“মই সজা জুপুৰি এটা অতিকমেও ৭০ বছৰ চলে।”
বিষ্ণু ভোশলেৰ এক বিৰল দক্ষতা আছে – তেওঁ ঝোপড়ি (পৰম্পৰাগত জুপুৰি) সাজিব পাৰে। তেওঁৰ ঘৰ ক'লহাপুৰ জিলাৰ জাম্বালি গাঁৱত।
৬৮ বছৰ বয়সীয়া বিষ্ণুয়ে গছৰ ঠানি আৰু খেৰ-পাতেৰে জুপুৰি নিৰ্মাণৰ দক্ষতা পিতৃ প্ৰয়াত গুণ্ডুৰ পৰা শিকিছিল। তেওঁ ১০টা মান জুপুৰি সাজিছে আৰু প্ৰায় একেসংখ্যক জুপুৰি নিৰ্মাণত সহায়ক হিচাপে কাম কৰিছে। তেওঁ মনত পেলাই কয়, “আমি [সাধাৰণতে] কেৱল গ্ৰীষ্মকালতহে জুপুৰি সজা কাম কৰিছো, কিয়নো [সেই সময়ত] আমাৰ পথাৰত বিশেষ কাম নাছিল।”
বিষ্ণুৱে ১৯৬০ চনৰ আশে-পাশে এটা সময়ৰ কথা মনত পেলাইছে, যেতিয়া জাম্বালিত এনে এশৰো অধিক জুপুৰি আছিল। তেওঁ কয় যে লগ-বন্ধুৱে ইজনে সিজনক সহায় কৰিছিল আৰু আশে-পাশে উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰিছিল। “আমি জুপুৰি সজাৰ নামত এটকাও খৰছ কৰা নাছিলো ৷ কাৰোৱেই ইমান সামৰ্থ্য নাছিল,” তেওঁ লগতে কয়, “মানুহে তিনি মাহলৈকে অপেক্ষা কৰিবলৈ সাজু আছিল, কিন্তু যেতিয়া তেওঁলোকৰ হাতত প্ৰয়োজনীয় সামগ্ৰী মজুত আছিল, তেতিয়াহে তেওঁলোকে জুপুৰিৰ কাম আৰম্ভ কৰিছিল।”
শতিকাটোৰ শেষৰফালে, ৪,৯৬৩ জন লোকৰ এই গাঁওখনত ঠানি আৰু খেৰৰ পঁজাৰ ঠাইত ইটা, চিমেণ্ট আৰু টিনে ঠাই লৈছিল (লোকপিয়ল ২০১১)। প্ৰথমে স্থানীয় মৃৎশিল্পীৰ দ্বাৰা নিৰ্মিত খাপৰি কৌলু (ছাদৰ টাইলছ) বা কুম্ভাৰী কৌলু উপলব্ধ হোৱাৰ বাবে আৰু পিছলৈ মেচিনত নিৰ্মিত বেংগালুৰু কৌলু অহাৰ ফলত জুপুৰিৰ চাহিদা কমিছিল, কিয়নো সেইবোৰৰ স্থায়িত্ব আৰু শক্তি আছিল বেছি।
টাইলছবোৰ বিশেষ একো মেৰামতি কৰিবলগীয়া নাথাকে, জুপুৰিৰ খেৰৰ বাবে প্ৰয়োজন হোৱা শ্ৰমৰ তুলনাত সেইবোৰ বহুৱাবলৈকো সহজ। শেষত পকা ঘৰ বনাবলৈ চিমেণ্ট আৰু ইটা অহাৰ পাছত জুপুৰি একেবাৰেই নাইকিয়া হৈ পৰিল। জাম্বালিৰ মানুহে জুপুৰি এৰিলে আৰু এতিয়া মুষ্টিমেয় কেইঘৰমানৰহে জুপুৰি আছে।
“গাওঁখনত এতিয়া কাচিৎহে পঁজাঘৰ দেখিব। কেইবছৰমানৰ পাছত আমি আটাইবোৰ পৰম্পৰাগত পঁজাঘৰ হেৰুৱাম, কাৰণ কোনেও সেইবোৰ মেৰামতি কৰিব নিবিচাৰে,” বিষ্ণুৱে কয়।





























