আৰ কৈলাসমে বেংকৰ পৰা মনত দোধোৰ-মোধোৰ ভাৱ এটা লৈ ওলাই আহিল। “মই পাছবুকটো আপডেট কৰিবলৈ আহিলে প্ৰতিবাৰেই সিহঁতে মেচিনৰ মেৰামতি চলি আছে বুলি কয়, নাইবা আন এদিন আহিবলৈ কৈ পঠিয়াই দিয়ে,” তেওঁ কয়।
তাকো তেওঁ বাংগালামেডুৰ পৰা পাঁচ কিলোমিটাৰ দূৰত থকা কে. জি. কান্দিগাই চহৰৰ বেংকটোলৈ প্ৰায় দুঘণ্টাৰ বাট অতিক্ৰম কৰি অহাৰ পিছত এনেদৰে নিৰাশ হ’বলগীয়া হৈছে। (আগতে তেওঁৰ চুবুৰীটোৰ পৰা আদবাটলৈ বাছ এখন চলিছিল, এতিয়া তাকো বন্ধ হৈ থাকিল)।
বেংকতহে তেওঁৰ আচল যুঁজখন আৰম্ভ হয়। তামিলনাডুৰ থিৰুভাল্লুৰ জিলাৰ কানাড়া বেংকটোৰ কে জি কান্দিগাই শাখাটোত পাছবুকৰ প্ৰবিষ্টিৰ বাবে এটা স্বয়ংচালিত মেচিন আছে। কৈলাসমে কেতিয়াও সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে। “সেইটোত মোৰ কাম নহয়,” তেওঁ কয়।
এদিনাখন তেওঁ মোক তেওঁৰ বেংকিঙৰ সমস্যাৰ বিষয়ে কৈ আছিল। ভেলিকাথান গছৰ ছাঁ লৈ মাটিত বহি থকা কেইগৰাকীমান মহিলাই কথা শুনি যোগ দিলে। “অ’ থাথা (ককা), আপডেট কৰিবলৈ আপোনাৰ পাছবুকখনত ষ্টিকাৰ এটা লাগিব,” তাৰে মাজৰে এগৰাকীয়ে কয়। সিহঁতে ঠিকেই কৈছে। কৈলাসমৰ পাছবুকত বাৰক’ড নাই। মেচিনত বাৰক’ড নহ’লে কাম নহয়। “সিহঁতেনো মোক ষ্টিকাৰ এটা কিয় নিদিলে, মই নাজানো। এইবোৰ কথা মই বুজি নাপাও,” তেওঁ কয়। তাতে বহি থকা মহিলাকেইগৰাকীয়েও তেনেকৈ নাজানে, অনুমানহে কৰে। “আপোনাৰ কাৰ্ড (এটিএম) থাকিলেহে ষ্টিকাৰ পাব,” তেনেতে আন এজনে মাত দিলে। “জিৰ’ একাউণ্ট হ’লে কাৰ্ড নাপাব,” তৃতীয়গৰাকী মহিলাই সন্দেহ দূৰ কৰিলে। কৈলাসমৰ বিভ্ৰান্তি পিছে দূৰ নহ’ল।
বেংকিঙৰ এই যুঁজ-বাগৰখনত তেওঁ অকলশৰীয়া নহয়। বাংগালামেডুৰ বহুতৰে বাবে নিজৰ খাতা চলোৱা, বেলেঞ্চ চোৱা বা কিমান পইছা সোমাইছে-ওলাইছে সেই হিচাপ ৰখাটো সহজ কাম নহয়। চৰকাৰী কাগজত চেৰুক্কানুৰ ইৰুলাৰ কলনি বুলি উল্লেখ থকা সেই চুবুৰীটো তিৰুট্টানি ব্লকৰ এটা দীঘলীয়া ৰাস্তাৰ কাষত গঢ় লৈ উঠা চুবুৰী। ৰাস্তাটোৰ দুয়োকাষে সৰু সৰু জুপুৰী ঘৰ আৰু কেইটামান পকাঘৰ আছে। ৩৫ টা পৰিয়াল তাতে বাস কৰে। (সম্প্ৰদায়টোক চৰকাৰী কাগজ-পত্ৰত এতিয়া ইৰুলাৰ বুলি কোৱা হয়)।
তিনিকুৰি বছৰ গৰকা কৈলাসম আৰু তেওঁৰ পত্নী কে সঞ্জয়াম্মা (৪৫)য়ে খেৰীচালৰ মাটি লেপি দিয়া বেৰৰ ঘৰ এটাত থাকে। তেওঁৰ সম্পত্তি বুলিবলৈ চাৰিটা ছাগলী আছে, সেইকেইটাকে কৈলাসমে চৰায় ফুৰে। তেওঁলোকৰ চাৰিসন্তানে নিজ পৰিয়ালৰ সৈতে বেলেগ বেলেগ ঠাইত থিতাপি লৈছে। দিনহাজিৰা কৰি পেট পোহা কৈলাসমে কয়, “পথাৰত কাম কৰিলে গোটেই দিনটো হালি থাকিব লাগে। হাউলি কাম কৰোঁতে কৰোঁতে মোৰ পিঠিৰ তীব্ৰ বিষ হৈছে, হাড়লৈকে বিষ। তাতকৈ এৰি ভেলাই (জলাশয়ৰ কাম, এমজিএনৰেগাৰ অধীনত)ৰ কামেই ভাল।” মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ২০০৫ৰ অধীনত প্ৰতিটো গ্ৰামীণ পৰিয়ালক বছৰটোত অতিকমেও ১০০ দিনৰ দিনমজুৰিৰ অধিকাৰ দিছে। বাংগালামেডুত ইৰুলাৰসকলৰ বাবে ১০০ দিনৰ কাম পোৱাটো তেনেই বিৰল।











