অনুবাদ: পাৰি অনুবাদক, অসমীয়া

SANGUR, PUNJAB
|WED, JAN 17, 2024
আমি অদ্ভুত, আমি বিচিত্ৰ, আমি কুইয়াৰ
লিংগীয় পৰিচয়, লিংগীয় অভিব্যক্তি, যৌনতা আৰু যৌন অভিমুখতাৰ নানাৰঙী বৰ্ণালীৰ মাজত কুইয়াৰ ব্যক্তিৰ অৱস্থান। সাধাৰণতে তেওঁলোকক লেচবিয়ান, সমকামী, উভয়কামী, ৰূপান্তৰকামী, কুইয়াৰ, মিশ্ৰলিংগীয়, অকামী আদি নানা পৰিচয়েৰে একত্ৰ কৰি এলজিবিটিকিউআইএ+ সম্প্ৰদায় বুলি কোৱা হয়। সামাজিক আৰু আইনী প্ৰেক্ষাপটত সম্পূৰ্ণ গ্ৰহণযোগ্যতাৰ দিশে আগবঢ়াৰ ক্ষেত্রত তেওঁলোকে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে। মৌলিক অধিকাৰৰ বাবেও তেওঁলোকে যুঁজিবলগীয়া হোৱা দিশটো এই প্ৰতিবেদনসমূহৰ যোগেদি তুলি ধৰা হৈছে। ব্যক্তিগত আৰু পেছাগত, উভয় পৰিসৰতে সামাজিক স্বীকৃতি, ন্যায়বিচাৰ, পৰিচিতিৰ দাবী তথা সুনিশ্চিত এক ভৱিষ্যত গঢ়াৰ বাবে তেওঁলোকে প্ৰতিদিনে যুঁজিবলগীয়া হৈ আহিছে। ইয়াৰে কিছুমান প্ৰতিবেদনৰ যোগেদি স্বতন্ত্ৰতাৰে তেওঁলোকে জীয়াই থকাৰ যুঁজখনত আগুৱাই যোৱাৰ সময়ত ব্যক্তি বা সমূহ হিচাপে তেওঁলোকে অনুভৱ কৰা আনন্দৰ মুহূৰ্তও তুলি ধৰা হৈছে
Author
Translator
9. ভাৰতৰ গ্ৰামাঞ্চলৰ কুইয়াৰসকলৰ দৈনন্দিন জীৱন
পাৰি লাইব্ৰেৰীয়ে ডাঙৰ চহৰ-নগৰৰ পৰা নিলগত, গাঁৱত বাস কৰা কুইয়াৰ সম্প্ৰদায়ৰ লোকসকলৰ কণ্ঠ আৰু তথ্য-পাতিৰ লগতে তেওঁলোকে ব্যক্তিগত আৰু পেছাদাৰী জীৱনত সন্মুখীন হোৱা সামাজিক বহিষ্কৰণৰৰ অভিজ্ঞতা কেনেদৰে আৰ্কাইভ কৰি ৰাখিছে, গৌৰৱ মাহত উপলক্ষে সেয়া তুলি ধৰাৰ এয়া এক প্ৰয়াস
8. ধৰমশালাত সাতোৰঙী গৌৰৱ যাত্ৰা
হিমাচল প্ৰদেশত কুইয়াৰ সম্প্ৰদায়ৰ লোকসকলৰ অধিকাৰৰ হকে উলিওৱা প্ৰথম গৌৰৱ যাত্ৰাৰ সফল সামৰণি, এই যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ অধিকাংশই ৰাজ্যখনৰ সৰু নগৰসমূহৰ লগতে গ্ৰামাঞ্চলৰ আছিল
7. ৰূপান্তৰকামীয়ে গঢ়ি তোলা এখন মঞ্চ আৰু মনৰ কথা
ৰূপান্তৰকামী লোক এজনে থিয়েটাৰৰ পৃথিৱীত আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ পোৱাটো অতি বিৰল। ৩১ মাৰ্চত উদযাপিত ৰূপান্তৰকামীৰ বিদ্যমানতাৰ আন্তৰ্জাতিক দিৱস উপলক্ষে ৰূপান্তৰকামী সম্প্ৰদায়টোৱে সন্মুখীন হোৱা সামাজিক বৈষম্য আৰু সংগ্ৰামমুখৰ জীৱনক তুলি ধৰা ‘চাণ্ডকাড়াংগা’ শীৰ্ষক নাটখনক লৈ এই ফটোষ্ট’ৰিটো কৰা হৈছে
6. মুম্বাই মহানগৰীত ভালপোৱাৰ নিজগৰী অকণ ঠাই
মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ এগৰাকী যুৱতী আৰু ৰূপান্তৰিত যুৱকে ভালপোৱাক সাৰথি কৰি সামাজিক গ্ৰহণযোগ্যতা, ন্যায়, নিজাকৈ এক পৰিচয় আৰু ভৱিষ্যতৰ বাবে যুঁজিছে আৰু আমাক তেওঁলোকৰ প্ৰেমকাহিনী শুনাইছে
5. ‘মই দুনাইবাৰ ভাৰতৰ হৈ খেলাৰ সুযোগ নাপালো’
পশ্চিমবংগৰ বনি পালক তেওঁৰ মিশ্ৰলিংগীয় পৰিচয়ৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আঁতৰোৱা হৈছিল। ২২ এপ্ৰিল, ৰাষ্ট্ৰীয় মিশ্ৰলিংগৰ মানৱ অধিকাৰ দিৱসৰ দিনা তেওঁ নিজৰ পৰিচয় আৰু সংগ্ৰামৰ কথা সুঁৱৰিছে
4. মাদুৰাইৰ ৰূপান্তৰিত শিল্পী: নিপীড়িত, নিঃসংগ আৰু সম্বলহীন
পৰিয়ালৰ পৰা বহিষ্কৃত, জীৱিকা হেৰুৱাই নিপীড়িত জীৱন কটোৱা তামিলনাডুৰ ৰূপান্তৰিত শিল্পীসকলে এতিয়া সাংঘাতিক দুৰ্দিন দেখিছে
3. মাডুৰাইত ৰূপান্তৰিত শিল্পীৰ দুৰ্বিষহ জীৱন
তামিলনাডুত বিশ্ব মহামাৰীয়ে জীৱন-জীৱিকা বিধ্বস্ত কৰা বহু লোকশিল্পীৰ মাজৰে একাংশ হৈছে ৰূপান্তৰিত মহিলা শিল্পীসকল- তেওঁলোক এতিয়া কৰ্মহীন, উপাৰ্জনৰ বাট বন্ধ। আনফালে সাহায্য কিম্বা চৰকাৰী সা-সুবিধাইও তেওঁলোকক ঢুকি নাপায়
2. 'মানুহে আমালৈ এনেকৈ দৃষ্টি নিক্ষেপ কৰে যেন আমি অমংগলীয়া অপশক্তিহে'
ইচালকাৰানজি নগৰৰ তৃতীয় লিংগ (ট্ৰান্সজেণ্ডাৰ)ৰ লোকসকলে ঘৰত, স্কুলত, আবাসিক অঞ্চলত, বাট-পথত-সকলোতে বৈষম্যৰ মুখামুখি হ'ব লগা হয়। আন যিকোনো সাধাৰণ লোকৰ দৰে জীয়াই থাকিবলৈ, মৰ্যাদা সহকাৰে কাম কৰিবলৈ তেঁওলোকে সংগ্ৰাম কৰিবলগা হৈছে।
1. 'এদিন আমাক সকলোৱে আদৰি ল’ব’
২৫ এপ্ৰিলত অন্ত পৰা তামিলনাডুৰ কুভাগম উৎসৱত ভালেমান লিংগপৰিৱৰ্তিত লোকৰ আগমন ঘটা দেখা যায়। মুকলিমনে নাচি-বাগি গান গাই হাঁহি-কান্দোন আৰু প্ৰাৰ্থনাৰ মাজেৰ উৎসৱৰ দিনকেইটা তেঁওলোকে ইয়াতে পাৰ কৰে। সমাজৰ পৰা এঘৰীয়া হোৱাৰ যি শংকাৰ ভাৱ ভাৱ লৈ তেঁওলোক থাকে, সেয়া পাহৰি আনন্দৰ মূহুৰ্তবোৰ উদযাপন কৰাৰ উচাহতে তেঁওলোক আহে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/everyday-lives-of-queer-people-as









