চাংকিৰ মহিলাই বনোৱা মাটিৰ পাত্ৰই এটা সময়ত স্থানীয় যুঁজ-বাগৰত বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অঞ্চলটোত ৰন্ধা-বঢ়াৰ কাৰণে অতিশয় প্ৰয়োজনীয় এই পাত্ৰবোৰ কোনোৱে ভাঙি পেলাব বিচৰা নাছিল। যি পাত্ৰত খাব, সেয়াই ভাঙিব নে! যেতিয়া ক’ৰবাত গাওঁ এখন কোনো দুৰ্যোগত নিথৰুৱা হৈছিল, বা কোনো গাওঁ জুইত পোৰা গৈছিল – তেতিয়া এইখন গাঁৱৰ পৰাই মাটিৰ পাত্ৰত খাদ্য-সাহায্য গৈছিল। দূৰলৈ নিলেও পাত্ৰবোৰ নাভাঙিছিল – ইমানেই মজবুত এই পাত্ৰ, আও জনজাতিৰ মহিলাসকলে আমাক গৌৰৱেৰে কয়।
বহু শতিকা পিছতো এই পাত্ৰবোৰ এতিয়াও হাতেৰে পৰম্পৰাগত শৈলীৰে নিৰ্মাণ কৰি অহা হৈছে। “আমি কোনো চাক বা আন কোনো মেচিন ব্যৱহাৰ নকৰো। আৰম্ভণিৰ পৰা শেষলৈ হাতেৰেই বনাও,” থিয়ামংলা লুজাৰিয়ে কয়। মুকুকচাঙৰ পথাৰ, হাবি আৰু নৈৰ পাৰৰ পৰা পাত্ৰ বনাবলৈ মাটি সংগ্ৰহ কৰা হয়।
“আমাৰ আইতা আৰু আজো-আইতাহঁতে যিদৰে বনাইছিল” একেই পদ্ধতিৰে আমি এই শিল্প পৰম্পৰা আগবঢ়াই নি আছো, ৫৫ বৰ্ষীয় থিয়ামংলাই কয়। বয়োবৃদ্ধ মাকৰ লগত থাকি ঘৰতে এই কাম কৰি যোৱা থিয়ামংলা নাগালেণ্ডৰ অন্তিমকেইগৰাকী কুমাৰৰ এগৰাকী। অতীতত গাঁৱৰ প্ৰত্যেকঘৰ মানুহে ঘৰুৱা ব্যৱহাৰ আৰু বিক্ৰীৰ বাবে এই পাত্ৰ বনাইছিল। কিন্তু নাগালেণ্ডৰ চাংকি গাঁৱত এতিয়া এনেদৰে পৰম্পৰাগতভাৱে শিল্পবিধৰ সৈতে জৰিত মহিলাৰ সংখ্যা মাত্ৰ ১৫ গৰাকী।
পাৰিয়ে এই প্ৰতিবেদন যুগুতাওতে যিসকল মহিলা শিল্পীক লগ পাইছিল, তেওঁলোকে কয় যে এই পৰম্পৰাগত প্ৰাচীন শিল্প চৰ্চা কৰি তেওঁলোকে ভাল পায় আৰু নাগালেণ্ডৰ নতুন প্ৰজন্মক এই শিল্প আগবঢ়াই দিব পাৰিলে তেওঁলোক সুখী হ’ব। তাৰোপৰি তেওঁলোকৰ যি অতিৰিক্ত দুপইচা হাতলৈ আহে, সেয়া তেওঁলোকৰ সন্তানৰ শিক্ষা আৰু আন বিভিন্ন ক্ষেত্ৰত কামত আহে।








