নিজৰ ঘৰৰ পৰা কিছু দুৰত পানীৰে ভৰা ছটা প্লাষ্টিকৰ মোনা বিশেষ ধৰণে নিৰ্মিত ট্ৰলিত কঢ়িয়াই লৈ গৈ ৰাস্তা পাৰ হোৱাৰ সময়ত চি. শুভলক্ষ্মীৰ মনত কেৱল নিৰ্বাচন আৰু ভোটদানৰ কথাই পাকঘুৰণি খাই থাকিল। তাই খেতিপথাৰত কাম কৰা শ্ৰমিক, ট্ৰলিখন থকা কাৰণে নিজেই পানী কঢ়িয়ায়। 'আমাক দুৰ্ভাৱনাই আগুৰি ধৰিছে,’ কুমাৰেড্ডিয়াহপুৰমৰ শুভলক্ষ্মীয়ে কয়।
শুভলক্ষ্ণী(৪৮)এ ভোটদানৰ বাদেও অইন বিষয়তো মন দিব পাৰে, কিন্তু তাইৰ গাঁওখন যিটো লোকসভা সমষ্টিত পৰে সেয়া তামিলনাডুৰ নিৰ্বাচনী ক্ষেত্ৰসমূহৰ ভিতৰত কেন্দ্ৰবিন্দুস্বৰূপ। দ্ৰাবিড় মুনেত্ৰা কড়গম (ডিএমকে)ৰ এম কানিমোঝি কিংবদন্তি আৰু প্ৰসিদ্ধ ডিএমকে নেতা এম কৰুণানিধিৰ জীয়াৰী। কানিমোঝিয়ে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাদেশিক অধ্যক্ষ তামিলিসাই সৌন্দৰাৰাজনৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামিছে। এই সমষ্টিটোৰ পৰা ২০১৪ত এআইএডিএমকে-ৰ জেয়াসিংহ ত্যাগৰাজ জয়ী হৈছিল, তেঁও প্ৰতিদ্বন্দী ডিএমকে নেতা জেগন পীক হৰুৱাইছিল।
১৩ লাখৰো অধিক ভোটদাতা থকা এই নিৰ্বাচনী ক্ষেত্ৰখনক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলা অইন এক বিষয় হৈছে যোৱা বছৰ সংঘটিত হোৱা ভয়ংকৰ হিসাংত্মক ঘটনাটো। এই ঘটনাৰ প্ৰভাৱ তাৰপৰা ২৪ কিলোমিটাৰ দুৰৈৰ কুমাৰেড্ডিয়াহপুৰমৰ ভালেমান লোকৰ ওপৰতো পৰিছিল।
২০১৮ৰ ১২ ফেব্ৰুৱাৰীৰ দিনা এই গাঁৱৰ প্ৰায় ৩০০ মান লোকে থুটুকুৰি চহৰত ষ্টাৰলাইট কপাৰ প্ৰকল্প (বেদান্ত লিমিটেডৰ এক ব্যৱসায়িক গোষ্ঠী)ৰ প্ৰসাৰণৰ বিৰোধীতা কৰি প্ৰতিবাদ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীয়ে তাতে যিমান সময় বহাৰ অনুমতি পাইছিল, তাতকৈ বেছি সময় তাতে বহি থকাৰ বাবে আৰক্ষীয়ে তেঁওলোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এই পদক্ষেপৰ বিৰোধীতাৰে ২০১৮ৰ ২৪ মাৰ্চত থুটুকুৰি চহৰৰ ৰাস্তাত প্ৰায় ২ লাখ মানুহ ওলাই আহে। বিভিন্ন ক্ষেত্ৰৰ আৰু ব্যৱসায়িক গোষ্ঠীৰ মানুহে ষ্টাৰলাইটৰ নতুন তাম গলোৱা প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী জনায়। ষ্টাৰলাইটৰ প্ৰকল্পই তেঁওলোকৰ পানী বিষাক্ত কৰি তোলাৰ লগতে জীৱিকাৰ সাধন নষ্ট কৰিছে বুলি তেঁওলোকে দাবী কৰে।







