তেওঁ ডাঙৰ এবোজা শুকান ঘাঁহৰ ওপৰত বহি আছে। টুকুৰা-টুকুৰ বাঁহ, ফালি-চিৰি যোৱা তিৰ্পালৰ টুকুৰা, ভগা-চিগা প্লাইব’ৰ্ড, ৰছীৰ টুকুৰা, ফাটি যোৱা শাড়ী, ঘৰুৱা বাচন-বৰ্তন, বোকা-মাটি লাগি থকা কাপোৰ আৰু আন দৈনন্দিন সামগ্ৰীৰে ঠাইখন অদ্ভুত ধৰণে বিশৃংখল হৈ আছে। কিন্তু সেই ঠাইখনেই তেওঁলোকৰ ঘৰ। এতিয়াও। কিন্তু কেইদিনমান আগতে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বুলড'জাৰে তেওঁলোকৰ এই অস্থায়ী ঘৰবোৰ ভাঙি থৈ গৈছিল। ৰীতা দেৱীৰ জুপুৰীটো চিল্লা সৰোদা খাদৰ নামে চহৰখনৰ এই বসতিস্থলৰ ১০ৰ পৰা ১৫ টা জুপুৰীৰ এটা আছিল।
তেওঁক অৱশ্যে এইবোৰ লৈ ইমান চিন্তা কৰি থকা যেন লগা নাই। হাতত বনৰ দীঘল পাত এটা লৈ তেওঁ দীঘে দীঘে তাক কাচি এখনেৰে তিনিফাল কৰিছে। বুলড'জাৰে ঘৰ ভাঙি থৈ যোৱাতো তেওঁ বাবে একো নতুন বা ভয়লগা কথা নহয়। যমুনা ক্ষেত্রৰ তেওঁলোকৰ ঠাইখনকে ধৰি ডাঙৰ এটা এলেকাত চৰকাৰে ছখন জৈৱবৈচিত্ৰ উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰিছে। “য়হ জমীন চৰকাৰী হ্যে ইচলিয়ে তৌ ঝুগ্গি-ৱুগ্গি তৌড় দেতা হ্যে। পট্টে পৰ জমীন য়হ ৱহি লৌগ চাল ভৰ কে লিয়ে লেতে হ্যে জৌ খেতি কৰতে হ্যে (এই মাটি চৰকাৰৰ। সেয়ে ঘৰ-চৰ বনালে ভাঙি পেলায়। এই মাটিত বছৰটোৰ কাৰণে খেতি কৰাজনেহে লীজত পায়)।”
“আমি অক্ষৰধামৰ ওচৰত থাকোতেও এনেকুৱা হৈছিল,” ৰীতাই কয়। “কোনোবাই মাছ বাচি আছিল আৰু কাউৰী এটাই সেই মাছৰ পেলনীয়াখিনি মন্দিৰৰ ভিতৰলৈ লৈ গ’ল। গতিকে অচিলা পাই তেওঁলোকে আমাৰ গোটেই জুপুৰীবোৰ ভাঙি পেলালে। সেয়া ২০১৫ৰ কথা। তেতিয়া আমি চিল্লা খাদৰৰ এই ঠাইলৈ আহিলো। ইয়াতো ৪-৫ বাৰ এনেকুৱা হৈছে। কিন্তু আছো আৰু।” তেওঁৰ পৰিয়ালটো ৮ বাই ১০ৰ এটা কোঠাত থাকে, ঠাইখিনিৰ ভাৰা দিব লাগে মাহে ৫০০ টকা।
“আমি গুজ্জৰ মানুহ এজনক ভাৰা দিও। তেওঁৰ নাম ৰাজবীৰ। চিল্লাত থাকে। এই মাটি তেওঁৰ আজোককাকে চৰকাৰক বিক্ৰী কৰিছিল। তেওঁলোকে তাৰ বাবে ক্ষতিপূৰণো পাইছিল। কিন্তু এতিয়াও তেওঁ সেই মাটি অধিকাৰ কৰি আছে। তেওঁ আমাৰ দৰে দুখীযা মানুহক দাবী-হুমকি দি পইচা আদায় কৰে,” ৰীতাই কয়। “তুমহাৰা খেত, তুমাহিৰ জমীন, তু জান। হমাৰা তৌ ৰহেনে চে মতলব হ্যে (তোমাৰ খেতি, তোমাৰ মাটি, তুমিহে জানিবা। আমি কি ভাবিম? আমি থাকিবলৈ ঠাই এটুকুৰা হ’লে হ’ল)। আমি কেতিয়াও পকী ঘৰ বনোৱা নাই। সিহঁতে প্ৰতিবাৰে ভাঙি দিয়ে, বনাই কি লাভ আছে?,” তেওঁ খাগৰি বনবোৰ ফালি ফালি সৰু সৰু বাণ্ডিল বনাই থকাৰ মাজতে কয়।
বুলড'জাৰে ঘৰ ভাঙি থৈ যোৱাৰ পিছত ৰীতাৰ পৰিয়ালটোৱে কোনোমতে দুখন বেৰ আৰু প্লাষ্টিকৰ চালি এখন তুলিব পাৰিছে। বস্তিটোৰ প্ৰায়ভাগ লোকেই দিনহাজিৰা কৰে আৰু ঘৰ উত্তৰ প্ৰদেশ নাইবা বিহাৰত। ৰীতাৰ নিজৰো ঘৰ বিহাৰৰ চুপৌল জিলাত। তেওঁ ১৯৯৩ৰ পৰা দিল্লীত আছিল যেতিয়া তেওঁৰ মাক-দেউতাকে জীৱিকাৰ সন্ধানত বাচপিতি গাঁৱৰ পৰা দিল্লীলৈ আহিছিল। প্ৰায় ৯৩ লাখ লোকে বিহাৰৰ পৰা একেটা কাৰণতে আন ৰাজ্যলৈ প্ৰব্ৰজন কৰে, এয়া ২০১১ৰ তথ্য। ৰীতা মাল্লাহ সম্প্ৰদায়ৰ। বিহাৰত অনুসূচিত জাতি হিচাপে এতিয়া তালিকাবদ্ধ এই মাছমৰীয়া সম্প্ৰদায়টোক নিষাদ আৰু ধিমাৰ বুলিও জনা যায়।




















