মৃত্যুৰ দিনটোলৈকে ২২ বছৰীয়া গুৰপ্ৰীত সিঙে নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নিজৰ গাঁৱত প্ৰতিবাদী কৃষকৰ সমদলত যোগদান কৰিছিল। উত্তৰ-পশ্চিম পাঞ্জাৱৰ এখন গাঁৱত ৫ একৰ কৃষিভূমিত খেতি কৰা প্ৰয়াত গুৰপ্ৰীতৰ পিতৃ জগতাৰ সিং কাতাৰিয়াই তেওঁৰ অন্তিম বক্তব্য সোঁৱৰে। দিল্লীৰ সীমান্তত নতুন ইতিহাস সৃষ্টি কৰা হৈছে, সেয়ে তেওঁলোকেও প্ৰতিবাদী সমদলত যোগ দিয়া উচিত বুলি তেওঁৰ কথা শুনি থকা কমেও ১৫ জন কৃষকক তেওঁ কৈছিল। ২০২০ৰ ডিচেম্বৰৰ পুৱা প্ৰদান কৰা সেই ভাষণৰ পিছত তেওঁলোক সাজু হ’ল আৰু ৰাজধানী অভিমুখে প্ৰতিবাদ কৰিবলৈ যাবলৈ ওলাল।

যোৱা বছৰৰ ১৪ ডিচেম্বৰত পাঞ্জাৱৰ শ্বহীদ ভগৎ সিং নগৰ জিলাৰ বালাচৌৰ তহচিলৰ সাকোৱাল গাঁৱৰ পৰা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। প্ৰায় ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাত হাৰিয়ানাৰ আম্বালা জিলাৰ মোহৰাৰ ওচৰত তেওঁলোক উঠি যোৱা ট্ৰেক্টৰখনৰ ট্ৰলীত এখন ডাঙৰ গাড়ীয়ে খুন্দা মাৰিলে। “ভয়াৱহ সংঘৰ্ষ হৈছিল। গুৰপ্ৰীতৰ মৃত্যু হ’ল। সেইয়া আছিল কৃষক আন্দোলনলৈ তেওঁৰ অৱদান, নিজৰ জীৱনটোকে সপি দিলে,” পাটিয়ালাৰ মোদী কলেজত স্নাতক শ্ৰেণীত অধ্যয়ন কৰা গুৰপ্ৰীতৰ বিষয়ে পিতৃ জগতাৰ সিঙে কয়।

২০২০ৰ ছেপ্টেম্বৰত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰি মৃত্যু হোৱা ৭০০ৰো অধিক কৃষকৰ মাজৰে এজন আছিল গুৰপ্ৰীত। এই আইনকেইখনে ন্যূনতম সমৰ্থন মূল্য (এমএচপি) সুবিধা নাইকিয়া কৰিব আৰু ব্যক্তিগত ব্যৱসায়ীক আৰু বৃহৎ নিগমসমূহক শস্যৰ মূল্য নিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ লগতে কৃষিপণ্যৰ বজাৰত অবাধ প্ৰৱেশৰ সুবিধা দিব, যাৰ বিৰুদ্ধে সমগ্ৰ দেশত কৃষকসকলে প্ৰতিবাদ কৰিছিল। ২০২০ৰ ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত হোৱা বিশাল প্ৰতিবাদত প্ৰধানকৈ পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকে অংশগ্ৰহণ কৰিছিল। দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘু আৰু টিক্ৰি আৰু দিল্লী-উত্তৰ প্ৰদেশ সীমান্তৰ গাজীপুৰত শিবিৰ পাতি প্ৰতিবাদী কৃষকে আইনকেইখন খাৰিজ কৰাৰ দাবী জনাইছিল।

প্ৰতিবাদ আৰম্ভ হোৱাৰ এবছৰ পাৰ হৈ গ’ল, তেতিয়াহে ২০২১ৰ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে আইনকেইখন খাৰিজ কৰা হ’ব বুলি ঘোষণা কৰিলে। ২৯ নৱেম্বৰত সংসদত কৃষি আইন খাৰিজ বিধেয়ক ২০২১ গৃহীত কৰা হয়, কিন্তু কৃষক সংঘসমূহে উত্থাপন কৰা দাবীৰ অধিকাংশ চৰকাৰে গ্ৰহণ কৰাৰ পিচত ২০২১ৰ ১১ ডিচেম্বৰত প্ৰতিবাদী আন্দোলন প্ৰত্যাহাৰ কৰা হয়।

এই দীঘলীয়া প্ৰতিবাদৰ সময়ছোৱাত নিজৰ প্ৰিয়জনক হেৰুওৱা কিছুমান পৰিয়ালৰ সৈতে মুখামুখিকৈ আৰু ফোনেৰে মই কথা পাতিছিলো। তেওঁলোক বিধ্বস্ত আৰু বিষণ্ণ, লগতে ক্ষুব্ধ। এক মহান উদ্দেশ্যৰ বাবে জীৱন উৎসৰ্গা কৰা শ্বহীদসকলৰ মাজৰ নিজৰ প্ৰিয়জনক তেওঁলোকে সুঁৱৰিলে।

“আমি কৃষকৰ বিজয় উদযাপন কৰিছো, কিন্তু আইনকেইখন ঘূৰাই ল’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ঘোষণাই আমাক সন্তুষ্ট কৰিব পৰা নাই। চৰকাৰে কৃষক আৰু মৃতকসকলক উপহাস কৰিছে,” জগতাৰ সিং কাতাৰিয়াই কয়।

From the left: Gurpreet Singh, from Shahid Bhagat Singh Nagar district, and Ram Singh, from Mansa district, Punjab; Navreet Singh Hundal, from Rampur district, Uttar Pradesh
From the left: Gurpreet Singh, from Shahid Bhagat Singh Nagar district, and Ram Singh, from Mansa district, Punjab; Navreet Singh Hundal, from Rampur district, Uttar Pradesh
From the left: Gurpreet Singh, from Shahid Bhagat Singh Nagar district, and Ram Singh, from Mansa district, Punjab; Navreet Singh Hundal, from Rampur district, Uttar Pradesh

বাওঁফালৰ পৰাঃ পাঞ্জাৱৰ ভগৎ সিং নগৰ জিলাৰ গুৰপ্ৰীত সিং আৰু মানসা জিলাৰ ৰামসিং, উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ নবৰীত সিং হুণ্ডাল

“আমাৰ কৃষকসকলে মৃত্যুবৰণ কৰিছে। পাঞ্জাৱ আৰু দেশৰ বাবে আমাৰ সেনাই প্ৰাণৰ আহুতি দিছে। কিন্তু শ্বহীদসকলৰ প্ৰতি চৰকাৰ নিৰুদ্বেগ। সেইসকল শ্বহীদ যি দেশৰ সীমান্ত অথবা দেশৰ অভ্যন্তৰত কৰ্তব্যৰত আছিল। সীমান্তত যুদ্ধ কৰা জোৱান অথবা শস্য উৎপাদন কৰা কৃষকসকলক লৈ চৰকাৰে ধেমালি কৰিছে,” পাঞ্জাৱৰ মানসা জিলাৰ বুধলাদা তহচিলৰ দোদৰা গাঁৱৰ ৬১ বছৰ বয়সীয়া জ্ঞান সিঙে এইদৰে কয়।

কৃষকৰ প্ৰতিবাদৰ আৰম্ভণিতে জ্ঞান সিঙে ৫১ বছৰ বয়সীয়া ভ্ৰাতৃ ৰামসিঙক হেৰুৱায়। ৰামসিং কৃষক সংগঠন ভাৰতী কিষাণ ইউনিয়ন (একতা উগ্ৰহণ)ৰ সদস্য আছিল। মানসা ৰেলৱে ষ্টেছনত কৃষকে প্ৰতিবাদ জনোৱা ঠাইত তেওঁ খৰি গোটাই দিছিল। যোৱাবছৰ ২৪ নৱেম্বৰত কাঠৰ ডাঙৰ কুণ্ডা এটা গাত পৰাৰ ফলত তেওঁৰ মৃত্যু হ’ল। “তেওঁৰ পাঁচডাল কামিহাড় ভাঙে আৰু হাওঁফাওঁ নষ্ট হয়,” সেই শোক শব্দৰে প্ৰকাশ কৰিব নোৱাৰা জ্ঞান সিঙে কয়।

“কৃষি আইন খাৰিজ কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছত আমাৰ গাঁৱৰ মানুহে আতচবাজী ফুটালে, আমি নোৱাৰিলো, আমাৰ পৰিয়ালৰ এজন শ্বহীদ হৈছে। কিন্তু আমি সুখী,” জ্ঞান সিঙে কয়।

উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ বিলাসপুৰ তহচিলৰ দিবদিবা গাঁৱৰ ৪৬ বছৰ বয়সীয়া কৃষক গিৰ বিক্ৰমজীত সিং হুণ্ডালে কয় যে চৰকাৰে আইনকেইখন আগতেই খাৰিজ কৰিব লাগিছিল। “কৃষক নেতাসকলৰ সৈতে ১১ লানি আলোচনা অনুষ্ঠিত হোৱাৰ পিছতো চৰকাৰে আইনকেইখন ৰদ কৰা নাছিল,” ২০২১ৰ ২৬ জানুৱাৰীত দিল্লীত চলি থকা কৃষকৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা ২৫ বছৰীয়া পুত্ৰ নৱৰীত সিং হুণ্ডালৰ পিতৃ বিক্ৰমজীতে কয়। দিনদয়াল উপাধ্যায় মাৰ্গত দিল্লী আৰক্ষীয়ে স্থাপন কৰা নিৰাপত্তা প্ৰতিৰোধকত তেওঁ চলাই যোৱা ট্ৰেক্টৰখন খুন্দা লাগি পৰি যায়। ইয়াৰ আগতে আৰক্ষীয়ে নৱৰীতলৈ গুলিচালনা কৰিছিল বুলি পিতৃ বিক্ৰমজীতে অভিযোগ কৰি কয় যে তেওঁৰ পুত্ৰক আৰক্ষীয়ে হত্যা কৰিছে। একে সময়তে দিল্লী আৰক্ষীয়ে কয় যে ট্ৰেক্টৰ বাগৰি পৰাৰ ফলত আহত হৈ নৱৰীতৰ মৃত্য হৈছে। “তদন্ত চলি আছে,” বিক্ৰমজীতে কয়।

“মোৰ পুত্ৰ মৃত্যুৰ পিছত সকলো যেন উলট-পালট হৈ গ’ল। চৰকাৰে কৃষি আইন খাৰিজ কৰি ক্ষুব্ধ কৃষকৰ আহত মনবোৰত মলম ঘঁহিব পৰা নাই। এইয়া ক্ষমতাত বহাৰ এক ষড়যন্ত্ৰ। চৰকাৰে কৃষকৰ আৱেগ-অনুভূতিৰ লগত খেলিছে,” বিক্ৰমজীতে কয়।

উত্তৰ প্ৰদেশৰ বাহৰেইচ জিলাৰ বালাহা উন্নয়ন খণ্ডৰ ভাটেহটা গাঁৱৰ ৪০ বছৰ বয়সীয়া জগজীৎ সিঙে কয় যে জীৱিত বা মৃত সকলো কৃষকৰ প্ৰতি চৰকাৰৰ মনোভাৱ বেয়া। “ক্ষমতালৈ অহাৰ বাবে আমি এইখন চৰকাৰক ভোট দিছিলো। এইখন চৰকাৰে এতিয়া আমাক ‘খালিস্তানী’, ‘ৰাষ্ট্ৰবিৰোধী’ আদি শব্দৰে ককৰ্থনা কৰিছে আৰু আমাৰ ওপৰত জপিয়াই পৰিছে। কেনেকৈ সিহঁতে ইমান সাহস কৰিবলৈ পালে?” তেওঁ কয়। ছেপ্টেম্বৰত এক ভাষণৰ প্ৰসংগত কৃষকক ভাবুকি দিয়া কেন্দ্ৰীয় ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী অজয় কুমাৰ থেনীৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ কৃষকসকল সমবেত হোৱা উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ২০২১ৰ ৩ অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনাত জগজীতৰ ভ্ৰাতৃ দলজীৎ সিঙৰ মৃত্যু হৈছিল।

From the left: Daljeet Singh, from Bahraich district, and Lovepreet Singh Dhillon, from Kheri district, Uttar Pradesh; Surender Singh, from Shahid Bhagat Singh Nagar district, Punjab
From the left: Daljeet Singh, from Bahraich district, and Lovepreet Singh Dhillon, from Kheri district, Uttar Pradesh; Surender Singh, from Shahid Bhagat Singh Nagar district, Punjab
From the left: Daljeet Singh, from Bahraich district, and Lovepreet Singh Dhillon, from Kheri district, Uttar Pradesh; Surender Singh, from Shahid Bhagat Singh Nagar district, Punjab

বাওঁফালৰ পৰাঃ উত্তৰ প্ৰদেশৰ বাহৰেইচ জিলাৰ দলজীৎ সিং আৰু খেৰী জিলাৰ লাভপ্ৰীত সিং ধীলৌন, পাঞ্জাৱৰ শ্বহীদ ভগৎ সিং নগৰ জিলাৰ সুৰেন্দৰ সিং

মন্ত্ৰীৰ কনভয়ৰ এখন গাড়ীয়ে মহতিয়াই ৪ জন কৃষক আৰু এজন সাংবাদিকক হত্যা কৰা ঘটনাই এক ভয়ংকৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। মন্ত্ৰী থেনীৰ পুত্ৰ আশীষ মিশ্ৰা ১৩ জন অভিযুক্তৰ মাজৰ এজন। এই ঘটনাৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী গোট (এচটিআই)য়ে ঘটনাটোক পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ বুলি কৈছে।

৩৫ বছৰীয়া দলজীতক দুখন এচইউভি গাড়ীয়ে খুন্দিয়ায় আৰু তৃতীয়খন গাৰ ওপৰৰে পাৰ হৈ যায়। “আমাৰ ১৬ বছৰীয়া পুত্ৰ ৰাজদীপে সকলো ঘটনা দেখি আছিল,” দলজীতৰ পত্নী পৰমজীৎ কৌৰো কয়। “সেইদিনা পুৱা যেতিয়া তেওঁ প্ৰতিবাদ কৰিবলৈ গৈছিল, দলজীতে হাঁহি হাঁহি আমাৰ পৰা বিদায় লৈছিল। সেই ঘটনা সংঘটিত হোৱাৰ ১৫ মিনিট আগতেও আমি ফোনত কথা পাতিছিলো। কিমান সময়ত ঘৰলৈ উভতিব লাগিব বুলি মই সোধোতে তেওঁ কৈছিল তাত বহুত মানুহ আছে, তথাপি সোনকালে উভতিম,” কিন্তু তেওঁৰ উভতি অহা নহ’ল বুলি পত্নী পৰমজীতে বিষাদভৰা আক্ষেপেৰে কয়।

কৃষি আইন খাৰিজ কৰিব বুলি যেতিয়া চৰকাৰে ঘোষণা কৰিলে, তেতিয়া আমাৰ ঘৰখনত শোকৰ ছাঁ পৰিল, পৰমজীতে কয়। “সেইদিনা আমাৰ পৰিয়ালে আকৌ দলজিতৰ মৃত্যুত শ্ৰদ্ধা জনালে। আইনকেইখন খাৰিজ কৰিলেই মোৰ ভ্ৰাতৃক ঘূৰাই নাপাওঁ। ৭০০ শ্বহীদক তেওঁলোকৰ কোনো প্ৰিয়জনে ঘূৰাই নাপায়,” জগজীতে কয়।

প্ৰতিবাদকাৰীৰ সংখ্যা বেছি থকা ঠাইত এছইউভি গাড়ীকেইখনৰ গতি মন্থৰ আছিল, য’ত কমসংখ্যক আছিল সেই ঠাইত গতি বঢ়াই দিছিল বুলি ৪৫ বছৰীয়া লাভপ্ৰীত সিং ধিলৌনে কয়। তেওঁৰ পুত্ৰ ১৯ বছৰীয়া লাভপ্ৰীত সিং ধিলৌনো এই ঘটনাৰ বলি হৈছিল। “সিহঁতে মানুহক খুন্দিয়াইছিল আৰু মহতিয়াই নিছিল,” উত্তৰ প্ৰদেশৰ খেৰি জিলাৰ পালিয়া তহচিলৰ ভগৱন্ত নগৰ গাঁৱত বাস কৰা সতনামে কয়। এই ঘটনাৰ সময়ত তেওঁ ঘটনাস্থলীত নাছিল, কিন্তু ঘটনা ঘটাৰ পিছতে তেওঁ সেই ঠাইলৈ যাওঁতে কোনোবাই তেওঁক সমগ্ৰ ঘটনা বিৱৰি কৈছিল।

লাভপ্ৰীতৰ মাক সতৱিন্দৰ কৌৰ (৪২) প্ৰায়ে ৰাতি চক খাই সাৰ পায় আৰু পুত্ৰক মনত পেলাই কান্দে, সতনামে কয়। “মন্ত্ৰীজনে পদত্যাগ কৰক আৰু তেওঁৰ পুত্ৰৰ উচিত শাস্তিৰ আমি দাবী জনাওঁ। আমাক ন্যায় লাগে।”

খেৰীৰ ধৌৰাহাৰা তহচিলৰ জগদীশ সিঙে কয়, “আমাক ন্যায় দিবলৈ চৰকাৰে একো কৰা নাই।” লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাত তেওঁৰ পিতৃ ৫৮ বছৰ বয়সীয়া নাচাত্তাৰ সিং নিহত হৈছিল। এই ঘটনাৰ বিষয়ে জানিব বিচাৰোতে ৩১ বছৰীয়া জগদীশ উত্তেজিত হৈ কৈছিল, “আমি কি কৰি আছো এই সম্পৰ্কে সোধা সঠিক নহয়। ঘটনাটো এনেকুৱা যে এজন ভোকাতুৰ মানুহক হাতদুখন পিছফালে বান্ধি থোৱা হৈছে, আৰু সন্মুখত আহাৰ থৈ তেওঁক সোধা হ’ল আহাৰখিনি কেনে হৈছে? বৰঞ্চ মোক সোধক যে ন্যায়ৰ বাবে চলি থকা যুঁজখন কি পৰ্য্যায়ত আছে। এই চৰকাৰৰ পৰা আমি কি সমস্যাৰ মুখামুখি হৈছো? কৃষকসকলক কিয় মন্ত্ৰীৰ পুত্ৰৰ গাড়ীয়ে মহতিয়াই হত্যা কৰিলে?”

From the left: Harbansh Singh and Pal Singh, from Patiala district, and Ravinder Pal, from Ludhiana district, Punjab
From the left: Harbansh Singh and Pal Singh, from Patiala district, and Ravinder Pal, from Ludhiana district, Punjab
From the left: Harbansh Singh and Pal Singh, from Patiala district, and Ravinder Pal, from Ludhiana district, Punjab

বাওঁফালৰ পৰাঃ পাঞ্জাৱৰ পাটিয়ালা জিলাত হৰবংশ সিং আৰু পাল সিং তথা লুধিয়ানা জিলাৰ ৰবীন্দৰ পাল

জগদীপ সিং এজন চিকিৎসক আৰু তেওঁৰ কনিষ্ঠ ভ্ৰাতৃ সীমান্ত প্ৰহৰী হৈ থকা দেশৰ সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান। ক্ষুব্ধ জগদীপে কয়, “আমি দেশক সেৱা কৰিছো। পিতৃক হেৰুওৱাৰ বেদনা কি সেয়া এজন পুত্ৰক সোধক।”

২০২০ৰ ৪ ডিচেম্বৰত এক দুৰ্ঘটনাত মনপ্ৰীত সিঙেও তেওঁৰ পিতৃ সুৰেন্দৰ সিঙক হেৰুৱায়। ৬৪ বছৰীয়া সুৰেন্দৰে প্ৰতিবাদী সমদলত যোগ দিবলৈ শ্বহীদ ভগৎ সিং নগৰ জিলাৰ বালাচৌৰ তহচিলৰ হাচানপু খুৰ্দ গাঁৱৰ পৰা দিল্লীলৈ আহি আছিল। হাৰিয়ানাৰ সোণিপটত দূৰ্ঘটনাত তেওঁ পতিত হয়। তেওঁ কৃষক আন্দোলনৰ বাবে প্ৰাণাহুঁতি দিলে। তেওঁ শ্বহীদৰ মৃত্যু বৰণ কৰিছে, সোণিপটত আৰক্ষীয়ে মোৰ পিতৃৰ নশ্বৰ দেহ ঘূৰাই পোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল, ২৯ বছৰীয়া মনপ্ৰীতে কয়।

কৃষকৰ প্ৰতিবাদ দিল্লী সীমান্তলৈ প্ৰসাৰিত হোৱাৰ আগতে নতুন কৃষি আইনৰ বিৰুদ্ধে পাঞ্জাৱৰ পাটিয়ালা জিলাৰ যিসকল কৃষকে ধৰ্ণা দিছিল, তাৰ ভিতৰত ৭৩ বছৰীয়া হৰবংশ সিঙো আছিল। পাটিয়ালা তহচিলৰ মেহমুদপুৰ জাটানৰ নিজগাঁৱত ভাৰতী কিষাণ ইউনিয়নৰ সদস্য হৰবংশে বক্তব্য ৰাখিছিল। যোৱা বছৰৰ ১৭ অক্টোবৰত ভাষণ দি থকা অৱস্থাত তেওঁ ঢলি পৰে। তেওঁৰ ২৯ বছৰীয়া পুত্ৰ জগতাৰ সিঙে কয়, “উপস্থিত কৃষকসকলক কৃষি আইন সম্পৰ্কে বুজাই থকা অৱস্থাত তেওঁ বাগৰি পৰে। হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।”

জগতাৰে কয়, “যিসকলে মৃত্যুবৰণ কৰিলে তেওঁলোক জীয়াই থকা হ’লে আমি সুখী হ’ব পাৰিলোহেঁতেন।”

পাল সিঙৰ বোৱাৰী অমনদীপ কৌৰে কয়, “তেওঁ ঘৰৰ পৰা ওলাই যাওঁতে আমাক কৈছিল যে জীৱন্তে ঘূৰি আহিম বুলি আশা কৰিব নালাগে।” দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ পাটিয়ালা জিলাৰ নাভা তহচিলৰ চাহৌলি গাঁৱৰ ১.৫ একৰ মাটিত খেতি কৰা ৫৮ বছৰীয়া খেতিয়ক পাল সিং ঘৰৰ পৰা ওলাই গৈছিল। ২০২০ৰ ১৫ ডিচেম্বৰত হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়। “যিসকলৰ মৃত্যু হ’ল তেওঁলোকক কোনেও ঘূৰাই আনিব নোৱাৰে। কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ দিল্লীলৈ যোৱাৰ আগতে আইনকেইখন খাৰিজ কৰাটো উচিত আছিল। ইয়াৰ পৰিৱৰ্তে চৰকাৰ আৰু পুলিচে কৃষকসকলক বাধা দিবলৈ উঠি-পৰি লাগিল। গোটেই পথত পুলিচে অৱৰোধ সৃষ্টি কৰিলে আৰু গাঁত খান্দিলে,” গ্ৰন্থাগাৰ ব্যৱস্থাপনা বিষয়ত অধ্যয়নৰত ৩১ বছৰীয়া অমনদীপে এইদৰে কয়।

চাৰিজনীয়া পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী আছিল পাল সিং। তদুপৰি তেওঁ ঋণগ্ৰস্ত আছিল। অমনদীপে দৰ্জীৰ কাম কৰে, তেওঁ স্বামীয়ে কাম নকৰে আৰু তেওঁৰ শাহু এগৰাকী গৃহিণী। অমনদীপে কয়, “মৃত্যুৰ আগদিনা শুবলৈ যাওঁতে তেওঁ জোতা পিন্ধি লৈছিল। তেওঁ দোকমোকালিতে ঘৰৰ পৰা ওলাই যাব বুলি ভাবিছিলো আৰু ঘৰলৈ ঘূৰি আহিব বুলি ভাবিছিল। কিন্তু তেওঁ ঘূৰি নাহিল, ঘূৰি আহিল তেওঁৰ নিথৰ দেহ।”

From the left: Malkit Kaur, from Mansa district, Punjab; Raman Kashyap, from Kheri district, UP; Gurjinder Singh, from Hoshiarpur district, Punjab
From the left: Malkit Kaur, from Mansa district, Punjab; Raman Kashyap, from Kheri district, UP; Gurjinder Singh, from Hoshiarpur district, Punjab
From the left: Malkit Kaur, from Mansa district, Punjab; Raman Kashyap, from Kheri district, UP; Gurjinder Singh, from Hoshiarpur district, Punjab

বাওঁফালৰ পৰাঃ পাঞ্জাৱৰ মানসা জিলাৰ মালকীত কৌৰ; উত্তৰ প্ৰদেশৰ খেৰী জিলাৰ ৰমন কাশ্যপ; পাঞ্জাৱৰ হোছিয়াৰপুৰ জিলাৰ গুৰজিন্দৰ সিং

পাঞ্জাৱৰ লুধিয়ানা জিলাৰ খান্না তহচিলৰ ইকলাহা গাঁৱৰ ৬৭ বছৰ বয়সীয়া ৰবিন্দৰ পালৰ চিকিৎসালয়তে মৃত্যু হয়। ৩ ডিচেম্বৰত সিংঘুত তেওঁ বিপ্লৱী গান গাই থকাৰ ভিডিঅ’ বাণীবদ্ধ কৰা হৈছিল। ‘শ্বহীদক প্ৰণাম’ আৰু ‘পাগুৰি বা টুপি নহয়, ভগৎ সিঙৰ চিন্তাক সন্মান কৰো’ আদি শ্লোগান ৰঙা চিয়াঁহীৰে লিখা এটা বগা কুৰ্তা তেওঁ পিন্ধিছিল।

অৱশ্যে সেইদিনা পিছবেলালৈ তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। ৫ ডিচেম্বৰত তেওঁক লুধিয়ানালৈ অনা হ’ল আৰু পিছদিনা তেওঁৰ মৃত্যু হয়। “তেওঁ আনৰ চেতনা জগাই তুলিছিল, কিন্তু এতিয়া তেওঁ নিজে চিৰনিদ্ৰাত,” ৪২ বছৰীয়া তেওঁৰ পুত্ৰ ৰাজেশ কুমাৰে এইদৰে কয়। “মোৰ পিতৃ কৃষি শ্ৰমিক সংঘ এটাৰ সদস্য আছিল আৰু কৃষি শ্ৰমিকৰ হৈ কাম কৰিছিল,” ২০১০-১২ত ভূটানৰ ৰাজকীয়া সেনাক প্ৰশিক্ষণ দিয়া কুমাৰে কয়। পৰিয়ালটো এতিয়া ভূমিহীন।

পাঞ্জাৱৰ মানসা জিলাত মজদুৰ মুক্তিমৰ্চাৰ সক্ৰিয় সদস্য ৬০ বছৰীয়া মালকীত কৌৰে শ্ৰমিকৰ অধিকাৰৰ বাবে কাম কৰিছিল। কোনো ভূমি নথকা দলিত মহিলা মালকীতে যোৱা বছৰৰ ১৬ ডিচেম্বৰত ১৫০০ জন কৃষকৰ এটা দলৰ লগত কৃষি আইনৰ প্ৰতিবাদ কৰিবলৈ দিল্লীলৈ গৈছিল। হাৰিয়ানাৰ ফাটেহবাদত এটা লংগৰৰ ওচৰত তেওঁলোকক বাধা প্ৰদান কৰা হয়। তেওঁ এটা পথ অতিক্ৰম কৰিব ধৰোতে এখন গাড়ীয়ে তেওঁক খুন্দা মাৰে আৰু তেওঁৰ মৃত্যু হয়,” স্থানীয় সংগঠনৰ নেতা গুৰজন্ত সিঙে কয়।

২০২১ৰ ৩ অক্টোবৰত লখিমপুৰ খেৰীৰ ঘটনাত ৩৪ বছৰীয়া সাংবাদিক ৰমন কাশ্যপৰ মৃত্যু হৈছিল। খেৰীৰ নিঘাচান তহচিলৰ এটা টিভি নিউজ চেনেল সাধনা প্লাচৰ আঞ্চলিক প্ৰতিবেদক আছিল দুই সন্তানৰ পিতৃ ৰমন কাশ্যপ। “তেওঁ সদায় সামাজিক কাম-কাজ ভাল পাইছিল,” তেওঁৰ ভ্ৰাতৃ খেতিয়ক পৱন কাশ্যপে কয়। ৰমনৰ সৈতে তেওঁৰ মুঠ ৪ একৰ মাটি আছিল। “তেওঁ গাড়ীৰ চকাৰ তলত পৰি যায়। প্ৰায় ৩ ঘণ্টা সময় তেওঁ তাতে পৰি থাকিল। তেওঁ দেহ পোনপটীয়াকৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়,” ৩২ বছৰীয়া পৱনে কয়। তেওঁক মই মৰ্গত দেখিছিলো। শৰীৰত গাড়ীৰ চকাৰ আৰু পাথৰত ঘঁহনি খোৱাৰ দাগ। সময়মতে চিকিৎসা পোৱা হ’লে তেওঁৰ জীৱন ৰক্ষা পৰিলেহেঁতেন, পৱনে কয়।

সন্তান হেৰুওৱাৰ ঘটনা তেওঁলোকৰ পৰিয়ালৰ বাবে নিষ্ঠুৰ সত্য আছিল। পাঞ্জাৱৰ হোচিয়াৰপুৰ জিলাৰ গ্ৰহশংকৰ তহচিলৰ টান্দা গাঁৱৰ গুৰবিন্দৰ সিঙৰ বয়স আছিল মাত্ৰ ১৬ বছৰ। “আমাৰ পৰিয়ালটো ভাগি পৰিছে। চৰকাৰে কিয় এনে ভয়ানক আইন প্ৰণয়ন কৰিছিল?” গুৰৱিন্দৰৰ ৩৮ বছৰীয়া মাতৃ কুলৱিন্দৰ কৌৰে কয়। ২০২০ৰ ১৬ ডিচেম্বৰত কাৰ্নালৰ ওচৰত তেওঁ উঠি যোৱা ট্ৰেক্টৰখনৰ পৰা পৰি যায়। দিল্লীৰ বাহিৰত চলি থকা কৃষকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গুৰজিন্দৰ গৈছিল। মাত্ৰ ১০ দিনৰ আগতে ৬ ডিচেম্বৰত হাৰিয়ানাৰ কাইথাল জিলাৰ গুহলা তহচিলৰ মস্তগড়ৰ ১৮ বছৰীয়া যশপ্ৰীত সিং সিংঘুলৈ গৈছিল। তেওঁ উঠি যোৱা বাহনখন ৰাস্তাৰ কাষৰ এটা খাৱৈত পৰি যোৱাৰ ফলত মৃত্যু হয়। যশপ্ৰীতৰ ৫০ বছৰীয়া দদায়েক প্ৰেম সিঙে কয়, “যি পৰিয়ালে নিজৰ প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকৰ বাবে কৃষি আইন খাৰিজ কৰা বা নকৰাৰ মাজত কি পাৰ্থক্য আছে? ”

মৃতকৰ পৰিয়ালৰ সৈতে কথা পাতি মই বুজিব পাৰিছিলো দিল্লীৰ প্ৰতিকূল বতৰত পথৰ দুৰ্ঘটনা, মানসিক চাপ, শাৰীৰিক কষ্ট আদি মৃত্যুৰ কাৰণ আছিল। কৃষি আইনৰ বিৰুদ্ধে ক্ষোভ আৰু অনিশ্চয়তাৰ লগতে কৃষকসকলৰ মনত সৃষ্টি হোৱা অনীহাই আত্মহননৰ পথ বাচি লোৱাৰ বাবে বহু কৃষকক বাধ্য কৰাইছিল।

From the left: Jaspreet Singh, from Kaithal district, Haryana; Gurpreet Singh, from Fatehgarh Sahib district, Punjab; Kashmir Singh, from Rampur district, UP
From the left: Jaspreet Singh, from Kaithal district, Haryana; Gurpreet Singh, from Fatehgarh Sahib district, Punjab; Kashmir Singh, from Rampur district, UP
From the left: Jaspreet Singh, from Kaithal district, Haryana; Gurpreet Singh, from Fatehgarh Sahib district, Punjab; Kashmir Singh, from Rampur district, UP

বাওঁফালৰ পৰাঃ হাৰিয়ানাৰ কাইথাল জিলাৰ যশপ্ৰীত সিং: পাঞ্জাৱৰ ফাটেহগড় চাহিব জিলাৰ গুৰপ্ৰীত সিং; উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ কাশ্মীৰ সিং

সিংঘুৰ প্ৰতিবাদী শিবিৰৰ ওচৰৰ স্থানীয় হোটেল এখনৰ সন্মুখত ২০২১ৰ ১০ নৱেম্বৰত ৪৫ বছৰীয়া গুৰপ্ৰীত সিঙক ছিপজৰী লৈ ওলমি থকা অৱস্থাত পোৱা গৈছিল। তেওঁৰ ২১ বছৰীয়া পুত্ৰ লাভপ্ৰীত সিঙে মোক কৈছিল যে মৃত গুৰপ্ৰীতে তেওঁৰ বাওঁ হাতত মাত্ৰ এটা শব্দ “দায়ী” বুলি লিখি লৈছিল। পাঞ্জাৱৰ ফাটেহগড় চাহিব জিলাৰ আমলোহ তহচিলৰ ৰুৰ্কি গাঁৱত গুৰপ্ৰীতৰ আধা একৰ মাটি আছিল, ইয়াৰ পৰা পৰিয়ালটোৰ গৰু-মহৰ ঘাঁহ যোগাৰ হৈছিল। ১৮ কিলোমিটাৰ দূৰৰ মান্দি গোবিন্দগড়ৰ ঘৰৰ পৰা বিদ্যালয়লৈ ল’ৰা-ছোৱালী অনা-নিয়া কৰি তেওঁ জীৱিকা উপাৰ্জন কৰিছিল। “দহদিন আগতেই যদি চৰকাৰে আইনকেইখন খাৰিজ কৰাৰ সিদ্ধান্ত ল’লেহেঁতেন, আমাৰ পিতৃ আজি আমাৰ লগত থাকিলহেঁতেন। চৰকাৰে কৃষকৰ সকলো দাবী মানি লোৱা উচিত, যাতে কোনো কৃষকে মোৰ পিতৃয়ে বাচি লোৱা পথে যাবলগীয়া নহয়,” মান্দি গোবিন্দগড়ৰ দেশ ভগৎ বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাৰ স্নাতকৰ ছাত্ৰ ২১ বছৰীয়া লাভপ্ৰীতে কয়।

আধুনিক ভাৰতে ব্ৰিটিছ ৰাজৰ পৰা ১৯৪৭ৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰাৰ দিনটোত কাশ্মীৰ সিঙৰ জন্ম হৈছিল। উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ ছুৱাৰ উন্নয়ন খণ্ডৰ পাচিয়াপুৰা এলেকাৰ কৃষক কাশ্মীৰ সিঙে গাজিপুৰ সমূহীয়া ৰন্ধনশালত কাম কৰিছিল। কিন্তু ২০২১ৰ ২ জানুৱাৰীত তেওঁ ছিপজৰী লৈ আত্মহত্যা কৰে। “কৃষি আইনৰ প্ৰতিবাদ কৰিবলৈ মই মোৰ দেহটো বলিদান দিলো,” এইবুলি তেওঁ মৃত্যুৰ আগতে টোকা এটা লিখি গৈছিল। তেওঁ বোধকৰো উত্তৰ প্ৰদেশ-উত্তৰাখণ্ড অঞ্চলৰ প্ৰথমজন কৃষক যিয়ে প্ৰতিবাদ জনাই মৃত্যুবৰণ কৰিছিল।

“৭০০ শ্বহীদৰ পৰিয়ালৰ এতিয়া কি অনুভৱ হৈছে?” কাশ্মীৰ সিঙৰ নাতিনী গোবিন্দৰ সিঙে মোক সোধে। “আইনবোৰ প্ৰত্যাহাৰ কৰিলেও আমাৰ ৭০০ কৃষক ঘূৰি নাহে। ৭০০ টা পৰিয়ালৰ চাকি নুমাই গ’ল।”

দিল্লীৰ ওচৰৰ প্ৰতিবাদস্থলসমূহ খালি কৰা হৈছে। কিন্তু কৃষকসকলে ন্যূনতম সমৰ্থন মূল্য (এমএচপি) আৰু শ্বহীদ পৰিয়াললৈ ক্ষতিপূৰণৰ ন্যায়িক নিশ্চয়তা বিচাৰি চৰকাৰৰ ওচৰত দাবী জনাই আছে। ২০২১ৰ ১ ডিচেম্বৰত লোকসভাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কয় যে ক্ষতিপূৰণ দিয়াৰ প্ৰশ্ন নুঠে, কিয়নো চৰকাৰৰ ওচৰত মৃত্যুৰ কোনো পঞ্জীকৃত তথ্য নাই।

চৰকাৰে যদি মনযোগ দিলেহেঁতেন, কিমান লোকৰ মৃত্যু হৈছে জানিব পাৰিলেহেঁতেন বুলি গুৰবিন্দৰে কয়। “পথৰ ওপৰত কৃষকসকল বহি আছে, কিন্তু চৰকাৰে বিলাসী ভৱনত আৰাম কৰিছে।” প্ৰযুক্তি আৰু পৰিসংখ্যা সহজে উপলব্ধ, “এই আন্দোলনত যিসকলৰ মৃত্যু হ’ল তেওঁলোকৰ বিষয়ে তথ্য লাভ কৰা কেনেকৈ অসম্ভৱ কথা হ’ব পাৰে?’ মজদুৰ মুক্তি মৰ্চাৰ গুৰজন্ত সিঙে কয়।

গুৰপ্ৰীত সিঙে আৰু কেতিয়াও ভাষণ নিদিয়ে। দিল্লীৰ সীমান্তত লিখি যোৱা ইতিহাসৰ অন্তিম অধ্যায় ৭০০ কৃষকে কেতিয়াও নেদেখে। তেওঁৰ দৰে আন ৭০০ জনৰ আন কোনেও চকুলো টুকিবলৈ ইয়ালৈ নাহে নাইবা সহযোদ্ধাসকলৰ সৈতে কেতিয়াও বিজয়ৰ সোৱাদ ল’বলৈ নাপাব। কিন্তু তেওঁলোকে আকাশৰ বহু ওপৰলৈ উৰুৱাই গ’ল সফলতাৰ নিচান, ধৰাৰ পৰা অগণন কৃষকে এই পতাকাক চালাম দিছে।

সকলো আলোকচিত্ৰ শ্বহীদ পৰিয়ালসমূহৰ সৌজন্যত পোৱা হৈছে বেটুপাতৰ ছবি আমিৰ মালিকে তোলা

আপোনাৰ মনলৈ যদি কেতিয়াবা আত্মহত্যাৰ ভাৱ আহে বা কোনোবা তেনে সংশয়ত থকা বুলি জানে , তেন্তে অনুগ্ৰহ কৰি কিৰণৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1800-599-0019 ( প্ৰতিদিনে ২৪ ঘণ্টাই মুকলি ট ল ফ্ৰী নম্বৰ)ত যোগাযোগ কৰক মানসিক স্বাস্থ্যৰ ডাক্তৰ বা পৰামৰ্শদাতাৰ বিষয়ে জানিবলৈ আৰু সেৱাসমূহ পাবলৈ SPIF মানসিক স্বাস্থ্যৰ নিৰ্দেশিকাখন চাওঁক

অনুবাদ: পংকজ দাস

Amir Malik

Amir Malik is an independent journalist, and a 2022 PARI Fellow.

Other stories by Amir Malik
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das