পাকঘৰৰ চৌকাত জুই জ্বলিছে। তাতে থিয়ামংলাই তৰণি নোপোৱা অৱস্থা। এক মিনিটো অপব্যয় কৰিব নোৱাৰে। তেওঁ হাতত এমুঠি নিজৰ পাচলিবাৰীৰে মিপাং (য়াম)ৰ পাত লৈ পাকঘৰত ব্যস্ত হৈ পৰিছে। লগত আছে নহৰু পাত, বস্তিৰ পৰা বিচাৰি অনা থোটো গছৰ পাত, পিহি লোৱা কেঁকোৰাৰ মণ্ড আৰু বিভিন্ন উপকৰণ।
চাংকিৰ ৫৫ বছৰীয়া খেতিয়কজনে মিপাংমিং নামে আও নাগা বিশেষ এবিধ ব্যঞ্জন প্ৰস্তুত কৰি আছে। “এইবিধ ব্যঞ্জন ৰচুপতকৈ ভিন্ন। এয়া আমাৰ জনজাতীয়সকলৰ মাজৰ এবিধ প্ৰিয় পাচলিৰ ব্যঞ্জন,” থিয়ামংলা লংচাৰিয়ে ব্যঞ্জনবিধৰ বিষয়ে বিতংকৈ চাংকি ভাষাতে কয়। তেওঁলোকে এই মিপাংমিং নিজৰ খেতিৰে থলুৱা চাউলৰ ভাতেৰে পৰিৱেশন কৰিব, লগত থাকিব দেশী কুকুৰা ভাজি।
মিপাংমিঙক নিৰ্দিষ্ট এক সোৱাদ দিয়া উপকৰণসমূহ হৈছে নিমখ, কেঁচা জলকীয়া, বিলাহী, মিচিগান (চিচুৱান পেপাৰ)ৰ পাত, তেজাং লেহচুন (থলুৱা নহৰু), আদাৰ পাত আৰু জংগপাংগনতুচু (কিন্বিত কেঁকোৰাৰ মণ্ড)। তেওঁ বতৰত হোৱা সতেজ পাচলিও তাত যোগ দিয়ে।
আও নাগা সম্প্ৰদায়ৰ (অনুসূচিত জনজাতি) অধ্যূষিত চাংকি গাঁওখনত ২০১১ৰ লোকপিয়ল অনুসৰি জনসংখ্যা ২,৪৮৬। চাংকি হৈছে আও নাগা ভাষা গোটৰ এক বিপন্ন ৰূপ, যিটো ভাষা নেকি ইউনেস্ক’ই বিপন্ন ভাষা হিচাপে তালিকাবদ্ধ কৰিছে।
আন চাংকি মহিলাৰ দৰে থিয়ামংলাই তেওঁ ৰন্দা ব্যঞ্জনৰ বাবে মিপাং, থোটো আদি সংগ্ৰহৰ বাবে ধানখেতিৰ পথাৰ, হাবি-বন আৰু জলাশয় চলাত কৰে। এই কামত দুঘণ্টাৰো অধিক সময় লাগে।
“বাহিৰৰ পৰা শাক-পাচলি অনাটো তেতিয়া সহজ নাছিল, সেয়ে হাবিৰ পৰা সিবোৰ সংগ্ৰহ কৰি অনাটো জৰুৰী আছিল,” তেওঁ পাৰিক কয়। কি থলুৱা উপকৰণ ব্যৱহাৰ কৰিব লাগে, পায় ক’ত - এইবোৰ জ্ঞান মহিলাসকলে পূৰ্বপুৰুষৰ পৰা আহৰণ কৰে। “আমি ঝুম খেতিত, ধানখেতিত আৰু আমাৰ ঘৰৰ পাচলিবাৰীত যি খেতি কৰো, সেয়াই খাইছিলো। আজিকালি আমি ওচৰৰে বজাৰৰ পৰাও কিনি আনো।”
হাবিৰ পৰা শাক-পাত বিচাৰি অনাৰ দায়িত্ব ঘাইকৈ মহিলাৰ। অৱশ্যে পুৰুষেও হাবিলৈ বা পথাৰলৈ গ’লে ভাল বস্তুৱে আনে। “আমি আমাৰ মা-দেউতা আৰু অভিজ্ঞ মানুহৰ পৰা শিকো কোনবিধ শাক-পাত খাব পাৰি আৰু কোনবিধ খাব নোৱাৰি। নতুন প্ৰজন্মই আন জীৱিকাৰ সন্ধান কৰিছে য’ত খেতিতকৈ বা হাবিৰ পৰা বনজ সামগ্ৰী সংগ্ৰহতকৈ অধিক টকা পায়,” তেওঁ ওচৰৰে ডিমাপুৰ বজাৰৰ পৰা অনা অয়ষ্টাৰ কাঠফুলাখিনি আৰু মূল্যৱান থোটো ৰন্ধাৰ বাবে সাজু কৰি থকাৰ মাজতে কয়। “মিপাঙৰ সৈতে থোটো দিলে খাবলৈ বৰ সোৱাদ হয়।”
আন এবিধ গুৰুত্বপূৰ্ণ উপকৰণ হৈছে কেঁকোৰাৰ পেষ্ট। নাগাসকলে ৰন্ধন প্ৰণালীত বহুলভাৱে ব্যৱহাৰ কৰা এবিধ উপকৰণ। “চাংকিত বনোৱা কেঁকোৰাৰ পেষ্টৰ চাহিদা বৰ বেছি আৰু ই উৎকৃষ্টমানৰো,” থিয়ামংলাই গৌৰৱেৰে কয়।
তেওঁ জাৰটো খোলাৰ লগে লগে এক মিঠা কিন্বিত মাছৰ সুবাস বিয়পি পৰিছে। জংগপংগনটচু হৈছে পথাৰৰ কেঁকোৰাৰে বনোৱা এবিধ আও নাগা বিশেষ ব্যঞ্জন। এই কেঁকোৰা সাধাৰণতে ধানখেতিৰ পথাৰৰ কাষৰ পানী-যুৱলিত পোৱা যায়। পুৰি লৈ গুড়ি কৰি তাক ক’লা তিলৰ সৈতে ভালদৰে মিহলি কৰি লোৱা হয়। তাৰপিছত জুইৰ কাষত কলাপাতত বান্ধি কিন্বিত হ’বলৈ থৈ দিয়া হয়। ই যিকোনো আও নাগা খাদ্যৰ এক অত্যাৱশ্যকীয় অংশ।
বহুমুখী প্ৰতিভাযুক্ত থিয়ামংলা মৃণ্ময় পাত্ৰ বনোৱা কামতো পাকৈত। তেওঁ এগৰাকী পূৰ্ণকালীন খেতিয়ক। পঢ়ক: চাংকিৰ মহিলা কুমাৰসকল
তেওঁ কয় যে এইবছৰ (২০২৫) বতৰ একেবাৰে অনিশ্চিত আছিল। ভূমিস্খলনৰ ফলতো ধানখেতি ভালেখিনি নষ্ট হৈছিল। “আমাৰ ধানখেতিৰ পথাৰৰ লগতে নাৰ্ছাৰীখনৰো ক্ষতি হৈছিল। একেদৰে ঝুমখেতিৰ পথাৰত মই ঘাইকৈ আদাৰ খেতি কৰো, কিয়নো তাত মূল্য বেছি পোৱা যায়।”
তেওঁ ৰন্ধাৰ বাবে চাংকি পাত্ৰ এটা ব্যৱহাৰ কৰিছে। তেনে থলুৱা পাত্ৰত বনোৱা খাদ্যৰ সোৱাদ বেছি ভাল হয় বুলি তেওঁ কয়। মিঠাতেলৰ চোকা গন্ধ এটা কিন্বিত কেঁকোৰাৰ সৈতে মিহলি হোৱাৰ পিছত পাকঘৰটোত সুকীয়া গন্ধ এটাই বিৰাজ কৰিছে। আমাৰ জিভাৰ পানী পৰিছে।


