সন্ধ্যা নমাৰ লগে লগে শাৰী শাৰী লাইটেৰে সজোৱা ওম শক্তিৰ কাট-আউটটো পোহৰৰে উজলি উঠিছে। বাংগালামেডুৰ জনজাতীয় ইৰুলা সম্প্ৰদায়ৰ লোকসকলে ওম শক্তি দেৱীৰ বাবে বাৰ্ষিক তিৰুবিলা পৰ্ব (তপত অঙঠাত খোজ কঢ়া) এনেকৈয়ে উদযাপন কৰিবলৈ ওলাইছে।
গোটেই দুপৰীয়াটো জ্বলি ঠকা কাঠৰ টুকুৰাবোৰ অঙঠালৈ পৰিণত হৈছিল আৰু স্বেচ্ছাসেৱকসকলে সেইবোৰ জুইকুৰাৰ ওপৰেৰে বিছনাত ফুল সজাই থোৱাৰ দৰেকৈ বিয়পাই দিছিল। এই কাৰণেই টিমিটিক ইৰুলাৰসকলে ‘পু-মিতি’ বুলি কয়, যাৰ অৰ্থ হৈছে ‘ফুলৰ ওপৰত খোজ কঢ়া’।
সমগ্ৰ আকাশ-বতাহ তিৰুবিলা পৰ্বক লৈ মুখৰিত হৈ পৰিছে। আজি শ শ মানুহ ওলাই আহিছে ইয়াৰ সাক্ষী হ’বলৈ। এইগৰাকী দেৱী প্ৰথমে ইৰুলাবাসীৰ দেৱতা নাছিল যদিও শক্তি আৰু শক্তিৰ অধিকাৰী হিচাপে সমগ্ৰ তামিলনাডুতে তেওঁৰ অগণন ভক্ত আছে।
ইৰুলাৰসকলক (‘ইৰুলা’ বুলিও জনা যায়) অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া হৈছে। কাননিয়াম্মাক পৰম্পৰাগতভাৱে ইৰুলাসকলে পূজা কৰে, যি নেকি তেওঁলোকৰ মতে সাতজন কুমাৰী ঠাকুৰানিৰ ভিতৰত অন্যতম। প্ৰতিটো ইৰুলাৰ পৰিয়ালৰ ঘৰতেই কাননিয়াম্মাৰ প্ৰতীক হিচাপে নিম পাতৰ ডাল এটাত এটা কলাসম (মাটিৰ কলহ) থোৱা দেখা যায়।
























