'পট্টা থকা মাটিৰ মালিকতকৈ আমাক কিয় কমকৈ ক্ষতিপুৰণ দিয়া হৈছে?’ ৫৫ বৰ্ষীয় দলিত খেতিয়ক তুৰাকা বাবুৰাওৱে সোধে। এক একৰৰো কম মাটি থকা বাবুৰাওৰ ঘৰ গুণ্টুৰ জিলাৰ ৪৮০০ জনসংখ্যাৰ ৰায়াপুৰি গাঁৱত৷ নতুন ‘বিশ্বমান’ৰ ৰাজধানী অমৰাৱতীৰ নিৰ্মাণৰ হেতু ভূমি অধিগ্ৰহণৰ কাৰণে কৃষকক অন্ধ্ৰপ্ৰদেশ চৰকাৰে দিয়া ক্ষতিপুৰণৰ কথা তেঁও কৈছে৷ ‘আচলতে কি জানে, আমাৰ খেতিপথাৰ কৃষ্ণা নদীৰ পাৰতে হোৱা কাৰণে পট্টা দিয়া পথাৰবোৰতকৈ অধিক উৰ্বৰা,’ তেঁও কয়৷

হস্তান্তৰিত ভূমি কৃষক কল্যাণ এছচিয়েছন, ৰায়াপুৰিৰ সদস্য বাবুৰাও অনুসূচীত জাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ অইন ৮০০ কৃষকৰ মাজৰ এজন৷ ৰাজ্য চৰকাৰে অন্ধ্ৰপ্ৰদেশ ভূমি সংস্কাৰ (কৃষিভূমি ধাৰণৰ ওপৰত চিলিং) আইন, ১৯৭৩ৰ অধীনত ভূমি বিতৰণ কৰাৰ সময়ত এই খেতিয়কসকলক কৃষ্ণা নদী পাৰৰ ৰায়াপুৰিত আৰু নদীদ্বীপবোৰত প্ৰায় ২০০০ একৰ ভূমি ‘হস্তান্তৰিত’ কৰা হৈছিল৷ এই মাটি লাভ কৰা প্ৰায়ভাগ পৰিয়ালেই দলিত আৰু ওবিচি সম্প্ৰদায়ৰ৷

‘দেশ স্বাধীন হোৱাৰ আগৰেপৰা আমি তিনিটা প্ৰজন্মই এই মাটিত খেতি কৰিছো। ইন্দিৰা গান্ধীয়ে আমাক হস্তান্তৰিত পট্টা দি এই ভূমিৰ ওপৰত আমাক অধিকাৰ প্ৰদান কৰিছিল,’ বাবুৰাওৱে কয়৷ অন্ধ্ৰপ্ৰদেশ হস্তান্তৰিত ভূমি (স্থানান্তৰণৰ ওপৰত নিষেধাজ্ঞা) আইন, ১৯৭৭ অনুসৰি এই হস্তান্তৰিত ভূমি ব্যক্তিয়ে ক্ৰয় বা বিক্ৰয় কৰিব নোৱাৰে, কেৱল পৰিয়ালৰ এজন সদস্যৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰে৷

চৰকাৰে সেউজ ৰাজধানীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাৰণে ৩৩ হাজাৰ একৰ মাটি আহৰণ কৰিছে৷ স্থানীয় সমাজকৰ্মীয়ে ধাৰ্য কৰা অনুযায়ী ইয়াৰে ১০ হাজাৰ একৰ মাটি হৈছে হস্তান্তৰিত মাটি আৰু অৱশিষ্টখিনি উচ্চ জাত যেনে কাম্মা, কাপু আৰু ৰেড্ডী আদি লোকে খেতি কৰা পট্টা থকা ভূমি৷

Turaka Baburao
PHOTO • Rahul Maganti

‘দেশ স্বাধীন হোৱাৰ আগৰেপৰা আমি তিনিটা প্ৰজন্মই এই মাটিত খেতি কৰিছো,’ ৰায়াপুৰি গাঁৱৰ তুৰাকা বাবুৰাওৱে কয়। চৰকাৰে প্ৰায় ১০ হাজাৰ একৰ 'হস্তান্তৰিত’ মাটি অধিগ্ৰহণ কৰিছে

কেন্দ্ৰীয় চৰকাৰে ২০১৩ত এলএআৰআৰ আইনখন গৃহীত কৰিছিল যদিও নতুন ৰাজধানী নিৰ্মাণৰ কাৰণে ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ বাবে নিজাববীয়াকৈ প্ৰস্তুত কৰা লেণ্ড পুলিং স্কীম (এলপিএছ)ৰ প্ৰয়োগ কৰে। কিন্তু এই এলপিএছ-য়ে ভূমি অধিগ্ৰহণ, পুনৰ্বসতি আৰু পুনৰ্সংস্থাপন আইন (এলএআৰআৰ), ২০১৩ৰ অধীনত নায্য ক্ষতিপুৰণ আৰু স্বচ্ছতাৰ অধিকাৰৰ যোগেদি প্ৰতিশ্ৰুতি দিয়া সুৰক্ষা তথা সত্যাপনৰ দৰে চৰ্তসমূহ এলাগী কৰিছে। তদুপৰি ক্ষতিগ্ৰস্ত অঞ্চলৰ ৭০ শতাংশ লোকৰ সন্মতি আৰু সামাজিক তথা পাৰিৱেশিক প্ৰভাৱ, আৰু পুনৰ্সংস্থাপনৰ উচিত পেকেজৰ কথাও উলাই কৰা হৈছে। ২০১৫ৰ জানুৱাৰীত কাৰ্যকৰ হোৱা এলপিএছ-ৰ অধীনত কেৱল মাটিৰ মালিকৰ সন্মতি লোৱা হয় আৰু সেই মাটিৰ ওপৰত আশ্ৰিত অইন লোক যেনে কৃষি শ্ৰমিকক তাতে অন্তৰ্ভূক্ত কৰা নহয়। মাটিৰ মালিকে স্বইচ্ছাই ৰাজ্য চৰকাৰক নিজৰ মাটি দিব পাৰে আৰু তাৰ বিনিময়ত আৰ্থিক ক্ষতিপুৰণৰ পৰিৱৰ্তে নতুন ৰাজধানীত 'পুনৰ্গঠিত উন্নীত' ভূমি লাভ কৰিব।

২০১৬ৰ ১৭ ফেব্ৰুৱাৰীত অন্ধ্ৰপ্ৰদেশৰ পৌৰনিগম প্ৰশাসন আৰু নগৰ উন্নয়ন বিভাগে এক নিৰ্দেশনা জাৰী কৰে যে 'স্বেচ্ছা’ই দিয়া প্ৰতি একৰ মাটিৰ বিপৰীতে মাটিৰ মালিকক ১০০০ স্কোৱেৰ য়াৰ্ডৰ আবাসিক ভূমি আৰু ৫০ স্কোৱেৰ য়াৰ্ডৰ বাণিজ্যিক ভূমি নতুন ৰাজধানীখনত দিয়া হ’ব, য’ত দোকান নাইবা ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিবপৰা যাব। লেণ্ড পুলিং কৰ্তৃপক্ষ নাইবা অন্ধ্ৰ ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধীকৰণ (এপিচিআৰডিএ)য়ে অৱশিষ্ট ভূমি ধাৰণ কৰিব আৰু ৰাস্তা, ৰাজহুৱা অট্টালিকা, উদ্যোগ, আৰু নাগৰিকৰ সা-সুবিধা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব।

হস্তান্তৰকৃত ভূমিৰ বিপৰীতে এপিচিআৰডিএ-য়ে ৮০০ স্কোৱেৰ য়াৰ্ডৰ আবাসিক ভূমি আৰু ২৫০ স্কোৱেৰ য়াৰ্ডৰ বাণিজ্যক ভূমি প্ৰদান কৰিব। কৃষ্ণা নদীৰ নদীদ্বীপত হস্তান্তৰকৰণৰ বাবে নিৰ্ধাৰিত আবাসিক ভূমি ৫০০ স্কোৱেৰ য়াৰ্ড আৰু বাণিজ্যিক ভূমি ১০০ স্কোৱেৰ য়াৰ্ডলৈ হ্ৰাস কৰা হৈছে।

PHOTO • Sri Lakshmi Anumolu
Field of maize. The fertile fields of Uddandarayunipalem, Lingayapalem and Venkatapalem villages in November 2014, before the whole land pooling exercise for the capital region has started.
PHOTO • Sri Lakshmi Anumolu

কৃষ্ণা নদীৰ উত্তৰ পাৰত শস্য শ্যামলা 'হস্তান্তৰিত’ ভূমি, ৰাজধানী নিৰ্মাণৰ কাৰণে 'লেণ্ড পুলিঙ’ৰ কাম আৰম্ভ হোৱাৰ আগেয় ২০১৪ৰ ছবি

আকৌ পট্টা থকা মাটিৰ মালিকে ক্ষতিপুৰণৰ পাৰ্থক্য থকা নায্য বুলি ভাৱে। 'আমি কঠোৰ পৰিশ্ৰম কৰি খেতি কৰা মাটিখিনি আৰ্জিছো। তেঁওলোক দুখীয়া হোৱা কাৰণে (হস্তান্তৰিত মাটিৰ স্বত্বাধিকাৰীসকলে) চৰকাৰৰ পৰা বিনামূলীয়াকৈ মাটি পাইছে। আমাক একেধৰণৰ সুবিধা দিব কেনেকৈ?’ নাম প্ৰকাশত অনিচ্ছুক ৰায়াপুৰিৰ কাম্মা সম্প্ৰদায়ৰ কৃষক এজনে প্ৰশ্ন কৰে।

ৰায়াপুৰিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দুৰৈৰ উদ্দাণ্ডৰায়ুনীপালমত পট্টা থকা মাটি থকা এগৰাকী পৰিৱেশ কৰ্মী অনুমলু গান্ধীয়ে কৃষ্ণাৰ জলাশয়ত বৃহৎ ৰাজধানী নিৰ্মাণৰ পাৰিৱেশিক প্ৰভাৱৰ কথা উনুকিয়াই দিছে। তেঁও কয়, 'ক্ষতিপুৰণৰ পাৰ্থক্য ৰখাটো আছিল মাটিৰ পট্টা থকাসকলৰ পৰা ভূমি অধিগ্ৰহণৰ কাৰণে পতিয়ান নিওৱাৰ বাবে (মুখ্যমন্ত্ৰী চন্দ্ৰবাবু) নাইডুৱে খটুওৱা কৌশল। ক্ষতিপুৰণ একে হোৱাহেঁতেন, পট্টা থকা মাটিৰ মালিকে কেতিয়াও তেঁওলোকৰ মাটি নিদিলেহেঁতেন, কিয়নো তেঁওলোকৰ প্ৰায়ভাগেই হস্তান্তৰিত মাটিক চৰকাৰে দুখীয়ালৈ দিয়া দানৰ টুকুৰা বুলিহে ভাবে।’

যাহওক, অন্ধ্ৰপ্ৰদেশ আৰু টেলেংগানাৰ বিভিন্ন অঞ্চলত বলপূৰ্বকভাৱে ভূমি অধিগ্ৰহণৰ ফলত ভূমি হেৰুওৱাসকলক প্ৰতিনিধিত্ব কৰা অন্ধ্ৰপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ উকীল ৰবি কুমাৰে কয়, 'চৰকাৰী নিৰ্দেশে (ভিন্ন ক্ষতিপুৰণৰ ক্ষেত্ৰত) আইন-আদালতৰ নিয়মৰ অনুপালন কৰা নাই আৰু এয়া অসংবিধানিক। উচ্চ ন্যায়ালয়ে ২০০৪ৰ হায়দৰাবাদৰ চেভেল্লা মহকুমাৰ ভূমি অধিগ্ৰহণ বিষয়া বনাম মেকালা পাণ্ডুৰ গোচৰটোৰ ৰায়দানৰ সময়ত কৈছিলযে হস্তান্তৰিত ভূমি আৰু পট্টা থকা ভূমিৰ বাবে ক্ষতিপুৰণ সমান হ’ব লাগে।’

আদালতৰ এনে ৰায় আৰু এলএআৰআৰ আইনৰ লগতে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ৰাজহ বিভাগে ২০১৬ৰ জুন মাহত (চৰকাৰী নিৰ্দেশ নং ২৫৯) জাৰী কৰা এক নিৰ্দেশ মতে হস্তান্তৰিত মাটিৰ আৱণ্টন থকাসকলক পট্টা থকা মাটি থকাসকলৰ সমানে ক্ষতিপুৰণ দিয়া উচিত। তাতে এনেদৰে কোৱা হৈছে যে 'যেতিয়াই এটা প্ৰকল্প নাইবা চৰকাৰী বিভাগ অথবা কৰ্প’ৰেচনৰ পৃথকীকৰণৰ কাৰণে ৰাজহুৱা উদ্দেশ্যত হস্তান্তৰিত মাটিৰ প্ৰয়োজন হ’ব, তেতিয়া সেই পট্টা থকা(মাটিৰ)ৰ চৰ্তাৱলী অনুসাৰে ঘুৰাই লোৱা হ’ব।’

Thokala Pulla Rao
PHOTO • Rahul Maganti
PHOTO • Rahul Maganti

বাওফালেঃ ২০১৬ত ৬ লাখ টকাত নিজৰ উৰ্বৰ ভূমি বিক্ৰী কৰি চিন্তিত অৱস্থাত দেখা গৈছে থোকালা পুলাৰাওক। বৰ্তমান সেই মাটিৰ মূল্য প্ৰতি একৰত ৫ কোটি। সোঁফালেঃ পট্টাৰ কাগজৰ সৈতে পুলি চিনা লেজাৰাছ

ৰায়াপুৰি গাঁৱৰ বাবুৰাওকে ধৰি পট্টা আৰু হস্তান্তৰিত মাটি থকা প্ৰায় ৪০০০ স্বত্বাধিকাৰীয়ে এলপিএছ-ৰ বিৰোধিতা কৰিছে আৰু ৰাজ্য চৰকাৰক মাটি দিয়াত অমান্তি হৈছে। তেঁওলোকে মেল-মিটিং পাতি প্ৰতিবাদ সাব্যস্ত কৰিছে। অনুসূচীত জাতিৰ ৰাষ্ট্ৰীয় আয়োগলৈ তেঁওলোকে আবেদনো কৰিছে। উপায়ন্তৰ চৰকাৰে এলএআৰআৰ আইনখন কাৰ্যকৰ কৰিছে। তেতিয়া গাঁৱে গাঁৱে বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকৰ গোটে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত আবেদন কৰি ২০১৭ৰ জুনৰ পৰা এলএআৰআৰ-ৰ অধীনতো ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত স্থগিতকৰণৰ নিৰ্দেশ লাভ কৰে।

কৃষ্ণা নদীৰ উত্তৰ পাৰত থকা ৰায়াপুৰি,উদ্দাণ্ডৰায়ুনীপালম আৰু ভেংকটাপালেম গাঁৱৰ আৰু নদীদ্বীপবোৰৰ হস্তান্তৰিত ভূমি ৰাজ্যখনৰ ভৱিষ্যতৰ নদীতীৰস্থ ৰাজধানীৰ কাৰণে গুৰুত্বপূৰ্ণ। ছিংগাপুৰৰ নিৰ্মাণ কোম্পানীৰ সংঘই প্ৰস্তুত কৰা অমৰাৱতীৰমহাপৰিকল্পনা অনুযায়ীএখন ‘বীজপৰ্যায়ৰ ৰাজধানী’ৰ প্ৰস্তাৱ দিছে। ই হ’ব ১৬০০ একৰ মাটিৰ আৰম্ভ কৰা এক ভিত্তি অঞ্চল, তাৰে সমান্তৰালভাৱে এক ঔদ্যোগিক মণ্ডল, এক ঐতিহ্য কেন্দ্ৰ আৰু পৰ্যটন কেন্দ্ৰ, আৰু পৰ্যটনস্থলী গঢ়ি তোলা হ’ব। নদীৰ পাৰত জল উদ্যান, দুঃসাহসিক আৰু থিম পাৰ্ক আৰু গলফ্ ক’ৰ্ছো নিৰ্মাণ কৰা হ’ব।

ৰাজধানীৰ ৰূপৰেখা আৰু নিৰ্মাণৰ কামত নিয়োজিত কোম্পানীয়ে তেঁওলোকৰ নিজা ব্যৱসায় স্থাপনৰ কাৰণে ৬ ৰপৰা ১০ হাজাৰ একৰ মাটি লাভ কৰিব বুলি বিভিন্ন বাতৰি প্ৰকাশ পাইছে। কোম্পানী আৰু ৰাজ্য চৰকাৰৰ মাজৰ চুক্তি ৰাজহুৱা কৰা নাই হেতুকে সঠিক ৰাশি জানিব পৰা হোৱা নাই।

বাবুৰাওৰ বন্ধু আৰু লগৰীয়া খেতিয়ক ৬০ বৰ্ষীয় থোকালা পুল্লাৰাও ৰায়াপুৰিৰ হস্তান্তৰিত ভূমি খেতিয়ক কল্যাণ এছচিয়েছনৰ সদস্য। তেঁওৰ হাতত ০.৭৭ একৰ মাটি আছিল। পুল্লাৰাওৱে তেঁওৰ উৰ্বৰ কৃষিভূমি ৬ লাখ টকাত ৰিয়েল ইষ্টেট ব্ৰকাৰক ২০১৬ত বিক্ৰী কৰে (যদিওবা এই লেনদেনৰ অনুমতি নাই)। বৰ্তমানৰ বজাৰ মূল্য জানিব পৰা মতে প্ৰতি একৰত অতিকমেও ৫ কোটি।

A signboard showing the directions to the yet to be constructed Ambedkar Smriti Vanam
PHOTO • Rahul Maganti

বাওফালেঃ ৰাজনৈতিক দল-সংগঠন আৰু সমাজকৰ্মীয়ে ভূমি অধিগ্ৰহণৰ প্ৰতিবাদ কৰিছে।সোফালেঃ প্ৰস্তাৱিত আম্বেদকাৰ স্মাৰক আৰু উদ্যানৰ ঘোষণা সম্বলিত এখন জাননীফলক।

‘ভই খাইছিলো যে মই কোনো ক্ষতিপুৰণ নাপাম কিয়নো চৰকাৰে বাৰম্বাৰকৈ আছিল যে এই মাটিবোৰ চৰকাৰৰ। ৰাজহ বিষয়-ববীয়াই আমাক কৈছিল যে চৰকাৰে যিহেতু আমাক এই মাটিদিছিল, গতিকে প্ৰয়োজন হ’লে সেয়া উভতাই লবও পাৰে,’ পুল্লাৰাওৱে কয়।‘আমাৰ আইনৰ জ্ঞান নাই, সেয়ে তাকেই সত্য বুলি ধৰি লৈছিলো।’পুল্লাৰাওৰ দৰে সাধাৰণৰজনৰ ভয়ৰ ভেঁটিতে ব্ৰকাৰবোৰে খোপনি পুতিছিল। কৃষক আৰু স্থানীয় সংবাদমাধ্যমে দাবী কৰা মতে ভালেমান ব্ৰকাৰ শাসনাধিস্থ তেলেগুদেশম পাৰ্টিৰ ৰাজনৈতিক নেতাৰ বেনামী পালি-প্ৰহৰী, আকৌ কিছুমান নেতাই খোদ ব্ৰকাৰ।

নেছনেল এলায়েন্স অৱ পিপলচ্ মুভমেণ্ট (এনএপিএম)ৰ ২০১৪ৰ ডিচেম্বৰৰ সত্যানুসন্ধানী সমিটি এখনে উল্লেখ কৰিছিল যে ২০১৪ৰ নৱেম্বৰলৈ প্ৰায় ৩৫০০ একৰ মাটি ক্ৰয় কৰি পুনৰ বিক্ৰী কৰা হৈছিল, এমাহতে ৪ হাজাৰ কোটি টকাৰিয়েল ইষ্টেটৰ হাতলৈ গৈছিল। ৰাজহ বিভাগ আৰু ৰিয়েল ইষ্টেট ব্ৰকাৰে এয়া সম্ভৱ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল।

পুল্লাৰাওৱে ভাবে য়ে অমৰাৱতীৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে নিশ্চয়কৈ সেইখনউচ-নীচেৰে ভৰা চহৰেই হৈ থাকিব।‘জাত-পাতৰ নামত বৈষম্য ৰাজধানী চহৰখনক এৰি নাযায়। হস্তান্তৰিত ভূমি থকাসকলক এঠাইত মাটি দিয়া হৈছে, পট্টা থকাসকলক আন এঠাইত। ইয়ে জাত-পাতৰ সীমা থকা ভিন্ন গাঁৱৰ সমষ্টিৰ মাজত এডাল সীমাৰেখা টানিব,’ তেঁও কয়।

২০১৭ৰ ১৪ এপ্ৰিলত, মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে নতুন ৰাজধানীত ড. বি.আৰ. আম্বেদকাৰৰ ১২৫ ফুটৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। ২০ একৰ মাটিৰ এইঅংশটোক আম্বেদকাৰ স্মৃতিবন নাম দিয়া হৈছে।সংবাদমাধ্যমৰ প্ৰতিবেদন মতেউদ্যান আৰু প্ৰতিমূৰ্তিৰ কাৰণে ১০০ কোটি আৱণ্টন দিয়া হৈছে। আধাৰশিলা স্থাপনৰ দিনা মুখ্যমন্ত্ৰীয়ে কয় যে ২য় শতিকাৰ দাক্ষিণাত্যৰ বৌদ্ধধৰ্মী সাতবাহন সাম্ৰাজ্যৰ ৰাজধানী অমৰাৱতীৰ পৰা ৰাজধানী চহৰৰআৰ্হি অনুপ্ৰাণিত।

কিন্তু আপুনি যদি আম্বেদকাৰৰ আদৰ্শ অনুসৰণ নকৰে আৰু দৰিদ্ৰ আৰু দলিতক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি আচৰণ কৰে, তেন্তে আম্বেদকাৰৰ নামত প্ৰতিমূৰ্তি আৰু উদ্যান পতাৰ অৰ্থ ক’ত?’

প্ৰচ্ছদ আলোকচিত্ৰঃ শ্ৰী লক্ষ্মী অনুমলু

এই শৃংখলত আৰু আছেঃ

‘এইখন সাধাৰণ জনতাৰ ৰাজধানী নহয়’

‘চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া চাকৰিবোৰ দিয়ক’

মাটিৰ আকাশলংঘী দৰ, পথাৰত সোণগুটি কম

খেতিৰ কাম নাইকিয়াহোৱা চন পৰা পথাৰবোৰ

বিশাল ৰাজধানী চহৰৰ কম মজুৰী পোৱা প্ৰব্ৰজিত শ্ৰমিক

Rahul Maganti

راہل مگنتی آندھرا پردیش کے وجیہ واڑہ میں مقیم ایک آزاد صحافی ہیں۔

کے ذریعہ دیگر اسٹوریز Rahul Maganti
Editor : Sharmila Joshi

شرمیلا جوشی پیپلز آرکائیو آف رورل انڈیا کی سابق ایڈیٹوریل چیف ہیں، ساتھ ہی وہ ایک قلم کار، محقق اور عارضی ٹیچر بھی ہیں۔

کے ذریعہ دیگر اسٹوریز شرمیلا جوشی
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das