আমাৰ কাম-কাজৰ মূল চালিকাশক্তি হ'ল আমাৰ স্বেচ্ছাসেৱকসকল যিসকলে আমাৰ প্ৰতিটো প্ৰতিবেদনৰ সাৰাংশ হিচাপে 'ফ'কাচ আৰু ফেক্টইড' প্ৰস্তুত কৰিছে৷ আমাৰ সৈতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি কৰ্মৰত তথা অৱসৰপ্ৰাপ্ত পেছাদাৰীসকলেও স্বেচ্ছাসেৱক হিচাপে কাম কৰে, যিসকলে অতি জটিল আৰু বিস্তৃত বিষয়সমূহক সহজ-সৰল পাঠলৈ ৰূপান্তৰ কৰে৷ তেওঁলোকে নিজৰ সময় আৰু দক্ষতা আমাক প্ৰদান কৰিছে, যাৰ ফলত আমাৰ এই আৰ্কাইভটো সকলোৰে বাবে সুলভ হোৱাৰ লগতে ইয়াৰ পাণ্ডিত্যৰ বৈচিত্ৰ্যও অটুট ৰৈছে৷
বৰ্তমান সময়ত পাৰি লাইব্ৰেৰীৰ সৈতে ইয়াৰ আৰম্ভণিৰে পৰা কাম কৰি অহা প্ৰায় ৪৫০ জন স্বেচ্ছাসেৱক আছে৷
২০২৫ বৰ্ষৰ সামৰণিত, আমি আমাৰ কেইগৰাকীমান নিয়মীয়া স্বেচ্ছাসেৱকৰ মতামতক বিশেষভাৱে উপস্থাপন কৰিবলৈ পাই আনন্দিত হৈছোঁ য'ত তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু এই কামৰ পৰা লাভ কৰা গুৰুত্বপূৰ্ণ শিক্ষাৰ বিষয়ে ব্যক্ত কৰিছে৷
য়জ্ঞিনী সত্যমূৰ্তি
আই.আই.টি. বোম্বাইত পৰিৱেশ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ এম.টেকৰ শিক্ষাৰ্থী
মই যিবোৰ প্ৰতিবেদনৰ বাবে 'ফ'কাচ আৰু ফেক্টইড' প্ৰস্তুত কৰিছোঁ, সেই প্ৰতিখন প্ৰতিবেদনেই মোক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছে যি মোৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷ কিছুমান প্ৰতিবেদন, যেনে— টেইণ্টেড কাৰ্পেটছ: শ্লেভাৰী এণ্ড চাইল্ড লেবাৰ ইন ইণ্ডিয়াজ হেণ্ড-মেড কাৰ্পেট ছেক্টৰ বা ক্লাইমেট ইণ্ডিয়া ২০২৪: এন এছেচমেণ্ট অব্ এক্সট্ৰিম ৱেদাৰ ইভেণ্টছ, পঢ়ি মই অতিশয় বিচলিত হৈ পৰিছিলোঁ আৰু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ মোৰ কেইবাদিনো লাগিছিল৷ যিহেতু মই এই বিষয়বোৰকেই অধ্যয়ন কৰি আছোঁ, সেয়েহে এই প্ৰতিবেদনসমূহৰ কাম কৰিবলৈ পোৱাটোৱে মোৰ বাবে সংশ্লিষ্ট বিষয়বোৰৰ সৈতে অধিক গভীৰভাৱে চিনাকি হোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিছে৷
সেয়া এখন এখন পৃষ্ঠাৰ পোষ্টাৰেই হওক বা ৫০০ পৃষ্ঠাৰ এক পৰিসংখ্যাভিত্তিক প্ৰতিবেদন— পাৰি লাইব্ৰেৰীৰ সুসংগঠিত ‘ফ’কাচ আৰু ফেক্টইড’সমূহে আপোনাক বিষয়টোৰ মূলমৰ্মলৈ আগুৱাই লৈ যায়৷ দুৰ্ভাগ্যজনকভাৱে, এই প্ৰতিবেদনসমূহৰ বহুতো এতিয়াও মূলসুঁতিৰ আলোচনাত স্থান পোৱা নাই৷
আবিজাৰ শ্বেইখ
যোগাযোগ আৰু বিত্তীয় সেৱা খণ্ডত ৩০ বছৰতকৈও অধিক সময়ৰ অভিজ্ঞতা থকা এগৰাকী বিশেষজ্ঞ
মোৰ হাতত কিছু অতিৰিক্ত সময় আছিল আৰু সেই সময়খিনিৰ সাৰ্থক ব্যৱহাৰ মই কৰিব বিচাৰিছিলোঁ৷ পাৰি লাইব্ৰেৰীৰ সৈতে স্বেচ্ছাসেৱক হিচাপে কাম কৰাটো আছিল এক উৎকৃষ্ট সুযোগ৷ পাৰিয়ে যিধৰণৰ কাম কৰে সেয়া মোৰ বাবে অতি উপযুক্ত আছিল, কাৰণ এইবোৰ সদায় মোৰ ব্যক্তিগত আগ্ৰহৰ বিষয় হৈ আহিছে৷
এগৰাকী পাঠক হিচাপে মই লাইব্ৰেৰীত থকা বিষয়সমূহৰ কেটালগিং আৰু অনুসন্ধান প্ৰক্ৰিয়াটো অধিক উন্নত হোৱাটো বিচাৰো৷
জেৰী যোশ
কেৰালাৰ কোট্টায়মৰ এগৰাকী জলবায়ু বিজ্ঞানী
পাৰিৰ সৈতে মোৰ চিনাকি হৈছিল ৱেবছাইটটো মুকলি হোৱাৰ সময়তে দিয়া পি. সাইনাথৰ এক বক্তৃতাৰ জৰিয়তে৷ গ্ৰাম্য ভাৰত, যি আচলতে ‘এখন উপ-মহাদেশৰ ভিতৰত থকা এখন মহাদেশ’ - সংগ্ৰহ কৰি ৰখাৰ এই প্ৰয়াস আছিল অতি অনুপ্ৰেৰণাদায়ক আৰু অনন্য৷ নিৰন্তৰ সম্প্ৰসাৰিত হৈ থকা পাৰি লাইব্ৰেৰীলৈ দূৰৈৰ পৰাই অৰিহণা যোগোৱাৰ বাবে স্বেচ্ছামূলক সেৱা আছিল মোৰ এক মাধ্যম৷
লাইব্ৰেৰীটোৱে সহজলভ্য ‘ফ’কাচ আৰু ফেক্টইড’ৰ সৈতে প্ৰস্তুত কৰা প্ৰতিবেদনসমূহ সঁচাকৈয়ে প্ৰশংসনীয়৷ মই অনুভৱ কৰোঁ যে ইয়াৰ এই বিস্তৃত পৰিসৰ পাৰিৰ সাংবাদিকতাৰ এক পৰিপূৰক৷ মই মোৰ নিজৰ বিশেষজ্ঞতা থকা বিষয়বোৰৰ লগতে ইয়াৰ বাহিৰৰ বিষয়বোৰৰ প্ৰতিবেদনতো কাম কৰি ভাল পাইছিলোঁ, য’ত গৱেষণাটো নিজেই মোৰ বাবে এক নতুন শিক্ষা আছিল৷