ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ, সন্ধিয়া ৬ বাজিছে। বেলি ডুবাৰ লগে লগে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা খোলদোড়া গাঁৱত ৰামচন্দ্ৰ দোড়কে (৩৫) দীঘলীয়া নিশাটোৰ বাবে সাজু হৈছে। তেওঁ নিজৰ দূৰলৈ পোহৰ যোৱা, উচ্চ ক্ষমতাৰ ‘কমাণ্ডাৰ’ টৰ্চটো পৰীক্ষা কৰিছে আৰু নিজৰ বিচনা-পত্ৰৰ সামগ্ৰী সাজু কৰিছে।

তেওঁলোকৰ দেখাত তেনেই সাধাৰণ ঘৰৰ পাকঘৰত তেওঁৰ পত্নী জয়শ্ৰীয়ে দাইল আৰু পাচলিৰ তৰকাৰী এখন বনাই আছে। কাষৰ ঘৰৰ ৭০ বছৰ বয়সীয়া ককাক দাদাজী দোড়কেও নিশাৰ প্ৰস্তুতিত ব্য়স্ত। তেওঁৰ পত্নী চাকুবাঈয়ে ৰন্ধা চাউলখিনিৰ বিশেষ এটা সুগন্ধ আছে, সেয়া তেওঁলোকৰ খেতিপথাৰতে কৰা, লগত আছে চাপাটি।

“আমি এতিয়া সাজু,” ৩৫ বছৰীয়া ৰিয়ানে মোক কয়। “আমাৰ খাদ্যখিনি টোপোলা কৰি ল’লেই আমি যাব পাৰিম,” জয়শ্ৰী আৰু চাকুবাঈয়ে নিশাৰ আহাৰৰ বাবে সেইখিনি টোপোলা কৰি দিব বুলি তেওঁ কয়।

দাদাজী আৰু ৰামচন্দ্ৰ, দোড়কেৰ দুটা প্ৰজন্মৰ প্ৰতিনিধি, তেওঁলোক দুয়োজনেই মানা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত)। তেওঁলোক দুজন আজি মোৰ গৃহস্থ। প্ৰথমজন এগৰাকী কীৰ্তনকাৰ, বাবাচাহেব আম্বেদকাৰৰ অনুগামী, আৰু এজন খেতিয়ক। পিছৰজনে পৰিয়ালৰ পাঁচ একৰ মাটিত খেতি কৰে। তেওঁৰ ডাঙৰজন দাদা ভিকাজী অসুস্থ কাৰণে তেওঁ অকলেই খেতি চম্ভালে। ভিকাজী এসময়ত ‘পুলিচ পাটিল’ আছিল, গাওঁ আৰু পুলিচৰ মাজত যোগাযোগ ৰক্ষাৰ কাম কৰা লোক।

আমি নাগপুৰ জিলাৰ ভীৱাপুৰ তহচিলৰ গাঁৱৰ পৰা দুমাইলমান দূৰৈৰ ৰামচন্দ্ৰৰ খেতিপথাৰলৈ জাগলীৰ বাবে যাবলৈ সাজু হৈছো। জাগলী মানে বন্যপ্ৰাণীৰ পৰা শস্যবোৰ ৰক্ষা কৰিবলৈ তেওঁলোকে দিয়া নিশাৰ পহৰা। ৰামচন্দ্ৰৰ ডাঙৰ পুত্ৰ ন বছৰীয়া আশুতোষ আমাৰ সাতজনীয়া দলটোত আছে।

Left to right: Dadaji, Jayashree, Ramchandra, his aunt Shashikala and mother Anjanabai outside their home in Kholdoda village
PHOTO • Jaideep Hardikar

বাওঁফালৰ পৰা সোঁফাললৈ: দাদাজী, জয়শ্ৰী, ৰামচন্দ্ৰ, তেওঁৰ খুৰীয়েক শশীকলা আৰু মাতৃ অঞ্জনাবাইয়ে খোলডড়া গাঁৱৰ নিজ ঘৰৰ বাহিৰত

চহৰীয়াজনৰ বাবে এয়া দুঃসাহসিক অভিযান, কিন্তু চহা এই লোকসকলৰ বাবে এয়া বছৰজোৰা নিত্যনৈমিত্তিক কাম। তেওঁলোকৰ ৰবি শস্য – জলকীয়া, ৰহৰ মাহ, ঘেঁহু, আৰু ক’লা মাহ চপাবৰ হৈছে, সেয়া সুৰক্ষিত কৰি ৰাখিবই লাগিব।

দাদাজীৰ পামখন সিপাৰে আছে। আমি ৰামচন্দ্ৰৰ মাটিত ৰাতিটো পহৰা দিবলৈ যাম। আমাৰ ৰাতিৰ আহাৰ খাম, হয়তো জুই একুৰা ধৰি। শীত কমি আহিছে, আৰু আজি ৰাতি প্ৰায় ১৪ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। ৰামচন্দ্ৰই কয় যে ২০২২ চনৰ ডিচেম্বৰ আৰু ২০২৩ চনৰ জানুৱাৰী মাহত শীত আছিল ব্যতিক্ৰমী। নিশাৰ ভাগত তাপমাত্ৰা ৬-৭ ডিগ্ৰী চেলছিয়াছলৈ নামিছিল।

সতৰ্কতা অৱলম্বন কৰিবলৈ হ’লে পৰিয়ালৰ অন্ততঃ এজন সদস্য ৰাতি ফাৰ্মত থাকিব লাগে। এনেকৈয়ে ২৪ ঘণ্টাই কাম কৰি, আৰু নিশাৰ শীতক নেওচা দি গাঁৱৰ বহু মানুহ অসুস্থ হৈ পৰে। টোপনিৰ অভাৱ, মানসিক চাপ আৰু চৰ্দি-জ্বৰ আৰু মূৰৰ বিষ আহে, ৰামচন্দ্ৰই তেওঁলোকৰ স্বাস্থ্যৰ সমস্যাবোৰ কৈ যায়।

আমি এৰিবৰ সময়ত দাদাজীয়ে পত্নীক চাৰ্ভিকেল বেল্টডাল বিচাৰি মাতে। “ডাক্তৰে মোক এইডাল সকলো সময়তে পিন্ধি থাকিবলৈ কৈছে,” তেওঁ বুজাই কয়।

তেওঁক চাৰ্ভিকেল বেল্টৰ প্ৰয়োজন কিয়, মই সুধি পেলালো।

“কথা পাতিবলৈ গোটেই ৰাতিটো আছে, তেতিয়ালৈ প্ৰশ্নটো আপোনাৰ হাততে ৰাখক।”

কিন্তু ৰামচন্দ্ৰই চেপা হাঁহি এটাৰে কৈ পেলালে, “বুঢ়াটো এদিন খেতিপথাৰৰ ৮ ফুট ওখ টঙিঘৰটোৰ পৰা সৰি পৰিছিল। ভাগ্যে বাচিল, নহ’লে আজি আমাৰ লগত নাথাকিলেহেঁতেন।”

Dadaji Dodake, 70, wears a cervical support after he fell from the perch of his farm while keeping a night vigil
PHOTO • Jaideep Hardikar

ৰাতি পহৰা দিওতে টঙিঘৰৰ পৰা পৰি আঘাত পোৱা ৭০ বৰ্ষীয় দাদাজী দোড়কেয়ে এতিয়া চাৰ্ভিকেল বেল্ট পিন্ধি চলে

*****

খোলদোড়া গাওঁখন নাগপুৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভীৱাপুৰ তহচিলৰ আলেছুৰ গাঁও পঞ্চায়তৰ অংশ। ইয়াৰ সীমাত চন্দ্ৰপুৰ জিলাৰ চিমুৰ তহচিলৰ বনাঞ্চল আছে, সেয়া তাড়োবা আন্ধাৰী টাইগাৰ ৰিজাৰ্ভ (টি.এ.টি.আৰ.)ৰ উত্তৰ-পশ্চিম প্ৰান্তীয় অঞ্চল।

মহাৰাষ্ট্ৰৰ পূব অঞ্চলৰ বিদৰ্ভৰ বনাঞ্চলৰ শ শ গাঁৱৰ দৰেই খোলদোড়াতো বন্যপ্ৰাণীৰ পৰা অশান্তিৰ সৃষ্টি হয় – গাঁৱৰ মানুহে সঘনাই শস্য আৰু গৰু-ম’হ হেৰুৱায়। বেছিভাগ খেতিপথাৰতে বেৰ দিয়া হয় যদিও ৰাতি পহৰা দিয়াটো তেওঁলোকৰ জীৱনৰ অংশ হৈ পৰিছে।

দিনটো মানুহে পথাৰত কাম কৰে, শস্য আপডাল কৰে। কিন্তু ৰাতি বনৰীয়া জন্তুৰ পৰা শস্যখিনি বচাবলৈ প্ৰতিঘৰ মানুহে পহৰা দিয়ে, বিশেষকৈ শস্য চপোৱাৰ সময় অহাত। আগষ্টৰ পৰা মাৰ্চ মাহৰ ভিতৰত এনেকৈ পহৰা দিয়া হয়, আন সময়তো অৱশ্যে পহৰা নিদিয়াকৈ থকা নহয়।

আগবেলাৰ ভাগত যেতিয়া খোলদোড়া গাঁৱত সোমাইছিলো, পথাৰবোৰত নিজান পৰি আছিল, এজনো মানুহ দেখিবলৈ পোৱা নাছিলো। খেতিবোৰ নাইলনৰ শাড়ীৰে মেৰিয়াই বেৰ দি থোৱা আছিল। এতিয়া ৪ বাজিছে, আনকি গাঁৱৰ আলি-গলিবোৰো নিজান পৰিছে, কেইটামান কুকুৰ ইফাল-সিফাল কৰি আছে।

“আবেলি ২ বজাৰ পৰা ৪:৩০ বজালৈ সকলোৱে শোৱে, কিয়নো ৰাতি শুবলৈ পাব নে নাই, তাৰ ঠিকনা নাই,” গাওঁখন কিয় ইমান নীৰৱ হৈ পৰিছে বুলি দাদাজীৰ ঘৰত আহি তেওঁক সোধোতে তেওঁ কয়।

“তেওঁলোকে গোটেই দিনটো খেতিপথাৰলৈ অহা-যোৱা কৰি থাকে। এয়া দিনে-ৰাতিয়ে চলা ডিউটিৰ দৰেই,” তেওঁ মন্তব্য কৰে।

Monkeys frequent the forest patch that connects Kholdoda village, which is a part of Alesur gram panchayat
PHOTO • Jaideep Hardikar
Monkeys frequent the forest patch that connects Kholdoda village, which is a part of Alesur gram panchayat
PHOTO • Jaideep Hardikar

আলেচুৰ গাওঁ পঞ্চায়তৰ এটা অংশৰ সৈতে খোলদোড়া গাওঁখনত সংযোগ কৰা অংশটোত বান্দৰৰ জাক

Left : Villagers in Kholdoda get ready for a vigil at the fall of dusk.
PHOTO • Jaideep Hardikar
Right: A farmer walks to his farm as night falls, ready to stay on guard
PHOTO • Jaideep Hardikar

বাওঁফালে: পথাৰত পহৰা দিব যাবলৈ খোলদোড়া গাঁৱৰ মানুহবোৰ সাজু হৈছে। সোঁফালে: ৰাতি হোৱাত পহৰা দিবলৈ সাজু হোৱা এজন কৃষক তেওঁৰ খেতিপথাৰলৈ আহিছে

সন্ধ্যা নমাৰ লগে লগে গাওঁখন পুনৰ প্ৰাণচঞ্চল হৈ পৰে। তিৰোতাবোৰে ৰন্ধা-বঢ়া কৰে, পুৰুষে নৈশ পহৰাৰ বাবে সাজু হয় আৰু গৰুৰ জাকবোৰ কাষৰ হাবিৰ পৰা ঘৰলৈ আহিবলৈ লয়।

ঘন হাবিৰে আবৰা, চেগুন আৰু আন আন গছেৰে ভৰা খোলদোড়া গাওঁখন তাড়োবাৰ এটা অংশ, তাত ১০৮ ঘৰ মানুহ আছে (২০১১ৰ লোকপিয়ল অনুসৰি)। প্ৰায়ভাগ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক, তেওঁলোক ঘাইকৈ দুটা সম্প্ৰদায়ৰ - মানা আদিবাসী আৰু মাহাৰ দলিত। কেইঘৰমান আন জাতৰ লোকো আছে।

ইয়াত খেতিৰ মাটি প্ৰায় ১১০ হেক্টৰ। উৰ্বৰ আৰু প্ৰাচুৰ্য্যময় খেতিমাটিবোৰ ঘাইকৈ বৰ্ষানিৰ্ভৰ। খেতি ঘাইকৈ ধানখেতি, মাহজাতীয় উদ্ভিদ আৰু ঘেঁহু, বজৰা ধান আৰু শাক-পাচলি আদি। খেতিয়কে নিজৰ খেতিপথাৰত খেতি কৰাৰ লগতে দিনহাজিৰাও কৰে আৰু সামান্য পৰিমাণে বনজ সম্পদৰ ওপৰতো নিৰ্ভৰ কৰে। খেতিৰ পৰা আয় নোহোৱাত কিছুমান ডেকাল’ৰাই চহৰলৈ জীৱিকাৰ সন্ধানত ওলাই গৈছে। দাদাজীৰ ল’ৰাটো আৰক্ষী কনিষ্টবল, নাগপুৰত কৰ্তব্যৰত। কিছুমানে আকৌ ভিৱাপুৰত দিনহাজিৰাৰ কাম বিচাৰি ওলাই যায়।

*****

আমাৰ ৰাতিৰ আহাৰ সাজু হয় মানে আমি গাওঁখনৰ পৰিস্থিতিৰ বুজ ল’বলৈ এপাক টহল দি আহিলো।

আমি তিনিগৰাকী মহিলা লগ পালো - শকুন্তলা গোপীচান্দ নান্নাৱাৰে, শোভা ইন্দ্ৰপাল পেণ্ডাম আৰু পাৰ্বতা তুলসীৰাম পেণ্ডাম; তেওঁলোক আটাইৰে বয়স ৫০ৰ আশে-পাশে। তেওঁলোকে পথাৰলৈ বুলি লৰা-ঢপৰা কৰিছে। লগত সংগ দিছে এটা কুকুৰে। “আমাৰ ভয় লাগে, কিন্তু কৰিমনো কি?” ঘৰৰ কাম কৰি, পথাৰত হাজিৰা কৰি আকৌ ৰাতি পহৰা দিয়াটো কিমান কঠিন কাম বুলি সোধোতে শকুন্তলাই উত্তৰ দিয়ে। ৰাতি তেওঁলোকে পাল পাতি পহৰা দিয়ে আৰু ওচৰে-পাজৰে থকা আনবোৰক সহায় কৰে।

দাদাজীৰ ঘৰৰ বিপৰীতে গাঁৱৰ মূল ৰাস্তাত গুণৱন্ত গাইকোৱাডে তেওঁ লগৰীয়াৰ লগত কথা পাতি থখা দেখিলো। “ভাগ্যত থাকিলে বাঘো দেখিব পাৰে,” মিচিক কৰে হাঁহি তাৰে মাজৰে এজনে কয়। “বাঘে অহা-যোৱা কৰা সদায়েই দেখি থাকো,” গাইকোৱাডে কয়।

Gunwanta Gaikwad (second from right) and other villagers from Kholdoda prepare to leave for their farms for a night vigil
PHOTO • Jaideep Hardikar

খোলদোড়াৰ গুণগন্ত গাইকোৱাড (সোঁফালৰ পৰা দ্বিতীয়) আৰু আন মানুহে ৰাতিৰ পহৰাৰ বাবে যাবলৈ সাজু হৈ গৈছে

Left: Sushma Ghutke, the woman ‘police patil’ of Kholdoda, with Mahendra, her husband.
PHOTO • Jaideep Hardikar
Right: Shakuntala Gopichand Nannaware, Shobha Indrapal Pendam, and Parbata Tulshiram Pendam, all in their 50s, heading for their farms for night vigil (right to left)
PHOTO • Jaideep Hardikar

বাওঁফালে: সুষ্মা গুটকে, খোলদোড়াৰ মহিলা পুলিচ পাটি, লগত তেওঁৰ স্বামী মহেন্দ্ৰ। সোঁফালে: শকুন্তলা গোপীচান্দ নান্নাৱাৰে, শোভা ইন্দ্ৰপল পেণ্ডাম, আৰু পাৰ্বতা তুলসীৰাম পেণ্ডাম (সোঁফালৰ পৰা বাওঁফাললৈ) - আটাইৰে বয়স ৫০ৰ আশে-পাশে - তেওঁলোক নৈশ পহৰাৰ বাবে যাবলৈ সাজু হৈছে

আমি গাওঁখনৰ উপ-সৰপঞ্চ ৰাজন বাংকাৰক লগ পালো, তেওঁ ঘৰত। তেওঁ ৰাতিৰ আহাৰ খাই উঠিছে, তাৰপিছত তেওঁ খেতিপথাৰলৈ যাব। তেওঁৰ ভাগৰ লাগিছে, দিনটোৰ কাম কৰি অৱশ হৈ পৰিছে। বাংকাৰে পঞ্চায়তৰ প্ৰশাসনিক কাম-কাজ চায়।

তাৰপিছত আমি লগ পালো সুষ্মা ঘাটকেক, মহিলা ‘পুলিচ পাটিল’, গিৰীয়েক মহেন্দ্ৰৰ মটৰ চাইকেলত তেওঁ পিছফালে উঠি নিজৰ খেতিপথাৰলৈ গৈছে। তেওঁলোকে ৰাতিৰ আহাৰ টোপোলা কৰি লৈছে, কেইখনমান ব্লেংকেট, এডাল কাঠৰ টাঙোন আৰু দীঘলীয়া এটা টৰ্চ। আমি আনবোৰকো টৰ্চ লৈ, হাতত কাঠৰ লাঠি লৈ ব্লেংকেটৰ টোপোলা লৈ পথাৰলৈ যোৱা দেখিছো।

“চালা আমচ্যা বৰোবৰ,” নিজৰ খেতিপথাৰলৈ যাওতে আমাক লগ ধৰি সুষ্মাই কয়। “ৰাতি বহুত হাই-উৰুমি শুনিবলৈ পাব,” তেওঁ কয়। “হাই-উৰুমি শুনিবলৈ ৰাতি অতিকমেও ২:৩০ বজালৈ সাৰে থাকিব লাগিব।”

বনৰীয়া গাহৰি, নীলগাই, হৰিণ, চাম্বাৰ, ময়ুৰ, শহাপহু আদি সকলো ৰাতি খাদ্যৰ বাবে আহে। কেতিয়াবা তেওঁলোকে বাঘ আৰু নাহৰফুটুকীও দেখে। “আমাৰবোৰ জীৱ-জন্তুৰ ফাৰ্মহে,” তেওঁ মিচিক কৰি হাঁহি কয়।

কেইঘৰমান এৰি আগত সেয়া আত্মাৰাম সবসাখালে (৫৫)ৰ ঘৰ, ২৩ একৰ পৈতৃক সম্পত্তি থকা তেওঁ এগৰাকী স্থানীয় ৰাজনৈতিক নেতা। তেঁৱো নৈশ পহৰাৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁ ইতিমধ্যে খেতিপথাৰ ঢুকি পাব লাগিছিল, তেওঁ কয়। “খেতিপথাৰখন ডাঙৰ কাৰণে পহৰা দিবলৈ বৰ টান,” তেওঁ কয়। তেওঁৰ প্ৰতিটুকুৰা খেতিৰ মাটিত পহৰা দিবলৈ বুলি ছয়-সাতটা পহৰা চকী আছে। এতিয়া তাত ঘেঁহু আৰু চানা দাইলৰ খেতি আছে।

ৰাতি চাৰে আঠ বাজে মানে খোলদোড়াৰ পৰিয়ালবোৰ ৰাতিটোৰ বাবে তেওঁলোকৰ দ্বিতীয়খন ঘৰত আহি থিতাপি ল’লে।

*****

ৰামচন্দ্ৰই তেওঁৰ খেতিপথাৰত ভালেকেইটা টঙিঘৰ সাজিছে, ইটোৰ পৰা সিটোলৈ মাতিলে শুনিবলৈ পাব যদিও দেখা নাপাব। আপুনি বৰ নিৰাপদে ইয়াতে এঘুমটি মাৰিব পাৰে। টঙিঘৰবোৰ সাতৰ পৰা আঠ ফুট ওখত কাঠেৰে সজা ঘৰ, চালি হিচাপে শুকান খেৰ নাইবা টাৰ্প’লিন দিয়া হয়। এনে টঙিঘৰত দুজন থাকিব পাৰে, অৱশ্যে প্ৰায়বোৰত কেৱল এজনহে থাকিব পাৰে।

Ramchandra has built several machans (right) all over his farm. Machans are raised platforms made of wood with canopies of dry hay or a tarpaulin sheet
PHOTO • Jaideep Hardikar
Ramchandra has built several machans (right) all over his farm. Machans are raised platforms made of wood with canopies of dry hay or a tarpaulin sheet
PHOTO • Jaideep Hardikar

ৰামচন্দ্ৰই তেওঁৰ খেতিপথাৰত ভালেকেইটা টঙিঘৰ সাজিছে। টঙিঘৰবোৰ সাত-আঠ ফুট ওখত খেৰৰ চালি দি কাঠেৰে বনোৱা ঘৰ

আচলতে ভিৱাপুৰৰ ঘন অৰণ্যৰে ভৰা এইটো এলেকাত আপুনি বিভিন্ন ধৰণৰ টঙিঘৰ দেখিবলৈ পাব, খেতিয়কে ৰাতি পহৰা দিবলৈ সজা এই টঙিঘৰবোৰ তেওঁলোকৰ স্থপত্যবিদ্যাৰ সুন্দৰ নিদৰ্শন।

“আপুনি যিকোনো এটাতে থাকিব পাৰে,” তেওঁ মোক কয়। খেৰৰ চালি দিয়াবোৰত এন্দুৰ থাকিব বুলি মই সন্দেহ হোৱাত মই পথাৰৰ সোঁমাজতে থকা টাৰ্প’লিন শ্বীট দিয়া বুটমাহৰ খেতিপথাৰখনৰ কাষত থকাৰ সিদ্ধান্ত ল’লো। টঙিঘৰটোত উঠোতে সিটো দুলিব ধৰিলে। ৰাতি ৯ বাজি ৩০ মিনিট গৈছে। আমি ৰাতিৰ আহাৰো খাবলগীয়া আছে। আমি জুই একুৰা ধৰি বহিলো। উষ্ণতা নামি আহিছে। ঘিটমিটীয়া আন্ধাৰ যদিও আকাশখন গোমা হৈ থকা নাই।

খাই থকাৰ মাজতে দাদাজীয়ে আৰম্ভ কৰিলে:

“চাৰিমাহ আগৰ কথা, মাজৰাতি মোৰ টঙিঘৰটো খহি পৰিল। সাত ফুট ওখৰ পৰা মই তলমুৱাকৈ পৰি গলত আৰু পিঠিত বৰ আঘাত পালো।”

ৰাতি ২:৩০ বজাত ঘটনাটো ঘটিছিল। ভাগ্যে তলত মাটিখিনি টান নাছিল। তাতে তেওঁ চাৰিঘণ্টামান বিষে-বেজাৰে পৰি থাকিল। টঙিঘৰটোৰ এটা খুঁটা মাটি ঢিলা হৈ থকা কাৰণে হালি গৈছিল। তেনেকৈয়ে দুৰ্ঘটনাটো ঘটিছিল।

“মই বিষত লৰচৰ কৰিব পৰা নাছিলো, সহায় কৰিবলৈ আশে-পাশে কোনো নাছিল।” আশে-পাশে মানুহে পহৰা দি থাকিলেও ৰাতি তেনেকৈ মানুহ পোৱা টান। “মৰিয়ে থাকো নেকি, এনে এটা ভাব আহিছিল,” তেওঁ কয়।

Dadaji (left) and Ramchandra lit a bonfire to keep warm on a cold winter night during a night vigil
PHOTO • Jaideep Hardikar
Dadaji (left) and Ramchandra lit a bonfire to keep warm on a cold winter night during a night vigil
PHOTO • Jaideep Hardikar

দাদাজী (বাওঁফালে) আৰু ৰামচন্দ্ৰই শীতৰ ৰাতি পহৰা দিয়া সময়ত জুই সেকিছে

পুৱতি নিশা তেওঁ কোনোমতে থিয় হ’ল, গলে-পিঠিয়ে আঘাত পোৱা স্বত্ত্বেও ঘৰলৈ তিনি কিলোমিটাৰ বাট খোজকাঢ়ি আহিল। “ঘৰলৈ আহি পোৱাৰ পিছত হুৱা-দুৱা লাগিল, গাঁৱৰ মানুহ আহি গোট খালে, সহায় কৰিলে।” দাদাজীৰ পত্নী চাকুবাঈয়ে তেওঁক দেখি ভয়ত বিতত হৈ পৰিছিল।

ৰামচন্দ্ৰই তেওঁক ভিৱাপুৰৰ তহচিল টাউনৰ এজন ডাক্তৰৰ ওচৰলৈ লৈ গ’ল। তাৰপৰা তেওঁক নাগপুৰৰ এখন প্ৰাইভেট হস্পিতাললৈ লৈ যোৱা হ’ল। তেওঁৰ পুত্ৰই হস্পিতালত ভৰ্তি কৰাৰ ব্যৱস্থা কৰাই দিছিল।

এক্সৰে আৰু এম.আৰ.আই.ত প্ৰচণ্ড আঘাত পোৱা বুলি ধৰা পৰিল, কিন্তু ফ্ৰেক্সাৰৰ কোনো চিন নাছিল। কিন্তু পৰাৰ পিছৰে পৰা তেওঁৰ মূৰ ঘূৰাই থকা হ’ল। বেছিসময় থিয় হৈ থাকিলে বা বহি থাকিব নোৱাৰা হোৱাৰ পৰা তেওঁ মূৰ ঘূৰালে বহি লৈ ভজন গোৱা হ’ল।

“ৰাতি পহৰা দিয়াৰ কাৰণে মোৰ এই দশা হ’ল, আৰু কিয়? মই যদি নিজৰ শস্যখিনি পহৰা নিদিও, বনৰীয়া জন্তুৰ কাৰণে অলপো শস্য চপাই ঘৰলৈ নিবলৈ নাপাম,” তেওঁ মোক কয়।

দাদাজীয়ে কয় যে তেওঁলোক ডেকা থকা বয়সত ৰাতি পহৰা দিয়াৰ প্ৰয়োজন নহৈছিল। যোৱা দুটা দশকত বনৰীয়া জন্তুৰ পথাৰলৈ অহাৰ সংখ্যা বাঢ়িছে। অৰণ্য সংকোচন হোৱাৰ সমানে সমানে বন্য জীৱ-জন্তু খাদ্য আৰু জলসংকটত ভূগিছে, তেওঁ কয়। জীৱ-জন্তুৰ সংখ্যাও বাঢ়িছে। সেয়ে শ শ কৃষকে ৰাতি খেতিপথাৰত পহৰা দিছে, নিজৰ শস্য নিশাচৰ জীৱ-জন্তুৰ পৰা বচোৱাৰ যত্ন কৰিছে, ইফালে বন্যজীৱই চপাবলৈ সাজু হোৱা শস্যত হামলা দিবলৈ সাজু হৈ আছে।

দূৰ্ঘটনা, পৰি দুখ পোৱা, বন্যজীৱৰ সৈতে মুখামুখি হোৱা, টোপনিৰ অভাৱ আদিয়ে মানসিক স্বাস্থ্যজনিত সমস্যাৰ লগতে দেহাও ৰুগীয়া কৰি তোলে। অৱশ্যে এয়াই এতিয়া খোলদোড়াৰ কৃষকৰ নতুন জীৱনশৈলী। বিশাল বিদৰ্ভত এনেবোৰ কাৰণে কৃষিকাৰ্য্যত জৰিত লোকৰ জীৱনবোৰ জটিল হৈ পৰিছে।

Machans , or perches, can be found across farms in and around Kholdoda village. Some of these perches accommodate two persons, but most can take only one
PHOTO • Jaideep Hardikar
Machans , or perches, can be found across farms in and around Kholdoda village. Some of these perches accommodate two persons, but most can take only one
PHOTO • Jaideep Hardikar

টঙিঘৰ খোলদোড়া গাঁৱৰ সকলোতে দেখিব। কিছুমান টঙিঘৰত দুজন থাকিব পাৰে, কিন্তু বেছিভাগতে এজনহে থাকিব পাৰে

Farmers house themselves in these perches during the night vigil. They store their torches, wooden sticks, blankets and more inside
PHOTO • Jaideep Hardikar
Farmers house themselves in these perches during the night vigil. They store their torches, wooden sticks, blankets and more inside
PHOTO • Jaideep Hardikar

ৰাতি পহৰা দিয়াৰ সময়ত খেতিয়কবোৰে এই টঙিঘৰবোৰত আশ্ৰয় লয়। তেওঁলোকে লগত টৰ্চ, কাঠৰ টাঙোন, কম্বল আদি বস্তু ৰাখে

যোৱা কেইটামান বছৰত মই গ্ৰামাঞ্চলত ঘূৰি খেতিয়ক লগ পাইছো যিয়ে টোপনিৰ সময়ত শ্বাসকষ্ট পাইছে। ইয়াক শ্লিপ এপেনিয়া বুলি কয়, যিটো কাৰণত টোপনিতে শ্বাসৰোধ হয়।

“ই আপোনাৰ দেহৰ ক্ষতি নকৰে - আমি টোপনি ভালকৈ নমৰাকৈয়ে দিনে-ৰাতি পহৰা দিব লাগিব,” ৰামচন্দ্ৰই কয়। “কেতিয়াবা এনেকুৱা হয় যে আমি এদিনলৈও পথাৰখন এৰি যাব নোৱাৰা হওঁ।”

আপুনি ইয়াত যি দাইল-চাউল খাইছে, সেয়া বন্যজীৱৰ মুখৰ পৰা বাচি অহা খাদ্যশস্য। সেয়া বাচিছে আমি ৰাতি ৰাতি টোপনি খতি কৰি পহৰা দিয়াৰ বাবে।

“আমি এলাৰ্ম বজাও, জুই জ্বলাও, খেতিত বেৰ দিও, কিন্তু নিজে যদি পথাৰত নাথাকো, তেতিয়া শস্যখিনি যে বাচিব, তাৰ মান নাই,” ৰামচন্দ্ৰই কয়।

*****

নিশাৰ আহাৰৰ পিছত আমি শাৰী পাতি ৰামচন্দ্ৰৰ পিছে পিছে এপাক ফুৰিলো, টৰ্চেৰে ইফালে-সিফালে চাই পথাৰত ঘূৰিলো।

ৰাতি এঘাৰ বাজিছে, কোনোবাই মাজে মাজে চিঞৰিছে, “ঐ…ঐ…ইইই…” তেনেকৈ শব্দ কৰি মানুহৰ উপস্থিতিৰ সম্ভেদ দি বন্যজীৱক ভয় খুৱাই খেদিবলৈ চেষ্টা কৰিছে।

আনদিনা অকলে থাকিলে ৰামচন্দ্ৰই খেতিপথাৰখনত দুপাক মাৰে, হাতত থাকে কাঠৰ গধুৰ টাঙোন এডাল। তেওঁ ৰাতি ২ৰ পৰা ৪ বজাৰ সময়চোৱাত সতৰ্ক হৈ থাকে, তেতিয়াই জীৱ-জন্তুবোৰ আটাইতকৈ বেছি সক্ৰিয় হৈ থাকে। বাকীখিনি সময়ত তেওঁ টোপনি যোৱাৰ চেষ্টা কৰে যদিও কাণ থিয় কৰি ৰাখে।

মাজনিশা গাঁৱৰ মানুহ এজনে বাইক চলাই আহি কয় যে আলেচুৰত ওৰেনিশা কাবাদী টুৰ্ণামেণ্ট আছে। আমি খেল চাবলৈ যাবলৈ সিদ্ধান্ত ল’লো। দাদাজীয়ে ৰামচন্দ্ৰৰ ল’ৰাৰ সৈতে খেতিপথাৰত থাকিল। বাকীবোৰ আলেচুৰলৈ বুলি ওলাল, বাইকেৰে তাৰ পৰা আলেচুৰলৈ ১০ মিনিটৰ বাট।

Villages play a game of kabaddi during a night-tournament
PHOTO • Jaideep Hardikar

কাবাদীৰ নৈশ-টুৰ্ণামেণ্টত গাওঁবোৰে ভাগ লয়

আলেচুৰ গাওঁ পঞ্চায়তত হ’বলগীয়া নৈশ কাবাদী খেল চাবলৈ বুলি খেতিপথাৰত পহৰা দিবলৈ অহা খেতিয়কসকল গোট খাইছে

ৰাস্তাত আমি এজাক বনৰীয়া গাহৰিয়ে ৰাস্তা পাৰ হোৱা দেখিলো, পিছে পিছে দুটা শিয়াল। তাৰপিছত হাবিৰ দাঁতিত হৰিণাৰ জাক এটা দেখিলো। বাঘ অৱশ্যে তেতিয়া নেদেখিলো।

আলেচুৰত দুখন গাঁৱৰ মাজত হোৱা কাবাদী খেল চোৱা দৰ্শক ভৰি পৰিছে। উত্তেজনা বিৰাজ কৰিছে। প্ৰায় ২০ টা দলে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে আৰু ৰাতি নুপুওৱালৈ খেল চলিব। চুড়ান্ত খেলখন আছে পুৱা ১০ বজাত। খেতিয়সকলে এবাৰ খেল চাব, এবাৰ পথাৰলৈ যাব। ৰাতিটো এনেকৈয়ে কটাব।

তেওঁলোকে বাঘ এটা আশে-পাশে থকাৰ কথা আলোচনা কৰিছে। “সাৱধানে থাকিব,” তাৰে মাজৰে এজনে ৰামচন্দ্ৰক কৈছে। আলেচুৰৰ গঞা এজনে আবেলিৰ ভাগত বাঘ এটা দেখিছে।

বাঘ দেখাটো একপ্ৰকাৰৰ ৰহস্য।

কিছুসময় পিছত আমি ৰামচন্দ্ৰৰ খেতিপথাৰলৈ উভতিলো। তেতিয়া নিশা দুই বাজিছে আৰু আশুতোষ নামে সৰুল’ৰাটো খেৰৰ দ’মটোৰ কাষত থকা চাৰপাইখনত শুই পৰিছে। দাদাজীয়ে নীৰৱে বহি তেওঁক চাইছে আৰু জুইকুৰা জ্বলাই ৰাখিছে। আমাৰ ভাগৰ লাগিছে ঠিকেই, কিন্তু টোপনি ধৰা নাই। আমি খেতিখন আৰু এপাক মাৰি চাই আহিলো।

Ramchandra Dodake (right) at the break of the dawn, on his farm after the night vigil
PHOTO • Jaideep Hardikar
Ramchandra Dodake (right) at the break of the dawn, on his farm after the night vigil
PHOTO • Jaideep Hardikar

ধলপুৱাৰ ভাগত ৰামচন্দ্ৰ দোড়কে (সোঁফালে), খেতিপথাৰত গোটেই নিশা পহৰা পিয়াৰ পিছত

Left: Ramchandra Dodake's elder son Ashutosh, on the night vigil.
PHOTO • Jaideep Hardikar
Right: Dadaji plucking oranges from the lone tree on Ramchandra’s farm
PHOTO • Jaideep Hardikar

বাওঁফালে: ৰামচন্দ্ৰ দোড়কেৰ ডাঙৰজন পুত্ৰ আশুতোষ, নৈশ পহৰাত। সোঁফালে: দাদাজীয়ে ৰামচন্দ্ৰৰ পামৰ একমাত্ৰ কমলাজোপাৰ পৰা কমলা পাৰিছে

১০ম মানত ৰামচন্দ্ৰই পঢ়া এৰে আৰু কয় যে আন কিবা কাম পালে তেওঁ এই খেতিত লাগি নাথাকিলেহেঁতেন। তেওঁ তেওঁৰ দুয়ো পুত্ৰকে নাগপুৰৰ বৰ্ডিং স্কুলত পঠিয়াই দিছে, সিহঁতক খেতিত লগোৱাৰ মন তেওঁৰ নাই। আশুতোষে বন্ধ বুলি ঘৰলৈ আহিছে।

হঠাত চৌদিশৰ পৰা হাই-ঊৰুমি ভাঁহি আহিল। খেতিয়কে কাঁহী বজাইছে, টেঁটু ফালি চিঞৰিছে। এনে কৰিলে বন্য়জীৱই ভয় খাই আঁতৰি যাব।

মোক চক খাই উঠা দেখি দাদাজীয়ে হাঁহি ৰখাব পৰা নাই। ৰামচন্দ্ৰইও হাঁহিছে। “আপোনাৰ এনে পৰিৱেশ আচহুৱা লাগিব পাৰে,” তেওঁ কয়। “কিন্তু গোটেই ৰাতি এয়াই চলি থাকিব। খেতিলৈ আহিবধৰা জন্তুৰ সম্ভেদ খেতিয়কে এনেকৈ চিঞৰি দিয়ে।” ১৫ মিনিটমানৰ পিছত হাই-ঊৰুমি বন্ধ হ’ল, নিজান পৰিল।

পুৱতি নিশা ৩:৩০ মানত, আকাশত তৰা জিলিকি থকা সময়ত আমি এৰাএৰি হ’লো আৰু নিজৰ নিজৰ দুলি থকা টঙিঘৰলৈ আহিলো। কীট-পতংগৰ মাত তেতিয়া বাঢ়িছে। ওপৰমুৱাকৈ শুই দিলো, টঙিঘৰটোত মোৰ বাবে যথেষ্টখিনি ঠাই আছে। ফটা-ছিগা টাৰ্প’লিনখনে বতাহত শব্দ কৰিছে। মই তৰাবোৰ গণি গণি কিছু সময়ৰ বাবে শুলো। পূৱে ধলফাট দিয়াৰ আগলৈকে মই মানুহে নিৰ্দিষ্ট এক সময়ৰ ব্যৱধানত চিঞৰি থকা শুনিলো। টঙিঘৰৰ পৰা মই পথাৰখনলৈ চকু ফুৰালো, নিয়ৰত তিতি থকা সেয়া যেন সেউজীয়া এখন চাদৰ।

ৰামচন্দ্ৰ আৰু দাদাজী আগতেই উঠিছে। দাদাজীয়ে একমাত্ৰ মেণ্ডেৰিন গছজোপাৰ পৰা কেইটামান ফল চিঙিছে আৰু ঘৰলৈ লৈ যাবলৈ বুলি মোৰ হাতত দিছে।

Ramchandra Dodake (left), Dadaji and his wife Shakubai (right) bang thalis ( metal plates), shouting at the top of their voices during their night vigils. They will repeat this through the night to frighten away animals
PHOTO • Jaideep Hardikar
Ramchandra Dodake (left), Dadaji and his wife Shakubai (right) bang thalis ( metal plates), shouting at the top of their voices during their night vigils. They will repeat this through the night to frighten away animals
PHOTO • Jaideep Hardikar

ৰামচন্দ্ৰ দোড়কে (বাওঁফালে), দাদাজী আৰু তেওঁৰ পত্নী চাকুবাঈ (সোঁফালে) ৰাতি পহৰা দিওতে কাঁহী বজায় আৰু টেঁটু ফালি চিঞৰে। তেওঁলোকে বন্যজীৱ খেদিবলৈ গোটেই ৰাতি বাৰে বাৰে এনেকৈ চিঞৰে আৰু কাঁহী বজায়

ৰামচন্দ্ৰই খেতিপথাৰখন এপাক মাৰোতে মইয়ো পিছে পিছে ওলাইছো। ক’ৰবাত বন্যজীৱই খাইছে নেকি সেয়া সাৱধানে পৰীক্ষা কৰি গৈছো।

পুৱা ৭ বজাত আমি গাওঁ আহি পালো। কোনো ক্ষয়-ক্ষতি নহ’ল হেতুকে সেই ৰাতিটো ভালেই আছিল বুলি তেওঁ মন্তব্য কৰিলে।

সেই দিনটোৰ শেষৰফালে ৰামচন্দ্ৰই জানিব ৰাতি আন কাৰোবাৰ শস্যৰ কিবা ক্ষতি হ’ল নেকি।

মই তেওঁলোকক বিদায় জনোৱাত মোৰ হাতত তেওঁলোকে অলপতে বানি অনা ধানৰ চাউলৰ টোপোলা এটা দিলে। এই যে চাউল মোৰ হাতত, সেয়া চপোৱাটো নিশ্চিত কৰিবলৈ ৰামচন্দ্ৰই বহুৰাতি পহৰা দিছে।

আমি গাড়ী চলাই খোলদোড়াখন এৰি আহি থাকোতে নিশব্দে ঘৰৰ পৰা পথাৰলৈ বুলি ওলোৱা পুৰুষ-মহিলা খোজকাঢ়ি গৈ থকা দেখিলো। তেওঁলোকৰ হাড়ভঙা শ্ৰমৰ দিনটো আৰম্ভ হৈছেহে মাত্ৰ।

অনুবাদ: পংকজ দাস

Jaideep Hardikar

জয়দীপ হার্ডিকার নাগপুর নিবাসী সাংবাদিক এবং লেখক। তিনি পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ার কোর টিম-এর সদস্য।

Other stories by জয়দীপ হার্ডিকর
Editor : Priti David

প্রীতি ডেভিড পারি-র কার্যনির্বাহী সম্পাদক। তিনি জঙ্গল, আদিবাসী জীবন, এবং জীবিকাসন্ধান বিষয়ে লেখেন। প্রীতি পারি-র শিক্ষা বিভাগের পুরোভাগে আছেন, এবং নানা স্কুল-কলেজের সঙ্গে যৌথ উদ্যোগে শ্রেণিকক্ষ ও পাঠক্রমে গ্রামীণ জীবন ও সমস্যা তুলে আনার কাজ করেন।

Other stories by Priti David
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das