বিজয় মৰোত্তৰে তেওঁৰ দেউতাকৰ সৈতে হোৱা শেষ বাৰ্তালাপৰ ব্যতিৰেকে আন একো বিষয়তে অনুশোচনা নকৰে।
সেয়া আছিল গ্ৰীষ্মকালৰ এক আৰ্দ্ৰ সন্ধিয়া, য়াৱতমাল জিলাত থকা তেওঁলোকৰ গাঁওখনলৈ লাহে লাহে দিনৰ পোহৰ ম্লান হৈ গধূলি হৈছিল। ক্ষীণ পোহৰৰ জুপুৰিটোত দেউতাক আৰু তেওঁৰ নিজৰ বাবে দুখন থালত পৰিপাটিকৈ ভাঁজ কৰা ৰুটি, মচুৰ দাইল আৰু ভাতৰ এটা বাটি ৰাখিছিল।
কিন্তু তেওঁৰ দেউতাক ঘনশ্যামে থালখনলৈ এবাৰ চালে আৰু নিজৰ ধৈৰ্য্য হেৰুৱালে। পিঁয়াজবোৰ ক'ত? ২৫ বছৰীয়া বিজয়ৰ মতে তেওঁৰ প্ৰতিক্ৰিয়া অনুমানৰ বাহিৰত আছিল, কিন্তু সেই সময়ত তেওঁৰ ব্যৱহাৰ আচৰিত হ’বলগীয়া নাছিল। মহাৰাষ্ট্ৰৰ আকপুৰী গাঁৱত তেওঁলোকৰ এটা কোঠাৰ পঁজাটোৰ বাহিৰত মুকলি ঠাইত প্লাষ্টিকৰ চকী এখনত বহি তেওঁ কয়, "তেওঁ কিছু সময়ৰ বাবে উন্মাদ হৈ পৰিছিল।" "সৰু সৰু কথাবোৰে তেওঁক বিচলিত কৰি তুলিছিল।"
বিজয়ে দেউতাকৰ বাবে পিয়াঁজ আনিবলৈ পাকঘৰলৈ উঠি গৈছিল । কিন্তু ৰাতিৰ আহাৰৰ পিছত দুয়োৰে মাজত এক অপ্ৰীতিকৰ তৰ্ক আৰম্ভ হৈছিল। বিজয় সেই ৰাতিৰ তিতা-কেঁহা সোৱাদ লৈ শুবলৈ গৈছিল। পিছদিনা তেওঁ দেউতাকৰ সৈতে মিলা-মিছা কৰিব পাৰিব বুলি আশা কৰিছিল।
কিন্তু ঘনশ্যামে বাবে সেই নিশাৰ পিছদিনা বেলিৰ পোহৰ দেখিবলৈকে নাপালে ৷
৫৯ বছৰীয়া কৃষকজনে সেই নিশা কীটনাশক দ্ৰব্য সেৱন কৰিছিল। বিজয়ে সাৰ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। এয়া আছিল ২০২২ চনৰ এপ্ৰিল মাহৰ কথা ।









