নিজৰ খেতিৰ পৰা চিগি আনি হাতত লোৱা এমুঠি এৰাগুটিলৈ দেখুৱাই নাৰায়ণ গাইকোৱাডৰ ক’লহাপুৰি চেন্দেললৈ মনত পৰি যায়। আজিৰ পৰা ২০ বছৰ আগতে ক’লহাপুৰি চেন্দেলৰ সৈতে এৰাগুটিৰ তেলৰ সম্পৰ্ক আছিল। “আমি ক’লহাপুৰি চেন্দেল বনোৱাৰ সময়ত এৰাগুটিৰ তেল ব্যৱহাৰ কৰিছিলো। এই তেল লগালে চেন্দেলবোৰ বেছিদিনলৈ টিকিছিল,” গোটেই দেশতে জনাজাত ক’লহাপুৰি চেন্দেল আৰু তেলবিধৰ মাজৰ ওচৰ-সম্পৰ্ক ব্যাখ্যা কৰি ৭৭ বৰ্ষীয় খেতিয়কজনে কয়।
ক’লহাপুৰি চেন্দেল ঘঁহি মিহি কৰিবলৈ ক’লহাপুৰ জিলাত এৰাগুটিৰ তেল বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। ম’হ বা গৰুৰ চামৰা ব্যৱহাৰ কৰি বনোৱা এই চেন্দেল ঘঁহি মিহি কৰিলে চামৰা নৰম হয় আৰু গঢ় লয়, ঘঁহিবলৈ এৰাগুটিৰ তেল ব্যৱহাৰ কৰা হৈছিল।
ক’লহাপুৰৰ স্থানীয় নহ’লেও এৰা (Ricinus communis)ৰ খেতি এই অঞ্চলত বহুলভাৱে কৰা হৈছিল। এই সেউজীয়া পাতৰ এৰাৰ খেতি গোটেই বছৰটো কৰিব পাৰি। বিশ্বৰ সৰ্বাধিক এৰাগুটি উৎপাদন কৰা দেশ হৈছে ভাৰত, ২০২১-২২ত ভাৰতবৰ্ষই ১৬.৫ লাখ টন এৰাগুটি উৎপাদন কৰিছে। দেশৰ এৰাগুটি উৎপাদনৰ ক্ষেত্রত শীৰ্ষত আছে গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, ওড়িশা আৰু ৰাজস্থান।
“মাঝে বাদিন ৯৬ বৰ্ষ জাগলে (মোৰ পিতৃ ৯৬ বছৰ জীয়াই আছিল) - তেওঁ গোটেই বছৰটো এৰাগছৰ খেতি কৰিছিল,” বছৰ বছৰ ধৰি নিজৰ ৩.২৫ একৰ মাটিত খেতি কৰি পিতৃৰ পৰম্পৰা জীয়াই ৰখা নাৰায়ণে কয়। তেওঁ কয় যে যোৱা ১৫০ বছৰ ধৰি তেওঁলোকৰ পৰিয়ালে এৰাগুটিৰ খেতি কৰি আহিছে। “আমি এই থলুৱা ইৰান্দি বিন আকৃতিৰ বীজবিধ এনেকৈ সংৰক্ষণ কৰি আহিছো। এই বীজবোৰ অতিকমেও এটা শতিকা পুৰণি,” বাতৰি কাকতত সযতনে মেৰিয়াই থৈ দিয়া বীজখিনি দেখুৱাই নাৰায়নে আমাক কয়। “ফকত বাইকৌ আনি মি ছেৱকিন (এতিয়া ইয়াৰ সংৰক্ষণ কেৱল মই আৰু মোৰ পত্নীয়ে কৰিছো)।”
নাৰায়ণ আৰু তেওঁৰ পত্নী কুসুমেও কোনো মেচিনৰ সহায় নোলোৱাকৈ নিজৰ খেতিৰ এৰাগুটিৰ তেল নিষ্কাশন কৰি আহিছে। আশে-পাশে থকা তেলৰ মিলবোৰ বন্ধ হৈ গ’লেও তেওঁলোকে এই কষ্টসাধ্য মেনুৱেল কাম নিজহাতে কৰি আহিছে। “আগতে আমি তিনিমাহত এবাৰকৈ তেল নিষ্কাশণৰ কাম কৰিছিলো,” নাৰায়ণে কয়।



















