হোণ্ডা এক্টিভা স্কুটাৰেৰে মুম্বাইৰে উপকণ্ঠ অঞ্চলৰ পানভেলত থকা ভাড়াঘৰৰ পৰা মধ্যপ্ৰদেশৰ ৰেৱা জিলাত থকা নিজৰ ঘৰলৈ ১২০০ কিলোমিটাৰৰো অধিক দূৰ বাট অতিক্ৰম কৰিবলৈ লোৱা সিদ্ধান্ত মটৰ চাইকেল দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা ২৮ বছৰীয়া বিমলেশ জয়ছোৱালৰ বাবে এক দুৰ্দান্ত সাহসিকতা ভৰা প্ৰত্যাহ্বান আছিল। স্কুটাৰখনত ‘চাইড-কাৰ’ আছিল। ২৬ বছৰীয়া পত্নী সুনীতা আৰু তেওঁলোকৰ ৩ বছৰীয়া কন্যাসন্তান ৰুবীৰ সৈতে তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। “ইয়াৰ বাহিৰে মোৰ হাতত আন কোনো উপায় নাছিল,” তেওঁ কয়।
বিমলেশ এজন ঠিকাদাৰৰ প্ৰতিটো নতুন প্ৰকল্পত কাম কৰিবলৈ পানভেলত থাকে। যেতিয়া কাম শেষ হয়, তেতিয়া ঘৰবোৰৰ ধূলি-মাকতি আঁতৰোৱা আৰু চাফাই কাম কৰে। “এখন ভৰিৰে যিকোনো কাম কৰা বৰ কঠিন, কিন্তু আপুনি যি কৰিবলগা আছে, কৰিব লাগিব,” ৰেৱাৰ হিনাউটি গাঁৱত থকা ঘৰৰ পৰা তেওঁ মোক ফোনত এইদৰে ক’লে। সেই একেই উদ্যমেই তেওঁক কেতিয়াবা ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰা উত্তাপতো বিস্ময়কৰ যাত্ৰা কৰিবলৈ নিঃসন্দেহে আগুৱাই দিছিল। সাহস আৰু দৃঢ়তাৰ যি উদাহৰণ তেওঁ তুলি ধৰিলে, তেনে দুঃসাহসী মানসিকতাৰে তেওঁৰ দৰে বহুতো প্ৰব্ৰজিত শ্ৰমিকে নিজৰ গৃহাভিমুখে যাত্ৰা কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ২৪ মাৰ্চত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰিত কৰিবলৈ দেশজোৰা বন্ধ ঘোষণা কৰে, বিমলেশৰ দৰে লাখ লাখ দিনমজুৰী কৰা শ্ৰমিকে নিজকে উৱাদিহ নোপোৱা পৰিস্থিতিত সোমাই পৰা যেন অনুভৱ কৰিলে। “আমি কাম নোপোৱা হ’লো, গতিকে খাদ্য কেনেকৈ যোগাৰ কৰিম সেই কথা আমি নাজানো,” তেওঁ কয়। “ঘৰভাড়া আৰু বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব। চাৰি ঘণ্টাৰ আগতে জাননী জাৰি কৰি কোনে এনেকৈ দেশ বন্ধ ঘোষণা কৰে?”
তলাবন্ধৰ ঘোষণাৰ পিছত পৰিয়ালটো ৫০ দিন পানভেলত আৱদ্ধ হৈ থাকিল। “স্থানীয় এনজিঅ’ই আমাৰ খোৱা বস্তু আৰু ৰেচন দিছিল! কোনোমতে আমি জীয়াই আছিলো। প্ৰতিটো পৰ্যায়ৰ পিছত তলাবন্ধ প্ৰত্যাহাৰ কৰিব বুলি আমি আশা কৰিছিলো। কিন্তু যেতিয়া জানিব পাৰিলো যে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ চলিব, তেতিয়া ভাবিলো যে এই তলাবন্ধ চিৰদিনৰ বাবে চলিব। মুম্বাই আৰু চৌপাশৰ এলেকাত ক’ৰণা ভাইৰাছৰ প্ৰসাৰ হ’বলৈ ধৰিলে, তেতিয়া মোৰ নিজৰ গাওঁ মধ্যপ্ৰদেশৰ হিনাউটিত থকা পৰিয়ালৰ লোকসকলো উদ্বিগ্ন হৈ পৰে।”





