুঁটাবোৰ যাতে পানীয়ে খাই নেপেলায়, তাৰ বাবে এইটো কাম কৰা হয়,” ঠানিবোৰ পচিলে গোটেই জুপুৰিটো নষ্ট হৈ যোৱাৰ আশংকা থাকে।

আটাইতকৈ দূৰৈৰ গাঁত দুটা আৰু কেন্দ্ৰৰ গাঁতটোত বিষ্ণু আৰু ৰাজমিস্ত্ৰী তথা বন্ধু অশোক ভোশলে সযতনে মেড়কা এটা বহুৱাইছে। মেড়কা হৈছে চন্দন, বাবুল বা কাডুৰ প্ৰায় ১২ ফুট দৈৰ্ঘ্যৰ ইংৰাজীৰ Y আকৃতিৰ ঠানি এটা।

ৱাই আকৃতিৰ ঠানিটোৰ মুৰটো অনুভূমিক দিশত ঠানিবোৰ পাৰিবলৈ ব্যৱহাৰ কৰা হয়। নাৰায়ণে কয়, “কেন্দ্ৰত থকা মেড়কা দুটা, যাক আড় বুলি কোৱা হয়, কমেও ১২ ফুট ওখ, আৰু বাকীকেইটা ১০ ফুট ওখ।”

Left: Narayan digging two-feet holes to mount the base of the jhopdi.
PHOTO • Sanket Jain
Right: Ashok Bhosale (to the left) and Vishnu Bhosale mounting a medka
PHOTO • Sanket Jain

বাওঁফালে: নাৰায়ণে পঁজাৰ খুঁটা পুতিবলৈ দুফুট দ গাঁত খান্দিছে ৷ সোঁফালে: অশোক ভোশলে (বাওঁফালে) আৰু বিষ্ণু ভোশলেয়ে মেড়কা বহুৱাইছে

Narayan and Vishnu (in a blue shirt) building a jhopdi at Narayan's farm in Kolhapur’s Jambhali village.
PHOTO • Sanket Jain
Narayan and Vishnu (in a blue shirt) building a jhopdi at Narayan's farm in Kolhapur’s Jambhali village.
PHOTO • Sanket Jain

নাৰায়ণ আৰু বিষ্ণুৱে (নীলা চাৰ্ট পিন্ধাজন) ক'লহাপুৰৰ জাম্বালি গাঁৱৰ নাৰায়ণৰ পামত জুপুৰি সাজিছে

পিছত এই ঠানিৰ কাঠামোটোৰ ওপৰেৰে খেৰ জাপি দিয়া হ’ব; দুফুট ওখ মেড়কা ব্যৱহাৰ কৰা হ'ব যাতে বৰষুণ খেৰত পৰি ছিটিকি যায় আৰু ঘৰত ভিতৰত নোসোমায়।

এনে আঠটা মেড়কা যেতিয়া পোতা হয়, তেতিয়া পঁজাৰ ভেটি সাজু হোৱা বুলি ক’ব পাৰি। মেড়কাবোৰ পুতিবলৈ প্ৰায় দুঘণ্টা সময় লাগে ৷ এই মেড়কাৰ তলৰ অংশত ভিলু নামে দীঘল স্থানীয় বাঁহ গাঁথি দিয়া হয়, যাতে পঁজাৰ দুয়োটা মূৰ সংযোগ হৈ থাকে।

বিষ্ণুৱে কয়, “এতিয়া চন্দন আৰু বাবুল গছ বিচাৰি পোৱাটো টান হৈ পৰিছে। এই সকলোবোৰ গুৰুত্বপূৰ্ণ [থলুৱা] গছৰ ঠাইত হয় কুঁহিয়াৰৰ খেতি কৰা হৈছে, নাইবা অট্টালিকা বহিছে।”

কাঠামোটো সাজু হোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপটো হ’ল ৰুৱাবোৰ পথালিকৈ পাৰি দিয়া, যিটোৱে ছাদখনৰ জঁকাটো গঠন কৰে। এই জুপুৰিটোৰ বাবে বিষ্ণুৱে ৪৪ ডাল ৰুৱা লগোৱাৰ পৰিকল্পনা কৰিছে, চালিখনৰ দুয়োফালে ২২ ডালকৈ। আঞ্চলিক মাৰাঠী ভাষাত ফাড়য়াচা বাস বোলা এগেভৰ পাতেৰে তৈয়াৰ কৰা হয়। এগেভৰ পাত ২৫-৩০ ফুট ওখ হ’ব পাৰে আৰু তাৰপৰা বনোৱা তঙালবোৰ যথেষ্ট শক্তিশালী।

বিষ্ণুৱে বুজাইছে, “ইয়াৰ পাতবোৰ অতি শক্তিশালী আৰু ইয়াৰ ফলত জুপুৰিটোত দিয়া গাঁথিবোৰ বহুদিনলৈ টিকে। ৰুৱা যিমানেই বেছি হ’ব, সিমানেই চালিখন ভাল হ’ব। কিন্তু তেওঁ সতৰ্ক কৰি দিয়ে, “ফাড়য়াচা বাস কটাটো বৰ টান কাম।”

তাৰ পিছত চালিখনৰ বাবে বোৱা ৰুৱাখন বান্ধিবলৈ এগেভৰ আঁহৰ তঙাল ব্যৱহাৰ কৰা হয় –  এই তঙাল বহুদিনলৈ টিকে। এগেভ পাতৰ পৰা আঁহ উলিওৱাটো এটা কঠিন কাম। নাৰায়ণে এই কাম আয়ত্ত কৰিছে, আৰু কাঁচি ব্যৱহাৰ কৰি আঁহবোৰ উলিয়াবলৈ তেওঁক ২০ ছেকেণ্ডতকৈও কম সময় লাগে। “এগেভ পাতৰ ভিতৰত আঁহ আছে বুলি মানুহে নাজানেই,” তেওঁ হাঁহি হাঁহি কয়।

এই আঁহবোৰৰ দ্বাৰা পৰিৱেশ অনুকূল জৈৱ-পচনীয় ৰছীও তৈয়াৰ কৰা হয়। (পঢ়ক: অদৃশ্য ভাৰতীয় ৰছী ৷)

Ashok Bhosale passing the dried sugarcane tops to Vishnu Bhosale. An important food for cattle, sugarcane tops are waterproof and critical for thatching
PHOTO • Sanket Jain

পঁজাটোৰ চালিত থকা বিষ্ণু ভোশলেলৈ বুলি অশোক ভোশলেয়ে শুকোৱা কুঁহিয়াৰৰ পাতবোৰ আগবঢ়াই দিছে। গৰুৰ বাবে ভাল খাদ্য, এই পাতবোৰ দিলে ভিতৰত পানী নোসোমায় আৰু খেৰৰ চালি বনোৱাৰ বাবে এয়া অতি প্ৰয়োজনীয় সামগ্ৰী

Building a jhopdi has become difficult as the necessary raw materials are no longer easily available. Narayan spent over a week looking for the best raw materials and was often at risk from thorns and sharp ends
PHOTO • Sanket Jain

প্ৰয়োজনীয় কেঁচামাল এতিয়া সহজে নোপোৱাৰ বাবে পঁজা সজাটো টান হৈ পৰিছে। নাৰায়ণে এসপ্তাহতকৈও অধিক সময় ভাল কেঁচামাল বিচাৰি কটাইছে, কুঁহিয়াৰৰ চোকা পাতে কটাৰ প্ৰায়ে আশংকা থাকে

ঠানিৰে বেৰবোৰ বনোৱাৰ পিছত বেৰবোৰত তামোলৰ ডাল আৰু কুঁহিয়াৰৰ ঠাৰি এনেকৈ লগোৱা হয় যাতে কাঁচি এখন সহজতে খুচি থ’ব পাৰি।

এতিয়া গাঁথনিটো স্পষ্ট হৈ পৰিছে, চালিৰ কাম কৰিবলৈ বাকী। কুঁহিয়াৰৰ গছৰ ওপৰৰ অংশ, কেঁচা বেত আৰু পাত ব্যৱহাৰ কৰি চালিখন বনোৱা হয়। নাৰায়ণে কয়, “তেতিয়া আমি গৰু নথকা কৃষকৰ পৰা কুঁহিয়াৰ পাত সংগ্ৰহ কৰিছিলো। পাতবোৰ গৰুৰ প্ৰয়োজনীয় খাদ্য হৈয়েই আছে, সেয়ে এতিয়া কৃষকে ইয়াক বিনামূলীয়াকৈ দিব নোখোজে।

চালিখনৰ মুকলি ঠাইবোৰ পুৰাবলৈ আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে চালিখন ঢকাৰ সময়ত জোৱাৰ আৰু ইমাৰ ঘেঁহুৰ শুকান ডাল ব্যৱহাৰ কৰা হয়। নাৰায়ণে কয়, “প্ৰতিটো জুপুৰিত কমেও আঠটা বিন্দা [প্ৰায় ২০০-২৫০ কিলোগ্ৰাম কুঁহিয়াৰৰ আগৰ]ৰ প্ৰয়োজন হয়।

খেৰ পাৰি দিয়াটো এটা কষ্টকৰ প্ৰক্ৰিয়া যিটোত প্ৰায় তিনিদিন সময় লাগে আৰু ইয়াৰ বাবে দিনটোত ছয়ৰ পৰা সাত ঘণ্টাকৈ তিনিজন লোকে কাম কৰিবলগীয়া হয়। বিষ্ণুৱে কয়, “প্ৰতিটো ডাল সযতনে পাৰিব লাগিব, নহ’লে বৰষুণৰ সময়ত পানী সোমাই যাব। ৩ৰ পৰা ৪ বছৰৰ মূৰে মূৰে সেয়া মেৰামতি কৰা হয় – মাৰাঠী ভাষাত ইয়াক চাপ্পাৰ শ্বেকাৰ্নে বুলি কোৱা হয় – ই চালিখনৰ আয়ুস বৃদ্ধিৰ বাবে।

বিষ্ণুৰ পত্নী তিনিকুৰি বছৰ বয়সৰ অঞ্জনাই কয়, “পৰম্পৰাগতভাৱে জাম্বালিত কেৱল পুৰুষেহে জুপুৰি বনায়, কিন্তু কেঁচামাল বিচাৰি উলিওৱাত সহায় কৰা আৰু মাটি সমান কৰাত মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ।”

এতিয়া কাঠামোটো সম্পূৰ্ণ হোৱাৰ লগে লগে তলৰ মাটিখিনিত ভালেখিনি পানী ঢালি দি তিনিদিন শুকাবলৈ দিয়া হয়। নাৰায়ণে বুজাইছে, “ইয়াৰ ফলত মাটিৰ আঠাযুক্ত গুণ নাইকিয়া হয়। এবাৰ সেয়া হৈ গ’লে তাৰ ওপৰত পান্ধ্ৰি মাটি (বগা মাটি) দিয়া হয়। সেয়া নাৰায়ণে নিজৰ কৃষক বন্ধুৰ পৰা আনিছে। লোহা আৰু মেংগানিজ চেকি পেলোৱা কাৰণে ‘বগা’ মাটিৰ ৰং পাতল।

Before building the jhopdi , Vishnu Bhosale made a miniature model in great detail. Finding the right place on the land to build is critical
PHOTO • Sanket Jain
Before building the jhopdi , Vishnu Bhosale made a miniature model in great detail. Finding the right place on the land to build is critical
PHOTO • Sanket Jain

পঁজা সজাৰ আগতে বিষ্ণু ভোশলেয়ে অতি সুক্ষ্মতাৰে এটা ক্ষুদ্ৰ আৰ্হি নিৰ্মাণ কৰিছে। কোনখিনি ঠাইত পঁজাটো সজা হ’ব, সেই ঠাই বিচাৰি উলিওৱাটো এটা গুৰুত্বপূৰ্ণ কাম

Ashok Bhosale cuts off the excess wood to maintain a uniform shape.
PHOTO • Sanket Jain
PHOTO • Sanket Jain

অশোক ভোশলেয়ে ৱাই আকৃতিৰ ঠানিটো জোখত কাটি লৈছে। সোঁফালে: এটা Y আকৃতিৰ মেড়কা, তাৰ ওপৰতে ৰুৱাবোৰ বহুওৱা হ’ব

এই বগা মাটি ঘোঁৰা, গৰু আৰু অন্যান্য পশুধনৰ গোবৰ মিহলাই টান কৰা হৈছে। গোটেই ঘৰটোৰ মজিয়াত সেয়া লেপি দিয়া হয় আৰু পুৰুষে ধুমুছ মাৰি মাটিখিনি সমানকৈ বহুৱায়। ধুমুচটোৰ ওজন কমেও ১০ কিলোগ্ৰাম আৰু অভিজ্ঞ মিস্ত্ৰীয়ে সেয়া নিৰ্মাণ কৰে।

পুৰুষে ধুমুচ মাৰি শেষ কৰাৰ পিছত মহিলাসকলে বড়ৱনাৰে ঠাইখন সমতল কৰে – এয়া তিনি কিলোগ্ৰাম ওজনৰ বাবুল ঠানিৰ সঁজুলি যিটো ক্ৰিকেটৰ বেটৰ দৰে কিন্তু হেণ্ডেলডাল বহুত সৰু। নাৰায়নৰ হাতত বড়ৱনাখন হেৰুৱাইছে যদিও ভাগ্য ভাল যে তেওঁৰ ডাঙৰ ভায়েক সখাৰাম (৮৮)য়ে নিজৰ বড়ৱানাডাল ভালকৈ ৰাখি থৈছিল।

কুসুম নাৰায়ণৰ পত্নী আৰু জুপুৰিটো সাজোতে তেওঁৰো গুৰুত্ব অপৰিসীম। ৬৮ বছৰীয়া কুসুমে কয়, “আমাৰ খেতিৰ কামৰ পৰা যেতিয়াই সময় পাইছিলো, আমি মজিয়াখন সমান কৰি ৰাখিছিলো। তেওঁ কয় যে কামটো বৰ কষ্টকৰ, পৰিয়াল আৰু বন্ধুবৰ্গ সকলোৱে লাগি দিছিল।”

এবাৰ মাটি সমান কৰা হৈ গ’লে মহিলাসকলে গৰুৰ গোবৰৰ তৰপ এটা লগোৱাত ব্যস্ত হৈ পৰে – এইটোৱে মাটিখিনি ধৰি ৰাখে, মহ আঁতৰাই ৰখাতো ই কামত আহে।

দৰ্জা নথকা ঘৰ খালি খালি লাগে। এই দৰ্জাখন সাধাৰণতে থলুৱা জোৱাৰ, কুঁহিয়াৰ বা আন শুকান নাৰিকলৰ পাত আদি ব্যৱহাৰ কৰি বনোৱা হয়। কিন্তু জাম্বালিৰ কোনো কৃষকে থলুৱা জাতৰ খেতি নকৰে বাবে পঁজা সাজিবলৈ এইবোৰ বিচাৰি পোৱাটো টান হৈ পৰে।

নাৰায়ণে কয়, “সকলোৱে সংকৰ প্ৰজাতিৰ খেতি কৰা হৈছে, তাৰে খেৰ-পাতবোৰৰ পৰা পোৱা পশুখাদ্য ইমান পুষ্টিকৰ নহয়, আৰু দেশী জাতৰ দৰে এইবোৰ বেছিদিন টিকি নাথাকে।”

Narayan carries a 14-feet tall agave stem on his shoulder (left) from his field which is around 400 metres away. Agave stems are so strong that often sickles bend and Narayan shows how one of his strongest sickles was bent (right) while cutting the agave stem
PHOTO • Sanket Jain
Narayan carries a 14-feet tall agave stem on his shoulder (left) from his field which is around 400 metres away. Agave stems are so strong that often sickles bend and Narayan shows how one of his strongest sickles was bent (right) while cutting the agave stem
PHOTO • Sanket Jain

নাৰায়ণে প্ৰায় ৪০০ মিটাৰ দূৰত থকা নিজৰ পথাৰখনৰ পৰা এগেভেৰ ১৪ ফুট দীঘল ঠাৰি এডাল কাটি কান্ধত (বাওঁফালে) লৈ আহিছে। এগেভৰ ঠাৰি ইমানেই শক্তিশালী কাঁচিৰ ধাৰাল ফালটো প্ৰায়ে বেঁকা হৈ যায়, নাৰায়ণে দেখুৱাইছে কেনেকৈ এগেভৰ ঠাৰি কাটোতে তেওঁৰ এটা ভাল কাঁচি বেঁকা হৈছে (সোঁফালে)

খেতিৰ ধৰণ সলনি হোৱাৰ লগে লগে জুপুৰি-নিৰ্মাণৰ দিশতো সালসলনি ঘটিছে। আগতে গ্ৰীষ্মকালত যেতিয়া খেতিৰ কাম বেছি নাছিল, তেতিয়া এইবোৰ তৈয়াৰ কৰা হৈছিল। কিন্তু কৃষক বিষ্ণু আৰু নাৰায়ণে কয় যে এতিয়া পথাৰ উদং কৰি ৰখাৰ সময় প্ৰায়েই নাই। ‘আগতে আমি বছৰত এবাৰহে খেতি কৰিছিলোঁ। এতিয়া বছৰত দুবাৰ-তিনিবাৰ খেতি কৰিলেও জীৱন নিৰ্বাহ কৰিব নোৱাৰা হৈছো,’ বিষ্ণুৱে কয়।

জুপুৰিটো সাজোতে পাঁচ মাহ লাগিছে, মুঠ ৩০০ ঘণ্টাৰো অধিক সময় নাৰায়ণ, বিষ্ণু, অশোক, আৰু কুসুমৰ সামূহিক শ্ৰমৰ প্ৰয়োজন হৈছে।  মাজতে তেওঁলোকৰ খেতিৰ কাম পৰিচালনা কৰিছে। জাম্বালিৰ বিভিন্ন অঞ্চলৰ পৰা সকলো  কেঁচামাল সংগ্ৰহ কৰোঁতে এসপ্তাহতকৈও অধিক সময় খৰছ কৰা নাৰায়ণে আঙুলিয়াই দিয়ে যে, “এয়া এক অত্যন্ত ক্লান্তিকৰ প্ৰক্ৰিয়া, আৰু কেঁচামাল বিচাৰি উলিওৱাটো এতিয়া কঠিন হৈ পৰিছে।”

পঁজা নিৰ্মাণ কৰি থাকোঁতে বিশেষকৈ কাঁইট আৰু আঁহৰ পৰা বৰকৈ আঘাত লাগে। “আপুনি যদি এই বিষৰ লগত অভ্যস্ত নহয়, তেন্তে আপোনাক খেতিয়ক বুলিব পৰা যাবনে?” দুখ পোৱা আঙুলিটো দেখুৱাই নাৰায়ণে কয়।

অৱশেষত পঁজাটো সাজু হৈছে আৰু কাম কৰা সকলো ভাগৰুৱা হৈ পৰিছে যদিও সম্পূৰ্ণ হোৱা পঁজাটো দেখি সকলো আনন্দত আত্মহাৰা হৈছে। বোধকৰো এইটোৱেই জাম্বালি গাঁৱৰ অন্তিমটো পঁজা হ’ব, বিষ্ণুৱে আঙুলিয়াই দিয়াৰ দৰে খুব কমেইহে শিকিবলৈ আহিছিল। কিন্তু নাৰায়ণে তেওঁক সান্ত্বনা দি কয়, “কৌন য়েউদে কিনভা নাহি য়েউদে, আপল্যালা কহিহি ফাৰক পড়ত নাহি [মানুহে আহিলেও-নাহিলেও কোনো কথা নাই]।” তেওঁ কয় যে তেওঁ বনোৱা জুপুৰিটোত তেওঁৰ ভাল টোপনি আহে আৰু জুপুৰিটো পুথিভঁৰাল হিচাপে গঢ়ি তোলা হ’ব পাৰে।

নাৰায়ণ গাইকোৱাদে কয়, “যেতিয়াই কোনোবা বন্ধু বা অতিথি মোৰ ঘৰলৈ আহে, মই তেওঁলোকক এই পঁজা গৌৰৱেৰে দেখুৱাওঁ, আৰু সকলোৱে আমাক প্ৰশংসা কৰে যে আমি পৰম্পৰাগত শিল্পক জীয়াই ৰাখিছো।”

Vishnu Bhosale shaves the bamboo stems to ensure they are in the proper size and shape. Narayan extracting the fibre from Agave leaves which are used to tie the rafters and horizontal wooden stems
PHOTO • Sanket Jain
Vishnu Bhosale shaves the bamboo stems to ensure they are in the proper size and shape. Narayan extracting the fibre from Agave leaves which are used to tie the rafters and horizontal wooden stems
PHOTO • Sanket Jain

বিষ্ণু ভোশলে বাঁহৰ লেকেচি এডাল সঠিক জোখত কাটিছে। নাৰায়ণে এগেভ পাতৰ পৰা আঁহ উলিয়ায়, তাৰে ৰুৱাবোৰ গাঁথিবলৈ ভাল

The women in the family also participated in the building of the jhopdi , between their work on the farm. Kusum Gaikwad (left) is winnowing the grains and talking to Vishnu (right) as he works
PHOTO • Sanket Jain
The women in the family also participated in the building of the jhopdi , between their work on the farm. Kusum Gaikwad (left) is winnowing the grains and talking to Vishnu (right) as he works
PHOTO • Sanket Jain

পৰিয়ালৰ মহিলাসকলেও খেতিৰ কামৰ মাজতে পঁজাটো সাজোতে কামত ভাগ লৈছিল। কুসুম গাইকোৱাদে (বাওঁফালে) শস্যবোৰ জাৰি থকা কামৰ মাজতে বিষ্ণু (সোঁফালে)ৰ লগত কথা পাতি আছে

Narayan Gaikwad attending a call on his mobile while digging holes for the jhopdi
PHOTO • Sanket Jain

পঁজাৰ বাবে গাঁত খান্দি থকাৰ মাজতে নাৰায়ণ গাইকোৱাদে ফোনত কথা পাতিছে

Narayan’s grandson, Varad Gaikwad, 9, bringing sugarcane tops from the field on the back of his cycle to help with the thatching process.
PHOTO • Sanket Jain

নাৰায়ণৰ নাতি বৰাদ গাইকোৱাদ (৯)য়ে তেওঁৰ চাইকেলত বোজাই কৰি কুঁহিয়াৰৰ শুকান আগবোৰ জুপুৰিৰ চালি নিৰ্মাণৰ বাবে আনিছে

Narayan’s grandson, Varad hangs around to watch how a jhopdi is built
PHOTO • Sanket Jain

নাৰায়ণৰ নাতি বৰদে জুপুৰি কেনেকৈ সাজে তাকে চাইছে

The jhopdi made by Narayan Gaikwad, Kusum Gaikwad, Vishnu and Ashok Bhosale. 'This jhopdi will last at least 50 years,' says Narayan
PHOTO • Sanket Jain
The jhopdi made by Narayan Gaikwad, Kusum Gaikwad, Vishnu and Ashok Bhosale. 'This jhopdi will last at least 50 years,' says Narayan
PHOTO • Sanket Jain

নাৰায়ণ গাইকোৱাদ, কুসুম গাইকোৱাদ, বিষ্ণু আৰু অশোক ভোশলেয়ে নিৰ্মাণ কৰা জুপুৰিটো। নাৰায়ণে কয়, ‘এই জুপুৰিটো কমেও ৫০ বছৰ স্থায়ী হ’ব’

Narayan Gaikwad owns around 3.25 acre on which he cultivates sugarcane along with sorghum, emmer wheat, soybean, common beans and leafy vegetables like spinach, fenugreek and coriander. An avid reader, he wants to turn his jhopdi into a reading room
PHOTO • Sanket Jain

নাৰায়ণ গাইকোৱাদৰ প্ৰায় ৩.২৫ একৰ মাটি আছে য’ত তেওঁ কুঁহিয়াৰৰ লগতে জোৱাৰ, ইমাৰ ঘেঁহু, সৰিয়হ, বীন আৰু পালেং শাক, মেথি, ধনীয়া আদি শাক-পাচলিৰো খেতি কৰে। এজন উৎসুক পাঠক গাইকোৱাদে তেওঁ নিজৰ জুপুৰিটো পঢ়া কোঠালৈ ৰূপান্তৰিত কৰিব বিচাৰে


এই ষ্ট’ৰিটো সংকেত জৈনে মৃণালিনী মুখাৰ্জী ফাউণ্ডেচনৰ সহযোগত গ্ৰামাঞ্চলৰ শিল্পীৰ ওপৰত প্ৰস্তুত কৰা ধাৰাবাহিক প্ৰতিবেদনৰ এক অংশ।

অনুবাদ: পংকজ দাস

Sanket Jain

Sanket Jain is a journalist based in Kolhapur, Maharashtra. He is a 2022 PARI Senior Fellow and a 2019 PARI Fellow.

Other stories by Sanket Jain
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Photo Editor : Sinchita Parbat

Sinchita Parbat is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker. Her earlier stories were under the byline Sinchita Maji.

Other stories by Sinchita Parbat
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das