"ফুলবোৰ শুকাই গৈছে।"

২০২৩ চনৰ মাৰ্চ মাহৰ গ্ৰীষ্মৰ এটা ৰাতিপুৱা আৰু মাৰুদুপুডি নাগাৰাজুৱে পমুলা ভীমাৱৰাম গাঁৱত তেওঁৰ তিনি একৰ মাটিত আমৰ (মেংজিফেৰা ইণ্ডিকা) বাগিচাখনত টহল দি চকু ফুৰাইছে।

অন্ধ্ৰ প্ৰদেশৰ আনাকাপল্লী জিলাত তেওঁৰ চকুৰ সন্মুখত ডাঙৰ আকাৰৰ বংগনাপল্লী, ৰসাল চেৰুকু ৰাসালু, বেছিকৈ খোৱা কেঁচা টোটাপুৰী আৰু বিখ্যাত পাণ্ডুৰী মামিদিৰ দৰে স্থানীয় প্ৰকাৰৰ ১৫০ ডাল গছ বিস্তাৰিত হৈ আছে।

তেওঁৰ খেতিপথাৰৰ গছবোৰ মুগা-হালধীয়া আমৰ ফুলেৰে ভৰি আছিল। কিন্তু ৬২ বছৰীয়া কৃষকজনৰ বাবে এয়া সুখজনক দৃশ্য নাছিল। তেওঁ কয় যে আমৰ ফুলবোৰ পলমকৈ ফুলিছে। "ফুলবোৰ সংক্ৰান্তিৰ সময়ত [জানুৱাৰীৰ মাজভাগত হোৱা উৎসৱ] ফুলিব লাগিছিল, কিন্তু নুফুলিল। সেইবোৰ ফেব্ৰুৱাৰী মাহতহে ফুলিবলৈ ধৰিলে," নাগাৰাজুৱে কয়।

আৰু ফলবোৰ মাৰ্চৰ ভিতৰত নেমুৰ আকাৰৰ হৈ উঠিব লাগিছিল। "ফুল নাথাকিলে আমো নাথাকিব আৰু মই এইবছৰো আকৌ এটকাও উপাৰ্জন নোহোৱাকৈ থাকিব লাগিব।"

Marudupudi Nagaraju (left) is a mango farmer in Pomula Bheemavaram village of Anakapalli district . He says that the unripe fruits are dropping (right) due to lack of proper irrigation
PHOTO • Amrutha Kosuru
Marudupudi Nagaraju (left) is a mango farmer in Pomula Bheemavaram village of Anakapalli district . He says that the unripe fruits are dropping (right) due to lack of proper irrigation
PHOTO • Amrutha Kosuru

মাৰুদুপুডি নাগাৰাজু (বাওঁফালে) আনাকাপল্লী জিলাৰ পমুলা ভীমাৱৰাম গাঁৱৰ এজন আম খেতিয়ক। তেওঁ কয় যে সঠিক জলসিঞ্চনৰ অভাৱৰ বাবে কেঁচা ফলবোৰ (সোঁফালে) সৰিবলৈ ধৰিছে

নাগাৰাজুৰ উদ্বিগ্নতা সহজে বুজিব পাৰি। এজন দৈনিক মজুৰী কৰ্মী হিচাপে তেওঁৰ বাগিচাখন এক কষ্টোপাৰ্জিত সপোন। মাদিগা সম্প্ৰদায়ৰ এজন সদস্য (অন্ধ্ৰ প্ৰদেশত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত) হিচাপে এই ভূমি ৰাজ্য চৰকাৰে প্ৰায় ২৫ বছৰ পূৰ্বে তেওঁক আৱণ্টন দিছিল। অন্ধ্ৰ প্ৰদেশ ভূমি সংস্কাৰ (কৃষি ধাৰণৰ সৰ্বোচ্চ সীমা) আইন, ১৯৭৩-ৰ অধীনত প্ৰৱৰ্তন কৰা ভূমিহীন শ্ৰেণীবোৰৰ মাজত ভূমি পুনৰ বিতৰণ কৰাৰ বাবে এই কাম কৰা হৈছিল।

জুনত যেতিয়া আমৰ বতৰ শেষ হয়, তেতিয়া তেওঁ ওচৰৰ গাওঁবোৰৰ কুঁহিয়াৰৰ খেতিত দৈনিক মজুৰিৰ কাম কৰিবলৈ যায়। কাম পালে তেওঁ দিনে ৩৫০ টকা উপাৰ্জন কৰিব পাৰে। তেওঁ এবছৰত ৭০-৭৫ দিনৰ বাবে মনৰেগাৰ পুখুৰী খন্দা, সাৰ প্ৰস্তুত কৰা আৰু অন্যান্য কাম কৰে। তেওঁ এদিনৰ কামৰ বাবে ২৩০ ৰ পৰা ২৫০ টকাৰ ভিতৰত মজুৰি পায়।

নাগাৰাজু প্ৰথমবাৰৰ বাবে মাটিৰ গৰাকী হোৱাৰ সময়ত তেওঁ হালধি খেতি কৰিছিল, কিন্তু প্ৰায় পাঁচ বছৰৰ ভিতৰত উন্নত লাভৰ আশাত তেওঁ আমৰ খেতি কৰিবলৈ লয়। তেওঁ কয়, "যেতিয়া মই [২০ বছৰ আগতে] এই কাম আৰম্ভ কৰিছিলো, মই প্ৰতিডাল গছৰ পৰা ৫০-৭৫ কিলো আম পাইছিলো," তেওঁ অত্যধিক শস্য চপোৱাৰ সুখৰ দিনবোৰৰ কথা মনত পেলাই কয়। তেওঁ লগতে কয়, "মই আম ভাল পাওঁ, বিশেষকৈ টোটাপুৰী।"

অন্ধ্ৰ প্ৰদেশ হৈছে দেশৰ দ্বিতীয় সৰ্ববৃহৎ আম উৎপাদনকাৰী ৰাজ্য। প্ৰায় ৩.৭৮ লাখ হেক্টৰ এলেকাত আমৰ খেতি কৰা হয় আৰু ২০২০-২১ বৰ্ষত বাৰ্ষিক উৎপাদন আছিল ৪৯.২৬ লাখ মেট্ৰিক টন, ৰাজ্যিক উদ্যান শস্য বিভাগে এইদৰে কয়।

পমুলা ভীমাৱৰাম গাওঁখন কৃষ্ণা আৰু গোদাৱৰী নদীৰে বেষ্টিত। বংগোপসাগৰৰ পৰা বেছি দূৰত নহয়। সকলো কৃষি কাৰ্যকলাপ স্বাভাৱিক পৰিসৰৰ ভিতৰত থকা উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। অক্টোবৰ-নৱেম্বৰত আম ফুলক শীত আৰু আৰ্দ্ৰতাৰ প্ৰয়োজন হয় আৰু ফলবোৰ সাধাৰণতে ডিচেম্বৰ-জানুৱাৰীৰ পৰা লাগিবলৈ আৰম্ভ কৰে।

কিন্তু, "যোৱা পাঁচ বছৰত অক্টোবৰ আৰু নৱেম্বৰৰ সময়ছোৱাত অকাল বৰষুণ বৃদ্ধি পাইছে," বেংগালুৰুৰ ভাৰতীয় উদ্যানশস্য গৱেষণা প্ৰতিষ্ঠান (ইণ্ডিয়ান ইনষ্টিটিউট অব্ হৰ্টিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইআইএইচআৰ)ৰ মুখ্য বিজ্ঞানী ড০ এম শংকৰণে এই সন্দৰ্ভত আলোকপাত কৰে।

The mango flowers in Nagaraju's farm (right) bloomed late this year. Many shrivelled up (left) because of lack of water and unseasonal heat
PHOTO • Amrutha Kosuru
The mango flowers in Nagaraju's farm (right) bloomed late this year. Many shrivelled up (left) because of lack of water and unseasonal heat
PHOTO • Amrutha Kosuru

এই বছৰৰ শেষৰ ফালে নাগাৰাজুৰ পথাৰত (সোঁফালে) আমগছবোৰ মলিছিল। এতিয়া পানীৰ অভাৱ আৰু অত্যাধিক গৰমৰ বাবে অধিকাংশই (বাওঁফালে) লেৰেলিছে

আম খেতিয়কজনে কয় যে তেওঁ প্ৰচণ্ড গৰমত ফুলবোৰ শুকাই লেৰেলি যোৱা দেখিছে, ফলত তেওঁৰ উৎপাদন সাংঘাতিক ধৰণে কমি গৈছে। তেওঁ কয়, "কেতিয়াবা এডাল গছৰ পৰা এক বাকচো আম নাপাও। গ্ৰীষ্মকালত তীব্ৰ বজ্ৰপাতৰ ফলত [ছিঙিবলৈ প্ৰায় সাজু] আমবোৰো নষ্ট হৈ যায়।"

সাৰ, কীটনাশক আৰু শ্ৰমৰ নামত হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ নাগাৰাজুৱে যোৱা কেইবছৰমানৰ পৰা বছৰি এক লাখ টকাৰ ঋণ লোৱাটো নিয়মত পৰিণত হৈছে। তেওঁ বছৰি ৩২ শতাংশ সূতত এজন ব্যক্তিগত সুদখোৰৰ পৰা এই ধাৰ লয়। তেওঁৰ বাৰ্ষিক উপাৰ্জন প্ৰায় ৭০,০০০ ৰ পৰা ৮০,০০০ টকা। তেওঁ ইয়াৰ কিছু অংশ জুন মাহত সুদখোৰজনক পৰিশোধ কৰে। কিন্তু উৎপাদন কমি অহাত ধাৰ শুজিব পাৰিব নে নাই, সেই লৈ তেওঁৰ চিন্তা হৈছে। তথাপিও তেওঁ খৰখেদাকৈ আমৰ খেতি এৰি দিব বিচৰা নাই।

*****

তেওঁৰ চুবুৰীয়া কান্তামাৰেড্ডী শ্ৰীৰামমূৰ্তিয়ে পাতল হালধীয়া ফুল এটা হাতৰ মুঠিত জোকাৰি দেখুৱাইছে। প্ৰায় শুকাই যোৱা ফুলটো নিমিষতে গুড়ি হৈ গ’ল।

একেখন গাঁৱতে তেওঁৰ ১.৫ একৰ আমৰ বাগিচাত বংগনাপল্লী, চেৰুকু ৰাসালু আৰু সুৱৰ্ণাৰেখা প্ৰকাৰৰ ৭৫ ডাল গছ আছে । তেওঁ নাগাৰাজুৰ সৈতে একমত যে আমগছবোৰ কমকৈ মলিছে। "ইয়াৰ মুখ্য কাৰণ হৈছে অক্টোবৰ আৰু নৱেম্বৰৰ সময়ছোৱাত সঘনাই হোৱা অকাল বৰষুণ যি যোৱা পাঁচ বছৰৰ পৰা বৃদ্ধি পাইছে," তুৰুপু কাপু সম্প্ৰদায়ৰ (অন্ধ্ৰ প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত) আৰু প্ৰতি বছৰে জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আত্মীয়ৰ কুঁহিয়াৰ ফাৰ্মত কাম কৰা কৃষকজনে এইদৰে কয়। তেওঁ তাত কাম কৰা সময়ছোৱাত মাহে প্ৰায় ১০,০০০ টকা উপাৰ্জন কৰে।

এই বছৰৰ মাৰ্চ মাহত (২০২৩) শ্ৰীৰামমূৰ্তিৰ আম ফুল আৰু ফলবোৰ বজ্ৰপাতত নষ্ট হৈছিল। "গ্ৰীষ্মকালৰ বৰষুণ আম গছৰ বাবে ভাল। কিন্তু এই বছৰ বৰষুণ বহুত বেছি হৈছিল," শ্ৰীৰামমূৰ্তিয়ে বৰষুণৰ লগত অহা তীব্ৰ বতাহ আৰু ফলৰ ক্ষতিৰ কথা উল্লেখ কৰি কয়।

Kantamareddy Sriramamurthy (left) started mango farming in 2014. The mango flowers in his farm (right) are also drying up
PHOTO • Amrutha Kosuru
Kantamareddy Sriramamurthy (left) started mango farming in 2014. The mango flowers in his farm (right) are also drying up
PHOTO • Amrutha Kosuru

কান্তামাৰেড্ডী শ্ৰীৰামমূৰ্তিয়ে (বাওঁফালে) ২০১৪ চনত আম খেতি আৰম্ভ কৰিছিল। তেওঁৰ খেতিপথাৰৰ আমৰ ফুলবোৰ (সোঁফালে) প্ৰায় শুকান

উদ্যানশস্য বিজ্ঞানী শংকৰণে কয় যে আম ফুল ফুলাৰ আদৰ্শ উষ্ণতা হৈছে ২৫-৩০ ডিগ্ৰী ছেলচিয়াছ। "২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত দিন আৰু নিশাৰ তাপমাত্ৰাৰ মাজত যথেষ্ট তাৰতম্য আছিল। গছে এয়া সহ্য কৰিব নোৱাৰে," তেওঁ লগতে কয়।

আম খেতিৰ পৰিস্থিতি বিষম হোৱাৰ বাবে শ্ৰীৰামমূৰ্তিয়ে ২০১৪ চনত লোৱা সিদ্ধান্তত অনুশোচনা কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ আনাকাপল্লী চহৰৰ ওচৰত ০.৯ একৰ মাটি বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল আৰু ইয়াৰ পৰা পোৱা ছয় লাখ টকা পমুলা ভীমাৱৰামৰ এখন আমৰ বাগিচাৰ বাবে পেট্টুবাদি (বিনিয়োগ) হিচাপে ব্যৱহাৰ কৰিছিল।

এই সিদ্ধান্তৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয়, "সকলোৱে এইবোৰ [আম] ভাল পায় আৰু ইয়াৰ চাহিদা আছে। মই আশা কৰিছিলো যে আমৰ খেতিৰ পৰা মই পৰ্যাপ্ত ধন পাম।"

কিন্তু তেতিয়াৰ পৰা তেওঁ লাভৰ মুখ দেখা নাই। শ্ৰীৰামমূৰ্তিয়ে কয়, "২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত আম খেতিৰ পৰা [এই আঠ বছৰত] মোৰ মুঠ উপাৰ্জন ছয় লাখ টকাতকৈ অধিক হোৱা নাই।" নিজৰ মাটি বিক্ৰী কৰাৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰি তেওঁ কয়, "মই বিক্ৰী কৰা মাটিৰ মূল্য এতিয়া বহুত বেছি। মই সম্ভৱতঃ আম খেতি আৰম্ভ কৰাটো উচিত নাছিল।"

এয়া কেৱল বতৰৰ কথা নহয়। আমগছবোৰ চাগু নীৰু (জলসিঞ্চন)ৰ ওপৰত নিৰ্ভৰ কৰে আৰু নাগাৰাজু বা শ্ৰীৰামমূৰ্তিৰ মাটিত ব’ৰৱেল নাই। ২০১৮ চনত শ্ৰীৰামমূৰ্তিয়ে এটা ব’ৰৱেল খননত ২.৫ লাখ টকা ব্যয় কৰিছিল কিন্তু ইয়াৰ পৰা এটোপালো পানী নোলাল। বুচিয়াপেটা (বুচ্চায়াপেটা বুলি উচ্চাৰণ কৰা হয়) মণ্ডল, য'ত নাগাৰাজু আৰু শ্ৰীৰামমূৰ্তিৰ বাগিচাবোৰ পমুলা ভীমাৱৰাম গাঁৱত আছে। ইয়াত চৰকাৰীভাৱে মাত্ৰ ৩৫ টা ব’ৰৱেল আৰু ৩০ টা মুকলি কুঁৱা আছে।

শ্ৰীৰামমূৰ্তিয়ে কয় যে শুকান ফুলৰ সমস্যাটো গছবোৰক জলসিঞ্চনৰ সৈতে ঠিক কৰিব পাৰি। তেওঁ সপ্তাহত দুটা পানী টেংক ক্ৰয় কৰে আৰু এমাহত ১০,০০০ টকা খৰচ কৰে। "প্ৰতিডাল গছত প্ৰতিদিনে কমেও এক লিটাৰ পানীৰ প্ৰয়োজন হয়। কিন্তু মই সপ্তাহত মাত্ৰ দুবাৰ পানী দিও; এইখিনিয়েই মই বহন কৰিব পাৰোঁ," শ্ৰীৰামমূৰ্তিয়ে কয়।

আম গছবোৰ পানীৰে সজীৱ কৰি ৰাখিবলৈ নাগাৰাজুৱে প্ৰতিটোত ৮,000 টকাকৈ পৰিশোধ কৰি সপ্তাহত দুটা টেংক পানী ক্ৰয় কৰে।

Left: Mango trees from Vallivireddy Raju's farm, planted only in 2021, are only slightly taller than him. Right: A lemon-sized mango that fell down due to delayed flowering
PHOTO • Amrutha Kosuru
Left: Mango trees from Vallivireddy Raju's farm, planted only in 2021, are only slightly taller than him. Right: A lemon-sized mango that fell down due to delayed flowering
PHOTO • Amrutha Kosuru

বাওঁফালে:  ২০২১ চনত ৰোপণ কৰা বল্লীভিৰেড্ডী ৰাজুৰ পথাৰৰ আম গছবোৰ তেওঁতকৈ অলপহে ওখ হৈছে। সোঁফালে: পলমকৈ ফুলাৰ বাবে সৰি পৰা নেমুৰ আকাৰৰ এটা আম

Left: With no borewells on his farm, Nagaraju gets water from tanks which he stores in blue drums across his farms. Right: Raju's farm doesn't have a borewell either. He spends Rs. 20000 in a year for irrigation to care for his young trees
PHOTO • Amrutha Kosuru
Raju's farm doesn't have a borewell either. He spends Rs. 20000 in a year for irrigation to care for his young trees
PHOTO • Amrutha Kosuru

বাওঁফালে: পথাৰত ব’ৰৱেল নথকাৰ বাবে নাগাৰাজুৱে টেংকৰ পৰা পোৱা পানী খেতিপথাৰত নীলা ড্ৰামত সংৰক্ষণ কৰে। সোঁফালে: ৰাজুৰ পথাৰতো ব’ৰৱেল নাই। তেওঁ সৰু গছবোৰৰ যত্ন লোৱাৰ বাবে জলসিঞ্চনৰ বাবে এবছৰত ২০,০০০ টকা খৰচ কৰে

বল্লীভিৰেড্ডী ৰাজুৱে নৱেম্বৰৰ পৰা সপ্তাহত এবাৰ কৈ গছত পানী দিয়া আৰম্ভ কৰে, আৰু ফেব্ৰুৱাৰীৰ পৰা সপ্তাহত দুবাৰকৈ দিবলৈ লয়। গাওঁখনৰ এজন তুলনামূলকভাৱে নতুন আম খেতিয়ক এই ৪৫ বৰ্ষীয় ব্যক্তিজনে ২০২১ চনত তেওঁৰ ০.৭ একৰ মাটিত খেতি আৰম্ভ কৰিছিল। দুবছৰৰ পিছত গছবোৰ ৰাজুতকৈ অলপ ওখ হৈছে। "সৰু আম গছবোৰক অধিক যত্নৰ প্ৰয়োজন। তেওঁ কয়, "গছবোৰক দৈনিক প্ৰায় দুই লিটাৰ পানীৰ প্ৰয়োজন হয়, বিশেষকৈ গ্ৰীষ্মকালত।"

তেওঁৰ বাগিচাখনত নিজা ব’ৰৱেল নাই। সেয়ে ৰাজুৱে জলসিঞ্চনৰ নামত ২০ হাজাৰ টকা খৰছ কৰিবলগীয়া হৈছে। তাৰে সৰহভাগ পইচা টেংকৰ পৰা পানী বাগিচাখনলৈ আনোতে যায়। এনেকৈ সদায় চলিব পৰা নাযাব বুলি তেওঁ কয়। ‘‘মই সদায় যদি ৪০ ডাল আমত পানী দিবলগীয়া হয়, চাগে যি আছে সকলোখিনি বিক্ৰী যাব।’’

তেওঁ আশা কৰিছে যে তিনি বছৰ ধৰি তেওঁ যিখিনি খৰছ কৰিলে, তাৰ ফল পাব। "মই জানো লাভ বুলিবলৈ নাথাকিব, কিন্তু আশা কৰিছো যে অন্ততঃ লোকচান নহওঁক," তেওঁ কয়।

*****

যোৱা মাহত, (এপ্ৰিল, ২০২৩) নাগাৰাজুৱে প্ৰায় ৩,৫০০ কিলোগ্ৰাম বা প্ৰায় ১৩০-১৪০ বাকচ আম চপাবলৈ সক্ষম হৈছিল। বিশাখাপত্তনমৰ ব্যৱসায়ীসকলে এক কিলোগ্ৰামৰ বাবে ১৫ টকা মূল্য দিছিল; তেওঁ প্ৰথমবাৰ শস্য চপোৱাৰ বাবে ৫২,৫০০ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

তেওঁ কয়, "মই দুটা দশক পূৰ্বে খেতি আৰম্ভ কৰাৰ পিছৰে পৰা [বিক্ৰীৰ বাবে] প্ৰতি কিলোত ১৫ টকাই হৈ আছে।"  "বিশাখাপত্তনমৰ মধুৰৱাড়া ৰাইথু বজাৰত বৰ্তমান এক কিলো বংগনাপল্লী আমৰ মূল্য ৬০ টকা। সমগ্ৰ গ্ৰীষ্মৰ কালছোৱাত মূল্য ৫০-১০০ [টকা]ৰ ভিতৰত হয়," বজাৰৰ ইষ্টেট বিষয়া পি জগদেশেশ্বৰ ৰাৱে কয়।

These mango flowers in Nagaraju's farm aren’t dry and in a better condition
PHOTO • Amrutha Kosuru
The green and round Panduri mamidi is among his favourite
PHOTO • Amrutha Kosuru

বাওঁফালে: নাগাৰাজুৰ খেতিপথাৰৰ এই আম ফুলবোৰৰ অৱস্থা ভাল নহয়, শুকাই গৈছে। সোঁফালে: সেউজীয়া আৰু ঘূৰণীয়া পাণ্ডুৰী মামিদি তেওঁৰ অন্যতম প্ৰিয়

বছৰটোৰ প্ৰথম ফচল হিচাপে শ্ৰীৰামমূৰ্তিয়ে ১,৪০০ কিলো আম পাইছে। তেওঁ দুই-তিনি কিলো আম নিজৰ ছোৱালীকেইজনীৰ বাবে ৰাখিছে। বাকীখিনি তেওঁ বিশাখাপত্তনমৰ ব্যৱসায়ীসকলক প্ৰতি কিলোত প্ৰায় ১১ টকাকৈ বিক্ৰী কৰিছে। "নিকটতম বজাৰখন ৪০ কিলোমিটাৰ দূৰত আছে," শ্ৰীৰামমূৰ্তিয়ে কিয় নিজে খুচুৰা বিক্ৰী কৰিব নোৱাৰে, সেই বিষয়ে তেওঁ কয়।

পমুলা ভীমাৱৰামৰ আম খেতিয়কসকলে তেওঁলোকৰ বাৰ্ষিক উপাৰ্জন গণনা কৰিবলৈ জুনৰ দ্বিতীয়টো উৎপাদনৰ বাবে অপেক্ষা কৰি আছে। কিন্তু নাগাৰাজু বৰ এটা আশাবাদী নহয়। তেওঁ কয়, "কোনো লাভ নাই, কেৱল লোকচানহে আছে।"

ফুলেৰে ভৰা গছকেইজোপাৰ ফালে ঘূৰি চাই তেওঁ এইদৰে কৈছিল: "এতিয়ালৈকে এই গছৰ ফল ইমানখিনি আকাৰৰ [খেজুৰৰ আকাৰ] হ’ব লাগিছিল।" এইটো তেওঁৰ প্ৰিয় আম – পাণ্ডুৰী মামিদি – সেউজীয়া আৰু ঘূৰণীয়া আকৃতিৰ।

তেওঁ গছডালত লাগি থকা কেইটামান ফলৰ এটা ছিঙি ক'লে, "আন কোনো আম ইয়াৰ দৰে মিঠা নহয়। সেউজীয়া হ'লেও ই মিঠা; এইটোৱেই ইয়াৰ বিশেষত্ব।"

এই কাহিনীটো ৰং দেৰ অনুদানৰ দ্বাৰা সমৰ্থিত

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Amrutha Kosuru

অমৃতা কোসুরু বিশাখাপত্তনম ভিত্তিক স্বতন্ত্র সাংবাদিক। তিনি চেন্নাইয়ের এশিয়ান কলেজ অফ্‌ জার্নালিজ্‌ম থেকে পড়াশোনা করেছেন।

Other stories by Amrutha Kosuru
Editor : Sanviti Iyer

সম্বিতি আইয়ার পিপল্‌স আর্কাইভ অফ রুরাল ইন্ডিয়ার কনটেন্ট কোঅর্ডিনেটর। স্কুলপড়ুয়াদের সঙ্গে কাজ করে তাদের ভারতের গ্রামসমাজ সম্পর্কে তথ্য নথিবদ্ধ করতে তথা নানা বিষয়ে খবর আহরণ করার প্রশিক্ষণেও সহায়কের ভূমিকা পালন করেন তিনি।

Other stories by Sanviti Iyer
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder