দুকুৰি দহ বছৰীয়া অশোক ৰাণী গোণ্ডে কেতিয়াও পাঠশালাৰ দুৱাৰ গছকি পোৱা নাই। কিন্তু তেওঁৰ সম্পূৰ্ণ বিপৰীত তেওঁৰ নাতিল’ৰাটো। সি এদিনো স্কুল খতি কৰা নাই। তেওঁ হাঁহি হাঁহি কয় পাৰিক কয়, “সি যে এদিনো স্কুল খতি কৰা নাই।”
তেওঁৰ নাতিল’ৰাটোও দাবা এলপি স্কুলত নাম লিখা থকা ৩৯ টা ল’ৰা-ছোৱালীৰ মাজৰ এটা। ৫০০ জনসংখ্যাৰে এইখন গাঁও পাহাৰে আৱৰা, তৃণভূমি আৰু কৃষিপথাৰেৰে ভৰা। জিলা দামোহ। প্ৰায়ভাগ লোকেই গোণ্ড আদিবাসী। তেওঁলোকে অলপ খেতি কৰে আৰু গৰু-ছাগলীও পোহে।
বহু প্ৰাপ্তবয়স্ক লোকো অশোক ৰাণীৰ দৰেই, কেতিয়াও স্কুললৈ যোৱা নাই। গোণ্ড আদিবাসী সম্প্ৰদায়ৰ ৫০ শতাংশ নিৰক্ষৰ। ২০১৩ৰ এক প্ৰতিবেদনৰ এই তথ্য।
গতিকে দাবা স্কুলখনলৈ কণ কণ পণ্ডিতগণে আহিবলৈ এলাহ কৰা প্ৰথা আগৰেপৰাই আছিল। ঋতু বাগৰাৰ লগে লগে শিক্ষাৰ্থীৰ সংখ্যাও সলনি হয়। গাঁৱৰ আশে-পাশে যেতিয়া কাম নোপোৱা পৰিৱেশ এটা আহি পৰে, পৰিয়ালৰ সৈতে সৰু ল’ৰা-ছোৱালীবোৰো লগত গুছি যায়। ফলত স্কুল খতি হয়। কিছুমানে আকৌ ঘৰত থাকে যদিও স্কুললৈ নাযায়। আম, মধুৰিয়াম আৰু আন আন গছত উঠি বগাই খাই ফুৰি থকাটো ৬ৰ পৰা ৯ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে স্কুললৈ যোৱাতকৈ নিশ্চয়কৈ লোভনীয়।
স্কুলখনৰ দুই শিক্ষকৰ এজন তাৰাচন্দ যাদৱ ইয়াতেই ডাঙৰ-দীঘল হোৱা। তেওঁৰ অৱশ্যে এই কণ পণ্ডিতগণক স্কুললৈ আকৰ্ষিত কৰিবলৈ বুদ্ধি এটা পাঙিছে। তেওঁ এদিন-দুদিন বাট চায়। তাৰপিছত কণ পণ্ডিতৰ ঘৰ ওলায়। লগত নিয়ে অস্ত্ৰ হিচাপে কেইটামান চকলেট। “প্ৰথমে মই অভিভাৱকৰ সৈতে কথা পাতো। ল’ৰা-ছোৱালীহঁতক স্কুললৈ পঠিয়াবলৈ কওঁ,” তাৰাচন্দ ডাঙৰীয়াই কয়। “সিহঁতে মোক কয়, ‘মাষ্টৰ বাবু, আমি পুৱাতে কামৰ বাবে ওলাই যাও…আমি কি কৰিব পাৰো?’”















