নুৰুল আৰু আয়েশা। তেওঁলোকৰ সংসাৰখন দেখি কোনোৱে নক’ব যে তেওঁলোকৰ বিয়া ঘৰৰ মানুহে ঠিক কৰি দিয়া মতেহে হৈছিল। ক্ৰিকেট বুলিলেই দুয়ো বলীয়া। নুৰুল বিৰাট কোহলিৰ ভক্ত। আয়েশাৰ পছন্দৰ ক্ৰিকেটাৰ আকৌ পাকিস্তানৰ বাবৰ আজম। কোহলিয়ে যেতিয়াই চেঞ্চুৰী কোবায় তেতিয়াই নুৰুলে আয়েশাক দেখুৱাই স্ফূৰ্তি কৰে। আকৌ যিদিনা বাবৰে ভাল খেলে সেইদিনা নুৰুলক দিনটো সেই কথাকেই কৈ কৈ কাণ ঘোলা কৰি দিয়ে। ক্ৰিকেটক কেন্দ্ৰ কৰিয়েই চলি থাকে নুৰুল-আয়েশাৰ প্ৰেম আৰু সংসাৰ।

২০২৩ৰ জুনত যেতিয়া বিশ্বকাপ ক্ৰিকেটৰ সময়সূচী প্ৰকাশ পাইছিল তেতিয়া উদগ্ৰীৱ হৈ পৰিছিল আয়েশা। ভাৰত আৰু পাকিস্তানৰ মেচখন গুজৰাটৰ আহমেদাবাদত ১৪ অক্টোবৰত আছিল। “খেলখন যেনেকৈয়ে নহওক ষ্টেডিয়ামৰ পৰাই চাম বুলি মই নুৰুলক কৈছিলো,” মহাৰাষ্ট্ৰৰ পশ্চিম প্ৰান্তৰ ৰাজাচে কুৰ্লেৰ মাতৃগৃহত বহি থাকি কথাখিনি কৈ গৈছিল আয়েশাই। তেওঁ আৰু কৈছিল, “ভাৰত আৰু পাকিস্তানৰ মাজত আজিকালি খেল নহয়েই বুলিব পাৰি। সেয়ে এয়া আছিল আমি দুয়ো আমাৰ প্ৰিয় ক্ৰিকেটাৰক একেলগে চোৱাৰ বিৰল সুযোগ।“

পেছাত অভিযন্তা নুৰুলে কাৰোবালৈ দুই-এবাৰ ফোন কৰিছিল আৰু দুয়ো ভবা ধৰণেই দুটা টিকটৰ যোগাৰ হৈ গৈছিল। সেই সময়ত আয়েশা আছিল ৬ মাহৰ অন্তঃসত্বা। সেয়ে সাতাৰা জিলাস্থিত তেওঁলোকৰ পুছেছাৱলী গাঁৱৰ পৰা ৭৫০ কিলোমিটাৰ দূৰত্বৰ যাত্ৰাত যাতে কোনো সমস্যা নহয় তাৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিল। তেওঁলোকে ৰে’লৰ টিকট বুক কৰাৰ লগতে তাত গৈ থকাৰ ব্যৱস্থাও কৰি লৈছিল। কিন্তু শেষ মুহূৰ্তত তেওঁলোকৰ যোৱাতো হৈ নুঠিল।

২০২৩ চনৰ ১৪ অক্টোবৰৰ দিনটোত নুৰুল নাইকিয়া হোৱাৰ এমাহ হৈছিল আৰু আয়েশাও মানসিকভাৱে একপ্ৰকাৰ ভাগি পৰিছিল।

*****

২০২৩ চনৰ ১৮ অক্টোবৰত মহাৰাষ্ট্ৰৰ সাতাৰা চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বৰ পুছেছাৱলী গাঁৱত এটা স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছিল। আদিল বাগৱান নামৰ ২৫ বছৰীয়া এজন মুছলমান যুৱকে ইনষ্টাগ্ৰাম কমেণ্টত হিন্দু দেৱতাৰ প্ৰতি বিৰূপ মন্তব্য কৰা দেখা গৈছিল। আদিলে সেই স্ক্ৰীণশ্বটটো ভুৱা বুলি কৈ আহিছিল আৰু তেওঁৰ ইনষ্টাগ্ৰামত থকা বন্ধুবোৰেও প্ৰকৃত কমেণ্টটো দেখা নাছিল।

কিন্তু আইন-শৃংখলাজনিত পৰিস্থিতিৰ যাতে অৱনতি ঘটিব নোৱাৰে তাৰবাবে পুছেছাৱলী গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ কেবাগৰাকী জ্যেষ্ঠ লোকে তেওঁক আৰক্ষীৰ ওচৰলৈ লৈ গৈছিল আৰু স্ক্ৰীণশ্বটটো সন্দৰ্ভত অনুসন্ধান চলাবলৈ অনুৰোধ জনাইছিল। “আমি এইটোও কৈছিলো যে যদিহে আদিল দোষী বুলি প্ৰমাণিত হয়, তেন্তে তেওঁক শাস্তি দিয়া উচিত আৰু আমিও তাৰ সেই কাৰ্যক গৰিহণা দিম,” এইদৰে কয় পুছেছাৱলী গাঁৱৰ এটা গেৰেজৰ গৰাকী ৪৭ বৰ্ষীয় ছিৰাজ বাগৱানে। “আৰক্ষীয়ে আদিলৰ ফোনটো জব্দ কৰিছিল আৰু দুটা ধৰ্মৰ মাজত ঘৃণা বিয়পোৱাৰ অভিযোগত এটি গোচৰ ৰুজু কৰিছিল।”

'We also said that if Adil is found guilty, he should be punished and we will condemn it,' says Siraj Bagwan, 47, who runs a garage in Pusesavali village
PHOTO • Parth M.N.

‘আমি এইটোও কৈছিলো যে যদিহে আদিল দোষী বুলি প্ৰমাণিত হয়, তেন্তে তেওঁক শাস্তি দিয়া উচিত আৰু আমিও তাৰ সেই কাৰ্যক গৰিহণা দিম,’ এইদৰে কয় পুছেছাৱলী গাঁৱৰ এটা গেৰেজৰ গৰাকী ৪৭ বৰ্ষীয় ছিৰাজ বাগৱানে

ইফালে, সাতাৰাৰ সোঁপন্থী হিন্দু সংগঠনৰ সদস্যসকলে পিছদিনা পুছেছাৱলীত এক সমদল উলিয়াই মুছলমানসকলৰ বিৰুদ্ধে গণ হিংসাৰ আহ্বান জনায়। ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে আনকি আইন হাতত লোৱাৰো ভাবুকি প্ৰদান কৰে।

ছিৰাজ আৰু মুছলমান সম্প্ৰদায়ৰ আন সদস্যসকলে স্ক্ৰিণশ্বট সন্দৰ্ভত অনুসন্ধান বিচাৰি আৰক্ষীৰ কাষ চপাৰ লগতে পুছেছাৱলীৰ বাকী মুছলমান লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈকো অনুৰোধ জনায়। ছিৰাজে কয়, “আমি আৰক্ষীক কৈছিলো যে অঞ্চলটোত যিকোনো মুহূৰ্ততে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে। সেয়ে আমি আগতীয়া ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিলো।”

কিন্তু ছিৰাজে জনোৱামতে পুছেছাৱলী যিখন থানাৰ অন্তৰ্গত সেই আউন্ধ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী পৰিদৰ্শক গংগাপ্ৰসাদ কেন্দ্ৰেই তেওঁলোকক সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বিদ্ৰুপহে কৰিছিল। “তেওঁ আমাক তেনেই এজন সাধাৰণ মানুহ হজৰত মহম্মদক ইমানকৈ মানি থকাৰ দৰকাৰেই বা কি বুলি কৈছিল। আৰক্ষীৰ পোছাক পৰিহিত এজন ব্যক্তিয়ে কেনেকৈ এনে কথা ক’ব পাৰে সেয়া ভাবি আমি আচৰিত হৈছিলো,” ছিৰাজে কয়।

পৰৱৰ্তী দুটা সপ্তাহত দুটা উগ্ৰ সোপন্থী সংগঠন হিন্দু একতা আৰু শিৱপ্ৰতিষ্ঠান হিন্দুস্তানৰ সদস্যসকলে পুছেছাৱলীৰ মুছলমান লোকসকলক ৰখাই ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ ধমকি দি সেয়া নকৰিলে ঘৰ জ্বলাই দিয়াৰ ভাবুকি দিয়ে। এনেদৰে সমগ্ৰ গাঁওখনতে এক চেপা উত্তেজনাই বিৰাজ কৰিছিল।

৮ ছেপ্টেম্বৰৰ দিনটোত ২৩ বৰ্ষীয় মুজাম্মিল বাগৱান আৰু আলতামাশ বাগৱান নামৰ দুই যুৱকৰো একেই দুখন স্ক্ৰিণশ্বটো ভাইৰেল হৈ পৰে। দুয়োজনে পুছেছাৱলী গাঁৱৰ আৰু আদিলৰ দৰেকৈ হিন্দু দেৱতাৰ প্ৰতি ইনষ্টাগ্ৰামত বিৰূপ মন্তব্য কৰিছিল। আদিলৰ দৰে এই যুৱক দুজনেও স্ক্ৰীণশ্বট ফটোশ্বপ কৰা বুলি দাবী কৰিছিল। পোষ্টটো আছিল মুছলমানে হিন্দু ধৰ্মৰ প্ৰতি কৰা অশালীন মন্তব্যৰ পোষ্ট।

উত্থাপিত অভিযোগ অনুযায়ী সেই স্ক্ৰীণশ্বট উগ্ৰ হিন্দু সংগঠনে ফটোশ্বপৰ জৰিয়তে প্ৰস্তুত কৰিছিল।

স্ক্ৰীণশ্বটকেইখন ভাইৰেল হৈ পৰাৰ ৫ মাহ হৈ গ’ল আৰু এতিয়াও আৰক্ষীয়ে সত্যাসত্য সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।

কিন্তু সমগ্ৰ ঘটনাৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰদায়িক উত্তেজনাই গাঁৱখনক একপ্ৰকাৰ মৃতপ্ৰায় কৰি তুলিলে। ৯ ছেপ্টেম্বৰত পুছেছাৱলীৰ স্থানীয় মুছলমানসকলে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰচেষ্টা চলাই যদিও সেয়া কোনো কামত নাহিল।

১০ ছেপ্টেম্বৰৰ সন্ধিয়া উগ্ৰ হিন্দু সংগঠনৰ শতাধিক উত্তেজিত সদস্যই গাঁৱখনত প্ৰৱেশ কৰি মুছলমান লোকসকলৰ ঘৰ, দোকান-পোহাৰ, গাড়ী আদিত আক্ৰমণ চলাই ক্ষতিসাধন কৰে। প্ৰাপ্ত বাতৰি মতে মুছলমান সম্প্ৰদায়ৰ ২৯ টা পৰিয়ালৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল আৰু সেই ঘটনাত উক্ত পৰিয়ালকেইটাৰ ৩০ লাখ টকাৰো অধিক সা-সম্পত্তি বিনষ্ট হৈছিল। এই ঘটনাত নিমিষতে সৰ্বস্বান্ত হৈ পৰিছিল বহু পৰিয়াল।

Vehicles parked across the mosque on that fateful day in September were burnt. They continue to remain there
PHOTO • Parth M.N.

পুছেছাৱলীৰ মছজিদৰ কাষত ছেপ্তেম্বৰ মাহৰ পৰা এনেকৈ পৰি আছে জ্বলাই দিয়া বাহনবোৰ

পুছেছাৱলীত ই-সেৱা কেন্দ্ৰ (আদালত সম্পৰ্কীয়) চলোৱা ৪৩ বৰ্ষীয় আছফাক বাগৱানে ফোনটোত এখন ফটো উলিয়াই এই প্ৰতিবেদকক দেখুৱাইছে। ফটোখনত মূৰত তেজ বিৰিঙি থকা এজন বৃদ্ধক মজিয়াত বহি থকা দেখা গৈছে। “সিহঁতে আমাৰ ঘৰলৈ শিল দলিয়াইছিল। খিৰিকিৰ কাচ ভাঙি শিলটোৱে দেউতাৰ মূৰত আঘাত কৰিছিল। সেই দিনটো আছিল এটা ভয়লগা দিন। দেউতাই মূৰত বেয়াকৈ দুখ পাইছিল আৰু ঘৰতে সেই আঘাত উপশম কৰিব পৰাতো সম্ভৱ নাছিল,” এইদৰে কয় আছফাকে।

কিন্তু আছফাকে সেই উত্তেজিত লোকসকলৰ মুখামুখি হ’বলৈ সাহস গোটাব পৰা নাছিল। যদিহে আছফাক ওলাই আহিলহেতেন, তেন্তে তেওঁৰ অৱস্থাও ক্ৰিকেটপ্ৰেমী নুৰুল হাছানৰ দৰেই হ’লহেতেন।

*****

যেতিয়া সন্ধিয়া নুৰুলে ঘৰলৈ উভতিছিল তেতিয়ালৈকে পুছেছাৱলী শান্ত হৈয়ে আছিল। আগদিনা সংঘটিত হৈ যোৱা ঘটনাটোক ইমান গুৰুত্ব নিদি নুৰুলে সন্ধিয়া পৰত গাঁৱত থকা মছজিদত নামাজ পঢ়িবলৈ বুলি ওলাই গৈছিল। “মই তেওঁক ঘৰতে নামাজ পঢ়িবলৈ কৈছিলো, কিয়নো সেই সময়ত কেইজনমান আলহী আহিছিল। কিন্তু তেওঁ সোনকালেই ঘূৰি আহিম বুলি কৈ ওলাই গৈছিল,” আয়েশাই কয়।

আধাঘণ্টা পিছত নুৰুলে আয়েশাক মছজিদৰ পৰা ফোন কৰিছিল আৰু কোনো কাৰণতে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ কৈছিল। নুৰুলৰ কথা ভাবি উদ্বিগ্ন হৈ থকা আয়েশাই তেওঁ মছজিদতে থকা বুলি জানিব পাৰি স্বস্তিৰ নিশ্বাস এৰিছিল। আয়েশাই কয়, “মই মুঠেই ভাবিবই পৰা নাছিলো যে উত্তেজিত লোকসকলে মছজিদতো প্ৰৱেশ কৰিব। সেই মানুহবোৰে এনেকৈ যে সীমা চেৰাই যাব সেয়া কল্পনাৰো অগোচৰ আছিল। মই ভাবিছিলো যে তেওঁ মছজিদৰ ভিতৰত নিৰাপদ হৈ থাকিব।”

কিন্তু আয়েশাৰ ধাৰণা ভুল আছিল।

মুছলমান লোকসকলৰ সা-সম্পত্তিত আক্ৰমণ চলোৱাৰ পিছত আক্ৰমণকাৰী দলটোৱে ভিতৰৰ পৰা বন্ধ হৈ থকা মছজিদ অভিমুখে অগ্ৰসৰ হৈছিল। একাংশ লোকে মছজিদৰ বাহিৰত ৰখাই থোৱা বাহনবোৰৰ ক্ষতিসাধন কৰিছিল আৰু আন কিছুমানে মছজিদৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছিল। একাধিক লোকে দুৱাৰত বাৰম্বাৰ লঠিয়াই লঠিয়াই ভাঙিবলৈ চেষ্টা কৰাৰ ফলত এপাকত দুৱাৰখন ভাঙি থাকিল।

দুৱাৰখন ভাঙি খোল খাই যোৱাৰ পিছতে কিছু সময় পূৰ্বে সন্ধিয়াৰ নামাজ পঢ়ি উঠা মুছলমান লোকসকলৰ ওপৰত আক্ৰমণকাৰী দলটোৱে লাঠি, ইটা আৰু টাইলছ আদিৰে আক্ৰমণ আৰম্ভ কৰে। আক্ৰমণকাৰী দলটোৰ এজনে টাইলছ এখন উঠাই আনে সেই টাইলছখনেৰে নুৰুলৰ মূৰত প্ৰহাৰ কৰে। ফলত তাতেই নুৰুলৰ মৃত্যু ঘটে। সেই ঘটনাত অতিকমেও ১১ জন লোক গুৰুতৰভাৱে আহত হয়। “মৃতদেহটো নেদেখালৈকে মই কথাটো বিশ্বাস কৰিবলৈকে টান পাইছিলো,” আয়েশাই কয়।

The mosque in Pusesavali where Nurul Hasan was lynched
PHOTO • Parth M.N.

নৰুল হাছানক মৰিয়াই মৰিয়াই মাৰি পেলোৱা ঘটনাস্থল - পুছেছাৱলীৰ মছজিদ

“নুৰুলৰ হত্যাকাৰীক মই চিনি পাও। সিঁহতে নুৰুলক ভাই বুলি মাতিছিল। কেনেকৈ সিঁহতে চিনাকি মানুহজনক এনেকৈ মৰিয়াই মৰিয়াই মাৰি পেলাব পাৰিলে সেয়া ভাবিলেই আচৰিত হৈ যাও,” দুখত ম্ৰিয়মাণ হৈ আয়েশাই কয়।

এই ঘটনা সংঘটিত হোৱাৰ কেবাদিনো আগৰে পৰা পুছেছাৱলীৰ মুছলমানসকলে আৰক্ষীক আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আহিছিল। এমাইল দূৰৰ পৰা আহিলেই তেওঁলোকে সকলো গম পালেহেঁতেন। কিন্তু এই ঘটনা দেখিও নেদেখাৰ ভাও জুৰি থাকিল সাতাৰা আৰক্ষীয়ে।

*****

মছজিদত আক্ৰমণ সংঘটিত হোৱাৰ ৫ মাহ হৈ গ’ল যদিও পুছেছাৱলী গাওঁখন এতিয়া দ্বিখণ্ডিত, গাওঁখনত বিৰাজ কৰিছে চেপা উত্তেজনাই। হিন্দু আৰু মুছলমান লোকসকলে এতিয়া ইজনে আনজনক সন্দেহৰ দৃষ্টিৰে চায়। এসময়ত ইজনে সিজনৰ ঘৰলৈ গৈ মুকলি মনেৰে হাঁহি-স্ফূৰ্তি কৰা গাঁওখনত এতিয়া নিমাওমাও পৰিৱেশ। হিন্দু দেৱতাৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ অভিযোগত অভিযুক্ত পুছেছাৱলীৰ তিনিজন মুছলমান যুৱকে প্ৰাণৰ ভয়ত গাঁও এৰি গৈছে। এতিয়া তেওঁলোক আত্মীয় অথবা বন্ধু-বান্ধৱীৰ সৈতে থাকে।

২৩ বৰ্ষীয় মুজাম্মিল বাগৱানে কয়, “ভাৰতত দোষী প্ৰমাণ নোহোৱালৈকে নিৰ্দোষী বুলি ধৰা হয়। কিন্তু যদি আপুনি মুছলমান তেন্তে নিৰ্দোষী প্ৰমাণিত হলেও আপুনি দোষী।”

১০ ছেপ্টেম্বৰৰ নিশা মুজাম্মিলে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি পুছেছাৱলীলৈ উভতি অহাৰ পথত প্ৰায় ৩০ কিলোমিটাৰ দূৰত কিবা এটা খাবলৈ বুলি ৰৈছিল। খাদ্য আহি পোৱালৈ ৰৈ থাকি ফোনত হোৱাটছএপ খুলি গম পালে যে তেওঁৰ কণ্টেক্ট লিষ্টত থকা হিন্দু বন্ধু কেইজনমানে ষ্টেটাছ আপডেট কৰিছে।

আপডেটটো চাবলৈ বুলি ক্লিক্ কৰিয়েই মুজাম্মিল হতভম্ব হৈ পৰে, এনে লাগিছিল যেন তেওঁ ফোনটো দূৰলৈ দলিয়াই দিব। বন্ধুসকলৰ প্ৰায় সকলোৱেই ষ্টেটাছত বিশেষ স্ক্ৰীণশ্বট আপলোড কৰিছিল আৰু মুজাম্মিলক ধিক্কাৰ দিছিল। মুজাম্মিলে কয়, “মই এনে পোষ্ট দি জানি-শুনি কিয় নিজৰ বিপদ চপাই লম? এয়া হৈছে হিংসা বিয়পাবলৈ ফটোশ্বপ কৰা ফটো।”

মুজাম্মিলে লগে লগে আৰক্ষী থানালৈ গৈ ফোনটো আৰক্ষীৰ হাতত জমা দিয়ে। তেওঁ কয়, “মই তেওঁলোকক ফোনটো ভালকৈ পৰীক্ষা কৰিবলৈ কৈছিলো।”

আৰক্ষীয়ে ইয়াৰ সত্যতা নিৰ্ণয় কৰিব পৰা নাই কাৰণ তেওঁলোকে ইনষ্টাগ্ৰামৰ মূল কোম্পানী মেটাৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে। সাতাৰা আৰক্ষীয়ে জনোৱা মতে, সবিশেষ কোম্পানীটোলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকে ছাৰ্ভাৰত সকলো ছালি-জাৰি চাইহে জনাব পাৰিব।

এই সন্দৰ্ভত ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ওছামা মঞ্জৰে কয়, “মেটাই এনে ক্ষেত্ৰত বিলম্ব কৰাত আচৰিত হ’বলগীয়া নাই। এয়া তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়, লগতে আৰক্ষীয়েও এই ধৰণৰ কথাত প্ৰয়োজনীয় গুৰুত্ব নিদিয়ে। ফলত ভুক্তভোগীৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোই একপ্ৰকাৰ শাস্তি স্বৰূপ হৈ পৰে।”

মুজাম্মিলে কয় যে যেতিয়ালৈকে তেওঁ নিৰ্দোষী বুলি প্ৰমাণিত নহয় তেতিয়ালৈকে তেওঁ গাঁৱলৈ উভতি নাহে। বৰ্তমান তেওঁ পশ্চিম মহাৰাষ্ট্ৰৰ এটা এপাৰ্টমেণ্টত মাহে ২৫০০ টকা ভাৰাত আছে। ১৫ দিনৰ মূৰে মূৰে এবাৰ মাক-দেউতাকক লগ পায় যদিও কথা-বতৰা ভালকৈ পাতিবলৈ সময়েই নহয়। মুজাম্মিলে কয়, “যেতিয়াই আমি লগ পাওঁ, মোৰ মা-দেউতা কান্দি কান্দি ভাঙি পৰে। তেওঁলোকৰ মনটো ভালে ৰাখিবৰ বাবেই মই সাহসী হৈ থাকিব লাগিব।”

'In India, you are supposed to be innocent until proven guilty,' says Muzammil Bagwan, 23, at an undisclosed location. Bagwan, who is from Pusesavali, was accused of abusing Hindu gods under an Instagram post
PHOTO • Parth M.N.

‘ভাৰতত দোষী প্ৰমাণ নোহোৱালৈকে নিৰ্দোষী বুলি ধৰা হয়। কিন্তু যদি আপুনি মুছলমান তেন্তে নিৰ্দোষী প্ৰমাণিত হলেও আপুনি দোষী,’ ২৩ বৰ্ষীয় মুজাম্মিল বাগৱানে কয়। পুছেছাৱলীৰ বাগৱানৰ বিৰুদ্ধে ইনষ্টাগ্ৰামত হিন্দু দেৱতাক লৈ অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপিত হৈছিল

মুজাম্মিলে এখন গেলামালৰ দোকানত কাম কৰে আৰু মাহে ৮০০০ টকাকৈ দৰমহা লাভ কৰে। পুছেছাৱলীত অৱশ্যে তেওঁৰ নিজাকৈ আইচক্ৰীমৰ পাৰ্লাৰ আছিল। মুজাম্মিলে কয়, “দোকানখন ভাড়াত লৈছিলো। মালিক হিন্দু আছিল। কিন্তু ঘটনাটোৰ  পিছত তেওঁ মোক বাহিৰ কৰি দিলে, আৰু ক’লে যে মই নিৰ্দোষী বুলি প্ৰমাণিত হোৱাৰ পিছতহে আকৌ দোকানখন দিব পাৰিম। এতিয়া মোৰ মা-দেউতাই জীৱন নিৰ্বাহৰ বাবে শাক-পাচলি বিক্ৰী কৰে। কিন্তু গাঁৱৰ হিন্দুসকলে তেওঁলোকৰ পৰা একোৱেই নিকিনে।”

ধৰ্মীয় এই মেৰুকৰণৰ পৰা আনকি কণকণ শিশুসকলো বাদ পৰি থকা নাই।

এদিনাখন সন্ধিয়া আছফাক বাগৱানৰ ৯ বছৰীয়া পুত্ৰ উজেৰে বিদ্যালয়ৰ পৰা দুখ মনেৰে ঘৰলৈ উভতিছিল, কাৰণ বাকী ল’ৰা-ছোৱালীবোৰে তাৰ লগত খেলিব খোজা নাছিল। আছফাকে কয়, “তাৰ হিন্দু সহপাঠীসকলে তাক সিহঁতৰ লগত খেলিবলৈ দিয়া নাছিল, কাৰণ সিহঁতৰ মতে সি লণ্ডিয়া , চুন্নতকৰণ বুজোৱা এই অশ্লীল শব্দটো মুছলমানসকলক অপমান কৰিবলৈ কোৱা হয়। মই সেই ল’ৰা-ছোৱালীবোৰক দোষ দিবলৈ নাযাও। তেওঁলোকে ঘৰত যি শুনে সেয়াই কয়। দুখ লগা কথাটো হ’ল, আগতে কিন্তু গাঁওখনত এনে পৰিৱেশ নাছিল।”

প্ৰতি তিনি বছৰৰ মূৰে মূৰে পুছেছাৱলীত পৰায়ণা অনুষ্ঠিত হয়। এই অনুষ্ঠানত হিন্দুসকলে আঠ দিন ধৰি শাস্ত্ৰ পাঠ আৰু জপ কৰে। শেহতীয়া অনুষ্ঠানটো গাঁওখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ এমাহ আগতে ৮ আগষ্টত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত সাধাৰণে প্ৰথম দিনাৰ আহাৰৰ স্থানীয় মুছলমানসকলে যোগান ধৰে। ১২০০ হিন্দুৰ বাবে প্ৰায় ১৫০ লিটাৰ ক্ষীৰ কুৰ্মা (এবিধ মিঠা খাদ্য) প্ৰস্তুত কৰা হৈছিল।

ছিৰাজে কয়, “সেই খাদ্যৰ বাবে আমি ৮০ হাজাৰ টকা খৰছ কৰিছিলো। আমি সকলো লোক এই কামত জপিয়াই পৰিছিলো, কাৰণ এয়া হৈছে আমাৰ পৰম্পৰা। কিন্তু তাৰ পৰিৱৰ্তে যদি মই সেই ধনখিনিৰে মছজিদত লোহাৰ গেট লগালোহেঁতেন তেন্তে সেইদিনা আমি আমাৰ আপোনজনক হেৰুৱাবলগীয়া নহ’লহেতেন।“

*****

গোচৰটোৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী পৰিদৰ্শক দেৱকৰৰ মতে ১০ ছেপ্টেম্বৰৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৬৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অভিযোগনামাও প্ৰস্তুত কৰা হৈছে। ৩৪ জন অভিযুক্ত পলাতক হৈ আৰু গ্ৰেপ্তাৰ কৰাসকলৰ ৫৯ জনে জামিন লাভ কৰিছে।

আৰক্ষী বিষয়াজনে কয়, “ৰাহুল কদম আৰু নিতিন বীৰ হৈছে মূল অভিযুক্ত। তেওঁলোক দুয়ো হিন্দু একতা সংগঠনৰ সৈতে জড়িত।”

মহাৰাষ্ট্ৰৰ পশ্চিম প্ৰান্তত অতি সক্ৰিয় উগ্ৰ সো-পন্থী সংগঠন হিন্দু একতাৰ শীৰ্ষ নেতা বিক্ৰম পাৱাস্কাৰ হৈছে মহাৰাষ্ট্ৰ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছৰ সৈতে একেলগে তোলা ফটো তেওঁ ছ’চিয়েল মিডিয়াত আপলোড কৰি থৈছে।

জ্যেষ্ঠ হিন্দুত্ববাদী নেতা বিনায়ক পাৱাস্কাৰৰ পুত্ৰ বিক্ৰমে বিভিন্ন সময়ত ঘৃণা বিয়পাব পৰা আৰু সাম্প্ৰদায়িক সংঘৰ্ষত উচটনি যোগাব পৰা ভাষণ দি আহিছে। ২০২৩ চনৰ এপ্ৰিলত তেওঁ সাতাৰাত অবৈধভাৱে নিৰ্মাণ কৰা মছজিদ ভাঙি পেলোৱাৰ দাবীত উলিওৱা প্ৰতিবাদী সমদলকো নেতৃত্ব দিছিল।

Saffron flags in the village
PHOTO • Parth M.N.

গাওঁখনৰ ৰাস্তাই-ঘাটে ওলমাই থোৱা গেৰুৱা পতাকা

২০২৩ চনৰ জুনত ইছলামপুৰৰ এখন সভাত পাৱাস্কাৰে লাভ জিহাদৰ বিৰুদ্ধে হিন্দুসকলক একত্ৰিত হ’বলৈ আহ্বান জনাইছিল। লাভ জিহাদ হৈছে সোপন্থী হিন্দুসকলে দাবী কৰি অহা এক কনছপাইৰেচি থিয়ৰি। এই থিয়ৰি মতে মুছলমান পুৰুষে হিন্দু মহিলাক নিজকে হিন্দু বুলি চিনাকি দি বিভিন্ন ছলাহী কথাৰে ফুচুলাই প্ৰেমৰ জালত পেলাই বিয়া পাতে আৰু পিছত মহিলাগৰাকীক ইছলাম ধৰ্মত দীক্ষিত কৰি নিজৰ সংখ্যা বৃদ্ধিৰে ভাৰতত নিজৰ আধিপত্য দখলৰ চেষ্টা চলায়। তেওঁ কৈছিল, “আমাৰ কন্যা আৰু ভগ্নীসকলক লাভ জেহাদ কৰি সিঁহতে চিকাৰ কৰি আহিছে। এই জেহাদীসকলে আমাৰ মহিলাসকলক আৰু হিন্দু সংস্কৃতিক নিঃশেষ কৰিবলৈ চেষ্টা চলাই আহিছে। আমি সকলোৱে সিঁহতক উচিত প্ৰত্যুত্তৰ দিব লাগিব।” ভাষণত তেওঁ মুছলমানসকলক আৰ্থিকভাৱে বৰ্জন কৰিবলৈকো আহ্বান জনাইছিল আৰু ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাত জোৰ দিছিল।

সাম্প্ৰদায়িক সংঘৰ্ষৰ এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে পুছেছাৱলীত সংঘটিত আক্ৰমণৰ কেইদিনমান পূৰ্বে পাৱাস্কাৰে সেইদিনাৰ ঘটনাত জড়িত থকা এগৰাকী অভিযুক্তৰ বাসভৱনত এখন বৈঠক অনুষ্ঠিত কৰিছিল। গাঁওখনত আক্ৰমণ চলোৱা উত্তেজিত হিন্দু লোকৰ দলটোত আছিল এশৰো অধিক অচিনাকি লোক। কিন্তু ২৭ জন লোক আছিল সেই একেখন গাঁৱৰে আৰু সেইসকলৰ মাজৰ বহুকেইজনে সেইদিনা পাৱাস্কাৰে আয়োজন কৰা বৈঠকত উপস্থিত আছিল। এই কথা তেওঁ আৰক্ষীকো জনাইছিল। যেতিয়া গাঁওখনত আক্ৰমণকাৰী দলটোৱে মছজিদত প্ৰৱেশ কৰিছিল, তেতিয়া দলটোৰ মাজৰ এজনে কৈছিল, “আজি এজনো লণ্ডিয়া বাছি যাব নালাগিব। আমাৰ লগত বিক্ৰম পাৱাস্কাৰ আছে। গতিকে ভয় কৰাৰ দৰকাৰ নাই।”

আৰক্ষীয়েও এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা নাই। এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ যোগাযোগ কৰাত সাতাৰা আৰক্ষীৰ পৰিদৰ্শক সমীৰ শ্বেখে সবিশেষ জনাবলৈ অস্বীকাৰ কৰে আৰু কয়, “প্ৰয়োজনীয় সকলো তথ্য ৰাজহুৱাকৈ উপলব্ধ হৈয়েই আছে।” তদন্ত প্ৰক্ৰিয়া আৰু পাৱাস্কাৰৰ ভূমিকা সম্পৰ্কে মন্তব্য কৰিবলৈকো অস্বীকাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

২০২৪ চনৰ জানুৱাৰীৰ শেষৰ ফালে বম্বে উচ্চ ন্যায়ালয়ে পাৱাস্কাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা বাবে সাতাৰা আৰক্ষীক ভত্সৰ্নাও কৰিছে।

*****

সাতাৰা আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাই আয়েশাকো নুৰুলৰ হত্যাকাৰীয়ে যে শাস্তি পাব তথা ঘটনাৰ মূল অভিযুক্ত যে ধৰা পৰিব আৰু তেওঁলোকে ন্যায় পাবলৈ সমৰ্থ হ’ব সেই সম্পৰ্কে সন্দিহান কৰি তুলিছে। নিজেও এগৰাকী অধিবক্তা আয়েশাই সমগ্ৰ ঘটনাটো আৰক্ষীয়ে গাপ দি ৰাখিবলৈ চেষ্টা চলোৱাৰ উমান পাইছে।

আয়েশাই কয়, “অভিযুক্তসকলৰ অধিকাংশই জামিন লাভ কৰিছে আৰু গাঁৱত মুকলি মনেৰে ঘূৰি আছে। এইবোৰ দেখিলে এনে লাগে যেন আইন-কানুন সকলো এক ধেমালিহে।”

পুছেছাৱলিৰ পৰিৱৰ্তে সেয়ে আয়েশাই এতিয়া ৰাজাছে কুৰ্লেত থকা পিতৃগৃহত অধিকাংশ সময় কটাবলৈ সিদ্ধান্ত লৈছে। কিয়নো পুছেছাৱলীলৈ আহিলেই স্বামীৰ স্মৃতিয়ে তেওঁক অধিক দুখী কৰি তোলে। তেওঁ কয়, “ইয়াৰ পৰা তালৈ মাত্ৰ ৪ কিলোমিটাৰ দূৰত্ব। গতিকে মই ইচ্ছা কৰিলে অহা-যোৱা কৰি থাকিব পাৰো। কিন্তু এতিয়া মই আকৌ নিজকে স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাত গুৰুত্ব দিছো।”

Ayesha Hasan, Nurul's wife, in Rajache Kurle village at her parents’ home
PHOTO • Parth M.N.

ৰাজাচে কুৰ্লে গাঁৱত মাকৰ ঘৰত নুৰুলৰ পত্নী আয়েশা হাছান

তেওঁ প্ৰথমে আকৌ অধিবক্তাৰ জীৱনটোলৈ উভতি যোৱাৰ কথা ভাবিছিল যদিও গাঁৱত ইমান সা-সুবিধা নাই বাবে বৰ্তমান সেই সিদ্ধান্ত স্থগিত ৰাখিছে। আয়েশাই কয়, “যদি সাতাৰা বা পুণে চহৰলৈ গুচি গ’লোহেতেন তেতিয়া বেলেগ কথা আছিল। কিন্তু এতিয়া মা-দেউতাক এৰি যাবও নোৱাৰো। দুয়োৰে কিবাকিবি বেমাৰ-আজাৰ হৈয়েই আছে, গতিকে মই চোৱা-চিতা কৰিবলগীয়া হয়।”

আয়েশাৰ ৫০ বছৰীয়া মাতৃ শ্বমাৰ ব্লাড ছুগাৰৰ মাত্ৰা বৃদ্ধি পাইছে আৰু ৭০ বছৰীয়া পিতৃ হানিফ ২০২৩ চনত হৃদৰোগত আক্ৰান্ত হৈছিল। ফলত এইবোৰ কথাক লৈয়ো আয়েশাৰ দুশ্চিন্তা বাঢ়িছে। তেওঁ আৰু কয়, “মোৰ ভাই-ভনী কোনোৱেই নাই। নুৰুলে মোৰ জীৱনলৈ আশাৰ ৰং কঢ়িয়াই আনিছিল। মা-দেউতাহঁতেও পুত্ৰ এজন পোৱা যেন পাইছিল। তেওঁ ঢুকোৱাৰে পৰা দেউতাই প্ৰায়ে মন মাৰি থাকে।”

মাক-দেউতাকৰ সেৱা-শুশ্ৰূষা কৰিবলৈ ঘৰতে থকাৰ সিদ্ধান্ত ললেও আয়েশাৰ নিজাকৈয়ো বহু সপোন আছে। তেওঁ জীৱনটোক যাতে ভাল পাব পাৰে, জীয়াই থাকিবলৈ হেঁপাহ জাগে তাৰ বাবে কিবা এটা কৰিব খোজে আৰু মৃত স্বামীৰ সপোনবোৰ পূৰ্ণ কৰিব বিচাৰে।

সেই দুৰ্ভাগ্যজনক ঘটনাৰ প্ৰায় ৫ মাহ পূৰ্বে নুৰুল আৰু আয়েশাই নিজাকৈ এটা কনষ্ট্ৰাকশ্যন কোম্পানীও গঠন কৰিছিল। কোম্পানীটোৰ নাম দিছিল আশনুৰ প্ৰাইভেট লিমিটেড। নুৰুলে কাম অনাৰ আৰু আয়েশাই আইনী বিষয়বোৰ চোৱা-চিতা কৰি কোম্পানীটো চলাই লৈ যোৱাৰ কথা আছিল।

এতিয়া নুৰুল নাই, সেয়ে আয়েশাই কোনো কাৰণতে কোম্পানীটো বন্ধ হোৱাটো বিচৰা নাই। আয়েশাই স্মৃতিকাতৰ হৈ কৈ গৈছে, “মই কনষ্ট্ৰাকশ্যনৰ বিষয়ে ইমান একো নাজানো। কিন্তু মই শিকিব লাগিব আৰু কোম্পানীটো জীয়াই ৰাখিব লাগিব। বৰ্তমান মই আৰ্থিক সমস্যাত ভুগিছো, কিন্তু যেনেকৈ নহওক মই টকা গোটাম আৰু কোম্পানীটো ভালকৈ চলাম।”

অৱশ্যে তেওঁৰ দ্বিতীয়টো সপোন ইমানো কঠিন নহয়।

নুৰুলে তেওঁলোকৰ সন্তান জন্ম হ’লে সন্তানটোক ক্ৰিকেট শিকোৱাৰ সপোন পুহি ৰাখিছিল। কিন্তু কোনো আন ক্ৰিকেট একাডেমীত নহয়, নিজৰ সন্তানটিক বিৰাট কোহলিয়ে শৈশৱত য’ত ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছিল সেই একাডেমীখনতহে ক্ৰিকেট শিকাব বিচাৰিছিল। এতিয়া যেনেকৈয়ে নহওক আয়েশাই নুৰুলৰ সেই সপোন পূৰ্ণ কৰিব খোজে। আয়েশাই সেমেকা চকুহাল মচি দৃঢ়তাৰে কয়, “মই পাৰিম, পাৰিবই লাগিব।”

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Editor : Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari