ভালাপাৰ্লা তিৰুপথাম্মাই স্বস্তিৰ নিশ্বাস এৰিছে। গুণ্টুৰ জিলাৰ নীৰুকোণ্ডা গাঁৱৰ নৱনিৰ্মিত এছআৰএম বিশ্ববিদ্যালয়ৰ মজিয়াবোৰত ছিটিকি পৰা ৰং চাফা কৰা কামত তাইক লগোৱা হৈছিল। 'আমি যোৱা ৩-৪ বছৰত বেছি কাম পোৱা নাছিলো, সেয়ে কাম পাই আমি সুখী হৈছিলো। কিন্তু সেই সুখ আছিল ক্ষন্তেকীয়,’ তাই কয়। দুসপ্তাহ পিছত ২৯ বৰ্ষীয় ভালাপাৰ্লাক কোনো কাৰণ নদৰ্শোৱাকৈ কাম এৰি যাবলৈ কোৱা হৈছিল।
৪০ বৰ্ষীয় উষ্টালা মেৰী মাথাকো কামৰ পৰা খেদি দিয়া হৈছিল। 'ৰং চাফা কৰাৰ বাবে আমাক দিনে ২৫০ টকা দিয়া হৈছিল। কাম শেষ হোৱাৰ পিছত আমাক যাবলৈ দিয়া হৈছিল। তেঁওলোকৰ মতে আমাৰ 'বয়স’ হৈছে আৰু কামৰ বাবে যোগ্য নহয়,’ তাই কয়।
২০১৮ৰ মে’ মাহত শ্ৰমিকৰ সন্ধানত ঠিকাদেৰে নীৰুকোণ্ডাত থকা ১৫০০ মান জনসংখ্যাৰ দলিত চুবুৰীলৈ আহে। ২০ জনীয়া পুৰুষ-মহিলাৰ দল এটা বাচনি কৰা হয়। 'কাম থাকিলে তেঁওলোকে আহি আমাক লৈ যায়। কাম শেষ হ’লে আমাক পঠিয়াই দিয়ে,’ ৬০ বৰ্ষীয় কুৰাগান্তি বাজৰামে কয়। 'অৱশ্যে আমি সকলো কৰ্মহীন হৈ পৰিছো কাৰণে এতিয়া শ্ৰমিকৰ অভাৱ নাইকিয়া হৈছে।’
কিছুমানে এতিয়াও বিশ্ববিদ্যালয়খনৰ বাগিছা আৰু গৃহ পৰিচৰ্যা বিভাগত কাম কৰি আছে, কিন্তু কিমানদিনলৈ সেই কাম কৰিব পাৰিব তাৰ নিশ্চয়তা নাই। অইন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ দৰে এছআৰএম বিশ্ববিদ্যালয়খনো অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী অমৰাৱতীৰ 'জ্ঞানৰ চহৰ’ৰ 'জ্ঞান সংগমস্থল’ৰ এটা অংশ। জ্ঞানৰ এই সংগমস্থলত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, কৰ্প’ৰেট আৰু ৰাজহুৱা খণ্ডৰ গৱেষণা আৰু উন্নয়ন বিভাগ, 'কৌশল বিকাশ’ প্ৰতিষ্ঠান আৰু এটা 'উদ্যমীতাৰ কেন্দ্ৰ’ অন্তৰ্ভুক্ত। এই থূপৰ প্ৰথম পৰ্যায়ত ৭৫ একৰ মাটি সামৰি লোৱা হৈছে, এয়া ২০২২লৈ সাজু হৈ উঠিব। পৰৱৰ্তী পৰ্যায়ৰ নিৰ্মাণকাৰ্য ২০৩৭ত সাজু হ’ব বুলি অন্ধ্ৰপ্ৰদেশ ৰাজধানী অঞ্চল উন্নয়ন কৰ্তৃপক্ষ (এপিচিআৰডিএ)ৰ এখন নথিত উল্লেখ আছে।











