লেনিনদাসনে ৩০ বিধ ভিন্ন প্ৰজাতিৰ ধানখেতি কৰে। তাকো মাত্ৰ তেওঁৰ ছয় একৰ খেতিমাটিত। কেৱল এয়াই নহয়, তামিলনাডুৰ তিৰুবনমালাই জিলাত তেওঁৰ খেতিয়ক বন্ধুৱে উৎপাদন কৰা আৰু ১৫ বিধ ধান তেওঁ বিক্ৰী কৰে। সংৰক্ষণ কৰে ৮০ বিধ ভিন্ন প্ৰজাতিৰ ধানৰ বীজ।

সংখ্যাৰ দিশৰ পৰাই নহয়। পৰিৱেশৰ ফালৰ পৰাও এই বীজ গুৰুত্বপূৰ্ণ। দীৰ্ঘদিন অৱহেলিত হৈ অহা এই পৰম্পৰাগত বীজবোৰ তেওঁ বসবাস কৰা অঞ্চলটোৰ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কৰ বাবে উপযোগী। লেনিনে, বন্ধুবৰ্গই সেই নামেৰেই তেওঁক সম্বোধন কৰে, এক-শস্যৰ খেতিৰ বিৰোধ কৰে আৰু ধানৰ আধুনিক সঁচবোৰৰ ঠাইত থলুৱা পৰম্পৰাগত বীজ পথাৰলৈ অনাৰ চেষ্টা কৰিছে।

তেওঁ নাভাবিব পাৰে, কিন্তু এয়া অনন্য এক বিপ্লৱ, অনন্য এজন লেনিনে নেতৃত্ব দিয়া বিপ্লৱ।

তেওঁ শ শ ধানভৰ্তি বস্তা থোৱা ভঁৰালটো দৰাচলতে পোলুৰ তালুকৰ চেংগুনাম গাঁৱৰ তেওঁৰ খেতিপথাৰৰ কাষৰে তেওঁৰ গোহালিটো।

বাহিৰৰ পৰা তেনেই সাধাৰণ গোহালি এটা। কিন্তু ভিতৰলৈ সোমালে আপোনাৰ সেই ভুল পলকতে ভাগিব। “এয়া কাৰুপ্পু কাভুনি, সেয়া চিৰাগা চাম্বা,” ধানৰ বস্তাৰ পৰা এমুঠি এমুঠি ধান উলিয়াই লেনিনে আমাক দেখুৱাই যায়। হাতৰ মুঠিত তেওঁৰ বাপতিসাহোন ধানৰ বীজ। প্ৰথমবিধ ধান উজ্জ্বল ক’লা ৰঙৰ, দ্বিতীয়বিধ ক্ষীণ আৰু সুগন্ধীযুক্ত। এচুকৰ পৰা তেওঁ পুৰণি ধান জোখা পাত্ৰ দুবিধ দেখুৱালে: পাড়ি, মাৰাক্কা। এয়া ধান জোখা একক।

এইটো ভঁৰালতে নীৰৱে পৰিপাটিকৈ ধান জোখে আৰু পেকিং কৰি উত্তৰে বেংগালুৰুলৈ আৰু দক্ষিণে নাগেৰকোইললৈ পঠিয়ায়। দেখিলে এনে লাগে যেন তেওঁ দশকৰ পিছত দশক ধৰি এই কামকেই কৰি আহিছে। কিন্তু আচলতে তেওঁ এই কামত ধৰা ছবছৰ হৈছে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: লেনিনৰ খেতিপথাৰখন। সোঁফালে: অলপতে মৰণা মাৰি উলিওৱা ধানখিনি তেওঁ আমাক দেখুৱাইছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: গুদামৰ ভিতৰত ব্যস্ত লেনিন। সোঁফালে: কাৰুপ্পু কাভুনি, এবিধ পৰম্পৰাগত ধান

“ধানৰ খেতি আমাৰ কল্পনাত নাছিলেই,” লেনিনে মিচিকিয়াই হাঁহি কয়। এইখন জিলাৰ বৰ্ষানিৰ্ভৰ কৃষিভূমিত মটৰমাহজাতীয় শস্য, তৈলবীজ আৰু মিলেটৰ খেতি হৈছিল। “আমাৰ পৰম্পৰাত ধানখেতি নাই।” তেওঁৰ মাতৃ সাবিত্ৰীয়ে (৬৮) কাৰামণি (লেছেৰা মাহ)ৰ খেতি কৰিছিল আৰু বিক্ৰীও কৰিছিল। তেওঁৰ বিক্ৰী কৰা চাৰি মুঠি মাহৰ লগত তেওঁ দুমুঠি বিনামূল্যে দিছিল। “আম্মাই যিখিনি বিনামূল্যে দি দিছিল, সেইখিনি গন্তি কৰিলেও এতিয়া বহুত হ’ব!” তেওঁলোকৰ পৰিয়ালৰ মূল শস্য আছিল কালক্কা (চীনাবাদাম বুলি কয়), তেওঁলোকৰ পিতৃ এলুমালাই (৭৩)য়ে কৰিছিল। সেই শস্য তেওঁলোকে খাইছিলো, বিক্ৰীও কৰিছিল। “কালক্কাৰ পইচা আপ্পাই ৰাখিছিল। কাৰামণিৰ পইচা আম্মাই ৰাখিছিল।”

লেনিন আগতে খেতিয়ক নাছিল। তেওঁৰ কাহিনী আৰম্ভ হয় চেন্নাইৰ পৰা। তাত আছিল তেওঁ এগৰাকী ক’ৰ্পৰেট কৰ্মচাৰী, তেওঁৰ আছিল দুটাকৈ ডিগ্ৰী (এটা স্নাতকোত্তৰ ডিগ্ৰী তেওঁ আধাতে এৰিছিল)। দৰমহাও আছিল ভাল। কিন্তু এখন চিনেমাই তেওঁৰ জীৱন গতি সলনি কৰি দিলে। খেতিয়কক কেন্দ্ৰ কৰি নিৰ্মিত চিনেমাখন আছিল ‘ওনপাট্টু ৰুপাই নট্টু’ (নটকীয়া নোট)। সেই চিনেমাখনে তেওঁৰ মনত পিতৃ-মাতৃৰ লগত থাকিবলৈ হাবিয়াস জগালে। লেনিন ঘৰলৈ ঘূৰি আহিল ২০১৫ত।

“তেতিয়া মোৰ বয়স আছিল ২৫ বছৰ। কি কৰিম, কি নকৰিম, একো পৰিকল্পনা হাতত নাছিল। মই কেৱল পাচলি আৰু মটৰমাহজাতীয় শস্যৰ খেতি কৰিছিলো।” তিনি বছৰ পিছত বিভিন্ন কাৰণত তেওঁ ধানখেতি আৰু কুঁহিয়াৰৰ খেতি কৰিবলৈ ল’লে। মেচিন-পাতি, বজাৰ আৰু বান্দৰৰ কাৰণে তেওঁ সেই খেতি কৰিবলৈ ল’লে।

আৰু বৰষুণো এটা কাৰক, তেওঁ কয়। “খেতিয়কে জলবায়ু পৰিৱৰ্তন বোলা শব্দটো শুনা নাই, কিন্তু তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা আপোনাক ক’ব।” লেনিনে কয় যে অনিয়মীয়া বৰষুণ কেতিয়াও উপস্থিত নোহোৱা আলহীৰ দৰে। “আপুনি শুকাই-ক্ষীণাই ভোকত মৰাৰ পিছতহে সিহঁত আহিব আৰু মৰাশটোত মালা অৰ্পণ কৰিব…”

নিম গছ এডালৰ তলত গ্ৰেণাইটৰ বেঞ্চ এখনত বহি মঙহাল আম এটা খাই থকাৰ মাজতে লেনিনে তিনি ঘণ্টা কথা পাতিলে। তেওঁ কবি তিৰুৱাল্লুৱাৰ, তামিলনাডুত জৈৱিক কৃষিক জনক নাম্মলৱাৰৰ কথা ক’লে, ধান সংৰক্ষণবিদ দেৱল দেৱৰ কথা ক’লে। পৰম্পৰাগত ধানৰ প্ৰজাতি আৰু জৈৱিক কৃষি কিয় তেওঁ বাছি ল’লে, সেই কথাত যুক্তি দি তেওঁ ক’লে যে এয়া অৱশ্যম্ভাৱী আৰু অত্যাৱশ্যকীয়ও।

চাৰি বছৰত তিনিবাৰ হোৱা সাক্ষাতত তেওঁ মোক কৃষি, জলবায়ু পৰিৱৰ্তন, জৈৱবৈচিত্ৰতা আৰু বজাৰৰ বিষয়ে শিকাইছে।

এয়া লেনিনৰ কাহিনী। আৰু ধানৰ কাহিনী যিবোৰ এসময়ৰ নাম-নম্বৰ থকা বীজ আৰু গভীৰ নলীনাদৰ পানী স্বত্ত্বেও চন পৰিব ধৰা বৰ্ষানিৰ্ভৰ খেতিপথাৰত উপজে…

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

লেনিনৰ মাতৃ সাবিত্ৰীয়ে চাউল জোখা লোৰ পাত্ৰ পাড়ি আৰু মাৰাক্কা (বাওঁফালে) দেখুৱাইছে। তেওঁ পাড়িটোত পৰম্পৰাগত প্ৰজাতিৰ ধান তুয়ামল্লি (সোঁফালে) ভৰাইছে

*****

অ’ খেতিয়ক
তোৰ কিমানটা যে বলদ গৰু
পাহাৰ হেন ওখ ডুলিভৰ্তি ধানে তই নদন-বদন

টোপনিতো তই সাৰে থাক,
দোকমোকালিতে উঠি
প্ৰকাণ্ড এডোখৰ শ’ল মাছৰ লগত একাঁহী ভাত খাৱ।

নাত্ৰিনই ৬০, মাৰুদম তিনাই

তামিলনাডৰ ভূমি সদায়েই ধানৰ ঠিকনা। এই কবিতাটোৱে এজন খেতিয়কৰ প্ৰাচুৰ্য্য, তেওঁৰ ভঁৰাল আৰু তেওঁ খোৱা খাদ্যৰ বিষয়ে কৈছে। কবিতাটো সংগম যুগৰ, প্ৰায় ২০০০ বছৰ পুৰণি। প্ৰায় ৮ সহস্ৰাব্দৰ পৰা এই উপমহাদেশত ধানখেতি কৰি অহা হৈছে।

“ভূতাত্ত্বিক আৰু জিনীয় সাক্ষ্যই কয় যে এছিয়ায় ধানৰ ইণ্ডিকা উপ-প্ৰজাতিৰ খেতি (ভাৰতীয় উপমহাদেশত হোৱা প্ৰায় সকলো ধানৰ প্ৰজাতিয়েই ইয়াৰ অন্তৰ্গত) প্ৰায় ৭,০০০ৰ পৰা ৯,০০০ বছৰ আগতে পূৱ হিমালয়ৰ পাদদেশত কৰা হৈছি,” চায়েণ্টিফিক আমেৰিকানত দেৱল দেৱে লিখিছে। “সহস্ৰাব্দ বাগৰাৰ লগে লগে সেই প্ৰজাতিবোৰক ঘৰচীয়া কৰি আৰু খেতি কৰি পৰম্পৰাগত খেতিয়কসকলে এনে কিছুমান প্ৰজাতি বিচাৰি উলিয়ালে যিবোৰ বৈচিত্ৰময় মাটি, ভূ-অৱয়ৱ আৰু সূক্ষ্ম-জলবায়ুৰ সৈতে সুন্দৰকৈ খাপ খাই গৈছিল আৰু বিশেষ সাংস্কৃতিক, পুষ্টি আৰু ঔষধি দিশত উপযোগী আছিল।” ১৯৭০ৰ দশকলৈকে ভাৰতৰ খেতিপথাৰত “প্ৰায় ১১০,০০০ ভিন্ন প্ৰজাতিৰ ধানৰ” খেতি হৈছিল।

কিন্তু বছৰৰ পাছত বছৰ ধৰি আৰু বিশেষকৈ সেউজ বিপ্লৱৰ পিছত এই বৈচিত্ৰ্যৰ বহুখিনি লোপ পালে। ষাঠিৰ দশকৰ মাজভাগত খাদ্য আৰু কৃষি মন্ত্ৰী চি সুব্ৰমণিয়ময়ে “গুৰুতৰ আৰু ব্যাপক খৰাং পৰিস্থিতি”ৰ কথা লিখিছে “যাৰ ফলত ১৯৬৫-৬৭ত খাদ্যশস্যৰ তীব্ৰ অনাটনে দেখা দিছিল” আৰু লোকসভাত “আমেৰিকাৰ সৈতে পি এল-৪৮০ চুক্তিৰ অধীনত খাদ্য শস্যৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা অব্যাহত ৰখা”ৰ এক প্ৰস্তাৱ দাখিল কৰা হয় যিটো “আমাৰ মৰ্য্যাদাৰ প্ৰতি অসন্মানজনক আৰু আমাৰ অৰ্থনীতিৰ বাবে ক্ষতিকাৰক” আছিল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

লেনিনে তুয়ামল্লি (বাওঁফালে) আৰু মুল্লানকাইমা (সোঁফালে) প্ৰজাতিৰ ধানৰ খেতি কৰে আৰু সংৰক্ষণ কৰে

চৰকাৰৰ হাতত দুটা উপায় আছিল। ভূমিৰ পুনৰ্বিতৰণ কৰা যিটো এক ৰাজনৈতিক সমাধান। আনটো সমাধান বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ সৈতে জৰিত (যিটোৱে সকলো খেতিয়কক সমানে লাভ নিদিলেহেঁতেন)। চৰকাৰে অধিক ফলনক্ষম ধান আৰু গমৰ প্ৰজাতিৰ বিকল্প বাছি ল’লে।

পাঁচটা দশক পিছত ভাৰতে এতিয়া বিদেশলৈ চাউল আৰু গমধান ৰপ্তানি কৰে। কিন্তু কৃষিখণ্ড সমস্যাৰে জৰ্জৰিত। ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ৰ তথ্য অনুযায়ী যোৱা তিনিটা দশকত চাৰি লাখৰো অধিক কৃষকে আত্মহত্যা কৰিছে। উচিত মূল্য আৰু ন্যায়সংগত নীতিৰ বাবে কৃষকে লেখত ল’বলগীয়া প্ৰতিবাদ কৰিছে। আপুনি এই প্ৰতিবেদন পঢ়ে মানে আৰু বহুতেই কৃষি এৰিব।

ইয়ে আমাক লেনিন আৰু তেওঁৰ বিপ্লৱৰ কথালৈ ঘূৰাই আনে। কৃষিত বৈচিত্ৰ আৰু এবিধ শস্যৰে ভিন্ন প্ৰজাতিগত বৈচিত্ৰ পথাৰলৈ অনাৰ প্ৰয়োজন কি? কিয়নো গৰু-ম’হ, কপাহ আৰু কলৰ দৰে বিশ্বত কম প্ৰজাতিৰ খেতিৰে অধিক গাখীৰ, অধিক সূতা আৰু অধিক ফল উৎপাদন কৰিব পাৰিছে। কিন্তু “এজাতি শস্যৰ খেতিৰ প্ৰসাৰ নিৰ্দিষ্ট কেতবোৰ কীট-পতংগৰ বাবে ভোজভাতৰ লেখীয়া।”

কৃষি বিজ্ঞানী আৰু ভাৰতৰ সেউজ বিপ্লৱৰ জনক ড. এম.এছ. স্বামীনাথনে ১৯৬৮তে সতৰ্ক কৰি দিছিল যে “স্থানীয় অভিযোজিত শস্যৰ প্ৰজাতিসমূহ আঁতৰাই যদি এবিধ বা দুবিধ সুকীয়া বৈশিষ্টৰ প্ৰজাতি লগোৱা হয়, তেতিয়া গোটেই শস্য নিঃশেষ কৰি দিবপৰাকৈ গুৰুতৰ ৰোগ বিয়পি যাব পাৰে।”

অৱশ্যে নতুন ধানৰ প্ৰজাতি গোটেই জগত বিয়পিছে। প্ৰথম আধুনিক ধানৰ প্ৰজাতি মুকলি কৰিছিল ধান গৱেষণা প্ৰতিষ্ঠানে, ১৯৬৬ৰ ২৮ নৱেম্বৰত। নাম “ননডেচক্ৰিপ্ট নেম আইআৰ৮।” সোনকালেই এই বাওনা ধান “বিস্ময়কৰ ধান” হিচাপে তুলি ধৰা হ’ল আৰু এছিয়া মহাদেশ আৰু তাৰো বাহিৰত বৃহৎ পৰিৱৰ্তন আনিলে, এয়া ৰাইচ টুডেৰ এক প্ৰতিবেদন।

হাংগ্ৰি নেছন গ্ৰন্থখনত বেঞ্জামিন ৰবাৰ্ট চিগলে মাদ্ৰাজৰ উপকণ্ঠ অঞ্চলৰ এজন ধনী কৃষকৰ কথা উল্লেখ কৰিছে, যেয়ে তেওঁৰ আলহীক “আইআৰ-৮ ইডলি” পৰিৱেশন কৰিছিল। অতিথি আছিল খেতিয়ক আৰু সাংবাদিক। “তেওঁলোকক কোৱা হ’ল যে আইআৰ-৮ চাউলবিধ সুদূৰ ফিলিপাইনচৰ পৰা ভাৰতলৈ অনা হৈছে, এই পাতল দানা সুস্বাদু আৰু সহজলভ্যও।”

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

সেউজ ধাননী (বাওঁফালে) আৰু মৰণা মাৰি উলিওৱা ধান (সোঁফালে)

নতুন বীজৰ বাবে তেওঁলোকক প্ৰয়োজন আছিল “গৱেষণাগাৰৰ দৰে উপযোগী পৰিৱেশ য’ত জলসিঞ্চন, উৰ্বৰক আৰু কীটনাশকৰ,” ষ্টাফড্ এণ্ড ষ্টাৰ্ভডৰ লিখক ৰাজ পাটেলে কয়। তেওঁ কয় যে “কিছুমান স্থান সেউজ বিপ্লৱৰ প্ৰযুক্তিৰ ফলত বহুব্যাপী আকালৰ পৰা বাছিছিল। কিন্তু তাৰ সামাজিক আৰু পৰিস্থিতিতন্ত্ৰজনিত ব্যয় আছিল অধিক।”

গ্ৰামীণ আৰু কৃষিনিৰ্ভৰ ভাৰতৰ প্ৰতিবেদন, ২০২০ অনুসৰি বাছি বাছি কেৱল গমধান, ধান আৰু কুঁহিয়াৰৰ ওপৰত ৰেহাই দিয়াৰ ফলত “বুজন পৰিমাণৰ খেতিয়কে এই শস্যৰ খেতি কৰিবলৈ লয়। ইয়ে শুষ্ক ভূমিত জনসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰা শস্যক উৎসাহ যোগোৱাত ফচল উৎপাদনৰ ৰেহৰূপেই বদলি হৈ যায়, ফলত মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। কিয়নো আমাৰ থালখনত খাদ্যৰ বৈচিত্ৰ নাইকিয়া হৈ পৰিল আৰু পলিচ কৰা চাউল আৰু গমধানৰ লগতে বিনা কেলৰিৰ পৰিশোধিত চেনীয়ে তাৰ ঠাই ল’লে।”

এই ঘটনা তিৰুবনমালাইতো ঘটিল। লেনিনে কয়। “আপ্পাৰ দিনত কেৱল মানাৱাৰি (বৰ্ষানিৰ্ভৰ) খেতি হৈছিল আৰু মটৰজাতীয় শস্যৰ খেতি কৰা হৈছিল। হ্ৰদৰ কাষত চাম্বা (ধান)ৰ খেতি কৰা হৈছিল। এতিয়া জলসিঞ্চিত মাটিৰ পৰিমাণ বাঢ়িল। আপ্পাই বেংকৰ পৰা ২০ বছৰ আগতে ঋণ পালে আৰু গভীৰ নলীনাদৰ সংযোগ এটাও পালে। তাৰ আগলৈকে আপুনি এনেকৈ সকলোতে এনেকৈ স্থিৰ পানী আৰু ধানৰ খেতি নেদেখিলেহেঁতেন,” তেওঁৰ পিছফালে নতুনকৈ থিয় দিযা সেউজীয়া ধান, তলত ঘোলা পানীলৈ আঙুলিয়াই কয়। সেই পানীত জিলিক উঠিছে আকাশ, সূৰ্য্য আৰু গছবোৰ।

“পুৰণি খেতিয়কসকলক সোধক,” লেনিনে কয়। “তেওঁলোকে আপোনাক ক’ব আইআৰ৮য়ে তেওঁলোকৰ পেট ভৰাইছিল। তেওঁলোকে কয় যে তেওঁলোকৰ গৰু-ছাগলীৰ বাবে পশুখাদ্যৰ পৰিমাণ কমি আহিছিল।” কলচপক্কমত খেতিয়কৰ সন্মিলনত ভালেকেইজন খেতিয়কে এই চাউলক লৈ ৰগৰ কৰিছিল। “জানে, কিছুমান খেতিয়ক পৰিয়ালৰ চাপৰ-চুটি মানুহক এতিয়াও আইৰেট্টু (তামিল ভাষাত আইআৰ৮ বুলি কয়) বোলে,” এই কথা শুনি সন্মিলনত হাঁহিৰ ৰোল উঠিছিল।

কিন্তু বৈচিত্ৰতাৰ কথা আহি পৰাত কাৰো মুখত হাঁহি বিৰিঙি উঠা দেখা নগ’ল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: গুদামৰ পৰা নিজৰ ধাননি পথাৰৰ মাজেৰে লেনিন আগবাঢ়িছে। সোঁফালে: এই পথাৰতেই তেওঁ বিভিন্ন প্ৰজাতিৰ ঐতিহ্যবাহী ধানৰ খেতি কৰে আৰু সংৰক্ষণ কৰে

*****

২০২১ত প্ৰথম লেনিনক লগ পাওঁতে তেওঁ কৃষকৰ ডাঙৰ জুম এটাক জলবায়ু পৰিৱৰ্তন আৰু কৃষিৰ বিষয়ে কৈ আছিল। ঠাইখন আছিল তিৰুবনমালাই জিলাৰ কলচপক্কম চহৰ। উপলক্ষ আছিল পৰম্পৰিয় ভিদইগল মাইয়েম (পৰম্পৰাগত বীজ মঞ্চ)ৰ মাহেকীয়া সভা। এই মঞ্চৰ সদস্যসকল প্ৰতিমাহে ৫ তাৰিখে বৈঠক আয়োজন কৰে। ছেপ্টেম্বৰৰ সেই তীব্ৰ ৰ’দত সকলোৰে বৰ গৰম লাগিছিল। কিন্তু মন্দিৰৰ পিছফালে নিমগছৰ ছাঁত সকলো বহিছিল। হাঁহি-ধেমাল byeৰ মাজেৰে বিভিন্ন কথা শিকা হৈছিল।

“আমি নিজকে জৈৱিক কৃষক বুলি পৰিচয় দিলে মানুহে হয় আমাৰ ভৰি চুই সেৱা ল’ব, নাইবা আমাক মুৰ্খ বুলি ক’ব,” লেনিনে কয়। “আজিৰ তাৰিখত ডেকাচামে জৈৱিক কৃষিৰ বিষয়ে কি জানে,” মঞ্চৰ সহ-প্ৰতিস্থাপক পি.টি. ৰাজেন্দ্ৰনে (৬৮)য়ে কয়। “তেওঁলোকে পঞ্চকাব্যমৰ নাম (গোমূত্ৰ, গৰুৰ গোবৰ আৰু অনান্য উপাদন যিটোৱে বিকাশত উদগনি যোগায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়) শুনিছে। কিন্তু তাৰ উপৰিও বহু কথা আছে।”

খেতিয়কৰ ক্ষেত্রতো পৰিৱৰ্তন নিজে নিজেই আহে। লেনিনৰ পিতৃ আপ্পা এলুমালইয়ে ৰাসায়নিক কীটনাশক আৰু সাৰ ব্যৱহাৰ কৰিবলৈ এৰি দিছিল কাৰণ এইবোৰৰ দাম অত্যন্ত বেছি। “প্ৰতিবাদৰ কীটনাশক ছটিয়ালে কেইহাজাৰমান টকা খৰছ হৈ যায়,” লেনিনে কয়। “আপ্পাই তেতিয়াই পাচুমই বিকাতন (এখন কৃষি পত্ৰিকা) পঢ়িছিল আৰু প্ৰাকৃতিক উপাদানক লৈ পৰীক্ষা-নীৰিক্ষা কৰিবলৈ লৈছিল আৰু আমাক স্প্ৰে কৰিবলৈ দিছিল। মই কৰিছিলো।” কামতো দিছিল।

প্ৰতিমাহে কৃষকে এটা বিষয় লৈ লয়। কিছুমানে বেচাৰ বাবে কন্দ, দাইল আৰু তাপ-বৰ্জিত পদ্ধতিৰে পেৰা তেল বিক্ৰী কৰিবলৈ আনিছে। কোনোবাই উপস্থিত সকলোৰে বাবে দুপৰীয়াৰ সাজটোৰ ব্যৱস্থা কৰে। আন কোনোবাই দাইল আৰু পাচলি আনে। মুকলিতে পৰম্পৰাগত প্ৰজাতিৰ চাউল ৰন্ধা হৈছে, লগত আছে পাচলি আৰু সুগন্থী চম্ভাৰ। ১০০ জন অংশগ্ৰহণকাৰীক খুৱাবলৈ প্ৰায় ৩,০০০ টকাৰ প্ৰয়োজন হয়।

তাৰ মাজতে তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ ওপৰত আলোচনা-বিলোচনা কৰে। তাৰ বিৰুদ্ধে যুঁজিবলৈ ভালেকেইটা উত্তম উপায় তেওঁলোকে ভাবি উলিয়ায: জৈৱিক কৃষি, পৰম্পৰাগত প্ৰজাতিৰ শস্যৰ খেতি আৰু বৈচিত্ৰকৰণ।

“তেনেতে ক’লা মেঘে আকাশ চানি ধৰিলে। খেতিয়কসকলে আশা কৰিলে, বৰষুণ নামিব। কিন্তু.. ক্ষণিক আন্ধাৰ, বৰষুণ কিন্তু নাই। তাৰপিছত আকৌ জানুৱাৰীত যেতিয়া ধানত পক ধৰিব, তেতিয়া ধাৰাসাৰ বৰষুণ আহিব, গোটেই শস্য নষ্ট কৰি পেলায়। আমিনো কি কৰিব পাৰো? মই সেয়ে কওঁ যে এবিধ শস্যতে ইমান বেছি নিৰ্ভৰ নকৰিব,” ৰাজেন্দ্ৰনে উপদেশ দি কয়। “খেতিত সীমাত আগাতি [হামিংবাৰ্ড গছ (বকফুল)] লগাওঁক, আৰু শুষ্ক মাটিত তাল গছ। কেৱল চীনাবাদাম আৰু ধানৰ ওপৰতে নিৰ্ভৰশীল নহ’ব।”

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

পিটি ৰাজেন্দ্ৰনে (বাওঁফালে) আৰু লেনিনে (সোঁফালে) কলচপক্কম জৈৱিক মঞ্চৰ কৃষকসকলৰ সৈতে কথা পাতিছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: বিভিন্ন মটৰমাহজাতীয় শস্য, দাইল আৰু চাউল সভাত বিক্ৰী কৰা হয়। সোঁফালে: খাদ্য ৰান্ধি উপস্থিতসকলক দিয়া হয়

আন কোনো ঠাইত হওঁক বা নহওঁক, অন্ততঃ তিৰুবনমালাই জিলাৰ জৈৱিক কৃষি আন্দোলনে খেতিয়কক বুজাবলৈ এৰি ক্ৰেতাসকলক শিক্ষিত কৰি তোলাত লাগিছে। “প্ৰতিবাৰেই একে প্ৰজাতিৰ চাউল নাপাব, আশাৰ কৰিবলৈ এৰক,” সমবেত কণ্ঠত কৃষকসকলে কৈ উঠিল। “গ্ৰাহকে চাউলৰ পাঁচ কিল’ৰ বেগ বিচাৰে। বেছি পৰিমাণে চাউল ৰাখিবলৈ তেওঁলোকৰ ঠাইৰ অভাৱ বুলি কয়।” মাজতে বয়সস্থ খেতিয়ক এজনে কৈ উঠে, “গাড়ী-মটৰ চাইকেল আদি থ’বপৰা ঘৰ এটা যদি কিনিব পাৰে, তেতিয়া এক বস্তা চাউল ৰাখিবপৰা ঠাই উলিয়াই নলয় কিয়?”

কম পৰিমাণে চাউল বিক্ৰী কৰাত সমস্যা আছে, খেতিয়কসকলে কয়। ডাঙৰ বস্তা এটাত চাউল ভৰোৱাতকৈ সৰু এটাত ভৰোৱাত সময়, শ্ৰম বেছি লাগে, খৰছো অধিক। “সংকৰ প্ৰজাতিৰ চাউলবোৰ চিপ্পাম হিচাপে (২৬ কিল’ৰ বেগ) বিক্ৰী কৰা হয়। পেকেজিঙত দহ টকাৰো কম লাগে। সেইখিনিকেই যদি পাঁচ কিলোৰ বস্তাত ভৰাবলগীয়া হয়, তেতিয়া খৰছ হয় ৩০ টকা,” লেনিনে বুজাই কয়। তাৰপিছত দীঘলীয়া উশাহ এটি লৈ কয়, “নাকু তাল্লুদ,” তাৰ অৰ্থ ক’বলৈ গ’লে এনেকুৱা যে কৈ কৈ মুখ বিষাই যায়। “চহৰৰ মানুহে গাঁৱৰ মানুহৰ কথা সকলো সময়তে ক’তনো বুজি পাব।”

লেনিনৰ কথা আৰু কামৰ সংজ্ঞা তেনেই সৰল। তেওঁৰ কামৰ সময়ো তেনেই সৰল। “শুই নাথাকিলে নাইবা বাইকখন চলাই নাথাকিলে জানিব যে মই কাম কৰি আছো।” অৱশ্যে বাইক চলাই থাকোতেও তেওঁ কামেই কৰি থাকে। তেওঁ কোনোবা গ্ৰাহকক চাউলৰ বস্তা দিবলৈ যায়। তেওঁৰ ফোনটোও সদায়েই ব্যস্ত। পুৱাৰ পাঁচ বজাৰ পৰা বাজিবলৈ ধৰে আৰু ৰাতি দহ বজালৈ বাজিয়েই থাকে। অকণমান মাজতে সময় পালে তেওঁ হোৱাটআপ মেচেজৰ উত্তৰ দিয়ে। লিখা-পঢ়াৰো তেনেকৈয়ে সামান্য সময় উলিয়ায়।

“আটাইবোৰ পৰম্পৰাগত ধানৰ প্ৰজাতি লৈ তিৰুবনমালাই জিলাত আমি এখন পুস্তিকা প্ৰকাশ কৰিছো।” পুস্তিকাখন বিশেষ জনপ্ৰিয় হৈ পৰিছে আৰু বিভিন্ন স্থানলৈ বিয়পি পৰিছে। “মোৰ মামা পোন্নু (খুৰাৰ ছোৱালী)য়ে সেইখন হোৱাটচআপত পঠিয়াইছে,” লেনিনে হাঁহি মাৰি কয়। “তাই ক’লে ‘চোৱা চোৱা, কোনোবাই কি সুন্দৰকৈ এইখন বনাইছে।’ মই তাইক শেষ পৃষ্ঠাখন চাবলৈ ক’লো। তাই তাত মোৰ নাম দেখিলে: লেনিনদাসন।”

আত্মবিশ্বাসী, মৃদুভাষী, তামিল আৰু ইংৰাজী উভয় ভাষাতেই সলসলীয়াকৈ কথা ক’ব পৰা লেনিনে কথাৰ মাজতেই ইটোৰ পৰা সিটো ভাষালৈ বিচৰণ কৰি থাকে। তেওঁৰ আপ্পা এলুমালই এগৰাকী কমিউনিষ্ট আছিল (সেই কাৰণেই তেওঁৰ নাম হৈছিল লেনিন, খিলখিলাই হাঁহি লেনিনে কয়)। ডেকা বয়সত লেনিনে ঘণ্টাৰ পিচত ঘণ্টা ধৰি পথাৰত মূৰৰ ঘাম মাটিত পেলাই কাম কৰিছিল। কিন্তু কেতিয়াও পূৰ্ণকালীন জৈৱিক কৃষক আৰু ধান সংৰক্ষণবিদ হৈ উঠাৰ পৰিকল্পনা কৰা নাছিল।

PHOTO • M. Palani Kumar

লেনিনে বিভিন্ন প্ৰজাতিৰ পৰম্পৰাগত ধান দেখুৱাইছে

“দুটাকৈ ডিগ্ৰী লাভৰ পিচত মই চেন্নাইৰ এগমোৰেত কাম এটাত সোমালো। ২০১৫ত বজাৰৰ গৱেষণা কৰি মই মাহত ২৫,০০০ টকা পাইছিলো। ভাল পইছা আছিল…”

চেংগুনামৰ পৰা উভতি অহাৰ পিছত ৰাসায়নিকৰ প্ৰয়োগেৰে তেওঁ খেতি কৰিবলৈ লয়। “মই লাও, বেঙেনা, বিলাহী আদিৰ খেতি কৰি সেয়া বিক্ৰী কৰিছিলো,” তেওঁ আমাৰ কাষতে থকা ৰাস্তাটোলৈ দেখুৱাই কয়। তাৰোপৰি লেনিনে প্ৰতি সপ্তাহত উৰাভাৰ সান্ধাই (খেতিয়কৰ জুপুৰি)লৈ গৈছিল। সেইখিনি সময়তে তেওঁৰ তিনিগৰাকী ভনীয়েকৰ বিয়া হয়।

“মোৰ মাজু ভনীৰ বিয়াৰ খৰছ ওলাইছিল হালধিৰ খেতিৰে। কিন্তু কি জানে? কাম বহুত থাকে। হালধি উতলাওতে গোটেই পৰিয়ালটোৱে লাগিব লাগে,” তেওঁ কয়।

ভনীয়েকহঁতে শহুৰেকহঁতৰ ঘৰলৈ যোৱাৰ পিছত অকলে পথাৰত কাম কৰা আৰু ঘৰ-বাৰী চম্ভালাটো লেনিনৰ বাবে বৰ মুস্কিল হৈ উঠিল। বিভিন্ন ধৰণৰ বৰ্ষানিৰ্ভৰ শস্য, প্ৰতিদিনেই শাক-পাচলি চিঙি আনি বিক্ৰী কৰা আদি কামবোৰ অকলে কৰাটো তেওঁৰ বাবে সম্ভৱ নাছিল। ঋতুজাত শস্যবোৰতো বৰকৈ লাগিব লাগে। সময়ত শস্য চপাব লাগে, কীট-পতংগ, ভাটৌ আৰু আন চিকাৰীৰ পৰা বচাবলৈ অনবৰতে চকু দি থাকিব লাগে। “মাকৈ, চীনাবাদাম আৰু লেছেৰা মাহ আদি সুৰক্ষা দিবলৈ আৰু গোটাবলৈ ভালেকেইজন মানুহ লাগে। দুখন হাত-দুখন ভৰিৰে কেনেকৈ সকলো কাম কৰিম? তাতে আকৌ মা-দেউতা বুঢ়া হৈছে, তেওঁলোকেও সহায় কৰিব নোৱাৰে।”

সেইখিনি সময়তে আকৌ বান্দৰৰ উপদ্ৰৱ বাঢ়িল। “সেই যে নাৰিকলজোপা দেখিছে, তাৰপৰা ইয়ালৈ,” তেওঁৰ মূৰৰ ওপৰৰে আঙুলিয়াই দেখুৱায়, “বান্দৰে ইটো ডালৰ পৰা সিটোলৈ যায়। সিহঁতে এই বটগছডালত শোৱে। চল্লিশৰ পৰা ষাঠিটা বান্দৰে পথাৰত হামলা দিয়ে। সিহঁতে মোক দেখিলে ভয় খায়। মই সিহঁতক দেখিলেই খেদো। কিন্তু সিহঁত চতুৰ। সিহঁতে বুদ্ধি পাঙিব জানে। সিহঁতৰ এটা গছৰ পৰা নামি আহে, সিটোক খেদিবলৈ যাওতে আনটোৱে গছৰ পৰা নামি আহি শস্য আজুৰি নিয়ে…কিতাপত পঢ়ি অহা কথাবোৰ মিছা নহয়, সিহঁত সঁচাকৈয়ে বুধিয়ক!”

এই উপদ্ৰৱ প্ৰায় চাৰিবছৰ চলিল। তিনি কিল’মিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত খেতিয়কসকলে বান্দৰে নোখোৱা শস্যৰ খেতি কৰিবলৈ ল’লে। লেনিন আৰু তেওঁৰ পৰিয়ালেও ধান আৰু কুঁহিয়াৰৰ খেতি কৰিবলৈ ধৰিলে।

PHOTO • M. Palani Kumar
PHOTO • Sabari Girisan

বন্ধু এছ ভিগনেশ (সোঁফালে)ৰ সৈতে লেনিন (বাওঁফালে)। তেঁৱো এগৰাকী খেতিয়ক আৰু বিতৰক, বাইকত চাউলৰ বস্তা লৈ বিক্ৰী কৰে

*****

“ধান আমাৰ গৌৰৱ। এই ঠাইত শস্যবিধৰ মান বহুত। গৰু-ছাগলী পথাৰত সোমালে গৰাকীয়ে সিমান গুৰুত্ব নিদিয়ে। কিন্তু ধানখেতিত সোমালে নিজে আহি ক্ষমা খোজে, লাগিলে সেয়া ভুলতেই হওঁক। ক্ষতিপুৰণো দিব বিচাৰে। এই শস্যবিধৰ ইমানেই মান আছে।”

ধানৰ সৈতে প্ৰযুক্তিগত উন্নয়ন আৰু যান্ত্ৰিক সুযোগ-সুবিধাও জৰিত হৈ আছে। বজাৰো হাততে ঢুকি পায়। লেনিনে ইয়াক সৌৰিয়ম (আৰাম) বুলি কয়। “চাওক, ধান খেতিয়কে কোনো সামাজিক সমাধান বিচৰা নাই, বৰঞ্চ প্ৰযুক্তিগত সমাধান বিচাৰিছে। যিটো একক-শস্যৰ খেতিৰ দিশে অগ্ৰসৰ হৈছে।”

কৃষিভূমিক দুটা ভাগত ভাগ কৰা হৈছে, পুনচেই নিলম (বৰ্ষানিৰ্ভৰ) আৰু নানচেই নিলম (জলসিঞ্চন নিৰ্ভৰ) মাটি। “পুনচেই মাটিত আপুনি বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰিব পাৰে,” লেনিনে কয়। “ঘৰৰ বাবে যিখিনি লগা থাকে, সেই আটাইখিনি। খেতিয়কে যেতিয়া সময় পায়, তেতিয়া পুৰুণ্ডি - অৰ্থাৎ শুকান, ধূলিময় খেতিমাটি চাহ কৰে। সেয়া সময় আৰু মেহনত মজুত কৰাৰ দৰে। ঠিক যেন পথাৰত বেংক এটাৰ দৰে। কিন্তু যান্ত্ৰিকীকৰণে সকলো সলনি কৰি পেলালে। একে ৰাতিতে আপুনি ২০ একৰ ভূমি চহাই পেলাব পাৰে।”

খেতিয়কে এটা ঋতুচক্ৰত পুনচেই মাটিত বিভিন্ন প্ৰকাৰৰ ধানৰ প্ৰজাতিৰ খেতি কৰে। “তেওঁলোকে দেখাত একেযেন দুবিধ ধান পূংকাৰ বা কুল্লংকৰৰ খেতি কৰে,” লেনিনে কয়। “পাৰ্থক্য হৈছে শস্যচক্ৰৰ সময়সীমা। পানী শুকাই যাব বুলি যদি ভয় খাইছে, তেন্তে পুংকৰ খেতি কৰাটো ভাল। সেয়া ৭৫ দিনতে হৈ উঠে। আন ধানৰ খেতিৰ বাবে ৯০ দিন লাগে।”

তেওঁ জনায় যে যান্ত্ৰিকীকৰণৰ ফলত কম পৰিমাণৰ মাটিতো কম পানীতো খেতি সম্ভৱ কৰি তুলিলে। “সেই ঠাইত ১০ৰ পৰা ১৫ বছৰ বলদ গৰুৰে হাল বোৱা হোৱা নাই। ভাৰাত নতুন নতুন যন্ত্ৰ পোৱা যায় (বিক্ৰীৰ বাবেও পোৱা যায়)। সেই মেচিনেৰে এক কিম্বা আধা একৰ মাটিও যদি চাহ কৰি ল’ব পাৰি, তেতিয়া বেছি সংখ্যক মানুহে ধানখেতিত নামিব পাৰিছে।” তাৰপিছত মানুহ আৰু মেচিনৰ কথা চলি থাকিল। আন কিছুমান মেচিনৰ কথাও ওলাল - কঠিয়া পৰা মেচিন, কঠিয়া তোলা, বন নিৰোৱা, শস্য চপোৱা আৰু মৰণা মৰা আদি সকলো মেচিনৰ কথা তেওঁ ক’লে। “বীজ সিচাৰ পৰা বীজ চপোৱালৈ - ধানখেতিৰ ক্ষেত্রত মেচিনে সকলো কৰিব পাৰে।”

কিন্তু কেতিয়াবা কেৱল মেচিন আৰু মানুহৰ মাজৰ ভাৰসাম্যৰ কথাই নহয়। বৰ্ষানিৰ্ভৰ শস্য মজুত কৰা, শুকুওৱা আৰু মৰণা মৰা, তিলৰ কথাই ধৰক, আদিৰ বাবে বহুত ঠাই লাগে। “খেতি কৰিবলৈ ইমান বেছি কষ্ট কৰিব নালাগে। এবাৰ সিচিলেই হ’ল,” লেনিনে কেনেকৈ অৰ্ধবৃত্তাকাৰ আৰ্হিত বীজ ছটিয়াই সিঁচে, সেইবিষয়ে কয়। “আপুনি ২.৫ একৰ মাটিতো যদি তিলৰ খেতি কৰে, কেৱল দহ বস্তাহে পাব। অটো এখন সমূহীয়াকৈ ভাৰা কৰি আপুনি বজাৰলৈ লৈ যাব। কিন্তু ধান? আপুনি মালবাহী লৰি এখন ভৰ্তি কৰি নিব পাৰিব!”

PHOTO • M. Palani Kumar

পূংকৰ প্ৰজাতিৰ ধানৰ খেতি

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: মৰণা মৰা স্থান। সোঁফালে: গুদামঘৰত লেনিন

আন এটা কাৰক হৈছে চাউলৰ নিয়ন্ত্ৰিত বজাৰ। চাহিদাৰ যি শৃংখল, সি উন্নত প্ৰজাতিৰ পক্ষত কাম কৰে। আধুনিক ধানকলবোৰ, যিবোৰ সেউজ বিপ্লৱৰ পিছত স্থাপন কৰা হৈছিল, সেইবোৰৰ সকলো যন্ত্ৰপাতি প্ৰমিতিকৰণ কৰি পেলোৱা হৈছে, চালনিখনো বাদ পৰা নাই। দেশীয় প্ৰজাতিৰ চাউলৰ দানাবোৰৰ আকাৰ ভিন্ন, কিছুমান সৰু, কিছুমান ডাঙৰ। তেনে চাউল সেই চালনিত নাখাটে। “মিলৰ মালিকবোৰ সেউজ বিপ্লৱৰ খুব পক্ষপাতি নহ’বও পাৰে, সেই বিষয়ত মতামত ব্যক্ত নকৰিবও পাৰে। কিন্তু তেওঁলোকে বুজি পায় যে মানুহে ক্ষীণ, উজ্জ্বল, বগা চাউল বিচাৰে - মানে বৰ্ণসংকৰ চাউল। সেয়ে তেওঁলোকেও সেই মতে নিজৰ মিলবোৰ গঢ়ি তুলিছে।”

সেয়ে এয়া আচৰিত কথা নহয় যে বিভিন্ন প্ৰজাতিৰ পাৰম্পৰিক ধানৰ খেতি কৰা খেতিয়কে নিজা জ্ঞানৰ ওপৰত নিৰ্ভৰশীল, সৰুসুৰা মিল আৰু অনিশ্চিত সামাজিক সহায়তাৰ ভৰসাতেই তেওঁলোক বাছি আছে। লেনিনে বুজাই কয়, “অথচ উচ্চ ফলনশীল আধুনিক প্ৰজাতিৰ বাবে এই সকলোবোৰ তেনেই সহজলভ্য।”

*****

চেন্নাইৰ পৰা প্ৰায় ১৯০ কিল’মিটাৰ দক্ষিণ-পূবে অৱস্থিত তিৰুবনমালাই এখন স্থলবেষ্টিত জিলা। জিলাখনৰ প্ৰতি দুজনৰ ভিতৰত এজন “কৃষিসংক্ৰান্ত কামৰ” ওপৰত নিৰ্ভৰশীল। অঞ্চলটোত চেনীকলৰ উপৰিও ভালেমান ধান বনা মিল আছে।

২০২০-২১ বৰ্ষত তামিলনাডুৰ ভিতৰত ধানখেতি থকা অঞ্চলৰ ফালৰ পৰা তিৰুবনমালাই আছিল তৃতীয় স্থানত। অথচ উৎপাদনৰ ফালৰ পৰা প্ৰথম স্থানত অধিকাৰ কৰিছিল এইখন জিলাই। তামিলনাডুৰ ১০ শতাংশ চাউল এইখন জিলাৰ পৰা আহে। “তিৰুবনমালাই জিলাত প্ৰতি হেক্টৰত উৎপাদন ৩,৯০৭ কিল’গ্ৰাম, তাৰ বিপৰীতে আন জিলাত এই পৰিমাণ ৩,৫০০ কিল’। এনেকৈয়ে ৰাজ্যখনৰ আন জিলাক ই পিছ পেলাইছে,” এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানৰ (এমএছএছআৰএফ) ইক’টেকনলজিৰ মুখ্য গৱেষক ড. আৰ গোপীনাথে কয়।

এমএছএছআৰএফ-ৰ ইক’টেকনলজিৰ সঞ্চালক ড. আৰ ৰেংগালক্ষ্মীয়ে কয় যে তিৰুবনমালাই জিলাত ধানৰ খেতি এতিয়া বহুত বাঢ়িছে। “ইয়াৰ কাৰণ ভালেকেইটা। এটা হৈছে যেতিয়া বৰষুণ দি থাকে, খেতিয়কে ৰিস্ক ল’ব নোখোজে আৰু যিখিনি পানী থাকে, তাৰে অধিকাংশ ধানখেতিত ব্যৱহাৰ কৰে। এনেকৈ ফলনো ভাল হয় আৰু মুনাফাৰো সম্ভাৱনা থাকে। দ্বিতীয়তে যি ঠাইত খাদ্য কেৱল খাবলৈ (ঘৰুৱা খাদ্যসুৰক্ষাৰ বাবে) ব্যৱহাৰ কৰা হয়, সেই স্থানত খেতিয়কে খেতি কৰিবই। শেষত জলসিঞ্চনৰ ফলত ভূজলৰ পৰিমাণ বাঢ়ি আহে বাবে একেটা শস্যচক্ৰত একাধিক ধানখেতি কৰা হয়। গতিকে মাটিৰ উপৰিভাগৰ পানীৰ ওপৰত নিৰ্ভৰশীল ধানখেতি নাবাঢ়িলেও উৎপাদন বাঢ়ি যায়।”

ধান এবিধ তৃষ্ণাতুৰ শস্য। “নাবাৰ্ডৰ ‘ৱাটাৰ প্ৰডাক্টিভিটি মেপিং অৱ মেজৰ ইণ্ডিয়ান ক্ৰপচ্’ (২০১৮) অনুসৰি এক কিল’ চাউল উৎপাদন কৰিবলৈ প্ৰায় ৩,০০০ লিটাৰ পানীৰ প্ৰয়োজন হয়। পাঞ্জাৱ-হাৰিয়ানা অঞ্চলত এই পৰিমাণ ৫,০০০ লিটাৰ পৰ্য্যন্ত হয়,” ড. গোপীনাথে কয়।

PHOTO • M. Palani Kumar

লেনিনৰ ভূঁই ৰোৱা পথাৰ

লেনিনৰ ধানখেতি ১০০ ফুট দীঘল কুঁৱাৰ ওপৰত নিৰ্ভৰশীল। “আমাৰ খেতিখনৰ বাবে এয়া যথেষ্ট। তিনি ইঞ্চিৰ নল লগাই এবাৰত দুঘণ্টা মটৰ চলাও, কেতিয়াবা খুব বেছি পাঁচ ঘণ্টা চলাও,” তেওঁ কয়। “মটৰ চলাই মই ইফালে-সিফালে ঘূৰি ফুৰিব নোৱাৰো…”

২০০০ৰ পৰা ২০১০ৰ ভিতৰত জলসিঞ্চনৰ ক্ষমতা বাঢ়িছে বুলি ড. ৰেংগালক্ষ্মীয়ে কয়। “অধিক অশ্বক্ষমতাসম্পন্ন ব’ৰৱেল সকলোতে উপলব্ধ। তাৰোপৰি ড্ৰিলিং মেচিনো তেনেই সহজতে পোৱা যায়। তামিলনাডুৰ তিৰুচেংগোড় ব’ৰৱেল ৰিঙৰ বাবে কেন্দ্ৰ আছিল। কেতিয়াবা খেতিয়কে প্ৰতি তিনি-চাৰি বছৰত নতুনকৈ ব’ৰৱেল বহুৱায়। তেওঁলোকে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি চলাহেঁতেন কেৱল তিনিৰ পৰা পাঁচ মাহ খেতি কৰিব পাৰিলেহেঁতেন। জলসিঞ্চনৰ কাৰণে তেওঁলোকে নিয়মিত কাম কৰিব পাৰিছিল আৰু উৎপাদন কমা নাছিল। সেয়া ধানখেতিৰ বাবে আছিল নতুন দিক্। ১৯৭০ৰ আগলৈকে এয়া আছিল উৎসৱৰ শস্য। এতিয়া ঘৰে ঘৰে ৰন্ধা হয়। ৰাজহুৱা বিতণ ব্যৱস্থাৰ ব্যাপক উপলব্ধতাইও চাউলৰ বৰ্দ্ধিত ব্যৱহাৰৰ অন্যতম কাৰণ।”

তামিলনাডুৰ মুঠ খেতিপথাৰৰ ৩৫ শতাংশত ধানখেতি হয়। কিন্তু কিমানজন কৃষকে জৈৱিক পদ্ধতিত দেশীয় প্ৰজাতিৰ ধানৰ খেতি কৰে?

ভাল প্ৰশ্ন কৰিছে, লেনিনে হাঁহি মাৰি কয়। “এতিয়া এক্সেল শ্বীটত যদি হিচাপ কৰি চায়, আপুনি দেখিব যে পৰম্পৰাগত প্ৰজাতিৰ ধানখেতি মুঠ জলসিঞ্চিত ভূমিৰ ১ কি ২ শতাংশত কৰা হয়। বাস্তৱত হয়তো তাতোকৈ কম। তাৰ মাজতো এটাই ভাল যে সেইবোৰ গোটেই ৰাজ্যখনত বিয়পি আছে।”

কিন্তু আধুনিক প্ৰজাতিৰ ধানখেতি যিয়ে কৰে, তেওঁলোকক কি ধৰণৰ প্ৰশিক্ষণ লয়? “গোটেই প্ৰচেষ্টাটোৱেই উৎপাদন বঢ়োৱাৰ। সমানে সমানে আয় বৃদ্ধি। প্ৰতিটো নিৰ্দেশেই ‘অধঃক্ৰম’ত আহে, চেন্নাই নাইবা কইম্বটৰৰ পৰা বিভিন্ন ব্লকলৈ আৰু তাৰপিছত প্ৰতিজন খেতিয়কলৈ। এয়া কি তেওঁলোকৰ চিন্তাশক্তিক অৱৰোধ কৰি ৰখাৰ উপায় নহয়নে?” লেনিনে প্ৰশ্ন কৰে।

মূল্য সংযোজনৰ প্ৰসংগত ওলালেহে তেওঁলোকে পদ্ধতিটো ‘উৰ্ধক্ৰম’ ৰূপ লয়, তেওঁ কয়। “আমাক নিৰ্দেশ দিয়া হয় - চাউল প্ৰচেছ কৰা, পেকেট কৰা আদি…” উৎপাদন আৰু মুনাফাৰ উপৰিও জোৰ দিয়া হয় যাতে খেতিয়কজনৰ চিন্তাত আউল লগা পৰিৱেশ এটা কায়েম হৈ থাকে।

PHOTO • M. Palani Kumar

লেনিন আৰু তেওঁৰ বন্ধুবৰ্গই ধানৰ বিভিন্ন প্ৰজাতি হাতত লৈ ফটো উঠিছে

জৈৱিক কৃষকগোষ্ঠী মানুহক প্ৰভাৱ পেলাবপৰা বৈচিত্ৰ, স্থায়িত্ব আৰু অন্যান্য বিষয়বোৰৰ ওপৰত যে আগ্ৰহী, সেই কথা লেনিনে কয়। “সকলো সমান অংশগ্ৰহণকাৰীয়ে খেতি কিম্বা চাউলৰ ওপৰত আলোচনা কৰা হ’ব নালাগেনে? কৃষকসকল অভিজ্ঞতাৰ ফালৰ পৰা আটাইতকৈ সমৃদ্ধ, তেওঁলোকক আলোচনাৰ পৰা বাহিৰত কিয় ৰাখে?” তেওঁ প্ৰশ্ন কৰে।

তিৰুবনমালাইত জৈৱিক কৃষি অতিকৈ জনপ্ৰিয়, “বিশেষকৈ তৰুণ পুৰুষচামৰ মাজত। ২৫ৰ পৰা ৩০ বছৰ বয়সৰ প্ৰায় অৰ্ধসংখ্যকে ৰাসায়নিকবিহীন খেতি কৰে,” লেনিনে কয়। সেয়ে তৃণমূল পৰ্য্যায়ত কাম-কাজ ইমান জোৰদাৰ চলে। জিলাখনত ভালেকেইজন বাট দেখুওৱা মানুহ আছে। “মাটিৰ মালিকৰ পৰা আৰম্ভ কৰি এটুকুৰাও মাটি নথকা খেতিয়কৰ পৰাও আমি বহুকথা শিকিব পাৰিছো!” কলচপ্পকম মঞ্চৰ প্ৰতিষ্ঠাতা ভেংকটচমল আইয়া, তামিলনাডুৰ জৈৱকৃষিৰ জনক নাম্মলভাৰ, দাৰ্শনিক তথা জৈৱ-কৃষক মীনাক্ষী সুন্দৰম আৰু এই জিলাৰ যুৱ প্ৰজন্মৰ ব্যক্তিগত অনুপ্ৰেৰণাদায়ী কৃষিবিজ্ঞানী ড. বি. আৰিভুডই নাম্বি - এইকেইজনৰ ভূমিকাৰ কথা বিশেষভাৱে উল্লেখ কৰে লেনিনে। তেওঁ কয়, “এনে কিছু বিখ্যাত মানুহে আমাক হাতত ধৰি শিকাইছে।”

বহু কৃষকৰ আয়ৰ অতিৰিক্ত উৎস (অ-কৃষিজাত) আছে। “তেওঁলোকে জানে যে খেতিৰ পৰা পোৱা পইচা পৰ্য্যাপ্ত নহয়।” অতিৰিক্ত পইচাৰে তেওঁলোকে সংসাৰৰ ইটো-সিটো খৰছ উলিয়ায়।

খেতিয়কৰ শিকা কেতিয়াও শেষ নহয়, লেনিনে এইষাৰ কথা মোক ২০২৪ৰ মাৰ্চত মোৰ তৃতীয়টো সাক্ষাতৰ সময়ত কৈছিল। “অভিজ্ঞতাই মোক শস্যৰ বিষয়ে শিকাইছে, কোনবিধ প্ৰজাতিৰ শস্যবোৰ ওখ, কোনবোৰৰ ফলন বেছি, কোনবিধ শস্য বৰষুণ নহ’লেও বাছি থাকিব পাৰে। মই ফ’ৰ চি ফ্ৰেমৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰোঁ - কনজাৰ্ভেচন, কাল্টিভেচন, কনজাম্পচন এণ্ড কমাৰ্চ (সংৰক্ষণ, কৃষি, ভোগ আৰু বাণিজ্য)।”

আমি ছাঁ এৰি তেওঁৰ খেতিলৈ আগবাঢ়িলো। বেছিদূৰত নহয়, কলামাহৰ পথাৰখন পাৰ হৈ, কুঁহিয়াৰৰ খেতিখন পাৰ হৈ, বেংছটাৰ দৰে গজি উঠা সমতল-চাদৰ ঘৰবোৰ পাৰ হৈ তেওঁ খেতিপথাৰখন। “এই ঠাইৰ মাটি এতিয়া বৰ্গফুট হিচাপত বিক্ৰী হয়,” লেনিনে হুমুনিয়াহ কাঢ়ি কয়। “সমাজতান্ত্ৰিক মনৰ মানুহো এতিয়া পুঁজিবাদৰ পাল্লাত পৰিছে।”

তেওঁ ২৫ শতক (১ একৰ এক-চতুৰ্থাংশ) মাটিত পূংকাৰ ধানৰ খেতি কৰে। “আন এজন খেতিয়কক পূংকাৰ ধানৰ বীজ দিছিলো। তেওঁ শস্য চপোৱাৰ পিছত মোক ঘূৰাই দিলে।” এই বিনামূল্যে আদান-প্ৰদানৰ ফলত বীজৰ পৰিমাণ বাঢ়ি থকাটো নিশ্চিত হয়।

আন এটুকুৰা মাটিত তেওঁ ভাৰাইপূ চাম্বা নামে এবিধ ধানৰ প্ৰজাতিৰ খেতি কৰিছে। “কাৰ্থি আন্না নামে আৰু এজন সংৰক্ষক আছে, তেওঁ মোক এই বীজ দিছিল।” পকাধানৰ শীহ এটা হাতৰ তলুৱাত লৈ লেনিনে কয়, “আন প্ৰজাতিৰ ধানৰ খেতি এৰি আমি এইবোৰ আৰম্ভ কৰিব লাগিব।” ধানৰ শীহবোৰ লগ লাগি দেখাত ঠিক ভাৰাইপূ (কলফুল)ৰ দৰে হৈ পৰিছে, যেন কোনো সোণাৰীয়ে হাতেৰ বনোৱা গহণাৰ ডিজাইন এটাহে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

লেনিনে আমাক ভাৰাইপূ নামে এবিধ পৰম্পৰাগত ধানখেতি এডৰা দেখুৱাইছে

চৰকাৰেও জৈৱ কৃষি আৰু থলুৱা প্ৰজাতিবোৰ জনপ্ৰিয় কৰিলৈ চেষ্টা কৰি আছে। সেই প্ৰচেষ্টা চৰকাৰী বৈচিত্ৰ মেলা আৰু প্ৰশিক্ষণ কাৰ্যসূচীবোৰত দেখা গৈছে, লেনিনে কয়। “ৰাতিটোৰ ভিতৰতে একো সলনি কৰিব নোৱাৰি। তেওঁলোকে হঠাতে গোটেইবোৰ সাৰ কাৰখানা আৰু বীজৰ দোকান বন্ধ কৰি দিব নোৱাৰে, পাৰিব জানো? দিন সলনি হ’ব, ধীৰে ধীৰে,” তেওঁ কয়।

তামিলনাডুৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী এম আৰ কে পনীৰচেলভামে তেওঁৰ ২০২৪ৰ কৃষি বাজেটৰ ভাষণত কৈছে যে নেল জয়ৰমণ মিছন অৱ কনজাৰ্ভেছন অৱ ট্ৰেডিচনেল পেডি ভেৰাইটিজৰ অধীনত “২০২৩-২০২৪ত ২০,৯৭৯ কৃষকে ১২,৪০০ একৰ মাটিত থলুৱা প্ৰজাতিৰ খেতি কৰি লাভান্বিত হৈছে।”

এই মিছন প্ৰয়াত নেল জয়ৰমণৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি বুলি ক’ব লাগিব। তেঁৱেই চেভ আৱাৰ ৰাইচ কেম্পেইনৰ অংশ হিচাপে ২০০৭ত নেল তিৰুভিড়া বুলি এক থলুৱা ধানৰ বীজ বিনিময়ৰ উৎসৱ তামিলনাডুত আৰম্ভ কৰিছিল। “১২ বছৰ তেওঁ আৰু তেওঁৰ অনুগামীসকল, উদ্যমী জৈৱিক কৃষক আৰু বীজৰক্ষক - সকলোৱে মিলি প্ৰায় ১৭৪ বিধ প্ৰজাতিৰ ধান সংগ্ৰহ কৰিছে, যাৰ অধিকাংশই বিলুপ্ত হোৱাৰ পথত আছিল।”

কৃষক আৰু ক্ৰেতাসমাজৰ মাজত থলুৱা প্ৰজাতিৰ ধানক জনপ্ৰিয় কৰি তুলিবলৈ কি কৰিব লাগিব, লেনিনে সেয়া ভালদৰে জানে। “এই সকলোৰে কেন্দ্ৰস্থলত আছে সংৰক্ষণ, য’ত ক্ষুদ্ৰ এলেকাত ধানৰ বীজ ৰোপণ কৰা হয়। জিনীয় বিশুদ্ধতা আৰু প্ৰজাতি ৰক্ষা কৰাটোৱেই মূল প্ৰচেষ্টা। উৎপাদনৰ ক্ষেত্ৰত মূল লক্ষ্য হ’ব লাগিব বিস্তাৰ লাভ, যিটোৰ বাবে সামাজিক সহায়তাৰ আৱশ্যকতা আছে। শেষৰ দুটা চি মানে কনজাম্পচন আৰু কমাৰ্চ একেলগে কৰিবলগীয়া। আপুনি বজাৰ সৃষ্টি কৰিব আৰু গ্ৰাহকৰ ওচৰলৈ লৈ যাব। উদাহৰণ স্বৰূপে আমি চিৰাগা চাম্বাৰ পৰা আৱল (চিৰা) বনাবলৈ যত্ন কৰিছিলো। বৰ জনপ্ৰিয় হৈছিল,” তেওঁ আনন্দৰে কয়। “এতিয়া আমি হেৰাই যোৱা প্ৰক্ৰিয়া পুনৰাই লোকপ্ৰিয় কৰাৰ চেষ্টা কৰিছো।”

তামিলনাডুত চিৰাগা চাম্বাৰ বজাৰ অত্যন্ত ভাল, লেনিনে কয়। “তেওঁলোকে বিৰিয়ানিত বাচমতি চাউলৰ পৰিৱৰ্তে এই চাউল বিচাৰে। সেয়ে বাচমতি ধান প্ৰচেচিঙৰ কোনো কাৰখানা তাত নাই।” কথাৰ মাজতে দূৰত হৰ্ণ বাজি উঠিল, যেন কোনোবাই চিৰাগা চাম্বাৰ হৈ জয়ধ্বনি দিছে। একেদৰেই কৃষকসমাজে কাৰুপ্পু কাভুনিৰ তুলনা কৰিছে ধোনিৰ চিক্সাৰৰ সৈতে। তাতে অংকৰ খেলিমেলি হোৱাৰ সামান্য শংকা আছে।

“ধৰা হ’ল কাৰোবাৰ বহুত খেতিমাটি আছে আৰু আটাইখিনিতে কাৰুপ্পু কাভুনিৰ খেতি কৰিলে, এই ধৰক ২,০০০ বস্তা। তেতিয়া ৰাতিটোৰ ভিতৰতে চাউলবিধৰ দাম কমি যাব আৰু গোটেই কাৰবাৰটোৱেই খেলিমেলি হৈ যাব।” ক্ষুদ্ৰ খেতিমাটিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল সেইবোৰ বৈচিত্ৰতাৰে পূৰ্ণ আৰু পৰিমাণত কম - সেইটোৱেই হঠাতে আটাইতকৈ নেতিবাচক দিশ হৈ উঠিব পাৰে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: লেনিনে খেতি কৰা কাৰুপ্পু কাভুনি ধান। সোঁফালে: ফ’ৰামত বিক্ৰী হৈছে পলিচ নকৰা চাউল ইল্লাইপ্পু চাম্বা

*****

উৎসাহ প্ৰদানৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে অৰ্থনৈতিক আৰু সেয়া বুজাটোও আটাইতকৈ সহজ। জৈৱিক প্ৰক্ৰিয়াৰে দেশজ প্ৰজাতিৰ ধানখেতি কৰাটোত লাভ আছে জানো? “হয়, আছে,” মৃদুভাবে অথচ দৃঢ়তাৰে উত্তৰ দিয়ে লেনিনে।

এক একৰত প্ৰায় ১০,০০০ টকা লাভ হয়, লেনিনে হিচাপ কৰি কয়। “থলুৱা প্ৰজাতিৰ ধানৰ জৈৱিক পদ্ধতিৰে কৰা খেতিত খৰছ হয় প্ৰায় ২০,০০০ টকা। ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি কৰা খেতিত ৩০ৰ পৰা ৩৫ হাজাৰ টকা খৰছ হয়। উৎপাদন সমানুপাতিক। থলুৱা প্ৰজাতিৰ ধানৰ ফলন ৭৫ কিল’ৰ ক্ৰমে ১৫ আৰু ২২ কিল’। আধুনিক প্ৰজাতিৰ ধান হ’লে ৩০ বস্তা।”

লেনিনে নিজে কাম কৰি খৰছৰ পৰিমাণ কমাই ৰাখে। শস্য কাটি তাক মুঠা কৰা কামটো তেওঁ নিজে কৰে। মৰণা মৰা আৰু দানাবোৰ আঁতৰাই বস্তাত ভৰোৱা কামটোও কৰে। এনেকৈ তেওঁৰ প্ৰতি একৰত ১২ হাজাৰ টকা বাচে। কিন্তু এই পৰিশ্ৰমৰ ক্ষেত্রত তেওঁ ৰোমাণ্টিকতাৰ ছাঁ নপৰক, সেইটো ক্ষেত্রতো সতৰ্ক। “মই ভাবো যে আৰু বেছি পৰিমাণে স্থানীয় তথ্যৰ দৰকাৰ। এই ধৰক ৩০ শতক মাটিত মাপিলাই চাম্বাৰ দৰে স্থানীয় প্ৰজাতিৰ আন খেতি কৰি হাতে কৰা আৰু মেচিনে কৰা খেতিৰ খৰছৰ পাৰ্থক্য কিমান, সেয়া জনা দৰকাৰ।” তেওঁ এটা কথাত খুবেই স্পষ্ট যে যান্ত্ৰিকীকৰণ হ’লে খাটনি কমিব যদিও খৰছ নকমে। “খৰছ কমিলেও সেয়া শেষত গৈ খেতিয়কৰ হাতত নাথাকে। উৰি যায়।”

মুনাফা বস্তুটো অন্যভাৱে বুজিব লাগিব, লেনিনে দেৱল দেৱৰ প্ৰসংগ উলিয়াই কয়। “আপুনি যদি খেৰ, তুঁহ, চিৰা, শস্যৰ দানা আৰু চাউল আদি যোগ দিলে লাভৰ ব্যৱসায়। লাভ হৈছে মাটিখিনিয়ে কিমান উপকাৰ হৈছে সেয়া। মাণ্ডিত গৈ ধান বিক্ৰী কৰাতেই হিচাপটো সীমাবদ্ধ কৰি ৰাখিলে নহ’ব।”

থলুৱা প্ৰজাতিৰ ক্ষেত্রত প্ৰচেচিং ন্যূনতম। “জৈৱ পণ্য নিখুঁত হ’ব বুলি গ্ৰাহকে আশা নকৰে।” এই কথাই কৃষকে সকলোতে বুজাই কয়। কয় যে আপেলৰ আকাৰ গোল নহ’বও পাৰে, গাজৰ মসৃণ নহ’বও পাৰে, চাউলৰ আকাৰ বা ৰং একে নহ’বও পাৰে। কিন্তু সেয়া পৰিপূৰ্ণ। দেখাত বেয়া হ’লেই সেয়া বাতিল কৰিবলগীয়া কোনো কথা নাই।

কিন্তু আৰ্থিক দিশত আগবাঢ়িবলৈ হ’লে সৰবৰাহৰ শৃংখলৰ যত্ন লোৱাটো খুবেই গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়। নহ’লে ফচলৰ অৰ্থনৈতিক দিশটো দুৰ্বল হৈ ভাঙি পৰিব। এইক্ষেত্রত লেনিনে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুবছৰ পাৰ হৈ গ’ল, তেওঁ স্থানীয় খেতিয়কে উৎপাদন কৰা থলুৱা ধান তেওঁৰ গুদামঘৰৰ পৰা সৰবৰাহ কৰি আহিছে। ১০ বাই ১১ ফুটৰ সৰু চালিঘৰ, কিন্তু ছয় মাহত ৬০ টন চাউল বিক্ৰীত সহায় কৰিছে তেওঁ। তেওঁক গ্ৰাহকে বিশ্বাসো কৰে, জানেও। “মই মেলে-মিটিঙে কোৱা কথা তেওঁলোকে শুনে, মোৰ ঘৰ ক’ত, কাম কেনে সেয়া জানে। সেয়ে সিহঁতে নিজৰ শস্য ইয়ালৈ আনে আৰু মই যেতিয়া বিক্ৰী কৰোঁ, তেতিয়া সিহঁতক পইচা আদায় দিবলৈ কৈ যায়।”

PHOTO • M. Palani Kumar

মৰণা মাৰিবলৈ সাজু কৰি থোৱা ধান

PHOTO • M. Palani Kumar
PHOTO • Aparna Karthikeyan

বাওঁফালে: লেনিনে মাৰাক্কাৰে ধান জুখি থয়। সোঁফালে: ডেলিভাৰি কৰিবলৈ লেনিনে ভিগ্নেশৰ বাইকত চাউলৰ বস্তা বান্ধিছে

তেওঁৰ গ্ৰাহকে গোটেই দিনটো তেওঁ ফোন কৰি থাকে, মেচেজ দি থাকে। কামটো কঠিন। জিৰোৱাৰ অকণমানো আহৰি নাই। তেওঁ নিজে ধান জুখি, বস্তাত ভৰাই কেতিয়াবা নিজেই গৈ তিৰুবনমালাই, অৰণি, কান্নামংগলম চহৰত দি আহেগৈ।

লেনিনৰ কেতিয়াবা অপ্ৰত্যাশিত গ্ৰাহকো থাকে। “সাৰ বিক্ৰী কৰা, বৰ্ণসংকৰ প্ৰজাতিৰ বীজ বিক্ৰী কৰাসকলো তেওঁৰ গ্ৰাহক, তেওঁলোকে মোৰ পৰা বীজ কিনে,” লেনিনে ব্যংগ কৰি কয়। “এগ্ৰি ইনপুট কোম্পানীৰ মালিকে আমাক কয়, আমি যেন নাম নথকা বস্তাত চাউল ভৰাই তেওঁলোকৰ দোকানত থৈ আহো। তেওঁলোকে মোক জি-পে কৰি পইচাটো দিয়ে। তেওঁলোকে এই কাম মনে মনে কৰাটো বিচাৰে।”

মাহে ৪-৮ লাখ টকাৰ লেনদেন কৰে লেনিনে। লাভ থাকে প্ৰায় ৪-৮ হাজাৰ টকা। লেনিনে অৱশ্যে এই লৈ সুখী। “মই চহৰত চাউল মজুত কৰিবলৈ ৰুম এটা ভাৰা লওঁতে খৰছ বাঢ়ি গৈছিল। ভাৰা বেছি আছিল। পথাৰৰ পৰা আঁতৰি থকাটো টান কাম আছিল, সহায় কৰিবলৈ কাৰোবাক ৰখাটোও মুখৰ কথা নহয়। তেতিয়া মই থকা ঠাইৰ কাষতে এটা ধান বনা মিল আছিল, দেখি আচৰিত মানিছিলো। তেওঁলোকৰ ভালেকেইটা শাখা আছিল আৰু চকচকীয়া মেচিন-পাতি আছিল। মিলটোত সোমাবলৈকো সংকোচ লাগিছিল। পিছত জানিব পাৰিলো যে তেওঁলোকৰ কোটিৰ ঘাইত ধাৰত পোত গৈ আছে।”

আগৰ প্ৰজন্মই ঐতিহ্যবাহী ধানৰ প্ৰচাৰ কৰি একো লাভ নাপালে, লেনিনে কয়। “মোৰ লাভ কম, প্ৰকৃতিৰ লগত থাকো, পৰিৱেশৰ কম ক্ষতি কৰোঁ আৰু হেৰাই যোৱা থলুৱা প্ৰজাতিবোৰ উদ্ধাৰৰ প্ৰচেষ্টা কৰোঁ।” ভাল পাবলগীয়া কিনো নাই, তেওঁৰ হাঁহিয়েই উত্তৰ।

লেনিনৰ হাঁহিটো বাৰে বাৰে চকুৱে-মুখে বিয়পি পৰে। নিজৰ পৰিকল্পনাৰ কথাবোৰ কওঁতে তেওঁৰ চকুজুৰি উজ্জ্বল হৈ পৰে। তেওঁ পাঁচ বছৰত পৰিৱৰ্তনৰ আনিব বিচাৰে: বীজ, বাণিজ্য, কিতাপ, হস্তশিল্প আৰু পৰিৱৰ্তন।

দুটা কুকুৰে খেতিখনত দৌৰি ফুৰিছে আৰু আমাৰ কথা শুনিছে। “মেকুৰীয়ে খেতিয়কক বহুত সহায় কৰে,” মই ফটো লৈ থকাৰ মাজতে লেনিনে কয়। “বিশেষকৈ যদি সিহঁত নিগনি ধৰাত পাকৈত হয়।” সৰু কুকুৰটোৱে কথাৰ মাজতে জিভা উলিয়াই আমালৈ চাই আছে।

*****

২০২৪ৰ মাৰ্চৰ মাহিলী মিটিঙত কলচপক্কম ফ’ৰামৰ জৈৱিক কৃষকসকলে আন্তৰ্জাতিক নাৰী দিৱস পাল কৰিলে ৫ তাৰিখে, তিনিদিন আগত। পুৰুষসকলে মিটিঙত পিছৰ শাৰীত বহিছিল। বক্তব্য ৰাখিছিল মহিলাসকলে। সুমতি দেৱী পুৰুষ খেতিয়কক প্ৰশ্ন কৰিছিল: আপোনাৰ পৰিয়ালৰ সকলো মহিলাৰ নিজৰ নামত মাটি আছেনে, আপোনাৰ পত্নী, ভণ্টি আদিৰ নামত? থকাহেঁতেন আজি এই সভাত মহিলাৰ সংখ্যা আৰু অধিক হ’লহেঁতেন, নহয়নে?” তেওঁৰ প্ৰশ্নক সকলোৱে হাতচাপৰিৰে সম্ভাষণ জনালে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

কলচপক্কম জৈৱিক ফ’ৰামৰ ২০২৪ৰ ৫ মাৰ্চৰ সভা বহিছে, সেইদিনা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে

PHOTO • Sabari Girisan
PHOTO • Aparna Karthikeyan

কলচপক্কমৰ শুকুৰবৰীয়া বজাৰ, তাত খেতিয়কে পোনপটীয়াকৈ গ্ৰাহকক নিজৰ পণ্য বিক্ৰী কৰিছে, ২০২৩ৰ জুলাই

“আমি প্ৰতিবছৰে নাৰী দিৱস উদযাপন কৰিম,” ৰাজেন্দ্ৰন আন্নাই ঘোষণা কৰে। সকলোৱে হাতচাপৰি বজালে। তেওঁৰ আন আন পৰিকল্পনাও আছে। সাপ্তাহিক বজাৰখন শুকুৰবাৰে আৰম্ভ হয়। সেযা দুবছৰ আগতে আৰম্ভ কৰা হৈছিল, সফলো হৈছে। কাষৰ গাঁৱৰ দহজনমান খেতিয়কে কলচপক্কমৰ স্কুল এখনৰ বিপৰীতে তেতেলী গছৰ ছাঁত বহি তাত নিজৰ উৎপাড়িত সামগ্ৰী বিক্ৰী কৰে। বাৰ্ষিক বীজ উৎসৱৰ তাৰিখবোৰ নিৰ্ধাৰিত, তামিল আদি মাহৰ (ইংৰাজীৰ জুলাইৰ মাজভাগৰ পৰা আগষ্টৰ মাজভাগলৈকে) বীজ সিঁচাৰ ঋতুৰ আগত। জানুৱাৰী মাহত অনুষ্ঠিত হয় খাদ্যৰ উৎসৱ। “মে’ত মহাপঞ্চায়ত অনুষ্ঠিত কৰোঁ আহক,” ৰাজেন্দ্ৰন আন্নাই কয়। “আমি বহুত কথা পতাটো দৰকাৰ, আৰু বেছি কাম কৰিবলগীয়া আছে।”

অৱশ্যে কেতবোৰ এনে বিষয়ো আছে যিবোৰ খোলাখুলিকৈ আলোচনা কৰিব নোৱাৰি। কৃষকৰ দৃষ্টিত ধানৰ সন্মান বহুত, কিন্তু সমাজৰ চকুত কৃষকৰ সন্মান নাই, লেনিনে কয়। “চিনেমাতে চাওকচোন। নায়কবোৰ সদায়েই ডাক্তৰ, ইঞ্জিনিয়াৰ আৰু উকীল। খেতিয়ক ক’ত?” ৰাজেন্দ্ৰনে কয়। “বিয়াৰ বজাৰখনত কৃষকৰ স্থান এইবোৰেই পিছুৱাই নিছে,” লেনিনে যোগ দিয়ে।

“আমাৰ দৰে খেতিয়কৰ মাটি থাকিলেও, ডিগ্ৰী থাকিলেও (কেতিয়াবা দুটা ডিগ্ৰী থাকিলেও), ভাল পইচা উপাৰ্জন কৰিলেও খেতিয়ক কাৰণেই আমাক মানুহে ছোৱালী দিবলৈ সংকোচ কৰে,” লেনিনে কয়। “কৃষি নিজেই ইমান অনিশ্চয়তাৰে ভৰি পৰিছে যে মেট্ৰিমনিয়েল ছাইটত আপুনি কোনো কৃষক পাত্ৰ বিচৰা মানুহ নাপাব।”

স্বেচ্ছাই কৃষক আৰু সৰবৰাহকাৰী হিচাপে কাম কৰে লেনিনে। তেওঁ মন কৰে যে অসংখ্য সামাজিক সমস্যাৰ সমাধান লুকাই আছে বৈচিত্ৰকৰণত, “জীৱন আৰু জীৱিকা দুয়োটাতে সম্পদ বৃদ্ধি হ’লে সাফল্যৰ সম্ভাৱনাও বাঢ়ি যায়।”

আপুনি একাধিক প্ৰজাতিৰ যেতিয়া খেতি কৰে আৰু বিক্ৰী কৰে, তেতিয়া ৰিস্ক কমি যায়। “এনেকৈয়ে আকৌ আপুনি জলবায়ু পৰিৱৰ্তনকো ৰোধ কৰিব পাৰে,” তেওঁ কয়। তাৰপিছত কিছুমান নিৰ্দিষ্ট উদাহৰণ আৰু বৃদ্ধিকালৰ মাধ্যমত এই বিষয়টো ভালদৰে আমাক বুজাই দিলে, “বহুতৰেই এটা ভুল ধাৰণা আছে যে আধুনিক ভেৰাইটিৰ ধান সোনকালে ডাঙৰ হয় আৰু থলুৱা ধানখেতিত বেছি সময লাগে। এইটো একেবাৰে বাজে কথা,” তেওঁ কয়। “থলুৱা বীজৰ ফচলচক্ৰ হ্ৰস্ব আৰু দীৰ্ঘ থাকে। য’তনেকি বৰ্ণসংকৰ প্ৰজাতিৰ বীজবোৰৰ ফচলচক্ৰ মধ্যমীয়া। বছৰত এবাৰ বা দুবাৰ শস্য চপাব পাৰি।”

থলুৱা ধানৰ প্ৰজাতিৰ সংখ্যাও আপেক্ষিকভাৱে বহুত বেছি। “কিছুমান উৎসব আদিৰ বাবে কৰা হয়, কিছুমান ঔষধি। তাৰ উপৰিও কিছুমানে বহুত সহনশীল, কীট-পতংগই সহজতে আক্ৰমণ কৰিব নোৱাৰে আৰু অধিক লুণীয়া মাটিতো হয় আৰু খৰাঙো সহিব পাৰে।”

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

লেনিনে কৰা দুবিধ থলুৱা ধানৰ প্ৰজাতি: কুতিৰাই ভাল চাম্বা (বাওঁফালে) আৰু ৰথচালি (সোঁফালে)

জলবায়ুগত পৰিস্থিতি য’ত কঠিন, তাত বিচিত্ৰতাও বেছি, ড. ৰেংগালক্ষ্মীয়ে কয়। “উপকূলবৰ্তী তামিলনাডুৰ কথাই ভাবকচোন, বিশেষকৈ কুৰালোৰ জিলাৰ ৰামনাথপুৰম জিলাৰ ভিতৰত, য’ত লুণীয়া মাটি আৰু মাটিৰ গঢ়ে ভালেমান অনন্য প্ৰজাতিৰ ধানৰ সৃষ্টি কৰিছে। সেই ধান চপোৱাৰ সময়ো বিভিন্ন। যেনে ধৰক নাগপট্টিনম আৰু বেদাৰণ্যম এলেকাৰ মাজত পৰা অঞ্চলটোত কুৰিভেদিচান সহ ২০ টা প্ৰজাতিৰ ধানখেতি হয়।”

“নাগাপট্টিনম আৰু পুমপুহাৰৰ মাজত এখন ঠাই আছে য’ত কালুৰুন্দইকে ধৰি বিভিন্ন প্ৰজাতিৰ ধানে স্থানীয় জলবায়ুৰ সৈতে ভালদৰেই মিলি থাকে আৰু অতীতত এই প্ৰজাতিবোৰৰ খেতি কৰা হৈছিল ক্ষুদ্ৰ কৃষি-জৈৱতন্ত্ৰ নিয়ন্ত্ৰণৰ হেতু। এই বীজবোৰ উত্তৰাধিকাৰ বুলি ধৰা হয়। পৰৱৰ্তী ঋতুৰ বাবে সংৰক্ষণ কৰি ৰখা হয়। কিন্তু এতিয়া বাহিৰৰ পৰা বীজ আমদানি হোৱাৰ ফলত সেই বীজবোৰ সংৰক্ষণৰ অভ্যাসটো কৃষকৰ নাইকিয়া হৈ গ’ল।” জলবায়ু পৰিৱৰ্তনৰ ওপৰত ভালেখিনি গুৰুত্ব দিয়া হয় যদিও তেনে এক সময়তে আমি “বীজগত বৈচিত্ৰৰ জ্ঞান আজি লুপ্ত,” ড. ৰেংগালক্ষ্মীয়ে বুজাই কয়।

লেনিনে কয়, সৰু সৰু খেতিপথাৰ, য’ত একাধিক খেতি হয়, সেয়াই জৈৱবৈচিত্ৰ বজাই ৰাখে। “এয়া যান্ত্ৰিক পদ্ধতি আৰু বৃহৎ বজাৰ ব্যৱস্থাই তেওঁলোকৰ ভিত্তি দুৰ্বল কৰি তুলিছে। এতিয়াও বৰ্ষানিৰ্ভৰ অঞ্চলত যে সকলো খেতি কৰা সম্ভৱ, সেয়া আজি জলবায়ু পৰিৱৰ্তনে বিপন্ন কৰি পেলাইছে। ৰাগি, তিল, মগুমাহ, বিভিন্ন বিন, যৱধান, জোৱাৰ… আদি অসাধাৰণ শস্যৰ খেতি কৰিব পাৰি। কিন্তু যেতিয়া খেতিয়কে ঔদ্যোগিক কৃষিজাত প্ৰক্ৰিয়াৰ পিছ লৈছে, আৰু যান্ত্ৰিক পদ্ধতিৰ কৃষিকৰ্মই কৃষিৰ সামাজিক পটভূমিৰ ঠাই দখল কৰিছে, তাতেই জ্ঞান খহনীয়াৰ গৰাহত পৰিছে,” লেনিনে কয়।

দক্ষতা হেৰাই যোৱাটোৱেই আটাইতকৈ ডাঙৰ ক্ষতি। ইয়াত ব্যৱহাৰিক জ্ঞান অদৰকাৰী বুলি কোৱা হোৱা নাই। বৰঞ্চ জ্ঞান আৰু দক্ষতা আজি পিছপৰা বুলি ধৰা হয়। “আৰু যাৰ জ্ঞান আছে, সি ভুলক্ৰমেও এই পথত নাহে। এই ধ্বংসাত্মক বিশ্বাসে অনেক খেতিয়কক লোকচক্ষুৰ পৰা আঁতৰাই নিছে,” লেনিনে কয়।

লেনিনে মনৰ অন্তঃকৰণেৰে বিশ্বাস কৰে যে সমাধান আছে। “আমি এই অঞ্চলৰ আচল থলুৱা প্ৰজাতিবোৰ চিনাক্ত কৰিব লাগিব আৰু সেয়া সংৰক্ষণ আৰু খেতি কৰি পুনৰাই আমাৰ কাঁহীখনলৈ আনিব লাগিব। কিন্তু বজাৰ নামৰ ৰাক্ষসটোৰ সৈতে যুঁজিবলৈ তিৰুবনমালাইত অতিকমেও এশজন উদ্যোগী লাগিব,” লেনিনে কয়।

“যোৱা পাঁচটা বছৰত মই এটা সমবায় খুলি ৰাজহুৱা ভিত্তিত খেতি কৰিম বুলি আশা কৰিছো। জানে, যোৱা বছৰত বৰষুণ হোৱা দিন বেছি আছিল আৰু চল্লিশ দিনো ৰ’দ ভালকৈ পৰা নাছিল। ধানবোৰ কেনেকৈ শুকুৱাব? আমাক এটা ড্ৰায়াৰ ফেচিলিটিৰ প্ৰয়োজন। ৰাইজে নখ জোকাৰিলে নৈ ববই।”

দিন যে সলনি হ’ব, তাক লৈ লেনিন নিশ্চিত। তেওঁৰ ব্যক্তিগত জীৱনটো ইতিমধ্যেই সলনি হোৱাৰ উপক্ৰম ঘটিছে। জুনত তেওঁৰ বিয়া। “সেয়া ৰাজনৈতিক পৰ্য্যায়তে হওঁক, নীতিগত স্তৰতেই হওঁক, পৰিৱৰ্তন ধীৰে ধীৰে আহে। শীঘ্ৰ পৰিৱৰ্তন হিতে বিপৰীত হ’ব পাৰে।”

সেইটো কাৰণতে মনে ধৰে যে লেনিন আৰু তেওঁৰ সংগীসকলৰ নীৰৱ আৰু ধীৰগতিৰ বিপ্লৱ এদিন সফল হ’ব…

এই গৱেষণামূলক অধ্যয়ন আজীম প্ৰেমজী ফাউণ্ডেছনৰ ৰিচাৰ্ছ ফাণ্ডিং প্ৰগ্ৰাম, ২০২০ৰ পৃষ্ঠপোষকতাত কৰা হৈছে।

প্ৰচ্ছদ আলোকচিত্ৰ: ধানৰ প্ৰজাতিসমূহ - কুল্লংকৰ, কাৰুদান চাম্বা আৰু কাৰুণচিৰাকা চাম্বা প্ৰজাতিৰ ধান।আলোকচিত্ৰশিল্পী: এম. পালানি কুমাৰ

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

অপর্ণা কার্তিকেয়ন একজন স্বতন্ত্র সাংবাদিক, লেখক এবং পারি’র সিনিয়র ফেলো। তাঁর 'নাইন রুপিজ অ্যান আওয়ার' বইটি গ্রামীণ তামিলনাডুর হারিয়ে যেতে থাকা জীবিকাগুলিরর জলজ্যান্ত দস্তাবেজ। এছাড়াও শিশুদের জন্য পাঁচটি বই লিখেছেন তিনি। অপর্ণা তাঁর পরিবার ও সারমেয়কূলের সঙ্গে বসবাস করেন চেন্নাইয়ে।

Other stories by অপর্ণা কার্তিকেয়ন
Photographs : M. Palani Kumar

এম. পালানি কুমার পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার স্টাফ ফটোগ্রাফার। তিনি শ্রমজীবী নারী ও প্রান্তবাসী মানুষের জীবন নথিবদ্ধ করতে বিশেষ ভাবে আগ্রহী। পালানি কুমার ২০২১ সালে অ্যামপ্লিফাই অনুদান ও ২০২০ সালে সম্যক দৃষ্টি এবং ফটো সাউথ এশিয়া গ্রান্ট পেয়েছেন। ২০২২ সালে তিনিই ছিলেন সর্বপ্রথম দয়ানিতা সিং-পারি ডকুমেন্টারি ফটোগ্রাফি পুরস্কার বিজেতা। এছাড়াও তামিলনাড়ুর স্বহস্তে বর্জ্য সাফাইকারীদের নিয়ে দিব্যা ভারতী পরিচালিত তথ্যচিত্র 'কাকুস'-এর (শৌচাগার) চিত্রগ্রহণ করেছেন পালানি।

Other stories by M. Palani Kumar
Editor : P. Sainath

পি. সাইনাথ পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার প্রতিষ্ঠাতা সম্পাদক। বিগত কয়েক দশক ধরে তিনি গ্রামীণ ভারতবর্ষের অবস্থা নিয়ে সাংবাদিকতা করেছেন। তাঁর লেখা বিখ্যাত দুটি বই ‘এভরিবডি লাভস্ আ গুড ড্রাউট’ এবং 'দ্য লাস্ট হিরোজ: ফুট সোলজার্স অফ ইন্ডিয়ান ফ্রিডম'।

Other stories by পি. সাইনাথ
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das