‘যোৱাবাৰ কপিল পাটিলক ভোট দিছিলো। কি হ’ল? গাঁৱত এতিয়াও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এটা নাই। আৰু এই ৰাস্তাবোৰ...জয় হোৱাৰ পিছত তেঁও আমালৈ পিঠি দিলে। তেঁওক আকৌ কিয় ভোট দিম?’ মাৰুতি ৱিছে কয়।
দুপৰীয়াৰ তীক্ষ্ণ ৰ’দ, পাৰা ৩৮ ডিগ্ৰী ছেলচিয়াছলৈ উঠিছে। টেম্ভাৰে গাঁৱৰ বাট-পথত এটাও মানুহ পাবলৈ নাই। ৭০ বৰ্ষীয় ৱিছেৰ পকা ঘৰটোত ছজন পুৰুষ আৰু তিনিগৰাকী মহিলা গোট খাইছে। তেঁওলোক প্লাষ্টিকৰ চকী আৰু ধাৰি পাৰি বহিছে, এচুকত তেঁওৰ ৫ একৰ মাটিৰ খেতিৰ ধান চপাই থোৱা আছে। গোটটোৰ প্ৰতিজনেই কৃষক, প্ৰতিটো পৰিয়ালৰে দুইৰ পৰা পাঁচ একৰ মাটি আছে, তাতে ধানৰ আৰু অইন বতৰৰ শাক-পাচলিৰ খেতি কৰে। ‘আমি এঠাইত বহি ভালদৰে আলোচনা কৰা উচিত যে এইবাৰ কাক ভোট দিয়া যাব,’ ৬০ বৰ্ষীয় ৰঘুনাথ ভইৰে কয়।
৫২ বৰ্ষীয় মাহাডু ভইৰ নাভাবে যে আলোচনাৰ পৰা কিবা ফল ওলাব। ‘আমি বিজেপিক পাঁচ বছৰ দিলো, কিন্তু তেঁওলোকে তিনিটা বছৰ অবাবতে কটালে। এতিয়া কংগ্ৰেছকো পাঁচ বছৰ দিও আৰু নষ্ট কৰাও। কোনো পাৰ্থক্য নাই। সকলো একেই।’











