পাৰিবাৰিক জীৱনৰ আশা আৰু হা-হতাশা প্ৰতিফলিত হোৱা লোকগীত আৰু জাঁতশালৰ গীত মাকে গুণগুণোৱা ছায়া উবালেৰ এতিয়াও কাণত বাজে


Pune, Maharashtra
|TUE, DEC 31, 2024
তিতা কেৰেলাক মিঠা কৰা
Author
Translator
“মোৰ মায়ে বহুত গীত গাইছিল, গুণগুণাইছিল। কিন্তু সেইবোৰ এতিয়া মনত পেলোৱাটো টান,” ছায়া উবালেক আমি মহাৰাষ্ট্ৰৰ পুণে জিলাৰ শিৰুৰ তালুকৰ নিজ ঘৰত লগ পাওঁতে তেওঁ আমাক কৈছিল। জাঁতশালৰ গীতৰ প্ৰকল্প (গ্ৰিণ্ডমিল চংগছ প্ৰজেক্ট চমুকৈ জিএছপি)ত আমি জাঁতশালৰ গীত গোৱা শিল্পীসকলক লগ পাবলৈ কৰা যাত্ৰাৰ অংশ হিচাপেই ২০১৭ৰ অক্টোবৰত উপস্থিত হৈছিলো চাবিনদানে গাঁৱৰ পাৱাৰ পৰিয়ালৰ ঘৰত। নাতি-পুতি, বোৱাৰী-জীয়াৰীৰে সেইখন ঘৰ ভৰি আছিল।
কিন্তু আমি গীত গোৱা গীতা পাৱাৰক লগ নাপালো, চাৰি বছৰ আগেয়ে তেওঁ ঢুকাইছে। থাকিল ছায়া উবালে, তেওঁৰ ওপৰতে মাকে গোৱা গীতবোৰ পুনৰোদ্ধাৰৰ ভৰসা। ৪৩ বৰ্ষীয় ছায়াই মাকৰ পুৰণি ৰূপৰ ভৰিৰ আঙঠি (জড়াভে) আমাক দেখুৱাইছে, বৰ চেনেহেৰে তেওঁলোকে মাকৰ বন্ধোৱা ফটোৰ কাষত ৰাখিছে।
মাকৰ মুখত শুনা অ’ভিবোৰ মনত পেলাবলৈ চেষ্টা কৰা ছায়াই মৃদু কণ্ঠেৰে দুটি লোকগীতৰ মাজত চাৰিটা জাঁতশালৰ গীত গালে। তাৰে এটা সুখৰ আৰু আনটো দুখৰ। তেওঁ ভদ্ৰৰ ৰজা অশ্বপতিৰ জীয়ৰী কিম্বদন্তি সাবিত্ৰীৰ গুণ বখানা দুশাৰীৰ কাহিনী এটাৰে আৰম্ভ কৰিছে। এই যুগ্মকেই সেই গালা (সুৰ) যিটোৰ যোগেদি গায়কে নিজকে অ’ভি গাবলৈ প্ৰস্তুত কৰে আৰু এয়াই নিয়ম।

Samyukta Shastri

Samyukta Shastri

Samyukta Shastri
প্ৰথমটো লোকগীতত তেওঁ মহাভাৰতৰ কৌৰৱৰ সৈতে পঞ্চপাণ্ডৱৰ সংঘৰ্ষময় পৰিস্থিতিক তেওঁৰ দৈনন্দিন জীৱনটোত মহিলা হিচাপে কেনেদৰে বিশাল যৌথ পৰিয়াল এটাত কাম-বনৰ মাজত উশাহ নোপোৱা অৱস্থাৰ সৈতে তুলনা কৰিছে। তেওঁ পন্ধৰপুৰৰ মন্দিৰৰ শ্ৰী ভিত্থল-ৰুক্মিনীৰ প্ৰতি থকা ভক্তিৰ প্ৰসংগ টানিছে আৰু সেই দেৱ-দেৱীৰে নিজৰ মাক-দেউতাকৰ তুলনা কৰিছে। নিজৰ মাক-দেউতাকৰ কথা কওতে ছায়াৰ মাতটো কঁপিছে আৰু নিগৰি অহা চকুলো তেওঁ ৰখাব পৰা নাই। যেন এইমাত্ৰ মেঘৰ বিস্ফোৰণ ঘটিব আৰু ধাৰাসাৰ বৃষ্টি নামি আহিব, ঘৰটোৰ টিনৰ চালিত প্ৰচণ্ড শব্দ কৰিব।
পৰৱৰ্তী স্তৱকত তেওঁ নিজৰ চাৰি বৰজনা আৰু চাৰিগৰাকী বৌৰ কথা শুনা আৰু তেওঁলোকক আল-পৈচান ধৰোতে হোৱা কষ্টৰ কথা ভায়েকক কৈছে।
লোকগীতৰ পিছৰ চাৰিটা অ’ভিত ছায়াই খুৰা-খুৰীয়েকৰ পৰা শিশু এটাই পোৱা মৰম-চেনেহ আৰু উপহাৰৰ কথা কৈছে। শিশুটিৰ মোমায়েকে ভাগিন বুলি ৰঙা চোলা আৰু টুপি এটা আনিছে। শিশুটিয়ে বোধহয় ভোকত যেতিয়া কান্দিছে, গীত গোৱাজনে তাক দৈ-ভাত খুৱাই নিচুকোৱাৰ কথা কৈছে।
নিজৰ চকুপানী মচি সেই দুখৰ পৰা ততালিকে ওলাই আহি ছায়াই ৰগৰ ভৰা লোকগীত এটাৰে মোখনি মাৰিছে: দিগদাৰি কৰি থকা শাহুৱেকজনী, যাক মোটামুটি তিতাকেৰেলা বুলিব পাৰি, তেওঁক সন্তুষ্ট কৰাটো বোৱাৰীৰ বাবে কিমান টান কাম। আপুনি যিমানেই নাৰান্ধক কিয়, সেয়া তিতাই হৈ থাকিব, তাক মিঠা কৰাৰ উপায় নাই। আমি এই গীত শুনি ছায়াৰ লগতে হাঁহিলো।
লোকগীত:
गिरीजा आसू गाळिते
भद्र देशाचा अश्वपती राजा पुण्यवान किती
पोटी सावित्री कन्या सती केली जगामध्ये किर्ती
एकशेएक कौरव आणि पाची पांडव
साळीका डाळीका गिरीजा कांडण कांडती
गिरीजा कांडण कांडती, गिरीजा हलक्यानं पुसती
तुमी कोण्या देशीचं? तुमी कोण्या घरचं?
आमी पंढरपूर देशाचं, काय विठ्ठलं घरचं
विठ्ठल माझा पिता, रुक्मिनी माझी माता
एवढा निरोप काय, सांगावा त्या दोघा
पंचमी सणाला काय ये बंधवा न्यायाला
ए बंधवा, ए बंधवा, तुझं पाऊल धुईते
गिरीजा पाऊल धुईते, गिरीजा आसू जी गाळिते
तुला कुणी बाई नि भुलीलं, तुला कुणी बाई गांजिलं
मला कुणी नाही भुलीलं, मला कुणी नाही गांजिलं
मला चौघे जण दीर, चौघे जण जावा
एवढा तरास मी कसा काढू रे बंधवा
গিৰিজাই চকুলো টোকে
কিমান যে ভাগ্যৱান ভদ্ৰৰ ৰজা অশ্বপতি
তেওঁৰ যে জীয়াৰী কিম্বদন্তি জগতে জনা সাবিত্ৰী
কৌৰৱৰ শতপুত্ৰ আৰু পাণ্ডৱৰ পাঁচ
গিৰিজাইও চাউল পিহে
পিহাৰ মাজতে তেওঁ লাহেকৈ সোধে
কোন দেশৰ পৰা আহিছা? ক’ত তোমাৰ ঘৰ?
আমাৰ ঘৰ পান্ধাপুৰত, ভিত্থলৰ ঘৰৰ ছোৱালী
ভিত্থল মোৰ পিতৃ, ৰুক্মিণী মোৰ মা
তেওঁলোক দুয়োকে ক’বা
পঞ্চমী উত্সৱৰ দিনা মোক নিবলৈ ভাইটোক পঠিয়াবা
অ মোৰ ভাইটো, মই তোৰ ভৰি ধুৱাই দিম
গিৰিজাই ভৰি ধুৱাই দিব, গিৰিজাই কান্দে অ’ ভাই
কোনে তোক পাহৰি গ’ল, কোনে তোক আমনি কৰিছে
কোনোৱে পাহৰা নাই মোক, কোনেও দিয়া নাই কষ্ট
কিন্তু মোৰ যে বৰজনা চাৰি, বৌ চাৰিজনী
এই জঞ্জালখনহে মই কেনেকৈ চম্ভালো মোৰ ভাই
অ’ভি (জাঁতশালৰ গীত):
अंगण-टोपडं सीता घालिती बाळाला
कोणाची लागी दृष्ट, काळं लाविती गालाला
अंगण-टोपडं हे बाळ कुणी नटविलं
माझ्या गं बाळाच्या मामानं पाठविलं
माझ्या गं योगेशच्या मामानं पाठविलं
अंगण-टोपडं गं बाळ दिसं लालं-लालं
माझ्या गं बाळाची मावशी आली कालं
रडतया बाळ त्याला रडू नको देऊ
वाटीत दहीभात त्याला खायला देऊ
সীতাই তাইৰ ছোৱালীজনীক পিন্ধাইছে এটা চোলা আৰু টুপি
মুখ নালাগিবলৈ গালত দিছে ক’লা এটা ফোঁট
সি পিন্ধা সেই চোলা আৰু টুপি
মোমায়েকে ভাগিনীৰ কাৰণে দি পঠিয়াইছে
মোৰ কণমানি যোগেশৰ মোমায়েকে পঠিয়াইছে
চোলা আৰু টুপিৰে ৰঙা সাজত কণমানিটোক সজাই তোলা হৈছে
মোৰ কণমানিটোৰ মামীয়েক কালি আহিছিল আমাৰ ঘৰলৈ।
শিশুটিয়ে কান্দিছে, তাক নিচুকোৱা
তাক বাতি এটাত লৈ দৈ-ভাত খুওৱা
লোকগীত:
सासू खट्याळ लई माझी
सासू खट्याळ लई माझी सदा तिची नाराजी
गोड करू कशी बाई कडू कारल्याची भाजी (२)
शेजारच्या गंगीनं लावली सासूला चुगली
गंगीच्या सांगण्यानं सासूही फुगली
पोरं करी आजी-आजी, नाही बोलायला ती राजी
गोड करू कशी बाई कडू कारल्याची भाजी
सासू खट्याळ लई माझी सदा तिची नाराजी
মোক লটিঘটি কৰি মৰা শাহু আই
শাহু আইয়ে বৰকৈ কৰে নগুৰ-নাগতি, সদায়েই ওফন্দে
মইনো কেনেকৈ তিতা কেৰেলাক মিঠা কৰিব পাৰো (২)
চুবুৰীয়া গংগীয়ে মোৰ বিষয়ে তাইক বেয়াকৈ কয়
তাকে শুনি শাহুআই টিঙিৰাতুলা হয়
নাতিহঁতে আইতা আইতা কৰি মৰমতে কাষলৈ যায
তেওঁহে পিছে কথাকে নকয়, থাকে মুখ ওফন্দাই
মইনো কেনেকৈ তিতা কেৰেলাক মিঠা কৰিব পাৰো
শাহু আইয়ে বৰকৈ কৰে নগুৰ-নাগতি, সদায়েই ওফন্দে
পৰিৱেশক/ গীতিকাৰ: ছায়া উবালে
গাওঁ চাবিনদানে
তালুক: শিৰুৰ
জিলা: পুণে
তাৰিখ: এই গীতকেইটা বাণীবদ্ধ কৰা হৈছিল আৰু ফটো তোলা হৈছিল ২০১৭ৰ অক্টোবৰত
পোষ্টাৰ: সিঞ্চিতা পৰ্বত
হেমা ৰাইৰ্কাৰ আৰু গী পইটভাঁয়ে আৰম্ভ কৰা আচল জাঁতশালৰ গীতৰ প্ৰকল্পৰ বিষয়ে পঢ়ক।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/making-bitter-gourd-sweet-as

