
SANGUR, PUNJAB
|WED, JUL 23, 2025
নিৰ্বাচন ২০১৯: গাঁৱৰ ভোটবোৰ
ভাৰতৰ গ্ৰামাঞ্চলৰ ভোট কালৈ যাব, সেয়া কিহে নিৰ্ধাৰণ কৰে? দেশখনৰ গাঁৱৰ ভোটদাতাই গণ্য কৰা সমস্যাসমূহত পৰে কৃষি সংকট, ঋণ ৰেহাই, স্বাস্থ্যসেৱা, ৰাস্তা-ঘাট, স্কুল-কলেজ, নিয়োগ, ভাল মজুৰি আৰু মৰ্য্যাদাপূৰ্ণ জীৱন। পাৰিয়ে অন্ধ্ৰপ্ৰদেশ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু উত্তৰাখণ্ডৰ গাঁৱে গাঁৱে তেনেকুৱাই সমস্যা কিছুমান গঞাই তুলি ধৰা দেখিছে আৰু প্ৰতিবেদন যুগুতাইছে। কিছুমান ঠাইত কিছুমান ধাৰণাক লৈ মানুহৰ গোট গঠন হৈছে, আন কিছুমানত আকৌ মানুহক মাটি আৰু পানীৰ পৰা বঞ্চিত কৰা উদ্যোগ বা প্ৰকল্প আদিক লৈ বা দীৰ্ঘদিনীয়া দাবী কিছুমানক লৈ মানুহ ক্ষোভিত হৈ আছে। পাৰিয়ে যুগুতোৱা তেনে প্ৰতিবেদনক লৈ এই সংকলন
Author
Translator
8. ভূজৰ ভোটদান আৰু তৰুণীহঁতৰ পুৰণি আশাবোৰ
গুজৰাটৰ কচ্ছ জিলাৰ ভূজ চহৰ আৰু তাৰে আশে-পাশে থকা গাঁওবোৰত নৱপ্ৰজন্মৰ মহিলা আৰু আন সকলোৱে নিৰ্বাচন বিষয়ত নিজৰ আশা আৰু শংকা ব্যক্ত কৰিছে, কিছুমানে আকৌ আজি ২৩ এপ্ৰিলৰ দিনা লোকসভা নিৰ্বাচনত ভোটদান কিয় নকৰে তাকো কৈছে
7. নীলগিৰিত জনজাতীয় মহিলাই সুৰা বিক্ৰীৰ বিৰুদ্ধে ভোট দিছে
গুডালুৰ খণ্ডৰ মহিলাই কয় যে সুৰাৰ প্ৰকোপত আৰু ৰাজ্যৰ দ্বাৰা পৰিচালিত সুৰাৰ দোকানে তেঁওলোকৰ পৰিয়ালৰ ভেঁটি উচন কৰিছে। কোনো প্ৰতিনিধিয়ে সমস্যাটোলৈ কাণ দিয়া নাই, কিন্তু তেঁওলোকে এতিয়াও আশা কৰে যে এইবাৰৰ নিৰ্বাচনৰ পিছত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিব
6. থুটুকুৰি নিৰ্বাচনত ৰাফেলতকৈও চৰ্চিত ষ্টাৰলাইট ইচ্ছ্যু
তামিলনাডুৰ কুমাৰেড্ডিয়াহপুৰম গাঁৱত ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব, ২০১৮ৰ ২২ মে’ৰ দিনা ষ্টাৰলাইট কপাৰ প্ৰকল্পৰ বিৰোধ প্ৰদৰ্শনকাৰীৰ ওপৰত আৰক্ষীৰ গুলিচালনাত ১৪ জনকৈ প্ৰতিবাদকাৰী নিহত হোৱাৰ স্মৃতি এতিয়াও ভোটদাতাৰ মনত সজীৱ হৈ আছে
5. টুমকুৰৰ নিৰ্বাচনৰ পিছত স্বচ্ছ কামৰ আশাত
টুমকুৰ জিলাত হাতেকৰা চাফাইকৰ্মীৰ সংখ্যা সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। তেঁওলোকৰ বেছিভাগৰেই ৰাজনৈতিক নেতাৰ ওপৰত বিশ্বাস নাই যদিও ভাল প্ৰতিনিধি পায় নেকি সেই আশাৰেই তেঁওলোকে ১৮ এপ্ৰিলত ভোট দিব
4. অনন্তপুৰ নিৰ্বাচনত শংকা আৰু ভেদাভেদ
অন্ধ্ৰপ্ৰদেশৰ ৰায়ালাসীমা অঞ্চলত প্ৰকৃত সমস্যাবোৰৰ পৰিৱৰ্তে স্থানীয় পৰ্যায়ত ভেদাভেদ, হিংসা- প্ৰতিহিংসাইহে নিৰ্বাচনত গুৰুত্ব লাভ কৰিছে। আজি ১১ এপ্ৰিলৰ দিনা জনতাই লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰিব
3. হিমালয়ৰ নিৰ্বাচনী ইচ্ছ্যুঃ আমাক ৰাজপথ নহয় ৰাস্তা লাগে
উত্তৰাখণ্ডৰ সুউচ্চ পাহাৰীয়া গাঁৱত, য’ত খচ্ছৰৰ থিয় বাটত মাইলৰ পিছত মাইল খোজকাঢ়ি যাবলগীয়া হয়, গঞাই ১১ এপ্ৰিলৰ দিনা কাৰোবাক ভোট দি জয়ী কৰিলেই বাৰু, পিছে শাসনলৈ অহা কোনটো ৰাজনৈতিক দলে দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নোহোৱা ৰাস্তাৰ কাম শেষ কৰিব
2. য়াভাটমালৰ কৃষি-বিধবাৰ বেলট যুঁজ
অংগনৱাড়ী কৰ্মী আৰু কৃষি শ্ৰমিক হিচাপে কাম কৰা বৈশালী য়েডেয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত পূৱ মহাৰাষ্ট্ৰৰ পৰা প্ৰতিপত্তিশীল ৰাজনৈতিক প্ৰতিদ্বন্দীৰ বিৰুদ্ধে থিয় দিছে, তাইৰ গিৰীয়েকে ২০১১ত আত্মহত্যা কৰিছিল
1. ভোটদানক লৈ টেম্ভাৰে গাঁৱত চৰ্চা
টিভিৰ বাদ-বিবাদ আৰু ৰাজনৈতিক দলৰ অংক-জংকৰ মাজতে মহাৰাষ্ট্ৰৰ গ্ৰামীণ জিলা থানেৰ গঞাই ভাবি পাৰ পোৱা নাই যে কোনজন প্ৰাৰ্থীয়ে কাৰ্যতঃ তেঁওলোকৰ স্বাস্থ্যসেৱা, ৰাস্তা-ঘাট, বিদ্যালয়, ঋণ মাফি, নিয়োগ আদি এশ-এবুৰি সমস্যাৰ সমাধানৰ বাট উলিয়াব
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/elections-2019-village-votes-as








