দয়ানিতা সিঙে ২০২২ত পাৰিৰ সহযোগত দয়ানিতা সিং-পাৰি তথ্যচিত্ৰমূলক আলোকচিত্ৰ বঁটা দিয়া আৰম্ভ কৰিছিল। প্ৰথমবাৰ এই বঁটা লাভ কৰিছিল পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এম. পালানি কুমাৰে।
এইবছৰ ২ লাখ টকাৰ দয়ানিতা সিং-পাৰি তথ্যচিত্ৰমূলক আলোকচিত্ৰ বঁটা লাভ কৰিছে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ উঠি অহা প্ৰজন্মৰ প্ৰতিভাসম্পন্ন আলোকচিত্ৰশিল্পী আয়নাই।
আয়না ফটোগ্ৰাফিৰ জগতখনলৈ আহিছিল এক ভিতৰুৱা বাটেৰে। তেওঁ বাস্তৱ জগতখনৰ বহু ঘটনা কেমেৰাৰে ধৰি ৰাখিবলৈ যত্ন কৰিছিল, নহ’লে তেওঁ কিজানি সেইবোৰ পাহৰি গ’লহেঁতেন। তেওঁ বুজি উঠিছিল যে মনৰ অন্তঃকৰণত প্ৰতিৰোধ নিৰ্মাণৰ যিটো সঁজুলি তেওঁ হাতত তুলি লৈছিল, সিয়ে বহুজনৰ নোকোৱা কাহিনী কোৱাৰ এক ৰাজনৈতিক আহিলা হৈ পৰিব পাৰে এই কেমেৰা। সেই উপলব্ধি তেওঁৰ মনলৈ আহিছিল যেতিয়া তেওঁ চেবাষ্টিয়ান চালগাড’, ভিভিয়ান মেইৰ, শংকৰ চৰকাৰ, পালানি কুমাৰ আৰু আন কিছুমানৰ কৰ্মৰাজী তেওঁ অধ্যয়ন কৰিবলৈ লৈছিল।
তেওঁৰ লেন্সে ধৰি ৰাখিছিল কামাথিপুৰাৰ যৌনকৰ্মীৰ অতিশয় ভাবোদ্বেলক আলোকচিত্ৰ তুলিছিল। একেদৰেই ক’ভিড-১৯ৰ সময়ত স্বাস্থ্যসেৱাৰ কোনো সুবিধা নোহোৱাকৈ পদপথত পৰি থকা গ্ৰামীণ প্ৰব্ৰজনকাৰীসকলৰো তেওঁ তোলা ফটোবোৰে আপোনাক ভবাই তুলিবলৈ বাধ্য কৰাব। আয়নাৰ পাৰিত প্ৰতিবেদিত মুঠ ২৩ টা ফটোষ্ট’ৰিৰ আটাইকেইটাই মহানগৰৰ অৱহেলিত চুকত পৰি থকা মানুহবোৰৰ বিবিধ জীৱনবোৰ বৰ সুন্দৰকৈ তুলি ধৰিছে। সেয়া লাগিলে মুম্বাই ল’কেলত গীত পৰিৱেশন কৰা ৰাজস্থানী শিল্পীগৰাকী, চহৰৰ টেক্সিচালকসকল, গেটৱে অৱ ইণ্ডিয়াৰ আলোকচিত্ৰ শিল্পীসকল, গাধৰ গাখীৰ বিক্ৰী কৰাজন, মুম্বাইৰ ৰাস্তাত নৃত্য কৰা কৰ্ণাটকৰ প্ৰব্ৰজনকাৰীজনেই হওক – তেওঁ নগৰাঞ্চলত জীৱন নিৰ্বাহ কৰাজনক যি সংবেদনশীলতা আৰু সহমৰ্মিতাৰে তুলি ধৰে, সেয়া বহুক্ষেত্ৰত অনন্য।















