
SANGUR, PUNJAB
|TUE, SEP 09, 2025
ভাৰতত বিশেষভাৱে সক্ষমসকলৰ জগতখন
গ্ৰামীণ ভাৰতত বহুতেই বিশেষভাৱে সক্ষম অৱস্থাত জীৱন অতিবাহিত কৰি আহিছে। জন্মতে অহা অক্ষমতাৰ উপৰিও সামাজিক বা ৰাজ্যিক কাৰ্য্যকলাপৰ ফলতো শাৰীৰিক-মানসিক অক্ষমতাই দেখা দিব পাৰে। যেনে ধৰক ঝাৰখণ্ডৰ গাওঁবোৰৰ গাতে লাগি থকা ইউৰেনিয়ামৰ খনিৰ প্ৰভাৱ, বা সমাধানৰ সদিচ্ছাৰ অভাৱত চলি থকা খৰাঙৰ ফলত মাৰাথৱাড়াৰ লোকে ফ্লুৰ’ইডযুক্ত ভূজল খাবলগীয়া হোৱা আদি। কেতিয়াবা অক্ষমতা আহে ৰোগ বা চিকিৎসাৰ ক্ষেত্ৰত অৱহেলাই- লক্ষ্ণৌৰ জাবৰ পেলোৱা কাম কৰা পাৰ্বতী দেৱীৰ আঙুলিকেইটা কুষ্ঠৰোগৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে, আকৌ মিজোৰামৰ দেবহালা চাকমাৰ সৰু আই ওলোৱাৰ ফলত অন্ধ হৈছে, পালঘৰৰ প্ৰতিভাই হিলিমৰ গেংগ্ৰীনৰ ফলত হাত-ভৰি হেৰুৱাবলগীয়া হৈছে। কিছুমানৰ বাবে অক্ষমতা বৌদ্ধিক – যেনে জন্মগত পক্ষাঘাত থকা শ্ৰীনগৰৰ মহচিন, আকৌ ডাউন চিনড্ৰম ধৰা পৰা মহাৰাষ্ট্ৰৰ প্ৰতীক। বহুক্ষেত্ৰত দৰিদ্ৰতা, অসমতা, স্বাস্থ্যসেৱাৰ তেনেই শোচনীয় সুবিধা আৰু বৈষম্যৰ ফলত প্ৰত্যাহ্বান বাঢ়ি যায়। পাৰিয়ে বিশেষভাৱে সক্ষমসকলৰ গ্ৰামীণ জীৱন কেনে, তাকে লৈ পাৰিৰ এই প্ৰতিবেদনসমূহ
Author
Translator
12. ব্ৰেইল আৰু বেলট
বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ৰাজ্যিক বিধি অনুসাৰে কেতবোৰ সুবিধা আছে যদিও বাবলু কৈৱৰ্তহঁতে এইবাৰ ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ভাগ যে ল’ব পাৰিব, তাৰ নিশ্চয়ত নাই
11. ‘চেনেহে আপোনাক এজন ভাল শিক্ষক কৰি তোলে’
শিক্ষক দিৱসৰ দিনা পাৰিয়ে বিশেষ শিক্ষকসকলক লৈ উদযাপন কৰিব বিচাৰিছে যিয়ে অশেষ ধৈৰ্য্য আৰু অধ্যৱসায়, লগতে শিক্ষাৰ্থীৰ বাবে সীমাহীন মৰমেৰে সুকীয়া এক পৰিৱেশ গঢ়ি তুলিছে
10. দীৰ্ঘবিৰতিৰ পিছত পুনৰ-শিকনৰ দীঘলীয়া বাট
দুবছৰৰ পিছত বিদ্যালয়লৈ উভতি অহা আৰু অধ্যয়নৰ গুৰুত্বপূৰ্ণ সময়ৰ ক্ষতি হোৱাৰ পিছত বৌদ্ধিকভাৱে অক্ষম শিক্ষাৰ্থীসকলে পুৰণি ৰুটিনত খাপ খাবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে
9. তিনি দৃষ্টিহীন সন্তানক লৈ সৰন্যাৰ সপোন
দৃষ্টিহীন তিনি সন্তানৰ মাতৃ সৰন্যাই তিনিওকে স্কুললৈ অনা-নিয়া কৰে। অকলশৰীয়া অভিভাৱক সৰন্যাই তাৰ বাবে গুম্মিৰিপুণ্ডিৰ পৰা চেন্নাইলৈ দৈনিক ১০০ কিলোমিটাৰ বাট বব লগা হয়
8. নিষ্ঠুৰ জীৱনৰ সংগ্ৰামেৰে ভৰা চিত্ৰা আৰু মুথুৰাজাৰ অকথিত প্ৰেমৰ কাহিনী
তাইৰ কান্ধত তেওঁ হাত থয়, তাই বাট দেখুৱায়। এনেদৰেই নিষ্ঠুৰ জীৱনৰ আগত হাৰ নমনা এইহাল দম্পত্তিয়ে সকলো বাধা নেওচিছে। কিন্তু দাৰিদ্ৰ্য, দুৰ্বল স্বাস্থ্য আৰু ঘুণীয়া দেহাই তেওঁলোকৰ জীৱন যাপন দুৰ্বিষহ কৰি তুলিছে
7. প্ৰতিবন্ধী শিশুবোৰ বহুত পিছপৰি ৰ’ল
মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এটা কৃষিজীৱি পৰিয়ালৰ বৌদ্ধিক প্ৰতিবন্ধী শিশুৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থাৰ অভাৱত শিশুসকলৰ শিক্ষা আৰু মানসিক, দুয়োটা ক্ষেত্ৰতে অৱনতি ঘটিছে আৰু অভিভাৱকৰ উদ্বেগ বাঢ়ি গৈছে
6. কৃষকসকলৰ সমৰ্থনত ‘দুনাইবাৰ ভাবিব লগা নহয়’
এখন ভৰি বেয়া হোৱা স্বত্বেও মাছমৰীয়া প্ৰকাশ ভগতে কৃষি আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ সমৰ্থনত নাচিকৰ পৰা দিল্লীলৈ যাত্ৰা কৰা গাড়ীৰ সমদলত ভাগ লোৱা তেওঁৰ পাৰগাঁৱৰ গঞাৰ বাবে ৰন্ধা-বঢ়া কৰিছে
5. শাৰীৰিক বাধা নেওচি শিক্ষাৰ পোহৰ বিলোৱা প্ৰতিভা
যোৱা বছৰ গেংগ্ৰিন ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে প্ৰতিভা হিলিমে হাত-ভৰি চাৰিওখন হেৰুৱাবলগীয়া হয়। কিন্তু মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ এইগৰাকী আদিবাসী শিক্ষয়িত্ৰীয়ে অটুত ৰাখিলে নিজৰ প্ৰচণ্ড মনোবল, নিজৰ ঘৰতে ‘আনলাইন পাঠগ্ৰহণ’ৰ সুবিধা নথকা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি গ’ল
4. ‘ডাক্তৰে কয় মোৰ হাড়বোৰ ফোপোলা হৈ গৈছে’
ওৰেটো জীৱন বেমাৰে পিছ নেৰা আৰু জৰায়ু আঁতৰোৱাকে ধৰি কেবাটাও অস্ত্ৰোপচাৰে কুঁজা কৰি পেলোৱা পুণে জিলাৰ হাডাশী গাঁৱৰ বিবাবাঈ লয়াৰে এতিয়াও পথাৰত কাম কৰিবলৈ এৰা নাই, আনফালে পক্ষাঘাত হোৱা গিৰীয়েকৰো তেওঁ শুশ্ৰূষা কৰে
3. ‘ডাক্তৰে গৰ্ভাশয় আঁতৰোৱাৰ পৰামৰ্শ দিছিল’
গৰ্ভাশয় আঁতৰোৱাৰ বাবে বাধ্য কৰাই মানসিকভাৱে অনগ্ৰসৰ মহিলাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য অধিকাৰ প্ৰায়ে উলংঘা কৰি অহা হৈছে। কিন্তু মহাৰাষ্ট্ৰৰ ৱাডি গাঁৱত মালন মৌৰেক ভাগ্যৱতী বুলিয়েই ক’ব লাগিব যে মাকে তেওঁৰ কাষত থিয় দিছে
2. পানভেলৰ পৰা মধ্যপ্ৰদেশলৈ স্কুটাৰত চাৰিদিন-চাৰিনিশা
কেইবছৰমানৰ আগতে দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা বিমলেশ জয়ছোৱালে তেওঁৰ পত্নী আৰু তিনি বছৰীয়া কন্যা সন্তানৰ সৈতে এখন গিয়েৰ নথকা স্কুটাৰেৰে তলাবন্ধৰ সময়ত মহাৰাষ্ট্ৰৰ পানভেলৰ পৰা মধ্যপ্ৰদেশৰ ৰেৱালৈ ১২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল
1. আকৰিকৰ তেজস্ক্ৰিয়তাৰে পংগু বাংগোৰ মানুহ
অৰ্ধশতিকাজুৰি ঝাৰখণ্ডৰ পুৱ সিংভুম জিলাৰ জাডুগুডা খনিকে ধৰি ইউৰেনিয়াম খনিবোৰৰ নিকটৱৰ্তী গাঁৱৰ মানুহে তেজস্ক্ৰিয় বৰ্জ্য আৰু বিষাক্ত খাল-ডোংবোৰৰ মাজত জীৱন যাপন কৰাৰ মূল্য দিবলগীয়া হৈছে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/living-with-disability-in-rural-india-as













