মধ্যপ্ৰদেশৰ পান্নাৰ ব্যাঘ্ৰ প্ৰকল্পৰ কিছু অংশত আৰু হাবিৰ দাঁতিত গঢ়ি উঠা উন্মুক্ত আৰু অবৈধ খনিবোৰৰ আশে-পাশে ভালেমান ডেকা-বুঢ়াই তেওঁলোকৰ ভৱিষ্যত সলনি কৰি দিব পৰা এটুকুৰা পাথৰৰ সন্ধানত মাটি আৰু বালি খান্দে।
মাক-দেউতাকে হীৰাৰ খনিত কাম কৰাৰ সময়ত তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে বালি আৰু মাটি খান্দে, সিহঁতৰ প্ৰায়ভাগ গোণ্ড আদিবাসী সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাভুক্ত)।
“হীৰা এটুকুৰা বিচাৰি পালে মোৰ আগলৈ পঢ়াৰ খৰছ ওলাব,” সিহঁতৰ মাজৰ এজনে কয়।
শিশু শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) সংশোধনী আইন ( ২০১৬ ) অনুসৰি ১৪ বছৰ বয়সৰ তলৰ শিশু আৰু ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে খনন উদ্যোগত কাম কৰা নিষেধ, আইনখনত এনে উদ্যোগৰ জীৱিকাক বিপজ্জনক বুলি তালিকাভুক্ত কৰা হৈছে।
তাৰপৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰলৈকেও কাম বিচাৰি যোৱা মাক-দেউতাকক সিহঁতে সংগ দিয়ে। এয়া পিছে হীৰাৰ নহয়, অবৈধ শিলৰ খনি। ইয়াৰে প্ৰায়ভাগ পৰিয়ালেই উপান্ত সম্প্ৰদায়ৰ, খনিৰ কাষতে বিপজ্জনক পৰিস্থিতিত তেওঁলোকে বসতি কৰে।
“এই খনিৰ পিছফালেই মোৰ ঘৰ,” সিহঁতৰ মাজৰে এজনীয়ে কয়। “দিনটোত পাঁচবাৰ ব্লাষ্ট হয়। ডাঙৰ শিল এটা পৰি চাৰিখন বেৰেই (আমাৰ ঘৰটোৰ) ফাঁট মেলিছে।”
এই তথ্যচিত্ৰখন খনিত কাম কৰা, পৰিসংখ্যাই ঢুকি নোপোৱা অসংখ্য ল’ৰা-ছোৱালীক লৈ নিৰ্মিত, যিসকল পঢ়াশালিৰ পৰা বহু দূৰত আৰু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত।
অনুবাদ: পংকজ দাস