‘‘মোৰ মনত পৰে কেনেদৰে প্ৰচণ্ড বৃষ্টিপাত আৰু বাঢ়নি পানীয়ে আমাৰ ঘৰটো ভাঙি পেলাইছিল৷ আমাৰ চকুৰ সমুখতে ঘৰ-বাৰী সকলো জহি-খহি (মুৰি গংগা) নদীৰ বুকুত জাহ গৈছিল,’’ পূৰ্ণিমা ভুঞাই পুৰণি কথা দোহাৰিলে৷ খাচিমাৰা গাঁৱত নদীয়ে তাইৰ ঘৰ কেবাবাৰো ভাঙি নিছে৷ তাই মাত্ৰ এটা বছৰৰ ঘটনাৰ কথা কৈছিল৷
১৯৭০ৰ দশকৰ মাজভাগত ঘোৰামাৰাৰ মুঠ মাটিৰ প্ৰায় আধা অংশই নদীৰ বুকুত জাহ গৈছে৷ জলবায়ুৰ পৰিৱৰ্তন বিষয়ক এক আন্তৰ্জাতিক পত্ৰিকা ইণ্টাৰনেশ্যনেল পাৰ্ছপেক্টিভ অন ক্লাইমেট চেইঞ্জ-ৰ ২০১৪ বৰ্ষৰ এটি গৱেষণা পত্ৰ মতে ঘোৰামাৰাৰ মুঠ মাটিকালি ১৯৭৫ চনত ৮.৫১ বৰ্গকিলোমিটাৰৰ পৰা টুটি গৈ ২০১২ চনত ৪.৪৩ বৰ্গকিলোমিটাৰ হয়৷ ইয়াৰ কাৰণ একাধিক৷ সুন্দৰবন অঞ্চলৰ এই দ্বীপ এলেকাত নদী আৰু উপকূলীয়া ভাঙোন, বান, ঘূৰ্ণীবতাহ, মেনগ্ৰ’ভ অৰণ্য হ্ৰাস পোৱা, সমুদ্ৰতলৰ উচ্চতা বৃদ্ধি ইত্যাদি৷ বান আৰু খহনীয়াৰ ফলত ঘোৰামাৰা অঞ্চলৰ পৰা মাটি হেৰুৱাই গৃহহাৰা হোৱা লোকৰ সংখ্যা স্পষ্টকৈ কোৱা টান৷ কিন্তু দ্বীপটোৰ বাসিন্দাসকলৰ হিচাপ অনুসৰি বিভিন্ন সময়ত প্ৰায় ৪,০০০ লোকে সাগৰ অঞ্চললৈ নাইবা কাকদ্বীপ তথা নামখানাৰ মূল ভূখণ্ডত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷
ভুঞাৰ সেই দিনটোৰ কথা স্পষ্টকৈ মনত আছে যেতিয়া তাইৰ ঘৰটো ভাঙি উটি গৈছিল৷ অৱশ্যে কোনটো বছৰৰ সেইটো ঘটনা সেয়া মনত নাই৷ ‘‘সেইখিনি সময়ত মই প্ৰতিবেশীৰ ঘৰৰ পুখুৰীত বাচন ধুই আছিলো৷ তাৰ পৰা আমাৰ ঘৰটো স্পষ্টকৈ দেখা যায়৷ মোৰ স্বামীৰ তেতিয়া যক্ষ্মা ৰোগ হৈ আছিল৷ প্ৰতিবেশীৰ ঘৰটো আমাৰ ঘৰটোতকৈ ডাঙৰ আছিল৷ তেঁও মোৰ স্বামী আৰু সন্তানক তেঁওৰ ঘৰলৈ লৈ যাবলৈ ক’লে৷ তেতিয়া বৰষুণ দিবলৈ ধৰিলে৷ আমাৰ ঘৰৰ মজিয়াত পানী উঠিল৷ বহুদেৰিলৈ আমাৰ ঘৰটোৱে ধাৰাসাৰ বৰষুণত তিষ্ঠি থাকিল৷ কিন্তু তাৰপিছত পূৱ দিশৰ পৰা বতাহৰ সমানে সমানে মুষলধাৰ বৰষুণ হ’বলৈ ধৰিলে৷ সেই সময়তে ঘৰটো ভাঙি পৰিল আৰু চকুৰ আগতেই নোহোৱা হৈ গ’ল৷ নৈয়ে ইতিমধ্যে ১০-১২ বাৰ আমাৰ ঘৰে-মাটিয়ে নিছে৷
ভুঞাৰ হাতত উপায় থকা হ’লে তাই আজিও ঘোৰামাৰাতেই থাকিলহেঁতেন৷ ‘‘আপোনাক কও কিয় সেই ঠাইটো মোৰ প্ৰিয়৷ তাৰে মানুহবোৰ বৰ ভাল আছিল৷ সকলোকে সহায়ৰ বাবে আগবাঢ়ি আহে৷ এটা পৰিয়ালে ঘৰ হেৰুৱালে অইন এজনে ততালিকে নতুন ঘৰ সজাৰ বাবে মাটি দি সহায় কৰে৷ কিন্তু ইয়াতে তেনে নহয়,’’ এইখিনি কৈ পূৰ্ণিমাই দীৰ্ঘশ্বাস এৰিলে৷ দুখজনক কথাটো হৈছে এয়ে যে খাচিমাৰা গাঁওখন সম্পূৰ্ণৰূপে জলমগ্ন আৰু ২০১১ চনৰ লোকপিয়ল মতে খাচিমাৰাৰ জনসংখ্যা শূণ্য৷ অৱশ্যে এতিয়াও প্ৰায় ৫ হাজাৰ লোক (২০১১ চনৰ লোকপিয়ল মতে) এই দ্বীপৰ ঘোৰামাৰা গাঁও পঞ্চায়তৰ অইন ছখন গাঁৱত বসবাস কৰি আহিছে (অৱশ্যে সময়ৰ সোঁতত তাতো জনসংখ্যা হ্ৰাস পাইছে)৷
মণ্টু মণ্ডলেও ১৯৯৩ চনত ঘোৰামাৰাৰ অইন পৰিয়ালৰ দৰে গংগাসাগৰলৈ উঠি অহাৰ পিছৰ সময়চোৱাত সাগৰ দ্বীপত সমুখীন হোৱা কষ্টকৰ দিনৰ কথা পাহৰা নাই৷ চৰকাৰে আৱণ্টন কৰি দিয়া মাটিত লৱণৰ পৰিমাণ অধিক থকাৰ ফলত প্ৰথম কেইবছৰমান খেতি কৰিব পৰা নাছিল৷ আনফালে খোৱাপানী কিম্বা গা ধোৱাৰ বাবেও স্বচ্ছ পানী নাছিল৷ বৰ্তমান ৬৫ বছৰ বসয়ৰ মণ্ডলে জীৱিকাৰ তাগিদাত দিনহাজিৰাৰ বাবে মাটি কাটে আৰু চুটকি মাছ বিক্ৰী কৰে৷ ১.৫ বিঘা মাটি (প্ৰায় আধা একৰ)ত তেঁও ঘৰ এটা সাজিলে আৰু ধানৰো খেতি ফলিল৷
কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’চিয়েনোগ্ৰাফিক ষ্টাডিজৰ অধ্যাপক সুগাতা হাজৰাই কয়, ‘‘ঘোৰামাৰাৰ ছিন্নমূল গাঁওবাসীক চৰকাৰে ‘পৰিৱেশগত শৰণাৰ্থী’ (ক্লাইমেট ৰিফিউজি) হিচাপে স্বীকৃতি দিয়া নাই৷ কিয়নো তেঁওলোকে দেশৰ ভিতৰতেই প্ৰব্ৰজন কৰিবলগীয়া হৈছিল৷ ‘‘কিন্তু তেঁওলোকে নিশ্চয়কৈ পৰিৱেশগত প্ৰব্ৰজনকাৰী হিচাপে স্বীকৃতি পোৱা উচিত৷ চৰকাৰে এই বিশেষ পৰিচয়টিৰ স্বীকৃতি দি অসহায় মানুহখিনিৰ মৰ্যাদা আৰু ন্যায়বিচাৰ সুনিশ্চিত কৰা উচিত৷’’
সাগৰ দ্বীপৰ কৰ্মসংস্থাপনৰ অভাৱত পৰিয়ালৰ পুৰুষসকলে জীৱিকাৰ সন্ধানত পশ্চিমবংগ এৰি বাহিৰলৈ যাবলৈ বাধ্য হৈছে৷ উদ্বেগৰ আৰু এটি কাৰণ হৈছে সাগৰ দ্বীপটো প্ৰতি বছৰে খহনীয়ৰ ফলত মুঠ মাটিকালিৰ পৰিমাণ হ্ৰাস পাইছে আৰু তাৰে বাসিন্দাসকলে ঘৰ-মাটি হেৰুৱাব বুলি আতংকিত হৈছে৷
দিলজানৰ সৈতে কথা পতাৰ সময়ত তেঁও আমাক ৰিক্সাৰে দ্বীপৰ সেই স্থানলৈ লৈ গৈছিল য’ত নদী ভঙাৰ ফলত বিস্তীৰ্ণ এলেকা নদীৰ গৰ্ভত লীন হৈছে৷ সেই সময়তে ৰঞ্জিতা পুৰকাইতে আমাৰ সৈতে কথা-বতৰাত যোগ দিলে৷ তেঁওৰ ঘৰ নৈয়ে ইতিমধ্যে এবাৰ নিছে, তাৰে পৰা কেইমিটাৰমান দুৰতে তেঁওৰ ঘৰ৷ তেঁও কয়, ‘‘হয়তো এই ঘৰটোও নৈয়ে নিব৷ চাৰকাৰে কিনো কৰিছে? একো এটা কৰা নাই৷ অন্তত তেঁওলোকে নৈৰ মথাউৰিবোৰ মজবুত কৰিব পাৰিলেহেঁতেন৷ কিমান সাংবাদিক আহিছে, ফটো তুলিছে৷ কিন্তু তাৰ পিছত নাইকিয়া হৈ গৈছে৷ কিন্তু আমাৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই৷ চৰকাৰে কি আমাক অইন ঠাইত মাটি দিবনে? এই দ্বীপটো ক্ৰমে সংকুচিত হ’ব ধৰিছে আৰু আমাৰ ঘৰ-মাটি নৈত বিলীন হ’ব ধৰিছে৷ কিন্তু কোনেও ভ্ৰুক্ষেপকে নকৰে৷’’
অনুবাদঃ পংকজ দাস