কট্টুপল্লীৰ তীৰত সূৰ্যৰ প্ৰথম কিৰণে স্পৰ্শ কৰাৰ পূৰ্বেই সমগ্ৰ সাগৰপাৰ মুখৰিত হৈ পৰে এক স্পন্দনশীল চঞ্চলতাত৷ বংগোপসাগৰৰ উত্তাল ঢৌৰ মাজত আঁঠুলৈকে নামি থিয় হৈ ইৰুলাৰ সম্প্ৰদায়ৰ লোকসকল অপেক্ষা মাথোঁ জোৱাৰৰ পানীভাগ নামি যোৱালৈ৷ তাৰ পিছতেই এক বিশেষভাৱে নিৰ্মিত জালৰ সহায়েৰে তেওঁলোকে ক্ষিপ্ৰতাৰে বুটলিবলৈ আৰম্ভ কৰে জোৱাৰৰ কোবাল সোঁতে তীৰলৈ উটুৱাই অনা কিলিঞ্জাল বোৰ(সামুদ্ৰিক শামুকৰ খোলা)৷
“জোৱাৰৰ সময়ত আমি শামুকৰ খোলাবোৰ বুটলিব নোৱাৰোঁ, সেয়ে ভাটা আৰম্ভ হোৱালৈকে বাট চাওঁ৷ এইখিনি সময়ত আমি হয় ঘৰলৈ গৈ সাঁজটো খাই লওঁ, নতুবা এই সাগৰৰ পাৰতে ৰৈ দিওঁ,” এইদৰে আমাক জনালে কেৱল এইটো নামেৰেই চিনাকি দিয়া ৰমেশে৷ তেওঁৰ দৰে ইৰুলাৰ সম্প্ৰদায়ৰ লোকসকলৰ বাবে এই শামুকৰ খোলা সংগ্ৰহ কৰাটো কেৱল এক বৃত্তিয়েই নহয়, বৰঞ্চ তামিলনাডুৰ তিৰুভল্লুৰ জিলাৰ নীলাম্বৰ জলৰাশিৰ ছন্দৰ সৈতে ওতপ্ৰোতঃভাৱে সাঙোৰ খাই থকা এক পৰম্পৰাগত জীৱিকা৷
সংগৃহীত শামুকৰ খোলাবোৰ প্ৰথমে ৰ’দত শুকুৱাই লোৱা হয় আৰু তাৰ পিছত গৰুৰ গাড়ীৰে কঢ়িয়াই লৈ যোৱা হয় সেই স্থানলৈ, য’ত এইবোৰ গুড়ি কৰি চূণশিললৈ ৰূপান্তৰ কৰা হয়৷ এক গাড়ী এনে শামুকৰ খোলাৰ বিনিময়ত শ্ৰমিকসকলে লাভ কৰে প্ৰায় ৫০০ টকা আৰু এগৰাকী ব্যক্তিয়ে গড়ে সপ্তাহত সাতবাৰলৈকে এনে এক গাড়ী জমা কৰিব পাৰে৷ পৰৱৰ্তী সময়ত এই খোলাবোৰ প্ৰক্ৰিয়াকৰণৰ জৰিয়তে চূণশিল আৰু চুন্নাম্বু (ঘৰ-দুৱাৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত হোৱা সামুদ্ৰিক শামুকৰ গুড়ি) প্ৰস্তুত কৰা হয়৷
























