বিংশ শতিকাৰ মূলধাৰাৰ কোনো প্ৰকাশনেই কৰ্মৰত সাংবাদিকক সৰ্বসাধাৰণজনৰ সমস্যাবোৰ দাঙি ধৰিব পৰা বাতৰি বিচৰাৰ বাবে দায়িত্ব দিয়া নাছিল বুলিয়েই ক’ব পাৰি, দিছিল যদি কোনবিধ হুইস্কি কিহৰ লগত কেনেকৈ খাব লাগে, ভেকুলীৰ কোনখন বিয়াৰ পিছত বৰষুণ হৈছে আদি খবৰৰহে দায়িত্ব। এনে চেলেং-পেতেং বিষয়ৰ পৰা আঁতৰি নিজৰ মতাদৰ্শত যদি কোনোবা অটল হৈ আছিল, তেওঁক জোলোঙাধাৰী সাংবাদিক (উত্তৰ ভাৰতত বামপন্থী কৰ্মীৰ প্ৰতি ব্যংগৰ সুৰত ব্যৱহৃত শব্দ - ঝোলাৱালা) বুলিহে ইতিকিং কৰাটো আছিল সংবাদ জগতৰ দস্তুৰ।
দেশৰ মুঠ জনসংখ্যাৰ ৬৯ শতাংশ লোক বসবাস কৰা গ্ৰামীণ ভাৰতখনৰ স্থান আছিল কাকতৰ কোনো এটা চুকত। ৮ কোটি ৩৩ লাখ জনতা, ৮০০ৰো অধিক ভাষাৰে সমৃদ্ধ এই জগতখনৰ খবৰৰ হাৰ কাকতত আছিল মুঠে ০.৬৭ শতাংশ, এই তথ্য ২০১৪ত চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ এটি সমীক্ষাৰ। সমীক্ষাটোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ ৬৬ শতাংশ আগুৰি থাকে কেৱল ৰাজধানী দিল্লীৰ খবৰে।
“৩৫ বছৰীয়া সাংবাদিকতাৰ জীৱনত আমি এনে এখনো সংবাদপত্ৰ বা এনে নিউজ চেনেল নেদেখিলো যিয়ে কৃষি, শ্ৰম আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামাজিক ক্ষেত্রৰ নিয়মিত খবৰ প্ৰকাশ কৰাৰ উদ্দেশ্যে সাংবাদিক নিয়োগ কৰিছে। বলিউড জগত, অভিজাত সমাজখনৰ ঘটনাৱলী, ব্যৱসায়-বাণিজ্য আদিৰ বাবে পূৰ্ণকালীন সাংবাদিক সংবাদ প্ৰতিষ্ঠানে ৰাখে, কিন্তু খেতি-বাতি আৰু শ্ৰমক্ষেত্রৰ বাবে কোনো সাংবাদিক ৰখা নহয়। এনে এক প্ৰেক্ষাপটতেই জন্ম হৈছিল পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ,” এইদৰে কয় ভাৰতৰ গ্ৰামাঞ্চলক কেন্দ্ৰ কৰি বিগত চাৰিকুৰিৰো অধিক বছৰ সাংবাদিকতা কৰি অহা, ষাঠিটাৰো অধিক সাংবাদিকতাৰ পুৰস্কাৰ লাভ কৰা পাৰিৰ প্ৰতিষ্ঠাপক সম্পাদক পালাগুম্মি সাইনাথে।
সৰ্বসাধাৰণৰ জীৱনৰ নানা কাহিনী বিভিন্ন ফৰ্মেটত ধৰি ৰখাৰ প্ৰচেষ্টা এই পাৰি - সৰ্বসাধাৰণৰ জীৱনৰ চলন্ত দলিল। ই এখন জাৰ্নেল হোৱাৰ লগতে এটা আৰ্কাইভো। এক ডৰ্জনমান মানুহেৰে এই জাৰ্নেলখন আৰম্ভ কৰা হৈছিল ২০১৪ বৰ্ষৰ ডিচেম্বৰত, কাউণ্টাৰমিডিয়া ট্ৰাষ্টৰ উদ্যোগত। গ্ৰামীণ সাংবাদিকতাৰ ৱেবছাইট হিচাপে আৰম্ভ হোৱা পাৰিত আছে গ্ৰাম্য ভাৰতৰ নানা চৰকাৰী প্ৰতিবেদন আৰু বহু দুষ্প্ৰাপ্য দলিল-দস্তাবেজ সমৃদ্ধ এটি অনলাইন লাইব্ৰেৰী, গাঁৱৰ সমাজখন আৰু তাৰ বুকুত থকা শিল্পকলাৰ সম্ভাৰ, লগতে এটি স্বতন্ত্ৰ শিক্ষা প্ৰকল্প। গাঁৱে-ভূঞে গৈ পাৰিয়ে মৌলিক খবৰ সংগ্ৰহ কৰি আনে আৰু সেয়া প্ৰকাশিত হয় বিভিন্ন ফৰ্মেটত - যেনে ধৰক লেখা, আলোকচিত্ৰ, সচিত্ৰকৰণ, দৃশ্য, শ্ৰাব্য আৰু পূৰ্ণাংগ তথ্যচিত্ৰ। সাধাৰণ ভাৰতীয়ৰ জীৱনৰ পৰা সংগৃহীত মৌলিক তথ্যৰে সমৃদ্ধ এই বিভিন্ন প্ৰকাৰৰ প্ৰতিবেদনবোৰত থাকে গাঁৱৰ মানুহৰ শ্ৰম, জীৱিকা, শিল্পকলা, দুৰ্যোগ, ওজৰ-আপত্তি, কথা-বতৰা, গান আৰু আন বহু বিষয়।












