“চালেট জায়চে… চালেট… বৈভৱ… বৈভৱ… চালেট…” (স্কুললৈ যাব খোজো… স্কুললৈ…)
প্ৰতীকে বাৰে বাৰে এই শব্দকেইটা কৈ থাকে, তাত নথকা এজন সহপাঠীক মাতি থাকে। এটা কোঠাৰ মাটিৰ ঘৰটোৰ বাৰান্দাত সি বহি লৈছে, ওচৰতে হাঁহি-ধেমালী কৰি খেলি থকা আন কেইটামান শিশুলৈ সি চাই আছে। ১৩ বছৰীয়া এই ল’ৰাটোৱে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ তাত বহি থাকে। অথবা আগ চোতালত থকা এডাল গছত আউজি সি তাৰ নিজৰ পৃথিৱীখন চাই থাকে - তাৰ দৃষ্টিৰে পৃথিৱীখন যোৱা ১১ টা মাহত চোতালৰ গছবিলাক অথবা গোহালি ঘৰটোৰ পৰা কাচিৎহে বাহিৰলৈ প্ৰসাৰিত হৈছে।
ৰাছিন গাঁৱৰ আন শিশুবিলাকে প্ৰতীকৰ লগত নেখেলে। “সি কি কয় আন শিশুবিলাকে বুজি নাপায়। সি অকলশৰে থাকে,” প্ৰতীকৰ ৩২ বছৰীয়া মাতৃ সাৰদা ৰাউতে কয়। সৰুৰে পৰা তেওঁ লক্ষ্য কৰিছিল যে গাঁৱৰ আন ল’ৰা-ছোৱালী অথবা সাৰদাৰ ডাঙৰ কেইটা ল’ৰা-ছোৱালীৰ সৈতে প্ৰতীকৰ পাৰ্থক্য আছে। ১০ বছৰ বয়সলৈকে সি কথাবোৰ বুজি নাপাইছিল আৰু নিজে নিজৰ ল’বলগীয়া যত্ন ল’বপৰা নাছিল।
তাৰ যেতিয়া ৮ বছৰ বয়স হৈছিল, সেই সময়ত আহমেদনগৰ জিলাৰ কাৰ্জাত তালুকৰ সিহঁতৰ গাওঁখনৰ পৰা প্ৰায় ১৬০ কি.মি. দূৰত অৱস্থিত চৰকাৰৰ দ্বাৰা পৰিচালিত শ্ৰীছত্ৰপতি শিৱাজী মহাৰাজ সৰ্বোপচাৰ ৰুগ্নালয় নামৰ চোলাপুৰত থকা প্ৰতিষ্ঠানত তাৰ মজলীয়া ধৰণৰ ‘ডাউন চিনড্ৰ’ম’ (বৌদ্ধিক অক্ষমতা বা প্ৰতিবন্ধকতা) থকা বুলি নিৰ্ণীত হৈছিল। “১০ বছৰ বয়সলৈকে সি কথা ক’বপৰা নাছিল। কিন্তু যেতিয়াৰ পৰা বিদ্যালয়লৈ যোৱা আৰম্ভ হ’ল আৰু তেতিয়াৰে পৰা মোক ‘আই’ বুলি মাতিবলৈ ধৰিলে। আনকি সি শৌচাগাৰলৈ নিজে যাব পৰা হ’ল তথা নিজে গা ধুবলৈ ধৰিলে। সেই কাৰণে মোৰ ল’ৰাৰ কাৰণে বিদ্যালয়লৈ যোৱাৰ খুব প্ৰয়োজন আছে। সি কিছুমান বৰ্ণমালা শিকিছিল আৰু গৈ থাকিব পৰাহেঁতেন আৰু শিকিলেহেঁতেন। কিন্তু এই মহামাৰীত…” সাৰদাই হুমুনিয়াহ কাঢ়ে।
২০২০ৰ মাৰ্চত ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ লগে লগে প্ৰতীকে পঢ়া আৱাসিক বিদ্যালয়খনৰ চৌহদ বন্ধ কৰি দিয়া হ’ল। বৌদ্ধিক প্ৰতিবন্ধী ২৫ টা শিশুৰ মাজৰে প্ৰতীকো এজন - শিশুসকলৰ বয়স ৬ৰ পৰা ১৮ বছৰৰ ভিতৰত আছিল - কিন্তু সকলোকে ঘৰলৈ ঘূৰাই পঠিওৱা হ’ল।
চোলাপুৰ জিলাৰ কাৰমালা তালুকত বৌদ্ধিক প্ৰতিবন্ধী শিশুৰ বাবে থকা জ্ঞান প্ৰবোধন মাতিৰ মান্দ নিবাসী বিদ্যালয়ৰ বিষয়ে এজন আত্মীয়ই জনোৱাৰ পিছত ২০১৮ৰ পৰা প্ৰতীক সেই বিদ্যালয়লৈ যাবলৈ ধৰিলে। প্ৰতীকৰ গাঁৱৰ পৰা বিদ্যালয়খনৰ দূৰত্ব প্ৰায় ১০ কি.মি. হ’ব। থানেৰ এটা স্বেচ্ছাসেৱী সংগঠন শ্ৰমিক মহিলা মণ্ডলে এই বিদ্যালয়খন পৰিচালনা কৰে, বিনামূলীয়াকৈ ছাত্ৰসকলক শিকোৱা হয় আৰু পৰিয়ালে কোনো ব্যয় বহন কৰিব নালাগে।
সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ১০ বজাৰ পৰা আবেলি ৪-৩০ বজালৈ ৪ জন শিক্ষকে পাঠদান কৰে আৰু শনিবাৰেও কেইঘণ্টমান শিকায়। শিক্ষকসকলে প্ৰতিবন্ধী ছাত্ৰসকলক কথা কোৱাৰ বাবে থেৰাপি দিয়াৰ লগতে শাৰীৰিক ব্যায়াম, নিজৰ যত্ন লোৱা, কাগজেৰে বস্তু বনোৱা, ভাষা শিকা, সংখ্যা আৰু ৰং তথা বিভিন্ন বস্তু চিনাক্তকৰণৰ লগতে বিভিন্ন বিষয় শিকায়।
কিন্তু প্ৰতীকৰ বিদ্যালয়ৰ পাঠগ্ৰহণৰ সকলো কাৰ্য্যসূচী বন্ধ কৰিলে, শিক্ষক আৰু আন সহপাঠীৰ সৈতে মত-বিনিময়ো বন্ধ হৈ পৰিল। ঘৰত সি নিজে মাৰাঠী আৰু ইংৰাজীৰ দূই-চাৰিটা বৰ্ণ মনত পেলাই লিখিবলৈ চেষ্টা কৰে।
লকডাউনৰ ফলত বিদ্যালয় বন্ধৰ সময় ১১ মাহলৈ বৃদ্ধি পালে, সি যিবোৰ শিকিছিল সকলো পাহৰি গ’ল, শাৰদাই তাকে লৈ চিন্তা কৰি কয়। যোৱা ডিচেম্বৰৰ পৰা প্ৰতীকে আখৰ লিখিবলৈ বাদ দিলে বুলি তেওঁ কয়। “মাৰ্চত যেতিয়া ঘৰলৈ ঘূৰাই অনা হ’ল, সি প্ৰায় নিৰ্বাক হৈ পৰিল। মাহবোৰ পাৰ হ’বলৈ ধৰাৰ লগে লগে সি খুব বিৰক্তি প্ৰকাশ কৰিবলৈ ধৰিলে আৰু মই মৰমেৰে কিবা কথা সুধিলেও সি খঙেৰে উত্তৰ দিয়ে,” শাৰদাই কয়।
ধীশক্তি বাধাগ্ৰস্ত শিশুৰ কাৰণে বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু প্ৰশিক্ষণ অতি দৰকাৰী বুলি মন্তব্য কৰে উত্তৰ-মধ্য মুম্বাইৰ ছায়নত থকা লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হস্পিতালৰ অধ্যাপক আৰু শিশু স্নায়ুৰোগ বিকাশৰ বাধাগ্ৰস্ততা সম্পৰ্কীয় বিশেষজ্ঞ ডা. মোনা গাজাৰেই। বিশেষ বিদ্যালয়ৰ গুৰুত্ব সম্পৰ্কে তেওঁ ব্যাখ্যা আগবঢ়াই কয়, “প্ৰতিটো কামকে সৰু সৰু একোটা ঢাপেৰে” আগুৱাই নিয়া হয়। তেওঁ কয় যে প্ৰতিটো ঢাপ বা পৰ্য্যায়কে ধৈৰ্য্য সহকাৰে পুনঃ পুনঃ দেখুওৱাৰ প্ৰক্ৰিয়াই “কামটো মনত ৰখা আৰু স্বয়ংক্ৰিয়তাৰে কৰাত সহায়ক হয়। যদি এই প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা নাথাকে, তেন্তে শিকা বিষয়বোৰ এনে শিশুসকলে (বৌদ্ধিক বাধাগ্ৰস্ত শিশু) পাহৰি যাবলৈ আৰম্ভ কৰে।”
শিশুসকলক তেওঁলোকৰ শিক্ষণৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ সিহঁতক ঘৰলৈ ঘূৰাই পঠোৱাৰ সময়ত প্ৰতীকক বিদ্যালয়ৰ পৰা কিছুমান শৈক্ষিক সমল দি পঠাইছিল। কিন্তু প্ৰতীকক তাৰ পাঠ্যক্ৰম ঘৰত অনুশীলন কৰোৱা শাৰদাৰ বাবে কঠিন হৈ পৰিল। “তাৰ শিক্ষকে ৰং আৰু বৰ্ণমালাৰ সচিত্ৰ তালিকা দিছিল। কিন্তু সি আমাৰ কথা নুশুনে আৰু আমিও কাম কৰিব লাগে,” সাৰদাই কয়। দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা শাৰদাই ঘৰৰ সকলো কাম কৰিব লাগে আৰু স্বামী দত্তাত্ৰেয়ৰ সৈতে তেওঁ পৰিয়ালৰ দুই একৰ মাটিৰ পথাৰত খেতিৰ কামো কৰিব লাগে।
পৰিয়ালৰ খোৱাৰ বাবে খাৰিফ শস্যৰ বতৰত তেওঁলোকে জোৱাৰ আৰু বজৰাৰ খেতি কৰে। সাৰদাই কয়, “নৱেম্বৰ মাহৰ পৰা মে’ মাহলৈকে মাহৰ ২০/২৫ দিনকৈ আমি আনৰ খেতি পথাৰত কাম কৰো।” তেওঁলোকৰ মাহেকীয়া উপাৰ্জন ৬,০০০ টকাৰ বেছি নহয়। নিজৰ সন্তানক সহায় কৰিবলৈ পিতৃ-মাতৃ ঘৰত বহি থাকিব নোৱাৰে - আৰু কাম নকৰিলে ইতিমধ্যে সংকুচিত হৈ পৰা আৰ্থিক অৱস্থাত তেওঁলোকে মজুৰি নোপোৱাকৈ থাকিব লাগিব।
প্ৰতীকৰ ১৮ বছৰীয়া ককায়েক বিকীয়ে তালুকৰ এখন মহাবিদ্যালয়ত দ্বাদশ শ্ৰেণীত পঢ়ি আছে, সিও প্ৰতীকক সহায় কৰিবলৈ সময় উলিয়াব নোৱাৰে। সি অনলাইন পাঠদানত উপস্থিত থাকিব লাগে (লকডাউনৰ পিছত)। তাৰোপৰি পৰিয়ালৰ কোনো লোকৰ হাতত স্মাৰ্টফোন নথকাৰ বাবে পঢ়াৰ কাৰণে সি এজন বন্ধুৰ ঘৰলৈ যাবলগা হয়।
যি সময়ত সকলো ছাত্ৰৰ বাবে অনলাইন শিক্ষা এক প্ৰত্যাহ্বান হৈ পৰিছে, ( অনলাইন ক্লাছ, অফলাইন বৈষম্য ), বিশেষকৈ বৌদ্ধিক বাধাগ্ৰস্ত শিশুৰ কাৰণে ই ডাঙৰ প্ৰতিবন্ধক হৈ পৰিছে, যিসকলে ইতিমধ্যে বিদ্যালয়ত নাম ভৰ্তি কৰিছিল। ৫ৰ পৰা ১৯ বছৰৰ বয়ঃসন্ধিৰ ৪ লাখ বৌদ্ধিক বাধাগ্ৰস্ত শিশুৰ ভিতৰত মাত্ৰ ১৮৫,০৮৬ গৰাকীয়েহে (ভাৰতত বৌদ্ধিক বাধাগ্ৰস্ত শিশুৰ সংখ্যা ৫ লাখৰো অধিক) শৈক্ষিক প্ৰতিষ্ঠানত ভৰ্তি হ’ব পাৰিছে, ২০১১ৰ জনগণনাৰ এই টোকা।
লকডাউনৰ সময়ত এনেকুৱা বহুতো প্ৰতিষ্ঠানে চৰকাৰে প্ৰেৰণ কৰা নিৰ্দেশনা লাভ কৰিছিল। সামাজিক ন্যায় আৰু বিশেষ সাহায্য বিভাগলৈ প্ৰতিবন্ধী ব্যক্তিৰ আয়ুক্তৰ কাৰ্য্যালয়ে ২০২০ৰ ১০ জুনত প্ৰেৰণ কৰা পত্ৰত মহামাৰীৰ সময়ত বিশেষ শিক্ষাৰ্থীসকলৰ বাবে অনলাইন শিক্ষাৰ অনুমোদন জনাবলৈ কোৱা হৈছে। চৰকাৰী পত্ৰখনত কোৱা হৈছিল: “আন জিলাৰ নবী মুম্বাইৰ খাৰঘৰত থকা বৌদ্ধিক বাধাগ্ৰস্ত ব্যক্তিৰ সৱলীকৰণৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ৱেবছাইটৰ উপলব্ধ শৈক্ষিক সমল ব্যৱহাৰ কৰাৰ দ্বাৰা অভিভাৱকৰ জৰিয়তে শিশুসকললৈ বিশেষ শিক্ষা আগবঢ়োৱাৰ কাৰ্য্যব্যৱস্থা হাতত ল’ব লাগিব আৰু লগতে প্ৰয়োজন সাপেক্ষে অভিভাৱককো এই শৈক্ষিক সমলসমূহ যোগান ধৰিব লাগিব।”
প্ৰতীকৰ বিদ্যালয়, জ্ঞান প্ৰবোধন বিদ্যালয়ে অভিভাৱকৰ শৈক্ষিক সমল অভিভাৱকলৈ প্ৰেৰণ কৰিছে - বৰ্ণমালাৰ তালিকা, সংখ্যা আৰু বস্তু, কবিতা আৰু গানৰ অনুশীলনী তথা আন শিকন সামগ্ৰী আৰু শিশুসকলক সহয়া কৰাৰ বাবে অভিভাৱকৰ সৈতে ফোনত কথাও পাতিছে। বিদ্যালয়লৰ কাৰ্য্যসূচী সমন্বয়ক ৰোহিত বাগাড়েই কয় যে তেওঁ সদায় শিশুসকলৰ অগ্ৰগতিৰ খতিয়ান ৰাখে আৰু অভিভাৱকসকলক ফোনত পৰামৰ্শ দিয়ে।
বাগাড়েই কয় যে বৌদ্ধিক বাধাগ্ৰস্ত ২৫ টা শিশুৰেই পিতৃ-মাতৃসকলে হয় ইটাভাতীত কাম কৰে বা কৃষিশ্ৰমিক নতুবা প্ৰান্তীয় কৃষক। “অভিভাৱকসকল নিজৰ সন্তানৰ কাষত বহিব লাগিব (পাঠ পঢ়াৰ সময়ত), কিন্তু দিনটো সন্তানৰ কাষত বহি থাকিলে তেওঁলোকে মজুৰী নাপাব,” তেওঁ কয়। “গতিকে প্ৰতীক বা আন কেইজন শিশু একো নকৰাকৈ ঘৰত বহি থকাৰ বাদে গত্যন্তৰ নাই। দৈনিক লিখা-পঢ়া আৰু খেলা-ধূলাই তেওঁলোকৰ আত্মনিৰ্ভৰতা বঢ়ায় আৰু তেওঁলোকৰ বিৰক্তিও দূৰ হয় তথা খঙৰ প্ৰশমন ঘটে। কিন্তু অনলাইন যোগে এইবিলাক অনুশীলন কৰোৱা অসুবিধাজনক, শিশুসকলৰ বাবে নিবিড় সান্নিধ্য প্ৰয়োজনীয়।”
প্ৰায় ১২,৬০০ অধিবাসী থকা গাওঁ ৰাছিনৰ বাসিন্দা আন এজন বৌদ্ধিকভাৱে বাধাগ্ৰস্ত ১৮ বছৰীয়া সংকেত হাম্বেৰ ওপৰতো বিদ্যালয় বন্ধ থকাৰ প্ৰভাৱ পৰিছে। মাৰ্চৰ পৰা সংকেতে সিহঁতৰ পকী ঘৰটোৰ চোতালত এছবেষ্টচেৰে নিৰ্মিত চালৰ তলত লোহাৰ সৰু বিচনা এখনত গোটেই দিন বহি থাকে, তললৈ মূৰ কৰি সময় কটায়, অৱশেষত হামিয়ায়। (ইয়াৰ উপৰি বিদ্যালয়খনে ১৮ বছৰ বয়সলৈকে শিশুক ভৰ্তিক কৰে, ইয়াৰ পিছত তেওঁলোক ঘৰত বহি থাকিবলগীয়া হয়। কাৰজাত তালুকত কেইখনমান বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিস্থান আছে। কিন্তু অতি সামান্য উপাৰ্জন কৰা কৃষিশ্ৰমিক অভিভাৱকসকলে এনে প্ৰতিস্থানত মাচুল দি নিজ সন্তানক প্ৰশিক্ষণ দিয়াব নোৱাৰে।)
ছয় বছৰমান বয়সতে স্বাস্থ্য পৰীক্ষা কৰোঁতে চিকিৎসকে ‘গভীৰ মানসিক বাধাগ্ৰস্ততা’ৰ সমস্যা ধৰা পেলোৱা সংকেতে কথা ক’ব নোৱাৰে আৰু সঘনে মৃগীৰোগৰ দ্বাৰা আক্ৰান্ত হৈ থাকে, তেওঁক নিয়মীয়াকৈ ঔষধ সেৱন কৰোৱা প্ৰয়োজন। সংকেতৰ বয়স ১৫ বছৰ হওঁতে, তেওঁৰ ৩৯ বছৰীয়া মাতৃ মনীষাই তেওঁক অঞ্চলটোৰ এগৰাকী আশা (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী)ৰ পৰামৰ্শমতে প্ৰথম বাৰৰ বাবে বিদ্যালয়লৈ নিছিল।
আগতে আমি তাক কাপোৰ পিন্ধাই দিবলগীয়া হৈছিল, গা ধুৱাই দিব লাগিছিল, শৌচাগাৰলৈ যোৱাৰ বাবেও সহা কৰিব লাগিছিল। সি তাৰ ওচৰত থকা মানুহবোৰলৈ একেৰাহে চাই থাকিছিল। কিন্তু বিদ্যালয়লৈ যোৱাৰ পিছত তাৰ বহুত ভাল হৈছিল,” মনীষাই ক’লে।
এতিয়া ১১ মাহ ধৰি বিদ্যালয়খন বন্ধ হৈ থকাৰ ফলত শৌচাগাৰ ব্যৱহাৰ কৰাৰ দৰে নিজে নিজৰ যত্ন লোৱাৰ প্ৰশিক্ষণ পাহৰি গ’ল। “যোৱা মাৰ্চ মাহত, ঘৰলৈ উভতি অহাৰ কেইসপ্তাহমানৰ পিছত সি তাৰ পেণ্টত মাটি সানি পেলালে, গাত মুখখন লগাই থকা হ’ল নাইবা দেৱাল চেলেকিবলৈ ধৰিলে,” মনীষাই কয়।
বিদ্যালয় বন্ধ হোৱাৰ বাবে প্ৰথমতে কেইসপ্তাহমান, তাৰপিছত কেইবামাহ এনেকৈ পাৰ হোৱাৰ পিছত মনীষাৰ উদ্বেগ বৃদ্ধি হ’বলৈ ধৰে। সংকটে প্ৰায়ে খঙাল, আঁকোৰগোজ আৰু নিদ্ৰাহীন হয়। “সি কেতিয়াবা গোটেই ৰাতি নোশোৱে। বিচনাত বহি থাকে, ইফাল-সিফাল কৰি থাকে,” মনীষাই কয়।
২০১০ চনত, ৩০ বছৰ বয়সত তেওঁ খেতিয়ক স্বামীয়ে আত্মহত্যা কৰাৰ পিছৰ পৰা ৰাছিন গাঁৱত থকা পিতৃগৃহত ১৯ বছৰীয়া জীয়াৰী ৰুটুজা আৰু পুত্ৰৰ সৈতে থাকিবলৈ লয়। (ৰুটুজাই দূৰ শিক্ষণৰ জৰিয়তে বি.এ. ডিগ্ৰীৰ বাবে পঢ়ি আছে আৰু সেইবাবে থানে জিলাৰ বদলাপুৰ চহৰত থকা মামীয়েকৰ ঘৰত থাকে)। মনীষাই গোটেই বছৰ ৭ একৰ পৈত্ৰিক কৃষিভূমিত কাম কৰে। পৰিয়ালটোৱে কৃষিশ্ৰমিকৰ সহায়ত মেইজ, জোৱাৰ আদি খাৰিফ শস্যৰ খেতি কৰাৰ লগতে ৰবি শস্যৰ খেতিও কৰে।
“মোৰ মা-দেউতাৰ বয়স ৮০ৰ উৰ্দ্ধ আৰু সংকেতৰ যত্ন ল’ব নোৱাৰে। তেওঁলোকে মৰমেৰে কিবা এটা ক’লেও সি তেওঁলোকক ঠেলা মাৰি দিয়ে, তেওঁলোকৰ গালৈ বস্তু দলিয়াই দিয়ে আৰু ডাঙৰৈ চিঞৰে।” ইফালে সকলো সময়তে মনীষা ঘৰত বহি থাকিবও নোৱাৰে। “পথাৰলৈ নগ’লে কাম কোনে কৰিব? আমি কি খাম?” মনীষাই প্ৰশ্ন কৰে।
যোৱা মাৰ্চ মাহত বিদ্য়ালয়ৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি আহিছিল, তেতিয়া সি ইমান খঙাল নাছিল। “সি মোৰ লগত পথাৰলৈ গৈছিল আৰু গৰুৰ বাবে ঘাঁহ ওপৰত কঢ়িয়াই আনিছিল। কিন্তু হঠাতে ছেপ্টেম্বৰৰ পৰা সি মোৰ লগত পথাৰলৈ নহা হ’ল,” তেওঁ কয়। পথাৰলৈ যাবলৈ লগ ধৰিলে সংকেতে মাক মনীষাক মাৰে। “মই তাক খং কৰিব নোৱাৰো। এগৰাকী মাতৃৰ বাবে সকলো সন্তান সমান। সি যি নহওঁক, সি মোৰ কলিজাৰ এফাল,” মনীষাই কয়।
মনীষাই দশম শ্ৰেণীলৈকে পঢ়িছিল আৰু বিদ্যালয়ৰ পৰা দিয়া ছবিৰ তালিকাৰ সহায়ত সংকেতৰ কোনো এটা বস্তু চিনাক্ত কৰা সম্পৰ্কে সংকেতক শিকাব বিচাৰিছিল। তেওঁ পথাৰৰ পৰা ঘূৰি অহাৰ পিছত সংকেতক এনেকৈ পঢ়াইছিল আৰু কেতিয়াবা ঘৰৰ কাম-কাজ কৰি থকাৰ মাজতে তাক শিকাবলৈ যত্ন কৰিছিল। “মই তাক বিদ্যালয়ে দিয়া চাৰ্টখন দেখুৱালেই সি দৌৰি দূৰলৈ গুছি যায় আৰু আন ঠাইত গৈ বহি থাকে। আমি কোৱা কথা নুশুনে।”
গভীৰভাৱে ধীশক্তি বাধাগ্ৰস্ত শিশুক বিদ্যালয়ত নিয়মীয়াকৈ শিকোওৱা, দৈনন্দিন অনুশীলন, বিদ্যালয়ত সহপাঠিৰ লগত কৰা খেলা-ধূলা, শৈক্ষিক সামগ্ৰীৰ সহায়ত শিকা আৰু ধাৰাবাহিকভাৱে নিজৰ যত্ন লোৱাৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা ঘৰত নথকাৰ বাবেই তেওঁলোকৰ আচৰণৰ সমস্যাই দেখা দিয়ে বুলি ৰোহিত বাগাড়েই কয়।
যদি এনে ধৰণৰ বাধাগ্ৰস্ত সিশুৰ পৰিয়ালত স্মাৰ্টফোন বা লেপটপ থাকে আৰু নেটৱৰ্কৰ কোনো সমস্যা নাথাকে, তেতিয়াও বিদ্যালয়ত সোঁশৰীৰে প্ৰদান কৰা শিক্ষাৰ যথেষ্ট প্ৰয়োজন বুলি তেওঁ কয়। “তদুপৰি বিশেষভাৱে সক্ষম শিশুক শিকাবলৈ যথেষ্ট ধৈৰ্য্য আৰু সহনশীলতাৰ প্ৰয়োজন, আৰু কোনো এটা নিৰ্দিষ্ট কাম সি বুজি নুঠালৈকে বাৰে বাৰে কৈ থকা অথবা সি নুবুজালৈকে তাক পতিয়ন নিওৱাৰ চেষ্টা কৰা অভিভাৱককৰ বাবে অসুবিধাজনক হয়। অভিভাৱকসকল তেনেধৰণৰ শিক্ষাদানত অভ্যস্ত নহয়, সেয়ে তেওঁলোকৰ ধৈৰ্য্যৰ অভাৱ ঘটে আৰু শিকাবলৈ বাদ দিয়ে, আৰু কয় যে তেওঁলোকৰ কথা নুশুনে।”
“বৌদ্ধিকভাৱে বাধাগ্ৰস্ত শিশুৰ শিক্ষাৰ ক্ষেত্ৰত নেৰানেপেৰাকৈ লাগি থকাটো মূল চাবিকাঠি,” মুম্বাইৰ লোকমান্য তিলক পৌৰ চিকিৎসালয়ৰ চিকিৎসক ডা: গাজৰেই কয়। চিকিৎসকগৰাকীয়ে উল্লেখ কৰে যে মহামাৰীৰ ফলত বিদ্যালয়সমূহ বন্ধ ৰখাৰ বাবে বাধাগ্ৰস্ত শিশুসকলক প্ৰদান কৰা বিশেষ শিক্ষাৰ পৰা শিশুসকল বঞ্চিত হয় আৰু সিহঁত পুনৰ পৰনিৰ্ভৰ হোৱাৰ লগতে পঢ়া-শুনা এৰি পেলোৱাৰ সংখ্যা বৃদ্ধি পায়। “বিশেষকৈ বাধাগ্ৰস্ত শিশুসকলৰ ক্ষেত্ৰত অনলাইন পাঠদানে বিদ্যালয়ত শিক্ষাদান কৰা আৰু প্ৰশিক্ষণ দিয়াৰ সমতুল্য হ’ব নোৱাৰে। লকডাউন ঘোষণাৰ পিছৰ পৰা বাধাগ্ৰস্ত ৩৫ টা শিশুক আমি অনলাইন পদ্ধতিৰে প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰিছিলো। অক্টোবৰত আমি লক্ষ্য কৰো যে অনলাইন শিক্ষাগ্ৰহণ কৰিবলৈ উপস্থিত থকা শিশুৰ সংখ্যা ৮-১০ জনলৈ হ্ৰাস পায়,” চিকিৎসালয়খনৰ মানসিক বাধাগ্ৰস্ততা দূৰীকৰণ কেন্দ্ৰত নামভৰ্তি সম্পৰ্কে ডা: গাজৰেই এইদৰে কয়।
সমগ্ৰ মহাৰাষ্ট্ৰত দৃষ্টিহীন, শ্ৰৱণশক্তিহীন, বৌদ্ধিক বাধাগ্ৰস্ত অথবা আন সমস্যাযুক্ত শিশুৰ বাবে কমেও ১১০০ খন চৰকাৰী সাহায্যপ্ৰাপ্ত বা সাহায্য় নোপোৱা বিশেষ আবাসিক বিদ্যালয় আছে বুলি যশোৱন্ত ৰাজচৱন প্ৰতিষ্ঠানৰ প্ৰতিবন্ধী অধিকাৰ মঞ্চ (এটা অনা-চৰকাৰী ন্যাস)ৰ সমন্বয়ক বিজয় কানহেকাৰে কয়। তেওঁ কয় যে বৰ্তমান মহাৰাষ্ট্ৰৰ এই সকলো বিদ্যালয় বন্ধ হৈ আছে।
আগৰ দৰে বিদ্যালয়সমূৰ পাঠদান আৰম্ভ হ’লেও প্ৰতীক আৰু সংকেতে পঢ়া বিদ্যালয়খনৰ শ্ৰেণীসমূহৰ পুনৰ আৰম্ভ কৰাত সমস্যাই দেখা দিছে। ৰাজ্য চৰকাৰে পুনৰ চলাবলৈ অনুমতি দিছে যদিও ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু ক্ৰীড়া বিভাগলৈ আৰ্থিক সাহায্য বিচাৰি অসংখ্য পত্ৰ প্ৰেৰণ কৰা স্বত্ত্বেও কোনোধৰণৰ সাহায্য বা অনুদান লাভ কৰা নাই। মাৰ্চৰ পৰা বিদ্যালয়খনে কোনোধৰণৰ দন লাভ কৰা নাই। মাত্ৰ কেইটামান ন্যাস আৰু কেইজনমান ব্যক্তিয়ে অলপ বৰঙনি আগবঢ়াইছে যদিও বিদ্যালয় পুনৰ আৰম্ভ কৰা অসুবিধা হ’ব।
“আমি অভিভাৱকৰ পৰা কোনো মাচুল নলওঁ, সেয়ে বৰঙনি বৰ আৱশ্যকীয়। বিশেষকৈ মহামাৰীৰ সময়ত আমাৰ সহায়কাৰী আৰু শিক্ষকৰ বাবে সুৰক্ষা ব্যৱস্থা হিচাপে পি.পি.ই. কিট আদিৰে আমাৰ বিদ্যালয় সু-সজ্জিত হোৱা উচিত আছিল - কিয়নো আমাৰ বহুতো ল’ৰা-ছোৱালীৰ স্বাস্থ্যজনিত সমস্যা আছে,” বাগাড়েই কয়।
“মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ আবাসিক সকলো বিদ্যালয় বৰ্তমান বন্ধ হৈ আছে আৰু ল’ৰা-ছোৱালীবিলাক কোনো অধ্যয়ন-অনুশীলন নোহোৱাকৈ ঘৰত বহি আছে। এই অৱস্থাই ল’ৰা-ছোৱালীবিলাকক খঙাল কৰিছে আৰু এনেধৰণৰ বাধাগ্ৰস্ত শিশু লালন-পালন কৰা অবিভাৱকৰ মানসিক অৱস্থাও আহত হৈছে,” বিজয় কানহেকাৰে কয়।
নিৰাপদ বিশেষ বিদ্যালয় গঢ়ি তোলাৰ বাবে তেওঁৰ সংস্থাটোৱে সাহায্য বিচাৰিছিল - “সকলো প্ৰট’কল আৰু নিৰাপত্তাৰ ব্যৱস্থা থকা ক’ভিড কেন্দ্ৰ পৰ্য্যায়ৰ বিশেষ বিদ্যালয়,” কানহেকাৰে কয়। মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় আৰু বিশেষ সাহায্য বিভাগলৈ আবেদন জনোৱা হৈছিল। কানহেকাৰে লগতে কয় যে প্ৰতিবন্ধী শিশুসকলে সকলোৰে আগতে টীকা লাভ কৰা উচিত।
সদ্যহতে বিদ্যালয় নাই, নিয়মীয়া পঢ়া-শুনা নাই, বন্ধু নাই, কৰিবলগীয়া বা শিকিবলগীয়া নাই - সেয়ে প্ৰতীক বা সংকেতৰ দৰে শিশুৱে ঘৰৰ আগচোতালত প্ৰায় নিসংগতাৰে দিন পাৰ কৰিছে। সম্ভৱতঃ তেওঁলোকে মহামাৰী সম্পৰ্কে বিশেষ একো নাজানে। প্ৰতীকে কেতিয়াবা টিভিত ক’ভিড সম্পৰ্কীয় উপদেশ-পৰামৰ্শবিলাক দেখি কয়, “ক’লনা…ক’লনা…ক’লনা…”
অনুবাদ: পংকজ দাস