কোমলে ৰেল ধৰিব লাগিব। গন্তব্যস্থল অসমৰ ৰঙিয়া জংছন।
সেই গন্তব্যস্থললৈ তাই কেতিয়াও ঘূৰি যোৱাৰ কথা নাছিল, আনকি মানসিকভাবে বাধাগ্ৰস্ত মাককো দেখা কৰাৰ তাইৰ ইচ্ছা নাছিল।
ঘৰ, যিখন তাইৰ ঘৰ বুলি কোৱা হৈছে, য’ত তাই যৌন আতিশয্যৰ সন্মুখীন হৈ আহিছিল, সেইখন ঘৰত থকাতকৈ তাই দিল্লীৰ জিবি ৰোডৰ পতিতালয়তেই জীৱনটো আপেক্ষিকভাবে ভাল বুলি ভাবি লৈছিল। সেইখন ঘৰত তাইৰ ১৭ বৰ্ষীয় সম্পৰ্কীয় ভাই এটা আছিল যিয়ে তাইক তাইৰ ১০ বছৰ বয়সৰ পৰা কেবাবাৰো ধৰ্ষণ কৰা বুলি তাই কয়। “তাৰ যে মুখখনো মোৰ চাব মন নাই। মই তাক ঘৃণা কৰোঁ,” কোমলে কয়। সি প্ৰায়ে তাইক মাৰধৰ কৰিছিল আৰু তাক বাধা দিলে তাইক মাৰি পেলোৱাৰ ভাবুকি দিছিল। এবাৰ সি তাইক চোকা কিহবাৰে কপালতে আঘাত কৰিছিল, তাৰ চিন তাইৰ কপালত থাকি গ’ল।
“সেইকাৰণে মোৰ ঘৰ যাব মন নাই। মই কিমানবাৰ কৈছো সিহঁতক,” কোমলে কয়। তৎসত্ত্বেও পুলিচে তাই নিৰাপদে ঘৰ পোৱাটো নিশ্চিত কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা-পাতি নোলোৱাকৈ, তাইৰ হাতত চিমকাৰ্ড এখনো নিদিয়াকৈ, আৰু তাই ঘৰ গৈ পোৱাৰ পিছত যাতে আগলৈ পুনৰাই হিংসাৰ সন্মুখীন নহয়, তেনে কোনো ব্যৱস্থাৰ চিন্তা নকৰাকৈ অসমলৈ পঠিয়াব লৈছে, ৩৫ ঘণ্টীয়া ৰেলযাত্ৰা, তাকো অকলেই।
আচলতে কোমলক প্ৰয়োজন আছিল সৰবৰাহ হোৱা কিশোৰী আৰু যুৱতীক সাধাৰণতে প্ৰয়োজন হোৱা নিৰ্দিষ্ট কিছুমান সেৱা-সুবিধাৰ।
*****
কোমলে যিটো পতিতালয়ত থাকি কাম কৰিছিল, বছৰটোৰ আৰম্ভণিৰ ভাগত যেতিয়া দুজন পুলিচ গৈ তাত উপস্থিত হোৱাত কোমলে লোৰ চিৰি থকা দিয়াশলাইৰ বাকচ আকাৰৰ চাৰি বাই ছয় কোঠাটোৰ পৰা নামি আহিছিল। কোঠাকেইটা ৰাস্তাৰে পাৰ হৈ যোৱা মানুহে নেদেখে। কিন্তু দিল্লীৰ সেই বদনামী শ্ৰদ্ধানন্দ মাৰ্গ যাক মুখে মুখে জিবি ৰোড বোলা হয়, তাত লোৰ চিৰি দেখিলেই মানুহে বুজে যে তাত যৌনকৰ্মী থাকে।
তাই তেওঁলোকক তাইৰ বয়স ২২ বছৰ বুলি কয়। “কমো হ’ব পাৰে.. ভালকে নাজানো মই,” কোমলে অসমীয়াতে কয়। তাইক দেখিলে ১৭ বছৰমান বয়সৰ যেন লাগে, খুব বেছি ১৮ হ’ব পাৰে। তাই নাবালিকা বুলি পতিয়ন যোৱাৰ পিছতে পতিতালয়ৰ পৰা ‘উদ্ধাৰ’ কৰিবলৈ তাত আৰক্ষী উপস্থিত হয়।
তাইৰ আচল বয়সনো কিমান, সেয়া নিশ্চিত হ’ব নোৱাৰাৰ বাবে দিদিহঁতে (পতিতালয়ৰ মালিকনী) আৰক্ষীক বাধা নিদিলে। পুলিচে সুধিলে তাইক বয়সটো ২০তকৈ বেছি বুলি আৰু যৌনকৰ্ম ‘অপনি মৰ্জি সে’ কৰা বুলি ক’বলৈ তেওঁলোকে শিকাই দিছিল।
কথাখিনি জানো মিছা? কোমলৰ মনতো তেনে এটা কথা চলি আছিল। তাই দিল্লীলৈ আহিছিল নিজ ইচ্ছাত আৰু যৌনকৰ্মৰ ব্যৱসায় আৰম্ভ কৰি স্বাধীনচিতীয়া জীৱন এটা যাপন কৰিব বিচাৰিছিল। কিন্তু তাইৰ এই সিদ্ধান্তৰ পিছে পিছে আহিছিল এটাৰ পিছত এটা মানসিক আঘাত হনা ঘটনা। তাইক ধৰ্ষণ কৰা হৈছিল, নাবালিক অৱস্থাত সৰবৰাহ কৰা হৈছিল। এইবোৰৰ সৈতে যুঁজিবলৈ, মানসিক আৰু শাৰীৰিক বল ঘূৰাই পাবলৈ বা অন্য কিবা বাট বাছি ল’বলৈ তাই সামান্যতমো সুযোগ-সুবিধা পোৱা নাছিল।
নিজ ইচ্ছাত তাই পতিতালয়ত থকা বুলি আৰক্ষীক ক’লে যদিও তেওঁলোক পতিয়ন নগ’ল। তাই আনকি ফোনত তাইৰ জন্মৰ প্ৰমাণপত্ৰ এখনো দেখুৱাই তাইৰ বয়স যে ২২ বছৰ, সেয়া আৰক্ষীক ভালকৈ চাবলৈ ক’লে। কিন্তু তেওঁলোকে তাইৰ আবেদন-নিবেদন নুশুনিলে। তাইৰ হাতত সেইখনেই একমাত্ৰ পৰিচয়ৰ নথি আছিল, সিখন একো কামতে নাহিল। কোমলক ‘উদ্ধাৰ’ কৰি আৰক্ষী থানালৈ লৈ যোৱা হ’ল। তাত তাইৰ কাউন্সেলিং কৰা হ’ল, যিটো তাই দুঘণ্টামান লগা বুলি কয়। তাৰপিছত তাইক নাবালকৰ চৰকাৰী আশ্ৰয়গৃহলৈ লৈ যোৱা হ’ল। তাত তাই থাকিল ১৮ দিন। কোমলক নাবালিক বুলি বিবেচনা কৰা কাৰণে প্ৰযোজ্য প্ৰক্ৰিয়া অনুসৰি তাইক পৰিয়ালৰ লগত লগ লগাই দিয়া হ’ব বুলি কোৱা হ’ল।
আশ্ৰয়গৃহত থকা সময়ত আৰক্ষীয়ে সেই পতিতালয়ৰ পৰা তাইৰ কাপোৰ-কানি, বয়-বস্তু, দুটা ফোন আৰু তাইৰ উপাৰ্জন ২০ হাজাৰ টকা দিদিহঁতৰ পৰা উদ্ধাৰ কৰে।
যৌনকৰ্মী হিচাপে কোমলে কাম কৰিবলৈ লোৱাৰ যি যাত্ৰা, তাত এটাৰ পিছত এটা মানসিক আঘাত হনা ঘটনাৰ তাই সন্মুখীন হৈছিল। তাইক ধৰ্ষণ কৰা হৈছিল, নাবালিক অৱস্থাত সৰবৰাহ কৰা হৈছিল যিটোৰ সৈতে যুঁজিবলৈ, মানসিক আৰু শাৰীৰিক বল ঘূৰাই পাবলৈ তাই সামান্যতমো সুযোগ-সুবিধা পোৱা নাছিল
“নাবালিকাৰ যাতে পুনৰ সৰবৰাহ নহয়, সেইকথা কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগে। নাবালিকা ভুক্তভোগীগৰাকীয়ে আশ্ৰয়গৃহত থাকিব বিচাৰে নে ঘৰলৈ ঘূৰি যাব খোজে, সেই কথাত কৰ্তৃপক্ষই অগ্ৰাধিকাৰ দিবই লাগিব। পৰিয়ালক চমজাই দিয়াৰ আগতে পৰিয়ালৰ সদস্যসকলক পৰ্য্যাপ্তভাৱে পৰামৰ্শদান কৰাটো অগ্ৰাধিকাৰ বিষয় হ’ব লাগে,” দিল্লীৰ মানৱ অধিকাৰ আইনজ্ঞ উৎকৰ্ষ সিঙে কয়। নাবালক ন্যায় (শিশুৰ চোৱা-চিতা আৰু সুৰক্ষা) আইন, ২০১৫ৰ অধীনত গঠিত স্বতন্ত্ৰ সংস্থা শিশু কল্যাণ কমিটি (চি.ডব্লিউ.চি.)য়ে কোমলৰ দৰে কে’চত পুনৰ্সংস্থাপনৰ প্ৰক্ৰিয়াটোত আইন অনুপালন নিশ্চিত কৰিব লাগে।
*****
কোমলৰ ঘৰ অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন চমুকৈ বিটিআৰৰ বাক্সা জিলাৰ এখন গাঁৱত। ৰাজ্যখনৰ পশ্চিম প্ৰান্তত থকা অঞ্চলটো ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি গঠিত এক স্বায়ত্বশাসিত অঞ্চল আৰু প্ৰস্তাৱিত ৰাজ্য।
কোমলৰ গাঁৱৰ বহুতেই তাইক সম্পৰ্কীয় ভাইটোৱে কৰা ধৰ্ষণৰ ভিডিঅ’ ৰেকৰ্ডিং চাইছিল, সেই ৰেকৰ্ডিং কৰা আৰু বিলোৱা মানুহজন আছিল তাইৰ সম্পৰ্কীয় ভায়েকটোৱেই। “মোৰ মামাই মোকেই এই সকলোবোৰৰ বাবে দোষ জাপি দিছিল। তেওঁৰ ল’ৰাটোক হেনো ময়েই চল দিছিলো। মোৰ মাৰ সন্মুখতে তেওঁ মোক নিৰ্দয়ভাৱে মাৰধৰ কৰিছিল। মায়ে উচুপিছিল, কান্দি কান্দি তেওঁক নামাৰিবলৈ হাতযোৰ কৰিছিল যদিও তেওঁ মাৰ-ধৰ এৰা নাছিল,” কোমলে মনত পেলায়। এই আতিশয্য বন্ধ হোৱাৰ কিম্বা সহায় লাভৰ কোনো আশা নেদেখি দহ বছৰীয়া কোমলে প্ৰায়ে নিজকেই শাস্তি দিছিল। “মনৰ ভিতৰত জমা হোৱা উগ্ৰ খং আৰু কষ্ট নাইকিয়া কৰিবলৈ হাত কাটিছিলো। জীৱনটো শেষ কৰি দিয়াৰ ইচ্ছা জন্মিছিল।”
সেই ভিডিঅ’ দেখাসকলৰ ভিতৰত এজন আছিল তাইৰ সম্পৰ্কীয় ভ্ৰাতৃৰ বন্ধু বিকাশ দাদা। তেওঁ ‘সমাধান’ এটা লৈ তাইৰ কাষ চাপিল।
“তেওঁ মোক শিলিগুৰিলৈ গৈ বেশ্যাবৃত্তিত সোমোৱাৰ প্ৰস্তাৱ দিলে। (তেওঁ ক’লে) অন্তত মই কিবা এটা উপাৰ্জন কৰিব পাৰিম আৰু মোৰ মাৰ যত্নও ল’ব পাৰিম। গাঁৱত থাকি ধৰ্ষণৰ বলি হোৱাতকৈ তাত যোৱাই ভাল, তাতে গাঁৱত মোৰ সন্মানো গৈছে,” কোমলে কয়।
কেইদিনমানৰ ভিতৰতে বিকাশে তাইক তাৰ লগত পলাই যাবলৈ জোৰ কৰি সন্মত কৰালে। দহ বছৰীয়া কোমলক পশ্চিমবংগৰ শিলিগুৰি চহৰৰ খালপাৰা এলেকাৰ পতিতালয়লৈ সৰবৰাহ কৰা হ’ল। ভাৰতীয় দণ্ডবিধি সেৱা , ১৮৬০ৰ ৩৭০ ধাৰা অনুসৰি মানৱ সৰবৰাহ মানে কোনো ব্যক্তিক ভীতি প্ৰদৰ্শন বা বল প্ৰয়োগেৰে বাধ্য কৰোৱা, অপহৰণ, ঠগ-প্ৰবঞ্চনা, ক্ষমতাৰ অপব্যৱহাৰ, দূৰ্বলতাৰ সুযোগ লোৱা, প্ৰলোভন দি বেশ্যাবৃত্তি, শিশুশ্ৰম, ঠিকাভিত্তিক বনুৱা, বলপূৰ্বক শ্ৰম কৰোৱা, যৌন শোষণ আদি উদ্দেশ্যত সৰবৰাহ কৰা বুজায়। বেশ্যাবৃত্তিৰ উদ্দেশ্যে কোনো ব্যক্তিক আহৰণ কৰা, প্ৰলোভন দিয়া বা লৈ যোৱাটো অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন ১৯৫৬ চমুকৈ আইটিপিএৰ অনুচ্ছেদ ৫ৰ অধীনত শাস্তিযোগ্য অপৰাধ। এনে “কোনো ব্যক্তি ইচ্ছাৰ বিৰুদ্ধে বা শিশুৰ প্ৰতি এনে অপৰাধৰ শাস্তি চৈধ্য বছৰৰ বা আজীৱন কাৰাদণ্ড হ’ব পাৰে।” আইটিপিএ অনুসৰি শিশু মানে ১৬ বছৰ বয়সৰ তলত কিশোৰ-কিশোৰী।
কোমলৰ সৰবৰাহৰ ক্ষেত্ৰত বিকাশৰ ভূমিকা স্পষ্ট যদিও তেওঁৰ বিৰুদ্ধে কোনো আইনী অভিযোগ নাই, সেয়ে তেওঁ এই আইনৰ অধীনত কোনো শাস্তি পোৱাৰ সম্ভাৱনা নাই।
শিলিগুড়িলৈ নিয়াৰ প্ৰায় তিনিবছৰ পাছত খালপাৰাত আৰক্ষীৰ অভিযানত কোমল উদ্ধাৰ হয়। চিডব্লিউচি আদালতত তাইক হাজিৰ কৰোৱা তাইৰ মনত আছে, তাৰপিছত ১৫ দিনৰ বাবে ৰখা হ’ল নাবালক গৃহত। তাৰপিছত তাইক কোনো সংগ অবিহনেই অসমলৈ অহা ৰেলত উঠাই দিয়া হ’ল, ঠিক ২০২৪ত হোৱাৰ দৰে।
কোমলৰ দৰে সৰবৰাহ হোৱা শিশুৰ ক্ষেত্রত পালন কৰিবলগীয়া আইনী নিৰ্দেশনা ২০১৫ আৰু ২০২৪ দুয়োবাৰতেই অনুপালন কৰা হোৱা নাছিল।
‘বাণিজ্যিকভাৱে যৌন শোষণ’ আৰু ‘বলপূৰ্বক শ্ৰম আদায়’ কৰাৰ বাবে সৰবৰাহৰ অপৰাধ অনুসন্ধানৰ ক্ষেত্রত চৰকাৰী মানক পৰিচালন পদ্ধতি অনুসৰি এগৰাকী তদন্তকাৰী বিষয়া (আই.অ’) থাকিব লাগে, ভুক্তভোগীৰ বয়স নিৰ্ধাৰণ কৰাৰ বাবে জন্মৰ প্ৰমাণপত্ৰ, স্কুলৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড বা আন যিকোনো নথি আহৰণ কৰাটো যিজনৰ দায়িত্ব। তেনে কোনো নথি নাথাকিলে নাইবা বয়স অনিৰ্ণীত হৈ থাকিলে ভুক্তভোগীগৰাকীক “আদালতৰ নিৰ্দেশ অনুযায়ী বয়স নিৰ্ধাৰণৰ পৰীক্ষা” কৰোৱাৰ বাবে পঠিয়াব পাৰি। শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা প্ৰদান আইন ( পকচ’ ), ২০১২ৰ অধীনত শিশুৰ সঠিক বয়স নিৰ্ধাৰণৰ বাবে আৰু “বয়স এনেদৰে নিৰ্ণয় কৰাৰ কাৰণ লিখিত ৰূপত লিপিবদ্ধ কৰা”ৰ বাবে বিশেষ আদালত গঠন কৰাৰ প্ৰয়োজন হয়।
দিল্লীত কোমলক ‘উদ্ধাৰ’ কৰা আৰক্ষীয়ে কোমলৰ জন্মৰ প্ৰমাণপত্ৰখন অগ্ৰাহ্য কৰিছিল। তাইক বিধিবদ্ধ চিকিৎসা পৰীক্ষা মেডিক’-লিগেল কে’চৰ বাবে নিয়া হোৱা নাছিল। ডিএম নাইবা চি.ডব্লিউ.চি.-ৰ সন্মুখতো তাইক হাজিৰ কৰোৱা হোৱা নাছিল। তাইৰ বয়স নিৰ্ধাৰণৰ বাবে ব’ন-অচ্চিলেচন পৰীক্ষাও কৰা হোৱা নাছিল।
যদি কৰ্তৃপক্ষই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয় যে ভুক্তভোগীক পৰিয়ালৰ সৈতে পুনৰ্সংস্থাপিত বা পুনৰ লগ লগাই দিয়া উচিত, তেতিয়া সেয়া কৰাৰ আগেয়ে তদন্তকাৰী বিষয়া বা চি.ডব্লিউ.চি.য়ে “যথোচিতভাৱে ঘৰৰ সত্যাসত্য নিৰূপণ” কৰিব লাগিব। “ভুক্তভোগীক যদি ঘৰলৈ পঠিয়াই দিয়া হয়, তেতিয়া সমাজত ভুক্তভোগীগৰাকীক মিলা-মিচা কৰাৰ বাবে গ্ৰহণযোগ্যতা আৰু সুযোগ”ৰ সম্ভাৱনা কৰ্তৃপক্ষই চিনাক্ত আৰু লিপিবদ্ধ কৰিব লাগিব।
কোনো কাৰণতে ভুক্তভোগীগৰাকী একে কৰ্মস্থলীলৈ যাব নালাগিব বা “আগলৈ আৰু বিপজ্জনক পৰিস্থিত”ৰ মুখামুখি হ’ব নালাগিব। তাই য’ত ধৰ্ষিত হৈছিল আৰু য’ৰপৰা তাইক সৰবৰাহ কৰা হৈছিল, তালৈ তাইক পঠিওৱাটো সেই নিয়মৰ উলংঘন আছিল। গৃহ সত্যাপন কৰা হোৱা নাছিল, কৰ্তৃপক্ষৰ কোনেও কোমলৰ পৰিয়ালৰ বিষয়ে জনাৰ চেষ্টা কৰা নাছিল বা যৌন সৰবৰাহ হোৱা নাবালিকা ভুক্তভোগী হিচাপে তাইক পুনৰ্সংস্থাপনৰ বাবে বেচৰকাৰী সংস্থাৰ সৈতে যোগাযোগৰ চেষ্টাও কৰা নাছিল।
চৰকাৰৰ উজ্বলা আঁচনি অনুসৰি সৰবৰাহ হোৱা আৰু যৌন শোষণৰ বলি হোৱা ভুক্তভোগীক “ততালিকে আৰু দীৰ্ঘদিনীয়া পুনৰ্সংস্থাপন তথা মৌলিক সা-সুবিধা দিব লাগে/আৱশ্যকতা পূৰণ কৰিব লাগে।” এনে সা-সুবিধা আৰু সেৱাত কাউন্সেলিং, দিকদৰ্শন আৰু ব্যৱহাৰিক পাঠ্যক্ৰম অন্তৰ্ভুক্ত। যৌন শোষণৰ বাবে সৰবৰাহ হোৱা শিশুৰ ঘটনাৰ ক্ষেত্রত কাম কৰা শিশু পৰামৰ্শদাতা এনি থিয়’ডৰে ভুক্তভোগীৰ ক্ষেত্রত মানসিক সমৰ্থনৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। “সমাজত মিলা-মিচা কৰি দিয়াৰ পিছত, বা অভিভাৱকৰ হাতত চমজাই দিয়াৰ পিছত ভুক্তভোগীৰ কাউন্সেলিং অব্যাহত ৰখাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানমূলক কাম হৈ পৰে,” এনিয়ে কয়।
দিল্লীৰ পতিতালয়ৰ পৰা তাইক ‘উদ্ধাৰ’ কৰাৰ পিছত আৰক্ষীয়ে কোমলৰ পুনৰ্সংস্থাপনৰ বাবে লৰা-ঢপৰা কৰাৰ আগত দুঘণ্টাৰ বাবে তাইৰ কাউন্সেলিং হৈছিল। পৰামৰ্শদাতা এনিয়ে কয়, “বছৰ বছৰ ধৰি তীব্ৰ মানসিক আঘাতৰ সন্মুখীন হৈ অহা কাৰোবাৰ ক্ষেত্রত কেনেকৈ দুই-তিনিমাহৰ কাউন্সেলিং চেছন, বা নিৰ্দিষ্ট কেতবোৰ ঘটনাত কেইদিনমানৰ কাউন্সেলিঙেৰে নিৰাময় কৰা সম্ভৱ হ’ব পাৰে?” পৰামৰ্শদাতাগৰাকীয়ে লগতে কয়, সংস্থাসমূহক প্ৰয়োজন হয় বাবেই ভুক্তভোগীয়ে সোনকালে উপশম আৰু আৰোগ্যলাভ কৰাৰ লগতে জোৰ-জবৰদস্তি ভুক্তভোগীয়ে নিজৰ দুখ-কষ্টৰ বিষয়ে খোলাখুলিকৈ কোৱাৰ বাবে লৰা-ঢপৰা কৰাটো সিহঁত (চৰকাৰী ব্যৱস্থাটো)ৰ নিষ্ঠুৰতা।
বহু বিশেষজ্ঞই কয় যে উদ্ধাৰ হোৱা ভুক্তভোগীৰ ইতিমধ্যে ভংগুৰ মানসিক স্বাস্থ্যৰ ৰাজ্যিক সংস্থাবোৰে আৰু অৱনতি ঘটায় , যাৰ ফলত তেনে ভুক্তভোগী পুনৰাই সৰবৰাহকাৰীৰ জালত পৰে নাইবা বাণিজ্যিক যৌনকৰ্মত লিপ্ত হয়। “নিৰন্তৰ জেৰা আৰু ঔদাসীন্যই ভুক্তভোগীক এনে অনুভৱ কৰায় যে তেওঁক মানসিক আঘাত উপশমৰ বাবে জোৰ দিয়া হৈছে। তেওঁলোকে অনুভৱ কৰে যে আগতে সৰবৰাহকাৰী, পতিতালয়ৰ মালিক, কুটনা আৰু আন অপৰাধীসকলে তেওঁলোকক হাৰাশাস্তি কৰিছিল, এতিয়া চৰকাৰী সংস্থাবোৰে সেই একেই কাম কৰিছে,” এনিয়ে কয়।
*****
প্ৰথমবাৰ উদ্ধাৰ কৰাৰ সময়ত কোমলৰ বয়স ১৩ বছৰৰ অধিক নাছিল। এইবাৰ তাইৰ বয়স ২২ বছৰমান হ’ব, তাইক ‘উদ্ধাৰ’ কৰা হ’ল, নিজৰ ইচ্ছাৰ বিৰুদ্ধে দিল্লী এৰিবলৈ বাধ্য কৰা হ’ল। ২০২৪ৰ মে’ত তাই অসম অভিমুখী ৰেলত উঠিল, কিন্তু নিৰাপদে ঘৰ পালেনে? তাই মাকৰ লগত থাকিবনে, নে তাই আন কোনো ৰেডলাইট এলেকাত নিজকে বিচাৰি পাব?
এই প্ৰতিবেদন ভাৰতত যৌন আৰু লিংগভিত্তিক হিংসা (এছজিবিভি)ৰ পৰা উদ্ধাৰ হোৱাজনে লাভ কৰিবলগীয়া সেৱা-সুবিধাৰ ক্ষেত্রত আহি পৰা সামাজিক, আনুষ্ঠানিক আৰু ভিত্তিগত বাধাসমূহৰ ওপৰত আলোকপাতেৰে দেশৰ বিভিন্ন প্ৰান্ত সামৰি কৰা ৰিপ’ৰ্টিঙৰ এক অংশ।
পৰিচয় সুৰক্ষিত কৰিবলৈ ভুক্তভোগী তথা পৰিয়ালৰ সদস্যৰ নাম সলনি কৰা হৈছে।
অনুবাদ: পংকজ দাস