কাঠকটীয়াজনে কুঠাৰখন মূৰৰ ওপৰলৈ দুহাতেৰে তুলি ধৰিলে আৰু কাঠৰ কুন্দাটোত মাৰিলে। ধাচ্ কৈ শব্দ এটা হ’ল। মই দহফুট দূৰৰ পৰাই চক্ খালো। তেওঁৰ পিঠিৰে ঘাম বৈ গৈছে। সেই ঘাম গৈ কঁকালৰ টাৱেলখনত গৈ মিলিছে। ধাচ্ ! তেওঁ আকৌ কুন্দাটোত কুঠাৰ পাৰিছে। টুকুৰাটো দীঘে দীঘে ফালি গ’ল। খৰি ফালি থকাজনৰ নাম এম. কামাচি। আগতে তেওঁ কৃষি শ্ৰমিক আছিল। মূৰ নোতোলাকৈয়ে তেওঁ মোৰ লগত কথা পাতিলে। তেওঁ কাঠ-কুঠাৰত ব্যস্ত।

কামাচিৰ কৰ্মস্থলী যোৱা ৩০ বছৰে শিৱগংগাই পুংগাৰ কাষৰ চালি এখন, সেইখন আছে তাঞ্জাভুৰৰ পুৰণি এখন বিশাল বাগিচাত। তেওঁৰ বয়স ৬৭ বছৰ। ডেৰশ বছৰ হ’লে বাগিচাখনৰ বয়স তেওঁৰ দুগুণ হ’বগৈ। কাষত আছে এটা মন্দিৰ, মহান বৃহদেশ্বৰা কোৱিল – প্ৰায় এহাজাৰ বছৰ পুৰণি। তেওঁ নিজ হাতেৰে সাজি উলিওৱা বাদ্যযন্ত্ৰবিধৰ উল্লেখ যি গ্ৰন্থত আছে, সেয়া তাতোকৈ পুৰণি। কামাচিয়ে এডাল চাৰিফুট দীঘল কঁঠালৰ গা-গছৰ পৰা বীণা এখন সাজি আছে।

কাঠটুকুৰা নলৰাকৈ ৰাখিবলৈ তেওঁ সোঁভৰিখন দোঁ খোৱা অংশটোত ৰাখিছে। সেইখিনি অংশ বীণাখনৰ কুদম (ৰিজ’নেটৰ) হ’ব। ঘৰটোৰ চালিখন ধূলি-মাকতিৰে ভৰি আছে। ছালিৰ তলখনত থাকিব নোৱাৰি, গৰমত সিজি যাব লাগে, কিন্তু তাতেই মূৰৰ ঘাম মাটিত পেলাই তেওঁ পৰিশ্ৰম কৰি গৈছে। দিনটোৰ কামৰ বাবদ তেওঁ দিনে ৬০০ টকা পায়। কুঠাৰখন মাৰোতে প্ৰতিবাৰে তেওঁৰ মুখৰ পৰা গোঁহকৈ শব্দ ওলায়। মাজে মাজে মুখখন টাৱেল এখনেৰে মচি লয়।

কেইঘণ্টামানৰ ভিতৰতে তেওঁ ৩০ কিলোগ্ৰামৰ কুন্দাডাল ২০ কিলোগ্ৰাম কৰি পেলালে। এতিয়া সেইডাল পাট্টাৰাই (শিল্পশালা)লৈ নিয়া হ’ব। তাত সেয়া বটালি মাৰি পলিচ কৰা হ’ব। এমাহত সেই কুন্দাডালেই হৈ উঠিব এটা বীণা, কাৰোবাৰ কোলাত হাতৰ পৰশত সুন্দৰ সংগীতৰ সৃষ্টি কৰিব।

Left: Logs of jackfruit wood roughly cut at the saw mill wait for their turn to become a veenai
PHOTO • Aparna Karthikeyan
Right: Using an axe, Kamachi splitting, sizing and roughly carving the timber
PHOTO • Aparna Karthikeyan

বাওঁফালে: কঁঠালৰ কুন্দাডাল মোটামুটিকৈ কাটি উলিওৱা হৈছে, সেই কুন্দাটোকেই বীণাৰ ৰূপ দিয়া হ’ব। সোঁফালে: কুঠাৰ এখনেৰে কামাচিয়ে কুন্দা এটা বীণাৰ জোখত কাটিছে

Left: Veenais are lined up in the workshop, waiting for the finishing touches .
PHOTO • Aparna Karthikeyan
Right: Different musical instruments made by Kuppusami Asari from jackfruit wood, including mridangam, tavil, kanjira and udukkai
PHOTO • Aparna Karthikeyan

বাওঁফালে: শিল্পশালাত বীণাবোৰ শাৰী শাৰীকৈ থোৱা আছে, শেষবাৰ হাত ফুৰাই দিয়ালৈ ৰৈছে। সোঁফালে: কুপ্পুস্বামী আচাৰীয়ে কঁঠালৰ গছৰ পৰা সাজি উলিওৱা বিভিন্ন বাদ্যযন্ত্ৰ – মৃদংগ, তাৱিল, কাঞ্জিৰা আৰু উৰুক্কাই

বীণাৰ জন্ম তাঞ্জাভুৰত। তাঞ্জাভুৰ বীণাৰ আগৰ ৰূপ সৰস্বতী বীণাখন ভাৰতৰ জাতীয় বাদ্যযন্ত্ৰ। মৃদংগ আৰু বাঁহী আৰু এই বীণা সৰগীয় বাদ্যযন্ত্ৰ হিচাপে বৈদিক সময়ৰ গ্ৰন্থত উল্লেখ আছে।

আন বহুতো ঘাতবাদ্য যেনে মৃদংগ, কাঞ্জিৰা, তাৱিল, উৰুক্কাই আদিৰ দৰে বীণাও ৰসাল আৰু মিঠা কঁঠালৰ বাবে বিখ্যাত কুৰাল’ৰ জিলাৰ সৰু চহৰ পানৰুটিৰ হাবিৰ পৰা যাত্ৰা আৰম্ভ কৰে। দেশৰ অন্যতম কিছুমান বাদ্যযন্ত্ৰৰ সৈতে কঁঠালৰ যে সম্পৰ্ক আছে, সেই কথা অৱশ্যে বহুতেই নাজানে।

*****

মোৰ কথাতে তেওঁ থাকিবলৈ মান্তি হ ,
ঠিক এটা দঁতাল হাতীৰ দৰে ,
যাক একোৰে নোৱাৰিলেও য়াঝেৰে বলাব পাৰি

কলিথোকাই , সংগম কবিতা

তাঞ্জাভুৰ বীণা ২০১৩ত জি.আই. টেগ পোৱাৰ যিখন বিৱৰণি আছে, তাত এই তাঁৰবাদ্যৰ ইতিহাসৰ ভালেকেইটা প্ৰসংগ আছে যিটোৱে আমাক সংগম কাললৈ (প্ৰায় ২,০০০ বছৰ আগৰ) লৈ যায়, যেতিয়া বীণাৰ সেই আগৰ ৰূপটোক য়াঝ বুলি কোৱা হৈছিল।

তোমাৰ সেই বীণা - ৰাগী আহিবনে , যিয়ে এদিন কৈছিল
তুমি যদি আন মহিলাৰ ওচৰলৈ যোৱা , তেওঁ সেই কথা গোপনে নাৰাখে ,
নিজৰ বীণাখন চুই শপত খাইছিল তেওঁ বাৰে বাৰে ,
তোমাৰ মিথ্যাচাৰ বিশ্বাস কৰি লোৱা মহিলাই
তোমাৰ গলত বহুৱাই যোৱা খাৰুৰ দাগবোৰ চাবলৈ তেওঁ আহিবনে ?”

কলিথোকাই ৭১, সংগম কবিতা , নায়কলৈ বুলি এগৰাকী ৰক্ষিতাৰ উক্তি

ভৌগোলিক স্বীকৃতিৰ নথিত কোৱা হৈছে যে বিশেষ এবিধ কঁঠাল কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়, তাৰ বিস্তৃত বিৱৰণ তাত আছে। চাৰিফুট দীঘল বীণাখনৰ কথা নথিত এনেদৰে উল্লেখ, “দীঘল ঘূৰণীয়া গা, বহল গল আৰু শেষৰফালে ড্ৰেগনৰ আকৃতিত মূৰটো সজা হয়।’

কথাৰে বীণাখনৰ সুষমা বৰ্ণনা কৰিব নোৱাৰি। কোনো কোনো ঠাইত ধেনুভিৰীয়া, কোনোখিনি সুষম ভাঁজ। ড্ৰেগনৰ দৰে মূৰটো – তামিল ভাষাত য়ালি বুলি কয় – ৰঙীন আৰু ব্যতিক্ৰমী। কাঠৰ গলটোত ২৪ টা স্থায়ী ফ্ৰেট থাকে আৰু চাৰিডাল তাঁৰ থাকে। বিশেষ বীণাৰ কুৰাম (ৰিজনেটৰ- অনুৰণন সৃষ্টি কৰা অংশ)টোত সুক্ষ্ম কাৰুকাৰ্য্য খটোৱা থাকে। সিবোৰৰ দাম আনবোৰতকৈ অতিকমেও দুগুণ হয়।

মানুহে এই বিশেষ বাদ্যযন্ত্ৰবিধ সাজি উলিওৱাৰ আগলৈকে কঁঠাল গছ তামিলনাডুৰ কুৰাল’ৰ জিলাৰ পানৰুটি এলেকাৰ হাবিয়ে-বনে আছিল। তামিলনাডুত কঁঠাল গছ গৰু-ছাগলীৰ দৰেই মানুহৰ সম্পদ। পানৰুটিৰ মানুহে এইবোৰক জমাধন বুলিয়েই ধৰে, তাৰ দাম সাধাৰণতে বাঢ়ে আৰু ভাল মুনাফাত বিক্ৰী কৰিব পাৰি। পানৰুটি চহৰৰ কঁঠালৰ ব্যৱসায়ী দুকুৰি বয়সৰ আৰ বিজয়কুমাৰে কয় যে কঁঠাল বাদেই, গছডাল যদি আঠ হাত বহল আৰু সাত-আঠ ফুট ওখ হয়, তেতিয়া “ কেৱল গা-গছডালতেই ৫০ হাজাৰ টকা দাম পোৱা যায়।”

Left: Jackfruit growing on the trees in the groves near Panruti, in Cuddalore district.
PHOTO • Aparna Karthikeyan
Right: Finishing touches being made on the veenai in the passageway next to Narayanan’s workshop
PHOTO • Aparna Karthikeyan

বাওঁফালে: কুৰাল’ৰ জিলাৰ পানৰুটিৰ হাবিয়ে-বনে হোৱা কঁঠালৰ গছ। সোঁফালে: শেষবাৰ হাত ফুৰাই সাজু কৰা বীণাবোৰ নাৰায়ণনৰ শিল্পশালাৰ সৰু বাটটোতে থোৱা আছে

Left: Details on the finished veenai , including the yali (dragon head).
PHOTO • Aparna Karthikeyan & Roy Benadict Naveen
Right: Murugesan, a craftsman in Narayanan's workshop sanding down and finishing a veenai
PHOTO • Aparna Karthikeyan

বাওঁফালে: য়ালি (ড্ৰেগন হে’ড)কে ধৰি সম্পূৰ্ণ হোৱা বীণা এটাৰ সুক্ষ্ম কাৰুকাৰ্য্য। সোঁফালে: নাৰায়ণনৰ শিল্পশালাৰ শিল্পী মুৰুগেসনে বীণা এটাৰ চুড়ান্ত কামখিনি শেষ কৰা সময়ত

খেতিয়কে বিশেষ একো অসুবিধাত নপৰিলে গছ নাকাটে। “কিন্তু বেছিকৈ ধনৰ প্ৰয়োজন হ’লে, এই ধৰক বেমাৰ-আজাৰত, বিয়া-বাহুত, টানে-বিপদে আমি ডাঙৰজোপা গছ চাই বিক্ৰী কৰি দিও,” কঁঠালৰ খেতিয়ক ৪৭ বৰ্ষীয় কে. পাট্টুসামীয়ে কয়। “তেনেকৈ কেইলাখমান টকা আহে। সেইখিনি টকা বিপদৰ সাৰথি হয়, কল্যাণন (বিয়া) পাৰ কৰিব পাৰি…”

কাঠৰ কুন্দাবোৰ তাঞ্জাভুৰ পোৱাৰ পিছত আটাইতকৈ ভাল টুকুৰাবোৰ মৃদংগ নামে ঘাতবাদ্যবিধৰ বাবে ৰখা হয়। চেবাষ্টিয়ানচ্ এণ্ড চনচ্: এ ব্ৰিফ হিষ্ট্ৰী অৱ মৃদংগম মেকাৰ্ছ শীৰ্ষক টি.এম. কৃষ্ণা (সংগীতজ্ঞ, লিখক, বক্তা আৰু মেগেছেঁ পুৰস্কাৰপ্ৰাপ্ত)য়ে এইবিধ বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা প্ৰশস্তিবঞ্চিত শিল্পীসকলৰ কথা বহলাই লিখিছে।

এই বাদ্যযন্ত্ৰবিধ, যাক কৃষ্ণাই মৃদংগম ১০১ নাম দিছে, সেয়া এবিধ “চুঙা আকৃতিৰ দুমুখীয়া বাদ্যযন্ত্ৰ, কাৰ্ণাটিক সংগীত আৰু ভাৰতনাট্যমত ব্যৱহৃত মূল বাদ্যযন্ত্ৰ। কঠালৰ গা-গছেৰে বনোৱা চুঙাটোৰ ভিতৰভাগ ফোঁপোলা।” দুয়োফালে তিনিটা তৰপৰ চামৰা লগোৱা থাকে।

কঁঠালৰ কাঠ মৃংদগ বনোৱাৰ মূল উপাদান, কৃষ্ণাই তাক হলি গ্ৰেইল আখ্যা দিছে। “তাতে যদি গছডাল মন্দিৰ প্ৰাংগণৰ হয়, তেতিয়া তাৰ মান আৰু বাঢ়ে। মন্দিৰত থাকিলে গছডালে মন্দিৰৰ টিলিঙাৰ মাত শুনে, বৈদিক মন্ত্ৰোচ্চাৰণ শুনে আৰু এনেকৈ তেনে কাঠৰ মৃদংগৰ মাত অনন্য হৈ উঠে। এনে পবিত্ৰ চৌহদৰ পৰা কঁঠালৰ কাঠ যি দাম কয়, তাতেই কিনি আনিবলৈ মণি আয়াৰ সাজু।

কুপ্পুসামী আছাৰি বংশৰ তৃতীয় প্ৰজন্মৰ লোক যিয়ে এই বাদ্য বনোৱা কাম কৰি আহিছে। তেওঁ কৃষ্ণাক কয় যে “মন্দিৰ কিম্বা গীৰ্জাৰ কাষৰ গছ, আনকি মানুহৰ বেছি সমাগম হোৱা ঠাই, নাইবা য’ত টিলিঙা বাজে, তেনে গছে সেই কম্পন শোষণ কৰে আৰু তেনে কাঠৰ বাদ্যযন্ত্ৰ ভাল হয়।”

কৃষ্ণাই যদিও লক্ষ্য কৰিছে যে “মৃদংগবাদকে যিমানেই বিশ্বাস নকৰক কিয় যে হিন্দু মন্দিৰৰ ঘণ্টা আৰু মন্ত্ৰপাঠৰ মাজত আচল যাদু লুকাই আছে, শিল্পীয়ে কিন্তু তাৰ ইতিবাচক কম্পনৰ সন্ধানৰ ক্ষেত্ৰত প্ৰায়ে অধিক কেথলিক।”

Kuppusami Asari in his workshop in Panruti town, standing next to the musical instruments made by him
PHOTO • Aparna Karthikeyan

পানৰুটি চহৰৰ নিজৰ শিল্পশালাত কুপ্পুসামি, কাষত সজোৱা আছে তেওঁ নিজহাতে বনোৱা নানা বাদ্যযন্ত্ৰ

২০২২ৰ এপ্ৰিলত আমি কঁঠালৰ খেতিয়ক আৰু ব্যৱসায়ীসকলক লগ পাবলৈ পানৰুটি চহৰলৈ গৈছিলো। কুপ্পুসামীৰ ব্যস্ত শিল্পশালালৈ সোমাই গৈছিলো। শিল্পশালাটো যিমান আধুনিক (কুন্দশাল আৰু অন্যান্য অত্যাধুনিক যন্ত্ৰপাতিৰে ভৰা), মৃদংগ নিৰ্মাণৰ প্ৰতি (সা-সৰঞ্জাম আৰু দেৱ-দেৱীৰ ফটোৰে) কুপ্পুসামীৰ মনোভাৱটোও তেনেকুৱাই।

“যাওক, আপোনাৰ কি সুধিবলগীয়া আছে, সোধক,” কুপ্পুসামীয়ে কয়। তেওঁ বৰ ব্যস্ত মানুহ। “কি জানিব বিচাৰিছে?” শুনিয়েই মই প্ৰশ্ন কৰিলোঁ, “ইমান কাঠ থাকোতে কঁঠালৰ কাঠ কিয়?” তেওঁ উত্তৰ দিলে, “কঁঠালৰ কাঠ নিখুঁত। ওজন কম আৰু নাদম (সাংগীতিক স্বৰ) খুব ভাল। ইয়াত আমি সকলো ধৰণৰ ঘাতবাদ্য বনাও, কেৱল বীণাৰ বাদে।” কুপ্পুসামী এগৰাকী নামজাদা ওস্তাদ কাৰিকৰ। “আমাৰ কথা আপুনি টি.এম. কৃষ্ণাৰ কিতাপতো পাব,” সগৰ্বে তেওঁ কয়। “কুন্দশালৰ ফটো এখনো তাত আছে।”

তেওঁ প্ৰশিক্ষণ লৈছিল চেন্নাইৰ উপকণ্ঠ অঞ্চলৰ মাধৱৰামত, “প্ৰায় ৫০ বছৰৰ অভিজ্ঞতা” তেওঁৰ। ১০ বছৰ বয়সত তেওঁ সেই কামত হাত দিছিল, আনুষ্ঠানিক শিক্ষা তেওঁৰ তেনেই কম আছিল। কাঠৰ কাম শিকাত তেওঁৰ বৰ আগ্ৰহ আছিল। “তেতিয়া আটাইবোৰ কাম হাতেৰেই কৰা হৈছিল। ভান্দি সাক্ৰৰম (গৰুৰ চাৰিচকা)ত দি ঘূৰাই ঘূৰাই পিতাইয়ে পালামাৰামত ফুটাটো কৰিছিল। দুজনে মিলি চকাটো ঘূৰাইছিল, আৰু ভিতৰখন খোদাই কৰিছিল আপ্পাই।” কিন্তু পৰিয়ালটোৱে প্ৰযুক্তিক আদৰি ল’বলৈ বেছি সময় নল’লে। “সময়ৰ সৈতে আমিও সলনি হৈছো।”

আধুনিক যন্ত্ৰপাতিক লৈ কুপ্পুসামীৰ যিটো আগ্ৰহ, প্ৰায়ভাগ শিল্পীৰে কিন্তু নাই। “মৃদংগ এটাৰ ভিতৰভাগ ফোপোলা কৰিবলৈ আপোনাৰ দিনটো লাগিছিল। এতিয়া কুন্দশালত সেয়া চকুৰ পচাৰতে হয়। প্ৰক্ৰিয়াটোও খুব নিখুঁত আৰু সময়ো বাচে। আগতকৈ ফিনিছিং বৰ ভাল হয়।” পানৰুটি চহৰত তেঁৱেই প্ৰথম কুন্দশালত মেচিন বহুওৱা মানুহ। কুন্দশালত মেচিন লগোৱাৰ আজি ২৫ বছৰ হ’ল। তাৰপৰা অনেকেই তেওঁৰ এই উদ্ভাৱন আন আন চহৰত প্ৰয়োগ কৰিছে।

ইয়াত মই চাৰি-পাঁচজনমানক ঘাতবাদ্য বনোৱাৰ প্ৰশিক্ষণো দিছো। তেওঁলোকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ শিল্পশালা খুলি মাইলাপুৰ, চেন্নাইৰ যি পাইকাৰি বিক্ৰেতাক আমি বস্তু দিও, তেওঁকেই মাল বিক্ৰী কৰে। তাত গৈ তেওঁলোকে মোৰ তাত প্ৰশিক্ষণ লোৱা বুলি কোৱাৰ পিছত দোকানীয়ে আমাক ফোন কৰি সোধে, “আপুনি বাৰু কিমানজনক প্ৰশিক্ষণ দিছে?” কথাষাৰ কৈ কুপ্পুসামীয়ে হাঁহি দিয়ে।

তেওঁৰ পুত্ৰ সবৰীনাথন ইঞ্জিনিয়াৰিং পাছ কৰিছে। “মই তাক কৈছো, জোখ-মাপ কেনেকৈ কৰে আৰু বাদ্যযন্ত্ৰ কেনেকৈ বনায়, সেয়া শিকিবলৈ। চাকৰি-বাকৰি কৰিলেও মানুহ ৰাখি সি এই কাম চলাই যাব পাৰিব, নহয়নে?”

Lathe machines make Kuppusami’s job a little bit easier and quicker
PHOTO • Aparna Karthikeyan

কুন্দশালৰ মেচিনে কুপ্পুসামীৰ কাম সামান্য উজু কৰি তোলে, আগৰ তুলনাত সময়ো বচায়

*****

টি.এম. কৃষ্ণাই চেবাষ্টিয়ান এণ্ড চনচ্ শীৰ্ষক গ্ৰন্থখনত লিখিছে, “আচাৰিসকল প্ৰত্যেকেই বিশ্বকৰ্মা সম্প্ৰদায়ৰ। তেওঁলোক শিল্পনিৰ্ভৰ লোক। ধাতু, পাথৰ আৰু কাঠৰ কামত তেওঁলোক পটু। অথচ শৈল্পিক জীৱনধাৰাৰ পৰা দূৰত থাকি তেওঁলোকৰ সম্প্ৰদায়ৰ বহু লোকে বাধ্য হৈ পৰিছে তেওঁলোকৰ প্ৰথাগত বৰ্ণভিত্তিক পেছাৰ সৈতে জৰিত হৈ থকা কৰ্মক্ষেত্ৰত দিনমজদুৰি কৰিবলৈ। এই শিল্পকৰ্ম এৰি নতুন প্ৰজন্মৰ বহুতেই চাকৰিজীৱি হৈ পৰিছে।”

“জাতি আৰু বৰ্ণনিৰ্ভৰ পেছাৰ কথা কোৱাৰ সময়ত আমি সাৱধান হোৱা উচিত। আন্তঃপ্ৰজন্ম ধাৰাবাহিকতা জ্ঞানৰ সৃষ্টি- এইবুলি চিন্তা কৰি আমি কথাবোৰ ৰমন্যাসিক দৃষ্টিভংগীৰে চালে নহ’ব। কাৰণ আমাৰ সামাজিক কাঠামো এনেকুৱাই যে সকলো মানুহ আৰু তেওঁলোকৰ পেছা সমান নহয়,” কৃষ্ণাই এইকথা আঙুলিয়াই দিছে। “তথাকথিত উচ্চ জাতৰ বিশেষাধিকাৰ প্ৰাপ্ত পৰিয়ালত যে কাম জ্ঞান হিচাপে প্ৰৱাহিত হয়, আমাক কেৱল সেইটোৱেই জ্ঞান বুলি ধৰি ল’বলৈ কোৱা হয়। জাতপাতত আবদ্ধ হৈ থকা সেই ধাৰাবাহিকতাই আমাৰ দৃষ্টিত আদৰ্শ সংৰক্ষণ। এনে পেছাত থকা মানুহৰ গাত কোনো আঁচোৰ নপৰে, কোনোদিন তেওঁলোক নিপীড়িত নহয়। কিন্তু প্ৰান্তীয় সম্প্ৰদায়ৰ ভিতৰত যে পেছা আৰু কাম-কাজৰ ৰীতি-নীতি প্ৰজন্মৰ পিছত প্ৰজন্ম প্ৰবাহিত হয়, কিন্তু তেওঁলোকক জ্ঞানৰ স্ৰষ্টা বুলি ধৰা নহয়। তেওঁলোকক সৰু মানুহ বুলি গণ্য কৰা হয়, দাম দিয়া নহয়, তেওঁলোকৰ কামক কেৱল কায়িক শ্ৰমতে সীমাবদ্ধ কৰি ৰখা হয়। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই পেছাৰ সৈতে জড়িত লোকসকল জাতপাতভিত্তিক অত্যাচাৰ আৰু হিংসাৰ চিকাৰ হয়। বহুক্ষেত্ৰত দেখা যায় যে সামাজিক পৰিস্থিতিয়ে তেওঁলোকক নিৰুপায় কৰে, পাৰিবাৰিক তথা বৰ্ণভিত্তিক কাম-কাজ কৰি পেট পোহাৰ বাবে তেওঁলোক বাধ্য হৈ পৰে।”

“এই দেশৰ যন্ত্ৰনিৰ্মাতাৰ কথা যদি কোনোবাই কয়, সেয়াও কেৱল প্ৰায়োগিক ভাষাত,” কৃষ্ণাই কয় । “নিৰ্মাণক্ষেত্ৰত কৰ্মৰত (বাঢ়ৈ) মিস্ত্ৰি বুলি তেওঁলোকক গণ্য কৰা হয়। এই যে নিজ কৃতিত্বৰ মূল্য তেওঁলোকৰ পৰা কাঢ়ি নিয়া হৈছে, কিম্বা দিলেই তাত কাৰ্পণ্য কৰা হৈছে, ইয়াৰ পিছত কাৰণ এটাই - জাতপাত,” টি.এম. কৃষ্ণাই কয়।

মৃদংগম নিৰ্মাণত পুৰুষৰ আধিপত্যৰ কথা কুপ্পুসামীয়ে কয়। “চামৰাৰ কামত অল্পসংখ্যক মহিলা আছে, কিন্তু কাঠৰ কামত কেৱল পুৰুষেই। সাধাৰণতে যি কঁঠাল গছত ফল নধৰা হয়, সেই কাঠেই নিয়া হয়। কুপ্পুসামীৰ কথাত, “গছ বুঢ়া হ’লে যেতিয়া আৰু ফল নধৰা হৈ যায়, সেইবোৰ ক্ল’জ কৰি দিয়া হয়। আৰু দহডাল গছ কাটিলে আৰু ত্ৰিশডাল লগোৱা হয়।”

কাঠৰ ক্ষেত্ৰত কুপুপসামীৰ নিজৰ বাচ-বিচাৰ আছে। ৯-১০ ফুট ওখ গছ তেওঁ বিচাৰে, বহল আৰু মজবুত। ৰাস্তাৰ কাষত বা বেৰৰ কাষত থকা গছ তেওঁ পছন্দ কৰে। পৰাপক্ষত কেৱল গুৰিৰ অংশটোৱেই ব্যৱহাৰ কৰে, কাঠৰ ৰং য’ত বেছি গাঢ়, তাৰ অনুৰণন ভাল হয় বুলি তেওঁ কয়।

এদিনত তেওঁ প্ৰায় ছটা মৃদংগক আকাৰ দিয়ে। তাৰে ফিনিছিং হওঁতে আৰু দুদিন যায়। মুনাফা নামমাত্ৰ - মৃদংগ বিক্ৰী কৰি ১০০০ টকা পালেই তেওঁ সন্তুষ্ট। তাৰ আগেয়ে কিন্তু “শ্ৰমিকক ১,০০০ টকা দিও। কামটোত খাটনি বহুত। নহ’লে সিহঁত নহা হ’ব, বুজিছে।”

কাঠ বছৰটো উপলব্ধ নহয়। ফল লাগি থকাৰ সময়ত মানুহে গছ নাকাটে, তেওঁ কয়। সেয়ে, “কাঠ জমাত ৰাখিবলগীয়া হয়,” তেওঁ কয়। তেওঁ এটা কুন্দাত ২৫,০০০ টকাকৈ মুঠ পাঁচ লাখ টকাৰে ২০ ডাল কুন্দা কিনি ৰাখে। আৰু সেইখিনিতে তেওঁ চৰকাৰৰ পৰা হস্তক্ষেপ বিচাৰে। “চৰকাৰে যদি ঋণ বা ৰাজসাহায্য দিলেহেঁতেন, কাঠ কিনাৰ বাবে… বৰ ভাল হ’লহেঁতেন!”

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মৃদংগৰ চাহিদা ভাল, কুপ্পুসামীয়ে কয়। “মাহত ৫০ টা মৃদংগ আৰু ২৫ ট তাভিল বিক্ৰী হয়।” সঠিক কাঠ পোৱা, তাক চাৰিমাহ ভালদৰে ৰ’দত শুকুওৱাটোতে সমস্যা। আৰু পানৰুটিৰ কঁঠালকাঠ যিহেতু “উৎকৃষ্টতম”, সেয়ে তাৰ চাহিদাও বহুত বেছি,” তেওঁ কয়। তেওঁৰ মতে অঞ্চলটোৰ ৰঙামাটিৰ গৰ্ভতেই লুকাই আছে বাদ্যযন্ত্ৰৰ অনন্য মূৰ্ছনাৰ ৰহস্য।

Left: Kuppusami Asari in the workshop.
PHOTO • Aparna Karthikeyan
Right: The different tools used to make the instruments
PHOTO • Aparna Karthikeyan

বাওঁফালে : কৰ্মশালাত ব্যস্ত কুপ্পুসামী সোঁফালে : বাদ্যযন্ত্ৰবিধ নিৰ্মাণত ব্যৱহাৰ কৰা বিভিন্ন সঁজুলিসমূহ

“যদি কাঠত ফাঁট মেলিলে, আৰু নাধাম (ধ্বনি) ভাল নহ’ল, তেন্তে নিশ্চয়কৈ গ্ৰাহকে ইয়াক ঘূৰাই পঠিয়াব।” তেওঁ কয়। আৰু প্ৰতিবাৰেই বাৰমিহলি কাঠ আহে। কিছুমান কাঠৰ যিমান চেষ্টা কৰিলেও ভাল সুৰ নোলায়। সেইবোৰৰ পৰা উৰুক্কাই (হাতত লৈ বজোৱা ঘাতবাদ্য) বনোৱাত বাদে উপায় নাথাকে।

ভাল “কাট্টাই” পাবলৈ হ’লে “এট্টু ৰুবা” খৰছ কৰিবলগীয়া হয়, কুপ্পুসামীয়ে কয়। তেওঁ কাট্টাই মানে কাঠৰ কুন্দা বুজাইছে, যিটোৰ পৰা মৃদংগৰ খোলাটো বনোৱা হয়। আনহাতে এট্টু ৰুবা মানে আঠ টকা - অৰ্থ ৮,০০০ টকা। এইটো এটা “অনাম সংখ্যা” (উৎকৃষ্টতম), তেওঁ কয়। এনে কাঠৰ বাদ্য গ্ৰাহকে গ্ৰাহকে ঘূৰাই নপঠিয়ায়। “কাঠত ফাঁট মেলিলে, নাধাম (ধ্বনি) ভাল নহ’লে সেয়া গ্ৰাহকে নিশ্চয়কৈ ঘূৰাই দিবলৈ আহিবই!”

সাধাৰণতে মৃদংগ এটা ২২ৰ পৰা ২৪ ইঞ্চি দীঘল হয়। সাধাৰণতে মাইক্ৰ’ফোন লগাই এয়া বজোৱা হয়, তেওঁ কয়। “কুটু (নাটক) চলিলে মাইক লগাই বজোৱা হয়, তেতিয়া মৃদংগৰ দৈৰ্ঘ্য ২৮ ইঞ্চি নহ’লেও চলে। এটা ফালে মুখখন সৰু থাকে আৰু আনটো বহল। ইমান ভাল শব্দ হয় যে দূৰ-দূৰণিলৈ যায়।”

চেন্নাইৰ সংগীত সংস্থাবোৰক ঘাতযন্ত্ৰৰ খোল সৰবৰাহ কৰে কুপ্পুসামীয়ে। তেওঁলোকে মাহে ২০ৰ পৰা ৩০ টাৰ অৰ্ডাৰ পায়। অৰ্ডাৰ পোৱাৰ লগে লগে তেওঁলোকে খোলবোৰ চামৰাৰ কাম কৰা মানুহলৈ দিয়ে, যিয়ে মৃদংগৰ ফিনিছিঙৰ কামখিনি কৰে। এই প্ৰক্ৰিয়াটোৱে মৃদংগমৰ দাম আৰু ৪,৫০০ টকা বঢ়ায়। “তাৰপিছত চেইন লগোৱা বেগত সেয়া ভৰোৱা হয়,” কুপ্পুসামীয়ে কাল্পনিক চেইন এডাল টনাৰ ভংগীমা দেখুৱাই কয়।

ভাল গুণগত মানৰ মৃদংগৰ দাম প্ৰায় ১৫,০০০ টকা। কুপ্পুসামীয়ে মনত পেলায়, যেতিয়া তেওঁলোকে এটা মৃদংগ ৫০ৰ পৰা ৭৫ টকাত বিক্ৰী কৰিছিল। “আপ্পাই গুৰুসকলক মৃদংগ ডেলিভাৰি দিবলৈ মোক মাইলাপুৰলৈ লগত লৈ গৈছিল। তেওঁলোকে বিনিময়ত আমাক খমখমীয়া নোট দিছিল। তেতিয়া মই একেবাৰে বাচ্ছা আছিলো,” তেওঁ কয়।

কৰ্ণাটক সংগীতৰ জগতত আটাইতকৈ নাম থকা মৃদংগবাদকৰ বহুতেই কুপ্পুসামীৰ হাতেৰে নিৰ্মিত মৃদংগ কিনিছে। যেনে কাৰাইকুড়ি মণি, উমাইয়লপুৰম শিবৰমন। “কিমানযে বিদ্বান লোক (সংগীতাচাৰ্য্য আৰু ওস্তাদ-বাদক) ইয়ালৈ বাদ্যযন্ত্ৰ কিনিবলৈ আহে,” সগৰ্বে তেওঁ হাঁহি মাৰি কয়. “আমাৰ এই শিল্পশালাখনৰ নাম আছে, ঐতিহ্য বহনকাৰী দোকান…”

Kuppusami’s workshop stacked with blades, saw, spanners, lumber and machinery
PHOTO • Aparna Karthikeyan
Kuppusami’s workshop stacked with blades, saw, spanners, lumber and machinery
PHOTO • Aparna Karthikeyan

কুপ্পুসামীৰ শিল্পশালাখন ব্লেড, কাঠ ফলা মেচিন, স্পেনাৰ, ফালি থোৱা তক্তা, বিভিন্ন যন্ত্ৰপাতিৰে ভৰি আছে

এই ঘাতবাদ্যৰ সৈতে জড়িত ভালেমান আমোদজনক কাহিনী কুপ্পুসামীয়ে আমাক শুনায়। তেওঁৰ কাহিনীবোৰ নতুন আৰু পুৰণিৰ সুন্দৰ এক সমাহাৰ। “আপুনি প্ৰয়াত পালঘট মণি আইয়াৰৰ নাম শুনিছেনে? তেওঁৰ বাদ্যযন্ত্ৰবোৰ ইমানেই গধুৰ আছিল যে তেওঁ সেয়া কঢ়িয়াই নিবলৈ মানুহ এজন ৰাখিছিল!” তেওঁ এটা ডাঙৰ গধুৰ মৃদংগ কঢ়িয়াই ফুৰিছিল, কিয়নো সেইটোৰ মাত “গনীৰ গনীৰ” (স্পষ্ট আৰু জোৰদাৰ)কৈ ওলাইছিল। অৱশ্যে সকলো সময়তে তেনে গধুৰ বাদ্যযন্ত্ৰ কঢ়িয়াই লৈ ফুৰা সম্ভৱ নহয়।

“বিলাতলৈ গ’লে বাদ্যযন্ত্ৰবোৰ পাতল কৰাৰ প্ৰয়োজন হৈছিল। তেওঁলোকে তেনে বাদ্যযন্ত্ৰ আমাৰ ইয়ালৈ আনে আৰু আমি ১২ৰ পৰা তাৰ ওজন ছয় কিলো কৰি দিও।” এয়া কেনেকৈ সম্ভৱ, মই সুধিলো। “আমি কাঠখিনি পেটৰ ফালৰ পৰা চাঁচি কমাই দিও,” তেওঁ উত্তৰ দিয়ে। “কামটোৰ কৰাৰ সময়ত বাদ্যযন্ত্ৰটোৰ ওজন ছয় কিলোগ্ৰাম নোহোৱালৈকে তাক ওজন কৰি যাও।”

তাৰমানে মৃদংগৰ বাবেও ডায়েট আছে..

কিন্তু কেৱল মৃদংগই নহয়, তেওঁ আন ঘাত বাদ্যও বিশ্বৰ বিভিন্ন ঠাইলৈ পঠিয়ায়। “মই উৰুমি মেলম (দুমুখীয়া ঢোলজাতীয় বাদ্যযন্ত্ৰ) যোৱা ২০ বছৰ ধৰি মালেয়াছিয়ালৈ পঠিয়াইছো। কেৱল ক’ভিডৰ পিছত সেয়া বন্ধ হৈ গ’ল…”

তেওঁ মুখে মুখে এখন তালিকা গাই শুনালে - মৃদংগ, তাভিল, তাবেলা, বীণা, কাঞ্জিৰা, উদুক্কাই, উডুমি, পাম্বাই…এই সকলোৰে বাবে কঁঠালৰ কাঠ বৰ ভাল। “মই ১৫ বিধ ঘাতবাদ্য বনাব পাৰো।”

তেওঁ আন বিভিন্ন বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা কাৰিকৰক চিনি পায়। কিছুমান নাম-ঠিকনাও জানে। “আপুনি নাৰায়ণনক লগ পাইছে? বীণা নিৰ্মাতা নাৰায়ণন। তেওঁ তাঞ্জাভুৰৰ চাউথ মেইন ষ্ট্ৰীটত থাকে। তেওঁক মই চিনো।” বীণা বনোৱাটো বৰ কৌশলী কাম, কুপ্পুসামীয়ে কয়। “এবাৰ মই বীণা বনোৱা চাইছিলো। আচাৰি এজনে বীণাৰ গ্ৰীৱাটো বনাই আছিল…চাই বৰ ভাল লাগিছিল। একেটা ঠাইতৈ বহি মই দুঘণ্টা তেওঁ কৰা কামটো চাইছিলো। অপূৰ্ব। ৰোমাঞ্চকৰ…”

*****

Left: Narayanan during my first visit to his workshop, in 2015, supervising the making of a veenai.
PHOTO • Aparna Karthikeyan
Right: Craftsmen in Narayanan’s workshop
PHOTO • Aparna Karthikeyan

বাওঁফালে: নাৰায়ণননৰ শিল্পশালালৈ যাওতে তোলা তেওঁৰ ফটো, ২০১৫ত - তেওঁ বীণা বনোৱা কামটোৰ তদাৰকী কৰি আছিল। সোঁফালে: নাৰায়ণনৰ শিল্পশালাৰ কৰ্মৰত কাৰিকৰসকল

মই বীণা কাৰিকৰ লগ পাইছিলো তাঞ্জাভুৰত, ২০১৫ চনত, এম. নাৰায়ণনৰ শিল্পশালাত। ২০২৩ৰ আগষ্টত তেওঁ মোক আকৌ মাতিলে। “আপোনাৰ ঘৰটো মনত আছেনে? বাহিৰত গছ থকা ঘৰটো,” তেওঁ কয়। ঠিকনা দিয়াৰ পন্থা আপোনাৰ সামান্য অদ্ভুত লাগিব পাৰে। কিন্তু চাউথ মেইন ষ্ট্ৰীটত বোধকৰো পুংগাই গছ (বীচ গছ) এডালেই আছে, আৰু ক’তো নাই। প্ৰথম মহালত এটা বীণা ঘৰটোৰ শোভাবৰ্ধন কৰিছে। তেওঁৰ ঘৰৰ পিছফালে তেওঁলোকৰ শিল্পশালাখন আছে, মোৰ মনত পৰিল। চিমেণ্টৰ চেলফত সা-সৰঞ্জামবোৰ, বেৰত ফটো আৰু কেলেণ্ডাৰবোৰ আৰু অসম্পূৰ্ণ বীণাবোৰ মজিয়াত - ছবিখন মোৰ মনত ভাঁহি উঠিল।

শিৱগংগই পুংগাৰ পৰা বীণাখন যেতিয়া ইয়ালৈ আহে, সি এটুকুৰা বৃহৎ কাঠৰ টুকুৰা হৈ থাকে। শিল্পশালাত সোমোৱাৰ লগে লগে সঁজুলিবোৰো সলনি হয়, প্ৰক্ৰিয়া বদলে আৰু কাৰিকৰৰ হাতৰ যাদুত সি ১৬ ইঞ্চিৰ মোটা মূৰৰ কাঠটুকুৰা ১৪.৫ ইঞ্চিৰ সমতল থকা মিহি বাটিলৈ সি পৰিৱৰ্তিত হয়, আধা ইঞ্চি মাত্ৰ ডাঠ থাকে। তেওঁ আৰম্ভণিতে কম্পাছ এডালেৰে গোলাকাৰ হৈছে নে নাই সেয়া জোখে। তাৰপিছত বটালি এডালেৰে অতিৰিক্ত কাঠখিনি চাঁচি আঁতৰাই পেলায়।

সংগীতৰ বাবে সাজু কৰিবলৈ কাঠটুকুৰাৰ ওপৰত কাম মাজে মাজে দিন এৰি কৰা হয়। কাম নকৰা দিনকেইটাত কাঠৰ কুন্দাটো শুকাবলৈ সময় পায়। ভিতৰে-বাহিৰে কুন্দাটো চাঁচি পাতলোৱা হয় - শিৱগংগাই পুংগাৰ পৰা ইয়ালৈ আহোতে যাৰ ওজন ৩০ কিলো থাকে, সেয়া ইয়াত, তাঞ্জাভুৰত ২০ কিলোগ্ৰাম হৈ পৰে। বীণা পাট্টাৰাইত তাক পুনৰাই কঢ়িয়াবলৈ সহজ হোৱাকৈ ৮ কিলোগ্ৰাম মাত্ৰ কৰি পেলোৱা হয়।

শিল্পশালাৰ সন্মুখত বহি তেওঁ আমাৰ হাতত এখন বীণা তুলি দিলে। “ইয়াত ধৰক, ইয়াত”, তেওঁ ক’লে। বীণাখনৰ ওজন বহুত, গাটো মসৃণ, প্ৰতিটো অংশ সযত্নে চিৰিচ কাগজেৰে ঘঁহি ঘঁহি বাৰ্নিছ কৰা হৈছে। “এই আটাইখিনি কাম হাতেৰে কৰা হয়,” গৌৰৱেৰে নাৰায়ণনে কয়।

“বীণা কেৱল তাঞ্জাভুৰতেই বনোৱা হয়। ইয়াৰ পৰা বিশ্বৰ বিভিন্ন ঠাইলৈ নিয়া হয়। উকীল সঞ্জয় গান্ধীৰ প্ৰচেষ্টাত আমি বীণাৰ বাবে জি.আই. টেগ পাইছো,” নাৰায়ণনে কয়।

Left: Kudams (resonators) carved from jackfruit wood.
PHOTO • Aparna Karthikeyan
Right: Craftsman Murugesan working on a veenai
PHOTO • Aparna Karthikeyan

বাওঁফালে: কঁঠালকাঠৰ পৰা কুদম (অনুৰণক) বনোৱা হৈছে। সোঁফালে: কাৰিকৰ মুৰুগেচনে বীণাৰ কাম কৰিছে

এই বাদ্যযন্ত্ৰবিধ সদায় কঁঠালৰ কাঠেৰে বনাই অহা হৈছে। “পালামাৰাম সকলো ধৰণৰ পৰিৱেশৰ সৈতে খাপ খাই পৰে কাৰণে এই কাঠ ব্যৱহৃত হয়। আজি তাঞ্জাভুৰত উষ্ণতা ৩৯ ডিগ্ৰী চেলচিয়াছ। আৰু ইয়াত বনাই যদি আমেৰিকালৈ লৈ যোৱা, তাত শূন্য ডিগ্ৰীও হ’ব পাৰে, তথাপি ই ভালদৰেই চলিব। আৰু ইয়াতকৈ উষ্ণ ঠাইলৈকো যদি লৈ যোৱা হয়, যেনে ধৰক পশ্চিম এছিয়া, তথাপিও একো খেলিমেলি নহয়। সকলোতে ভালেই বাজিব। এই গুণটোৰ কাৰণেই আমি কঁঠালৰ কাঠ ব্যৱহাৰ কৰোঁ।

“আপুনি আমৰ কাঠেৰে বীণা আদি বনাব নোৱাৰে। গৰমৰ দিনত আমাৰ কাঠ দুৱাৰ বন্ধ কৰিব নোৱাৰি। বাৰিষাত আকৌ জোৰেৰে মাৰিব লাগে…তাৰোপৰি ঘঁহা-পিহাৰ কৰাৰ পিছতো আপুনি সুন্দৰ লুক এটা নাপাব। যিটো আপুনি সহজেই কঁঠালৰ কাঠত পাব।” তাৰোপৰি পালামাৰামত সৰু সৰু ফুটা থাকে, আমাৰ মূৰৰ চুলিৰ ছিদ্ৰতকৈ সৰু। “এইটোৱে কাঠটুকুৰাই উশাহ ল’ব পাৰে।”

বিস্তীৰ্ণ অঞ্চল জুৰি কঁঠাল গছ হয়। “যিমানদূৰ জানো, কিছুমান এলেকা যেনে পাট্টুককোট্টাই (তাঞ্জাভুৰ জিলা) আৰু গন্ধৰ্বকোট্টাই (পুদুকোট্টাই জিলা)ৰ ফালে মানুহে অসংখ্য গছ কাটি কাটি পেলাইছে। গছ কটাৰ বাবদ নতুন গছ লগোৱা নাই। বাগিচা থকা মানুহে ঘৰ বন্ধা মাটি হিচাপে মাটি বিক্ৰী কৰিছে আৰু বেংকত টকা থৈছে। গছ অবিহনে ক’তো ছাঁ নাথাকিব। সংগীতৰ কথা বাদেই দিলো। মোৰ ৰাস্তাটোতে চাওকচোন। এডালমাত্ৰ গছ আছে…আন আটাইবোৰ গছ কাটি পেলোৱা হ’ল!”

কেঁচা কঁঠালৰ কাঠৰ ৰং হালধীয়া। বয়সৰ লগে লগে ই ইষৎ ৰঞ্জিত ৰং ধৰে। এনে কাঠৰ কম্পনশক্তি বৰ ভাল। সেয়ে নাৰায়ণনে কয় যে পুৰণি বীণাৰ সেয়ে আদৰ বেছি। “আৰু সেয়ে আপুনি পুৰণি বীণা বজাৰত নাপাব, কিয়নো মালিকে সেয়া মেৰামতি কৰি ঘৰতে ৰাখিব বিচাৰে। পৰিয়ালৰ বাহিৰত বিক্ৰী কৰিব নিবিচাৰে।”

Narayanan shows an elaborately worked veenai , with Ashtalakshmis carved on the resonator
PHOTO • Aparna Karthikeyan
Narayanan shows an elaborately worked veenai , with Ashtalakshmis carved on the resonator
PHOTO • Aparna Karthikeyan

ফুল কটা বীণা এখন আমাক নাৰায়ণনে দেখুৱাইছে, অনুৰণকৰ গাত অষ্টলক্ষ্মী খোদিত কৰা আছে

স্বনিৰ্মিতি বীণাত ইচ্ছা কৰিয়েই এক আধুনিক ৰূপ দিয়ে নাৰায়ণনে। “এই গিটাৰৰ কীটো চাওক, ইচ্ছা কৰি দিছো যাতে টিউন কৰা আৰু তাঁৰবোৰ টান কৰা সহজ হৈ পৰে।” তেওঁ কিন্তু তালিমৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনক লৈ খুব এটা উৎসাহী নহয়। তেওঁৰ মতে সেইবোৰ সব চৰ্ট-কাট (যেতিয়া সংগীতাচাৰ্য্যসকলে পিচ বা সুৰৰ মাত্ৰা নিৰ্ধাৰণ কৰাটো নিশিকায়), বীণা এখন টিউন কৰি থকাৰ সময়ত তেওঁ কয়। কঁঠালৰ কাঠ আৰু ধাতুৰ তাঁৰে আমি কথা পাতি থকাৰ সময়ত সুন্দৰ আৱহ সংগীতৰ কাম কৰিলে।

বহু কাৰিকৰৰ মতে নাৰায়ণন বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাত পাকৈত। “অলপ-চলপ বজাব পাৰো,” তেওঁ বৰ বিনয় ভাবত কয়। কৈ থকাৰ মাজতে সোঁহাতেৰে তাঁৰ ধৰি তেওঁ বাওঁহাতখন ঘাটবোৰৰ ওপৰেৰে বাগৰি গ’ল। “গ্ৰাহকক কি লাগে সিমানখিনি বুজি পাওঁ।”

তেওঁৰ কোলাত আছে এখন একান্ত বীণা। এডাল কাঠৰ পৰাই নিৰ্মিত। কোলাৰ শিশুৰ দৰেই তেওঁ তাক আলফুলে তেওঁ ধৰিছে। “আগতে আমি ডেকৰেছনৰ কাৰণে হৰিণৰ শিং ব্যৱহাৰ কৰিছিল। আজিকালি তাৰ ঠাইত বম্বেৰ আইভৰি প্লাষ্টিক ব্যৱহাৰ কৰোঁ…”

এজন মানুহে অকলে যদি বীণা এটা বনাবলৈ যায়, তেন্তে ২৫ দিন লাগিব। “সেয়ে আমি কামবোৰ ভগাই ভগাই দিওঁ যাতে অংশবোৰ সোনকালে জোৰা লগাই দিব পাৰি। আমি এমাহত দুটা বা তিনিটা বীণা বনাব পাৰো। প্ৰতিটোৰ দাম ২৫ হাজাৰৰ পৰা ৭৫ হাজাৰ টকা হয়।”

Narayanan (left) showing the changes in the structures of the veena where he uses guitar keys to tighten the strings.
PHOTO • Aparna Karthikeyan
Narayanan (left) showing the changes in the structures of the veena where he uses guitar keys to tighten the strings. Plucking the strings (right)
PHOTO • Aparna Karthikeyan

বীণাৰ কাঠামোত কি কি পৰিৱৰ্তন আনিছে সেয়া নাৰায়ণনে দেখুৱাইছে। তাত তেওঁ গীটাৰৰ কী ব্যৱহাৰ কৰিছে। বীণাৰ তাঁৰত আঙুলি বুলাইছে

Narayanan with a veena made by him.
PHOTO • Aparna Karthikeyan
Right: Hariharan, who works with Narayanan, holds up a carved veenai
PHOTO • Aparna Karthikeyan

স্বনিৰ্মিত বীণা এখন কোলাত লৈ বহিছে নাৰায়ণনে। সোঁফালে: নাৰায়ণনৰ সৈতে কাম কৰা হৰিহৰণে নক্সা খোদিত বীণা এখন দেখুৱাইছে

আন বীণা নিৰ্মাতাৰ দৰে নাৰায়ণনেও পানৰুটিৰ পৰা কাঠ আনে। “নিজে গৈ লট এটা আনো, নাইবা সিহঁতে দি যায়। ৪০-৫০ বছৰ পুৰণি কাঠবোৰ পৈণত আৰু বীণ বনাবলৈ উৎকৃষ্ট। দহ ফুট কুন্দা এটা বেপাৰীয়ে আমাক ২০,০০০ টকাত দিয়ে, তাৰপৰা আমি একান্ত বীণা সাজিব পাৰো। অলপ-অচৰপ দামদৰো কৰিব পাৰি। এবাৰ কিনাৰ পিছত শিৱগংগাই পুংগাৰ সমিতিৰ ঠাইখইনিত নি তাক আকাৰ হিচাপে কাটি-কুটি প্ৰস্তুত কৰি অনা হয়।” কাঠৰ বেপাৰ কেতিয়াবা বৰ ৰিস্কী হৈ যায়, নাৰায়ণনে কয়। “কেতিয়াবা সৰু ছিদ্ৰ এটাৰে পানী সোমাই গোটেই গা-গছডাল নষ্ট কৰে। কুন্দাডাল নকটালৈকে সেয়া ধৰিব নোৱাৰি!”

নাৰায়ণনে আন্দাজ কৰি কয় যে তাঞ্জাভুৰত দহগৰাকী পূৰ্ণকালীন বীণা নিৰ্মাতা আছে আৰু অসংখ্য অংশকালীন বীণা-কাৰিকৰ আছে। তেওঁলোকে মাহটোত ৩০ টা বীণা সাজে। কুন্দা এটা তাঞ্জাভুৰ পোৱাৰ পিছত সেয়া বীণা এখন হৈ উঠিবলৈ ৩০ দিন সময় লাগে। “নিশ্চয়কৈ চাহিদা বহুত ভাল,” নাৰায়ণনে কয়।

“চিত্তিবাবুৰ পৰা আৰম্ভ কৰি শিৱনন্দমৰ দৰে ডাঙৰ ডাঙৰ শিল্পীয়ে আমাৰ পৰা বাদ্যযন্ত্ৰ নিছিল। নতুন প্ৰজন্মৰ শিক্ষানবিচ শিল্পীয়েও বৰ উৎসাহ দেখুৱায়, তেওঁলোকৰ প্ৰায়ভাগেই কিন্তু চেন্নাইৰ ‘মিউজিকেলচ্’ৰ পৰা কিনে। কিছুমানে নিৰ্দিষ্ট ডিজাইন বা পছন্দ অনুযায়ী কাষ্টমাইজেছন কৰাবলৈ ইয়ালৈ পোনে পোনেও আহে।” এই কামটো নাৰায়ণনে বৰ ভাল পায়।

এনেকৈ যদি ব্যৱসায়টোও আৰু অলপ উন্নতি কৰে, তেতিয়া তেওঁ আৰু বেছি ভাল পাব। “৪৫ বছৰ ধৰি কাম কৰিছো। মোৰ দুই পুত্ৰই এই ব্যৱসায়লৈ আহিব নিবিচাৰে। সিহঁতৰ পঢ়া-শুনা আছে, চাকৰি আছে। আপুনি জানে, কিয়?” কৈ সামান্য থমকি ৰ’ল নাৰায়ণন। সেইখিনিতে যেন বিষণ্ণতা থূপ খাই আছিল। “এই যে মিস্ত্ৰিজন,” তেওঁৰ শিল্পশালাত কাম কৰি থকা কাৰিকৰজনলৈ দেখুৱাই তেওঁ কয়, “তেওঁ দিনে ১২০০ টকা উপাৰ্জন কৰে। তাৰ লগতে তেওঁক মই দুটা বড়াই আৰু চাহ দিও, দিনে দুবাৰ। কিন্তু যিটো কষ্টৰ কাম আমি কৰোঁ, তাৰ তুলনাত উপাৰ্জন আধা। তাতে আকৌ জিৰণিৰ সময় নাই, কোনো নিৰ্দিষ্ট সময় নাই। ব্যৱসায়টো লাভজনক। কিন্তু মাজৰ মানুহে পইচা ঘটি আছে। মোৰ শিল্পশালাখন ১০ বৰ্গফুটৰ। দেখিছেই নহয়? সকলো কাম হাতেৰে কৰা হয়। কিন্তু আমি বিদ্যুতৰ বিল বাণিজ্যিক হাৰত পৰিশোধ কৰিব লাগে। এয়া কুটিৰ শিল্প বুলি আমি বাৰম্বাৰ কৈছো, কিন্তু প্ৰতিনিধিত্বৰ অভাৱত বিষয়টোৰ কোনো সমাধান পোৱা নাই…”

নাৰায়ণনে হুমুনিয়াহ কাঢ়ে। তেওঁৰ ঘৰৰ পিছফালে শিল্পশালাত এজন বয়সস্থ কাৰিকৰে কুদম এটাত চিৰিচ ঘঁহিছে। বটালিৰে লাহে লাহে চাঁচি তেওঁ কঁঠালৰ কাঠৰ দ্বাৰা সংগীত মূৰ্ছনাৰ সৃষ্টি কৰিব…


আজিম প্ৰেমজী ফাউণ্ডেছনৰ গৱেষণা অনুদান কাৰ্য্যসূচী, ২০২০ বৰ্ষৰ অংশ হিচাপে এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে।

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

اپرنا کارتی کیئن ایک آزاد صحافی، مصنفہ اور پاری کی سینئر فیلو ہیں۔ ان کی غیر فکشن تصنیف ’Nine Rupees and Hour‘ میں تمل ناڈو کے ختم ہوتے ذریعہ معاش کو دستاویزی شکل دی گئی ہے۔ انہوں نے بچوں کے لیے پانچ کتابیں لکھیں ہیں۔ اپرنا اپنی فیملی اور کتوں کے ساتھ چنئی میں رہتی ہیں۔

کے ذریعہ دیگر اسٹوریز اپرنا کارتکیئن

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das