হীৰাবাই ফকিৰা ৰাথোড় নামৰ মহিলাগৰাকীয়ে ২০১০ চনত এখন নতুন বাহন ক্ৰয় কৰাৰ যোজা কৰিছিল।ঠিক সেই সময়তে ট্ৰেক্টৰৰ বাবে ঋণ প্ৰদান কৰি আছিল কেবাটাও বেংকে।“ট্ৰেক্টৰৰ দোকানখনৰ বিক্ৰেতাজনে মোক কৈছিল যে সেই ঋণটো ল’বলৈ আৰু আদায় দিবলৈ অতি সহজ,”ঔৰংগাবাদ জিলাৰ কন্নড় তেহছিলত অৱস্থিত নিজৰ বাসস্থানত আমাক এই কথা ক’লে হীৰাবাইয়ে।হায়দৰাবাদ ষ্টেট বেংকৰ স্থানীয়  শাখাইও ঋণ লাভৰ প্ৰক্ৰিয়াটো অতি সুকলমে সম্পন্ন কৰিছিল।হীৰাবাইৰ স্বামী এজন অৱসৰপ্ৰাপ্ত বনৰক্ষী।কন্নড়ত বানজাৰা আদিবাসী হীৰাবাইৰ বৃহৎ পৰিয়ালটোৰ ৩.৫ বিঘা কৃষি ভূমি আছে।“ভাবিছিলো ট্ৰেক্টৰ এখন ল’লে আমি নিজৰ মাটি চহোৱাৰ লগতে আনৰো খেতিমাটি চহাই দুপইচা অৰ্জন কৰিব পাৰিম,” হীৰাবাইয়ে ক’লে।

ট্ৰেক্টৰখনৰ দাম ৬৩৫,০০০ টকা ।হীৰাবাইয়ে ঋণ পালে ৫৭৫,০০০ টকা।ঋণৰ ধনখিনি তেঁও সাতবছৰৰ ভিতৰত আদায় দিব লাগিব—১৫.৯ শতাংশ সুদসহ।“মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল সেইটো,” ঋণৰ সম্পূৰ্ণ হিচাপ আমাক দেখুৱাই তিক্ততাৰে ক’লে তেঁও।এইবছৰৰ মাৰ্চলৈকে মুঠ ৭.৫ লাখ টকা কিস্তি আদায় দিয়াৰ পাছত হীৰাবাই ভাঙি পৰিছিল।তেতিয়া বেংকে তেঁওক ১.২৫ লাখ টকা আদায় দি এবাৰতে ঋণ পৰিশোধ কৰাৰ প্ৰস্তাব দিলে।আত্মীয়-স্বজনৰ পৰা ধন ধাৰে আনি কোনোমতে সেই ধনখিনি বেংকক আদায় দিলে হীৰবাইয়ে।“সেই ঋণৰ বোজা মই মোৰ ল’ৰাছোৱালীৰ মূৰত জাপি দিব খোজা নাছিলো,”তেঁও ক’লে।

মুঠতে ৫.৭৫ লাখ টকাৰ ঋণৰ বিনিময়ত এই খাটিখোৱা বানজাৰা মহিলাগৰাকীয়ে সৰ্বমুঠ ৯ লাখ টকা আদায় দিবলৈ বাধ্য হ’ল।ইফালে মহাৰাষ্ট্ৰৰ খৰাং বিধ্বস্ত মাৰাঠাৱাড়া অঞ্চলৰ কৃষিকৰ্ম বিনষ্ট হৈ যোৱাৰ ফলত ট্ৰেক্টৰখনো বিশেষ কামত নলগা হৈ পৰিল।কেৱল এইগৰাকীয়ে নহয়, ঔৰংগাবাদ জিলাৰ লগতে দেশৰ আন আন প্ৰান্ততো আৰু বহুতো এনে হীৰাবাই ওলাব।হীৰাবাইয়েতো যেনেতেনে ঋণ আদায় দিছেই, কিন্তু ঋণৰ কিস্তি সমূলি আদায় দিব নোৱাৰা বহু কৃষকো ওলাব।তেনে ঋণৰ বোজা বব নোৱাৰি আত্মহননৰ পন্থা লোৱা কৃষকৰ সীমাসংখ্যা নোহোৱা হৈছে ৰাজ্যখনত।অকল হায়দৰাবাদ ষ্টেট বেংকেই কেৱল মাৰাঠাৱাড়া অঞ্চলতে ২০০৫-০৬ চনৰ পৰা এনে ১০০০ টা ঋণ দিছে কৃষকক।

“বেংকে ট্ৰেক্টৰৰ বাবে ঋণ দি আহিছে। তেঁওলোকে অগ্ৰাধিকাৰ খণ্ডত ধন খটুৱাব লাগে, গতিকে কৃষি ক্ষেত্ৰখন বাছি লোৱা হৈছে।এই ঋণ সমূহক কৃষি ঋণ হিচাপে দেখুৱাব পৰা যায়,” ক’লে মহাৰাষ্ট্ৰৰ সৰ্বভাৰতীয় বেংকৰ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক দেৱাশীষ তুলজাপুৰকাৰে। বেছিভাগ লোককেই বেংকৰ এনে ঋণৰ সুদৰ হাৰে কোঙা কৰি পেলায়।আনহাতে এই শ্ৰেণীৰ লোকে বেংকৰ চৰ্তৰ বিৰুদ্ধে কোনোধৰণে মাত মাতিবও নোৱাৰে।বেংকৰ চৰ্ত মানি এবাৰতে এটা শকত পৰিমাণৰ ধন আদায় দি হীৰাবাই কোনোমতে ঋণমুক্ত হ’বলৈ সক্ষম হ’ল, পিছে অনেকেই ঋণৰ বৃহৎ পৰিমাণৰ কিস্তি আদায় দিব পৰা নাই বা কোনোধৰণৰ বন্দোবস্ত কৰিবলৈ সক্ষম হোৱা নাই।বহুসংখ্যকে আকৌ এটা কিস্তিও দিব পৰা নাই।” কেৱল কন্নড় তেহছিলতে এনেদৰে ঋণৰ কিস্তি আদায় দিব নোৱৰা ৪৫ জন লোকৰ বিষয়ে জানিব পাৰিলো হায়দৰাবাদ ষ্টেট বেংকৰ অকল এটা শাখালৈ গৈয়েই।তেঁওলোকক বেংকে দিয়া ঋণৰ মুঠ পৰিমাণ ২.৭ কোটি টকা।এই তথ্য এখন ৰাজ্যৰ মাত্ৰ এখন সৰু চহৰত থকা বেংকৰ কেৱল এটা শাখাৰহে।তেনেহ’লে দেশজুৰি কৃষকে লোৱা ঋণৰ পৰিমাণ কিমান হাজাৰ কোটি হ’ব, সেয়া সহজেই অনুমেয়।


02-IMG_1208-PS-The Benz and the Banjara.jpg

গাড়ীৰ ঋণৰ বাবে মানুহৰ আগ্ৰহ কিমান বৃদ্ধি পাইছে , মুম্বাইৰ এটা বেংকৰ কাউণ্টাৰটোৱেই তাৰ সাক্ষী


হীৰাবাইয়ে ১৫.৯ শতাংশ সুদৰ হাৰত ঋণ লোৱাৰ সময়তে কন্নড়ৰ পৰা মাত্ৰ ৬৫ কিলোমিটাৰ দূৰৈৰ ঔৰংগাবাদ চহৰত আন এক বৃহৎ ঋণ অভিযান চলি আছিল।২০১০ চনৰ অক্টোবৰত চহৰখনৰ অভিজাত উদ্যোগপতি, আমোলা, চিকিৎসক, উকীল আৰু আন আন একাংশ পেছাদাৰী লোকৰ এটা দলে এদিনতে ১৫০ খন মাৰ্চিডিজ বেনঝ ক্ৰয় কৰিছিল( তেঁওলোকৰ মাজৰ এজন এতিয়া পশ্চিম ঔৰংগাবাদৰ বিধায়কো হৈছে)।এই অভিলেখৰ জৰিয়তে একাংশই ঔৰংগাবাদে ‘গোলকীয় বিনিয়োগৰ মানচিত্ৰ’ত স্থান পোৱা বুলি কৈছিল।ঔৰংগাবাদক সেই স্থানত উপনীত কৰোৱাইছিল অভিজাত শ্ৰেণীটোৱে। সেইদিনা বিক্ৰী হোৱা বিভিন্ন মডেলৰ মাৰ্চিডিজ বেনঝবোৰৰ দাম আছিল ৩০ লাখৰ পৰা ৭০ লাখ টকালৈকে।সংবাদ সূত্ৰৰ তথ্য অনুসৰি ২৪ ঘ্ণ্টাত দেৰশ খনকৈ বিলাসী গাড়ী বিক্ৰী হোৱা বাবে কোম্পানীয়ে সেইদিনা বিক্ৰীমূল্য ৰেহাই দিছিল। আনকি ভাৰতীয় ষ্টেট বেংকৰ তেতিয়াৰ অধ্যক্ষই দিয়া বিশেষ অনুমতিৰে হায়দৰাবাদ ষ্টেট বেংকে ৬৫ কোটি টকাৰ উক্ত ঋণৰ প্ৰায় দুই-তৃতীয়াংশ আদায়ৰ ব্যৱস্থাৰে বেনঝ ক্ৰেতাসকলক মাত্ৰ ৭ শতাংশ সুদৰ হাৰতে ঋণ প্ৰদান কৰিছিল।

মাৰ্চিডিজ বেনঝ ইণ্ডিয়াৰ উৎফুল্লিত পৰিচালন সঞ্চালক ৱিলফ্ৰিয়েড আলবাৰে সেইদিনা দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰৰ আশ্চৰ্য অৰ্থনৈতিক ক্ষমতাক চালাম জনাইছিল সংবাদমাধ্যমত।“আজি একেটা দিনতে ১৫০ খন মাৰ্চিডিজ বেনঝ বিক্ৰীৰ জৰিয়তে চহৰৰ অৰ্থনৈতিক ক্ষমতাৰ এক দৃঢ়, আগ্ৰাসী আৰু গতিশীল ছবি এখন দেখিবলৈ পোৱা গৈছে।”

আনাহতে ঔৰংগাবাদৰ হীৰাবাইহঁতৰ মাজত দেখিবলৈ পোৱা গৈছিল আন এখন ছবি।খাটিখোৱা কৃষক আৰু অভিজাত, দু্য়োটা শ্ৰেণীয়েই গাড়ীৰ বাবে ঋণ লৈছিল।দু্য়োটা দলেই ঋণ লাভ কৰিছিল ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা।কিন্তু হীৰাবাইহঁতে চহৰৰ অভিজাত শ্ৰেণীৰ লোকসকলে পৰিশোধ কৰিবলগীয়াতকৈ দুগুণ অধিক পৰিমাণৰ সুদ আদায় দিবলগীয়া হৈছিল।হয়তো কোম্পানীৰ গোলকীয় বিনিয়োগ মানচিত্ৰত হীৰাবাইহঁতে স্থান পোৱা নাই।আদিবাসী আৰু দলিত শ্ৰেণীৰ বহু খেতিয়কক ট্ৰেক্টৰৰ বাবে ঋণ দিয়া হৈছে ১২.৫ আৰু ১৫.৯ শতাংশ সুদত।বেনঝ ক্ৰেতাসকলৰ মাজত এইসকল ঋণ লওঁতাৰ স্থান নাই।

টেলৱাড়ি তাণ্ডা(চুবুৰি)ৰ এজন বানজাৰা অধিবাসী বসন্ত দলপট ৰাথোড়।তেঁও ইতিমধ্যে কন্নড় তেহছিলৰ হায়দৰাবাদ ষ্টেট বেংকক ৭.৫৩ লাখ (১.৭ লাখ চূড়ান্ত বন্দোবস্তীৰ ধনকে ধৰি) টকা পৰিশোধ কৰিছে। অম্বা তাণ্ডাৰ বাসিন্দা একেই আদিবাসী গোষ্ঠীৰ অমৰসিং মুখাৰম ৰাথোড় নামৰ লোকজনে সুদে-মূলে বেংকক দিবলৈ আছে ১১.১৪ লাখ টকা,তাৰ অৰ্ধেক পৰিমাণৰ ঋণৰ ধনৰ বাবদ।কিন্তু এইপৰ্যন্ত তেঁও দিবলগীয়া ধনৰ একোৱেই আদায় দিব পৰা নাই—আৰু হয়তো কাহানিও নোৱাৰিব।কন্নড়ৰ এনে ৪৫ জন ঋণগ্ৰস্ত লোকৰ বাহিৰেও আন আন তেহছিল আৰু অন্যান্য বেংকৰ শাখাত আৰু বহু ঋণ লোৱা কৃষকৰ কথা জানিব পাৰিছিলো।

“এই ঋণবোৰৰ কোনো এটাকে আদায় কৰিব নোৱৰা সম্পত্তি হিচাপে ঘোষণা কৰা হোৱা নাই,” তুলজাপুৰকাৰে ক’লে।“এনেদৰে দিয়া ঋণৰ পৰিমাণ কেবাকোটিও হ’বগৈ। বেংকে কাগজে-কলমে এই ঋণবোৰক কাৰ্যকৰী খাতা হিচাপেই ৰাখিছে।হিচাপমতে পৰিশোধেয় ধনৰ পৰিমাণ প্ৰকৃত ঋণৰ পৰিমাণৰ দুগুণ হৈছে যদিও কিন্তু কাৰ্যক্ষেত্ৰত চাবলৈ গ’লে কোনোবাটো ঋণৰ এপইচাও পোৱা নাই বেংকে।ঋণ আদায়ৰ সময়সীমা দীঘলীয়া হ’ব পাৰে, কিন্তু এইপৰ্যন্ত ঋণসমূহক আদায় পাবলগীয়া ধন হিচাপেই নথীভূক্ত কৰি ৰখা হৈছে।ঋণগ্ৰস্তসকলৰ অৱস্থাৰ লগতে বেংকৰ এই দিশটোৰ কথাও ভাবি চাবলগীয়া।” কেতিয়াবা আকৌ ক্ৰেতাসকল মধ্যস্থতাকাৰী আৰু বিক্ৰেতাৰ দ্বাৰাও প্ৰবঞ্চিত হয়।“ট্ৰেক্টৰৰ লগতে এখন ট্ৰলী আৰু আন আন আনুসংগিক কিছুমান সামগ্ৰীৰ বাবে বেংকৰ পৰা ঋণ ল’ব পাৰি।কিন্তু কৃষকসকলে কেৱল ট্ৰেক্টৰখনহে ল’ব বিচাৰে।গতিকে পাবলগীয়া অন্যান্য সামগ্ৰীসমূহ বিক্ৰেতাই নীৰৱে নিজৰ কৰি লয়।”

বেনঝ বিক্ৰীৰ সেই অভিলেখো পিছে বেংকৰ বাবে এতিয়া আৰু সুখৰ কাৰণ হৈ থকা নাই, জনালে বেংকৰ কৰ্মচাৰীয়েই।“সেই বেনঝবিলাকৰ বেছিভাগেই দুই-তিনি বা ততোধিক বাৰ বিক্ৰী কৰা হৈছে”, ঔৰাংগাবাদৰ এজন প্ৰসিদ্ধ উদ্যোগপতিয়ে আমাক জনাইছিল।দুজন ক্ৰেতাই আকৌ ৰেহাই বিক্ৰী আৰু কম হাৰৰ সুদৰ লাভ ল’বলৈকে বেনঝ ক্ৰয় কৰি অতি শীঘ্ৰেই গাড়ীদুখন পুনৰ বিক্ৰী কৰি দিছিল।

ভাৰতত ট্ৰেক্টৰ বিক্ৰী তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছিল ২০০৪-১৪ চনৰ মাজৰ দহবছৰত।২০১৩ চনত উদ্যোগ সম্পৰ্কীয় তথ্যই দেখুৱাইছে যে ভাৰতে ৬ লাখ ১৯ হাজাৰ খন ট্ৰেক্টৰ নিৰ্মাণ কৰিছিল—এই সংখ্যা সমগ্ৰ বিশ্বতে নিৰ্মাণ হোৱা ট্ৰেক্টৰৰ সংখ্যাৰ প্ৰায় এক তৃতীয়াংশ। বহুতে এই পৰিসংখ্যাক গ্ৰাম্য প্ৰগতিৰ প্ৰতিচ্ছবি বুলিও মন্তব্য কৰিছিল।কোনো কোনোৰ মতে গ্ৰাম্য ভাৰতৰ কামৰ এয়া এক “গুৰুত্বপূৰ্ণ মাপক”।নিশ্চয়কৈ এই যানখনে এটা শ্ৰেণীৰ লোকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিছিল।যি কি নহঁওক মানুহক বেছিকৈ আকৰ্ষণ কৰিছিল ট্ৰেক্টৰ ক্ৰয়ৰ বাবে দিয়া ঋণে। সামাজিক-অৰ্থনৈতিক আৰু জাতি পিয়লৰ তথ্যই দেখুওৱা মতে মাহেকত ১০ হেজাৰতকৈ অধিক উপাৰ্জন কৰা সদস্য ৮ শতাংশ গ্ৰাম্য পৰিয়ালতহে আছে (ট্ৰেক্টৰ থকা পৰিয়ালৰ সংখ্যা আনকি এই ৮ শতাংশ পৰিয়ালতকৈও আৰু কম)।তথাপি, কিছুসংখ্যক অৰ্থনীতিবিদ আৰু স্তম্ভলেখকে ট্ৰেক্টৰ বিক্ৰীৰ এই পৰিসংখ্যাটোকেই সমগ্ৰ গ্ৰাম্য ভাৰতৰ প্ৰগতিৰ নিৰ্ভৰযোগ্য প্ৰতিচ্ছবি বুলি আঙুলিয়াব খোজে।তেনেহ’লে এতিয়া ঔৰংগাবাদৰ ট্ৰেক্টৰ বিক্ৰেতাসকলে বিক্ৰীৰ হাৰ নিম্নগামী হোৱা বুলি কোৱাৰ সময়ত এয়া নিশ্চয় বিশ্লেষকসকলৰ ভাষ্যত ‘গ্ৰাম্য ভাৰতৰ অৱনতি’ৰেই এক প্ৰতীক বুলি চিহ্নিত হ’ব।

নকলেও হ’ব যে ট্ৰেক্টৰ হৈছে এক উৎপাদনশীল আহিলা, বিলাসিতাৰ বাবে ক্ৰয় কৰা মাৰ্চিডিজ বেনঝ কিন্তু নহয়।কিন্তু ঋণ লৈ ট্ৰেক্টৰ ক্ৰয়ৰ অভিলেখক গ্ৰাম্য ভাৰতৰ দ্ৰুত প্ৰগতিৰ প্ৰতিচ্ছবি বুলি কোৱাটো যিদৰে হাস্যকৰ, ঠিক সেইদৰে একেদিনাই ১৫০ খন মাৰ্চিডিজ বেনঝ বিক্ৰীয়ে ঔৰাংগাবাদক গোলকীয় মানচিত্ৰত স্থান দিয়া বুলি কোৱাটোও সমানেই হাস্যকৰ কথা।মহাৰাষ্ট্ৰৰ সকলো অঞ্চলৰ ভিতৰত মাৰাঠাৱাড়া অঞ্চলৰ জনমূৰি আয়েই সৰ্বনিম্ন—৬৪,৩৩০ টকা।ৰাজ্যখনৰ আন আন প্ৰান্তৰৰ তুলনাত এই পৰিমাণ ৪০ শতাংশ কম।আনহাতে মুম্বাইৰ জনমূৰি আয়ৰ হাৰতকৈ মাৰাঠাৱাড়াৰ জনমূৰি আয়ৰ হাৰ ৭ শতাংশ কম।

ইতিমধ্যে আন এক দাৰিদ্ৰ্যৰ সংকট সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে ৰাজখনত।মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত সাধাৰণতে খনন যন্ত্ৰৰ ব্যৱহাৰ বৃদ্ধি পাইছে যদিও, এইবিধ যন্ত্ৰকে ধৰি আন আন কামতো চৰকাৰে শ্ৰমিকৰ পৰিবৰ্তে যন্ত্ৰ ব্যৱহাৰত অধিক গুৰুত্ব দিয়া দেখা গৈছে।

“বহুসংখ্যক লোকেই কামৰ পৰা বঞ্চিত হ’ব আৰু অচিৰেই এক দেউলীয়া অৱস্থাৰ সৃষ্টি হ’ব,” ক’লে ঔৰংগাবাদ জিলাৰ খুলতাবাদৰ পৌৰ নিগমৰ প্ৰাক্তন মূৰব্বী তথা ঠিকাদাৰ হাজী আকবৰ বাইগে।“আমাৰ চহৰখনত ১৯ হাজাৰ বাসিন্দা আছে।এই সৰু চহৰখনতেই ৩০ খন জে চি বি আছে।গোটেই ৰাজ্যখনত তেন্তে কিমানখন জে চি বি আছে কোনে জানে? এই খনন যন্ত্ৰসমূহ জলযুক্ত ছিৱৰ অভিযান(মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্য জল সংৰক্ষণ আঁচনি)দৰে আঁচনিত ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰা বহু লোকেই আকৰ্ষিত হৈছে।তেঁওলোকে ব্যক্তিগত বেংক অথবা বিত্তীয় কোম্পানীৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈ ২৯ লাখ পৰ্যন্ত মূল্যৰ জে চি বি ক্ৰয় কৰিছে।আমাৰ চহৰত প্ৰথমখন জে চি বি ক্ৰয় কৰিছিলো মই।অৱশ্যে মই বেংকৰ পৰা বৃহৎ ঋণ লৈ কিনা নাছিলো।মোৰ আগৰ বহু যন্ত্ৰ-পাতি বিক্ৰী কৰি দিয়াৰ উপৰি পৰিয়ালৰ লোকৰ পৰা ধন ধাৰে লৈ কিনিছিলো।”

‘ঋণৰ কিস্তি আৰু আৰু জে চি বি এখন চোৱাচিতা কৰাৰ বৃহৎ ব্যয় বহন কৰাৰ পাছত হাতত এটা ভাল পৰিমাণৰ থাকিবলৈ হ’লে এজন মানুহে মাহেকত অতি কমেও এক লাখ টকাৰ কাম কৰিব পাৰিব লাগিব।খৰালি এনেদৰে কাম পোৱাটো সম্ভৱ, কিন্তু বাৰিষা অহাৰ লগে লগেই কাম বন্ধ হৈ যায়।৩০ খন বাদ দিয়ক, তিনিখন জে চি বিৰ বাবেও কাম নাই আচলতে এই চহৰখনত।তেনেস্থলত কি কৰা যায় কওঁকচোন।এই ক্ষেত্ৰখনত অনভিজ্ঞ বহু ব্যক্তিয়েও পোক্লেইন হাইদ্ৰ’লিক এক্সকেভেটৰৰ দৰে খননযন্ত্ৰত ধন বিনিয়োগ কৰিছে। যাৰ দাম জে চি বি এখনৰ প্ৰায় দুগুণ।খননযন্ত্ৰ ক্ৰয়ৰ বাবে লোৱা ঋণে পুনৰ জুৰুলা কৰিছে তেঁওলোকক।মোৰ অনুমান, সমগ্ৰ ৰাজ্যখনতে এনে পৰিস্থিতি হৈছে।কেৱল চা-চিনাকি থকা মুষ্টিমেয় কেইজনমান ব্যৱসায়ীয়েহে ঠিকাবোৰ পায়।আনসকল দেউলীয়া হ’বগৈ।”


03-P1040127(Crop)-PS-The Benz and the Banjara.jpg

মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ বানজাৰা সম্প্ৰদায়ৰ মহিলা হীৰাবাই


কন্নড়ত অৱস্থিত হীৰাবাইৰ ঘৰলৈ যাওঁতে আমাকো প্ৰথমে বেংকৰ মানুহ বুলিয়েই ভাবিছিল হীৰাবাইয়ে।“মোৰ এতিয়া কি হ’ব?” সন্ত্ৰস্তভাবে সুধিছিল তেঁও।ইতিমধ্যে ৬.৩৫ লাখ (প্ৰকৃত দাম হয়তো তাতকৈ কম হ’ব) টকা দামৰ ট্ৰেক্টৰ এখন কিনিবলৈ লোৱা ৫.৭৫ লাখ টকাৰ ঋণৰ বাবে মহিলাগৰাকীয়ে ৯ লাখ টকা পৰিশোধ কৰিছে বেংকক।তথাপি তেঁও চিন্তামুক্ত হ’ব পৰা নাই।

“মই আকৌ কিবা দিব লাগিব নেকি?”

“নালাগে, আপুনি ইতিমধ্যেই ঋণৰ সমস্ত ধন পৰিশোধ কৰিলে, আচলতে বেছিকৈহে দিলে,” আমি তেঁওক ক’লো।

অনুবাদঃ নিভা ৰাণী ৰয়


নিভা ৰাণী ৰয় বৰ্তমান এগৰাকী মুক্ত সাংবাদিক, অনুবাদক আৰু www.nezine.com নামৰ ৱেব আলোচনীখনৰ সহকাৰী সম্পাদক। তেখেতৰ ই-মেইল ঠিকনাঃ [email protected]


পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ ই-মেইলঃ @PSainath_org

P. Sainath

পি. সাইনাথ পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার প্রতিষ্ঠাতা সম্পাদক। বিগত কয়েক দশক ধরে তিনি গ্রামীণ ভারতবর্ষের অবস্থা নিয়ে সাংবাদিকতা করেছেন। তাঁর লেখা বিখ্যাত দুটি বই ‘এভরিবডি লাভস্ আ গুড ড্রাউট’ এবং 'দ্য লাস্ট হিরোজ: ফুট সোলজার্স অফ ইন্ডিয়ান ফ্রিডম'।

Other stories by পি. সাইনাথ