আমি মৌলিক কথাৰেই আৰম্ভ কৰিলো। গুণ্টুৰ জিলাৰ পেনুমাকা গাঁৱৰ ৬২ বৰ্ষীয় শিৱ ৰেড্ডীয়ে মোক ক'লে, 'মোৰ পাঁচ একৰ মাটি আছে। তিনি একৰত মই কলৰ খেতি কৰো, দুই একৰত পানীলাও আৰু এক একৰত পিয়াজৰ খেতি…' তাৰমানে আপোনাৰ তাত পাঁচ একৰ নহয় ছয় একৰ মাটি আছে, মই কথাৰ মাজতে সুধি পেলালো।


Guntur, Andhra Pradesh
|MON, MAY 20, 2019
‘এইখন সাধাৰণ জনতাৰ ৰাজধানী নহয়’
অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ডাঙৰ ডাঙৰ দাবীৰ মাজতে অমৰাৱতীক এখন বৃহত চহৰৰ ৰূপত গঢ়ি তোলাৰ প্ৰস্তুতি চলিছে, ইফালে তাৰ ফলত হাজাৰ হাজাৰ কৃষক নিজৰ উৰ্বৰ কৃষিভূমি হেৰুৱাব। সেয়ে বহুতেই ইয়াৰ বিৰোধিতা কৰিছে, কিছুৱে আকৌ নিজৰ মাটি দিবলৈ মান্তিও হৈছে
Author
Translator

Rahul Maganti

Rahul Maganti
ছিংগাপুৰৰ নিৰ্মাণ কোম্পানীয়ে 'অমৰাৱতী বহনক্ষম ৰাজধানী চহৰ বিকাশ প্ৰকল্প'ৰ কাৰণে প্ৰস্তুত কৰা মূল পৰিকল্পনা অনুযায়ী তিনিটা পৰ্যায়ত হ’বলগীয়া নিৰ্মাণৰ কাৰণে প্ৰায় ১ লাখ একৰ মাটিৰ প্ৰয়োজন হ'ব। ইয়াতে ৰাজধানী, বিধানসভা গৃহ, উচ্চ ন্যায়ালয়, সচিবালয়, আন্তঃগাথনি (ৰাস্তা আৰু আবাসিক কলনিকে ধৰি), উদ্যোগ আৰু তথ্যপ্ৰযুক্তি উদ্যোগ স্থাপন কৰা হ'ব। কিছু মাটি সেইসকল লোককো দিয়া হ'ব যাৰ মাটি ভূমি অধিগ্ৰহণৰ সময়ত চৰকাৰৰ হাতলৈ যাব।
শিৱৰামাকৃষ্ণন সমিতিৰ ২০১৪ৰ আগস্ত মাহৰ প্ৰতিবেদন মতে নতুন ৰাজধানীৰ প্ৰশাসনিক ভৱনৰ কাৰণে ২০০ৰ পৰা ২৫০ একৰ মাটি পৰ্যাপ্ত হ'ব। তাৰোপৰি বৃহত ৰাজধানী নিৰ্মাণৰ পৰিৱৰ্তে অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন স্থানত 'বিকেন্দ্ৰীকৃত' বিকাশৰ পৰামৰ্শ দিয়া হৈছিল এই প্ৰতিবেদনত। 'বিদ্যমান কৃষি ব্যৱস্থাৰ ন্যুনতম স্থানচ্যুতি' আৰু মানুহৰ তথা বসতিস্থলৰ পুনৰ্সংস্থাপন কমকৈ হোৱা আৰু স্থানীয় পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ হোৱাটো নিশ্চিত কৰি নতুন ৰাজধানীৰ কাৰণে বৈকল্পিক স্থানৰ অধ্যয়নৰ উদ্দেশ্যে আগত ৰাখি ২০১৪ৰ মাৰ্চত কেন্দ্ৰ চৰকাৰে এই সমিতি গঠন কৰি দিছিল। ৰাজ্য চৰকাৰে এই সমিতিৰ প্ৰতিবেদন উপেক্ষা কৰা যেন লাগে।
এপিচিআৰডিএ-ৰ মাষ্টাৰ প্লেন অনুসৰি ২০৫০লৈ নতুন চহৰখনত ৫৬.৫ লাখ নিয়োগৰ সৃষ্টি হ'ব, কিন্তু কেনেকৈ হ'ব সেইকথাৰ তাতে উল্লেখ নাই। ৰাজধানীৰ এই পৰিকল্পনাৰ বাবদ ৫০ হাজাৰ কোটিৰো অধিক ধনৰাশি ব্যয় হ'ব বুলি অনুমান কৰা হৈছে- এপিচিআৰডিএ-ৰ আয়ুক্ত শ্ৰীধৰ ছেৰুকুৰীয়ে মই সোধা প্ৰশ্নৰ উত্তৰত এই ৰাশিৰ কথা কৈছে। পুঁজি যোগানকৰ্তাৰ তালিকাত অন্ধ্ৰপ্ৰদেশ চৰকাৰ, জনতা (চৰকাৰৰ দ্বাৰা বিক্ৰী কৰা বণ্ডযোগে) আৰু সম্ভৱতঃ বিশ্ব বেংক আৰু এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক অন্তৰ্ভূক্ত।
নতুন ৰাজধানীৰ উদ্দেশ্যে ভূমি অধিগ্ৰহণ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে ২০১৫ৰ জানুৱাৰী মাহত লেণ্ড পুলিং স্কীম (এলপিএছ)মুকলি কৰে। কিন্তু ভূমি অধিগ্ৰহণ, পুনৰ্বসতি আৰু পুনৰ্সংস্থাপন আইন (এলএআৰআৰ), ২০১৩ৰ অধীনত নায্য ক্ষতিপুৰণ আৰু স্বচ্ছতাৰ অধিকাৰৰ যোগেদি প্ৰতিশ্ৰুতি দিয়া সুৰক্ষা তথা সত্যাপনৰ দৰে চৰ্তসমূহ আওকাণ কৰা হৈছে। তদুপৰি ক্ষতিগ্ৰস্ত অঞ্চলৰ ৭০ শতাংশ লোকৰ সন্মতি আৰু সামাজিক তথা পাৰিৱেশিক প্ৰভাৱ, আৰু পুনৰ্সংস্থাপনৰ উচিত পেকেজৰ কথাও উলাই কৰা হৈছে।

Rahul Maganti

Rahul Maganti
এলপিএছৰ অধীনত কেৱল মাটিৰ মালিকৰ সন্মতি লোৱা হয় আৰু সেই মাটিৰ ওপৰত আশ্ৰিত অইন লোক যেনে কৃষি শ্ৰমিকক তাতে অন্তৰ্ভূক্ত কৰা নহয়। মাটিৰ মালিকে স্বইচ্ছাই ৰাজ্য চৰকাৰক নিজৰ মাটি দিব পাৰে আৰু তাৰ বিনিময়ত নতুন ৰাজধানীত 'পুনৰ্গঠিত বিকশিত' (আবাসিক আৰু বাণিজ্যিক সুবিধাযুক্ত) ভূমি লাভ কৰিব। এপিচিআৰডিএ-ৰ অৱশিষ্ট মাটি ৰাস্তা-ঘাট, চৰকাৰী প্ৰতিষ্ঠান, উদ্যোগ আদি নিৰ্মাণৰ কাৰণে চৰকাৰৰ হাতত থাকিব। চৰকাৰে ১০ বছৰলৈ প্ৰতিবছৰে ৩০,০০০-৫০,০০০ টকা প্ৰতি একৰ মাটিৰ বিনিময়ত ক্ষতিপুৰণ (ভূমিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব)ৰ প্ৰতিশ্ৰুতি দিছে, যেতিয়ালৈকে মাটিৰ মালিকক নতুন ভূমি দিয়া নহয়।
'ৰাজহ বিষয়াই আমাক প্ৰায়ে কয় যে আমি যদি পুলিঙৰ কাৰণে নিজৰ মাটি এৰি নিদিও, তেন্তে চৰকাৰে বলপুৰ্ৱকভাৱে আমাৰ মাটি কাঢ়ি ল'ব। চৰকাৰে এই মিথ্যা প্ৰচাৰ কৰিছে যে ভূমি অধিগ্ৰহণ আইনৰ অধীনত আমি যি ক্ষতিপুৰণ পাম, সেয়া এলপিএছৰ তুলনাত তেনেই নামমাত্ৰ,' সাম্বি ৰেড্ডীয়ে কয়।
২০১৭ৰ মাৰ্চত ১০০০ৰো অধিক কৃষকে বিশ্ব বেংকলৈ আবেদন কৰিছিল যাতে বেংকে ৰাজধানী চহৰৰ এই পৰিকল্পনাৰ কাৰণে সাহায্য নিদিয়ে। কিয়নো তেঁওলোকৰ খেতি আৰু মাছ ধৰাৰ জীৱিকাৰ প্ৰতি ইয়ে ভাবুকিৰ সৃষ্টি কৰিব, সেই ঠাইৰ উৰ্বৰ কৃষিভূমি নষ্ট হ’ব আৰু খাদ্য সুৰক্ষাৰ বেষ্টনী ভাঙিব আৰু বানপানীৰ আংশকা থকা ঠাইত বিশাল হাৰত হোৱা নিৰ্মাণকাৰ্যই পাৰিপাৰ্শ্চিক দিশতো গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। বিশ্ব বেংকলৈ কৰা আবেদনকাৰীসকলে নিজৰ নাম গোপনীয় কৰি ৰাখিবলৈ কৈছিল।
পেনুমাকাৰ নাম প্ৰকাশত অনিচ্ছুক এজন খেতিয়কে মোক ক'লে, 'পুলিং যোজনাৰ বিৰোধ কৰাৰ কাৰণে আৰক্ষীয়ে আমাৰ বিৰুদ্ধে ভুৱা গোচৰ দাখিল কৰিছে। ২৯ খন গাঁৱৰ প্ৰতিখনতে শ শ আৰক্ষীয়ে মাহৰ পিছত মাহ ধৰি শিবিৰ পাতিছিল।' এই শিবিৰে গাঁৱৰ লোকক ভয় খুওৱাৰ কাম কৰিছিল।
আন এগৰাকী কৃষকেই নিজৰ নাম গোপনীয় কৰি ৰখাৰ বাবে অনুৰোধ জনাই ক'লে, 'গাঁৱৰ পঞ্চায়ত কাৰ্যালয়বোৰ এপিচিআৰডিএ-ৰ কাৰ্যালয়লৈ পৰিৱৰ্তিত কৰা হৈছে, সিবোৰ তদাৰকীৰ দায়িত্ব উপায়ুক্ত পৰ্যায়ৰ বিষয়াক দিয়া হৈছে।'

Rahul Maganti

Rahul Maganti
বিশ্ব বেংকৰ কাৰণে এপিচিআৰডিএ-ৰ এক প্ৰতিবেদন অনুসাৰে লেণ্ড পুলিং যোজনাৰ কাৰণে ৪,০৬০ গৰাকী মাটিৰ স্বত্বাধিকাৰীয়ে (২০১৭ৰ অক্টোবৰলৈ) সন্মতি দিবলৈ আছে। অৱশ্যে এপিচিআৰডিএ-ৰ আয়ুক্ত শ্ৰীধৰ চেৰুকুৰীৰ মতে হেঁচা নাইবা বলপূৰ্বক কোনো কাম কৰা হোৱা নাই, আৰু ২০১৫ৰ জানুৱাৰীত কৃষকে নিজেই মাটি ‘স্বেচ্ছাই আৰু আনন্দমনে’ দিবলৈ আৰম্ভ কৰে।
২৯খন গাঁৱৰ পেনুমাকা আৰু উণ্ডাৱলীৰ গঞাই লেণ্ড পুলিং স্কীমৰ তীব্ৰ বিৰোধীতা কৰে আৰু মাটি নিদিলে। চেন্নাই-কলকাতা ৰাজপথৰ দাঁতিতে থকা কাৰণে এই গাঁওকেইখনৰ মাটিৰ মূল্য সোণহেন হৈ পৰিছে। ঠাইখনৰ বহু কৃষক ৰেড্ডী সম্প্ৰদায়ৰ আৰু মুখ্য বিৰোধী দল যুৱজন শ্ৰমিক ৰায়থু কংগ্ৰেছ পাৰ্টিৰ সমৰ্থক।
আন ২৭খন গাঁৱৰ মাটিৰ মালিকবোৰ মূলতঃ কম্মা সম্প্ৰদায়ৰ, তেঁওলোকে শাসনাধিষ্ঠ তেলেগুদেশম পাৰ্টি (টিডিপি)ৰ ঘোৰ সমৰ্থক আৰু অমৰাৱতী প্ৰকল্পৰ পোষকতা কৰে। ‘আমি উন্নয়নৰ পক্ষপাতি। আমি কেতিয়ালৈ গাঁৱতে থাকিম? বিজয়ৱাড়া আৰু গুণ্টুৰৰ দৰে আমাৰো উন্নয়ন হোৱাটো বিচাৰো,’ উদ্দাণ্ডৰায়ুনীপালমৰ গিঞ্জপল্লী শংকৰ ৰাৱে কয়। তেঁও লেণ্ড পুলিঙৰ কাৰণে নিজৰ মাটি দিছে। নদীৰ পৰা দুৰৈত থকা নিৰুকোণ্ডা গাঁৱত মুব্বা চলপতি ৰাৱে সোধে, ‘মই খেতি কিয় কৰিব লাগে, খেতিত দেখোন সদায় মোৰ লোকচানেই হয়?’
কিন্তু এই ২৭ খন গাঁৱতো বিৰোধীতা কৰা লোক আছে। ইয়াতে এলপিএছৰ অন্তৰ্ভূক্ত নোহোৱা সকলৰো নাম আহে। ভেংকটাপালম গাঁৱত মোৰ সাক্ষাত কম্মা সম্প্ৰদায়ৰ এগৰাকী ক্ষুদ্ৰ খেতিয়ক বৌয়াপতি সুধাৰাণীৰ সৈতে হয়। তেঁওৰ হাতত এক একৰতকৈও কম মাটি আছে। ২০১৫ৰ ফেব্ৰুৱাৰী মাহত তেঁওৰ ভিডিঅ’ এটাত দেখা গৈছিল। তাতে তেঁও কৈছিল, ‘যেতিয়াৰে পৰা মই ভোটদানৰ অধিকাৰ লাভ কৰিছো, মই কেতিয়াও টিডিপিক এৰি আন কোনো দলক ভোট দিয়া নাই। এনে লাগে যেনে আমি নিজেই নিজৰ কবৰ খান্দি ল’লো। চন্দ্ৰবাবুক মই এটা মাত্ৰ প্ৰশ্ন সুধিবলৈ বিচাৰো। আমি যদি ১০ বছৰৰ কাৰণে মাটি দি দিও, তেন্তে আমি কি মৰি যাম আৰু পিছত পুনৰ জনম ল’ব লাগিব?’ ইয়াৰ পিছত আৰক্ষী আৰু ৰাজহ বিভাগৰ বিষয়া তেঁওৰ ঘৰ ওলালগৈ, (তেঁওৰ স্বামী আৰু শহুৰ-শাহুৰ ওপৰত হেঁচা দিলে) তেঁওক পিছ হুহকিবলৈ আৰু লেণ্ড পুলিং যোজনাত সন্মতি প্ৰদান কৰিবলৈ বাধ্য কৰালে।

Rahul Maganti

Rahul Maganti
আপোনাৰ (ভূপৃষ্ঠৰ) ১০ কি ১৫ ফুট তলতেই ভূজল আছে। এই মাটি (উৰ্বৰ কৃষ্ণা-গোদাবৰী বদ্বীপৰ ভূমি) বহুমুখী শস্য উৎপাদনশীল আৰু বছৰত এটা দিনো চন নপৰে। বছৰৰ ৩৬৫ দিনেই ইয়াত ইবিধ নহয় সিবিধ শস্য উপজে,’ কৃষ্ণা ৰেড্ডীয়ে কয়। তেঁওৰ পেনুমাকাত এক একৰ মাটি আছে, বাকী চাৰি একৰ মাটি তেঁও বন্ধকলৈ লৈছে। ‘মই প্ৰতি বছৰে প্ৰতি একৰ মাটিৰ বাবদ ২ লাখ টকা লাভ আকাৰে পাও। বজাৰৰ দৰ কম হ’লে মোৰ লাভ নহয় যদিও লোকচানো নহয়।’
শ্ৰীকাকুলম আৰু ৰাজাহমুন্দৰীৰ দৰে দুৰণিবটীয়া ঠাইৰ পৰা কৃষিশ্ৰমিকে কামৰ সন্ধানত দীঘলীয়া সময়ৰ বাবে পেনুমাকা, উণ্ডাৱালী আৰু অইন ২৯ খন গাঁৱলৈ আহিয়েই থাকে। পুৰুষে দিনে ৫০০ৰ পৰা ৬০০ টকা আৰু মহিলাই ৩০০ৰ পৰা ৪০০ টকা দিনে উপাৰ্জন কৰে। ইয়াতে গোটেই বছৰটোতে কাম পোৱা যায়। ‘এতিয়া এই ২৯ খন গাঁৱৰ মানুহে কাম নোপোৱা হৈছে আৰু কামৰ সন্ধানত দুৰণিবটীয়া ঠাইলৈ ওলাই যাবলগীয়া হৈছে,’ কৃষ্ণাই কয়।
মই তেঁওক সুধিলো, ‘আপুনি কিহৰ খেতি কৰে?’ তেঁও টপৰাই উত্তৰ দিলে, ‘আপুনি যিকোনো শস্যৰ নাম কওক। মই সেয়া অহা বছৰ লগাম আৰু আশা কৰো যে সেই শস্যৰ উৎপাদনো প্ৰচুৰ হ’ব।’ কৃষ্ণই সদ্যহতে কল আৰু মাকৈজহাৰ খেতি কৰিছে। এই অঞ্চলৰ কৃষি আৰু বজাৰৰ মজবুত সৰবৰাহে তেঁওলোকৰ পৰিশ্ৰমত সোণত সুৱগা চৰাইছে।
শিৱই নাজানে যে ৰাজধানী চহৰৰ নিৰ্মাণৰ কাৰণে এই উৰ্বৰ কৃষিভূমি অধিগৃহীত হোৱাৰ পিছত ৰাজ্য চৰকাৰে কি ধৰণৰ নিয়োগৰ সৃষ্টি কৰিব। ‘সেই ৫০ লাখ চাকৰি ক’ৰপৰা আহিব? জীৱিকাৰ সুযোগ-সুবিধা নোহোৱা পৰিস্থিতিত এইবোৰ তেনেই বাজে কথা। ইয়াত উন্নয়নৰ নামত ৰিয়েল ইষ্টেটৰ কাৰবাৰ চলি আছে। এয়া জনতাৰ ৰাজধানী নহয়। এয়া বহুজাতিক কোম্পানী, ধনিক শ্ৰেণী, চাহাবী পোচাক পিন্ধা লোকৰ ৰাজধানী, আমাৰ দৰে সাধাৰণ জনতাৰ নহয়।’
এই শৃংখলত আছেঃ
ৰাজধানী নতুন, বৈষম্য এলান্ধুকলীয়া
‘চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া চাকৰিবোৰ দিয়ক’
মাটিৰ আকাশলংঘী দৰ, পথাৰত সোণগুটি কম
খেতিৰ কাম নাইকিয়া হোৱা চন পৰা পথাৰবোৰ
বিশাল ৰাজধানী চহৰৰ কম মজুৰী পোৱা প্ৰব্ৰজিত শ্ৰমিক
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/এইখন-সাধাৰণ-জনতাৰ-ৰাজধানী-নহয়

