ই এক অপ্ৰত্যাশিত যাদুখেলৰ দৰেই৷ তেওঁৰ দোকানৰ পিছফালে থকা পুৰণি নীলা বাকচৰ পৰা ডি ফাতিমাই সম্পদখিনি উলিয়াই আনিছে। প্ৰতিটোৱেই এটা শিল্পকৰ্মতকৈ কম নহয়: থুথুকুড়িৰ সিপাৰৰ গভীৰ সাগৰত বাস কৰা সেই ডাঙৰ ডাঙৰ শক্তিশালী মাছবোৰ এতিয়া ৰ’দ, নিমখ আৰু দক্ষ হাতৰ পৰশত শুকুৱাই সংৰক্ষিত হৈছে।
ফাটিমাই কুইন মাছ এটা উলিয়াই চকুৰ আগত দাঙি ধৰিলে। মাছটো তেওঁ যিমান ওখ, তাৰ আধা হ’ব, মাছটোৰ মুখেৰে হাত এখন সহজে সোমাই যাব। মাছটোৰ মুখৰ পৰা ফিচালৈকে দকৈ কাটি পেলোৱা হৈছে, য’ত তেওঁ চোকা দাৰে ডাঠ মাংসখিনি ফালি পেলাইছে, পেটুবোৰ আঁতৰাই মাছটোৰ ভিতৰত নিমখ ভৰাই দিছে; আৰু ইমান তীব্ৰ ৰ’দৰ শুকুৱাইছে যে য’তেই ৰ’দ পৰিছে, সেয়াই শুকাই গৈছে - মাছ, পৃথিৱী, মানুহ, সকলো...
তেওঁৰ মুখ আৰু হাতৰ ৰেখাই সেই ৰ’দেপোৰা কাহিনীকে কয়। কিন্তু তেওঁ আন এটাৰে আৰম্ভ কৰে। এটা বেলেগ যুগৰ, যেতিয়া তেওঁৰ আচি (আইতা)য়ে মাছত নিমখ দিছিল আৰু মাছ বিক্ৰী কৰিছিল। কাহিনীটো বেলেগ এখন চহৰ আৰু এটা ৰাস্তাৰ। তেতিয়া ৰাস্তাৰ সিপাৰৰ কেনেলটো মাত্ৰ কেইফুটমান বহল আছিল, তেওঁলোকৰ পুৰণি ঘৰটোৰ ঠিক পিছতে। তাৰপিছত আহিল ২০০৪ চনৰ চুনামী। তেওঁলোকৰ জীৱনলৈ বোকা আৰু নলা-নৰ্দমাৰ মল লৈ আহিল। আৰু তাৰ লগে লগে নতুন ঘৰৰ প্ৰতিশ্ৰুতিও। অৱশ্যে এটা সমস্যা আছিল। নতুন ঘৰটো নিৰ্মিত ঘৰটো আছিল “ৰম্ভা ধূৰম [বহুত দূৰ],” ফাতিমাই মূৰটো হেলনীয়া কৰি হাত এখন তুলি দূৰত্ব বুজাবলৈ চেষ্টা কৰে। বাছেৰে প্ৰায় আধা ঘণ্টা সময় লাগে, মাছ ক্ৰয় কৰিবলৈ হ’লে সাগৰৰ পাৰলৈ আহিবই লাগিব।
ন বছৰৰ পাছত ফাতিমা আৰু তেওঁৰ ভনীয়েকহঁতে নিজৰ পুৰণি চুবুৰীটোলৈ উভতি আহিল – থুথুকুড়ি চহৰৰ প্ৰান্তৰ টেৰেছপুৰম এলেকালৈ। ঘৰ আৰু দোকানখন এতিয়া বহল হৈ পৰা খাল এটাৰ কাষতে, পানীৰ গতি লেহেম। আবেলিটো থিৰ হৈ পৰিছে, কিছু নিমখ আৰু বহুত ৰ’দত মহিলাৰ জীৱনবোৰ বচাই ৰখা সেই শুকান মাছবোৰৰ দৰে থিৰ।
৬৪ বছৰীয়া ফাতিমা বিয়া নোহোৱালৈকে আইতাকৰ মাছৰ ব্যৱসায়ত জড়িত আছিল। দুটা দশকৰো আগত স্বামীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ এই ব্যৱসায়ত নামি পৰিল। ফাতিমাই আঠ বছৰ বয়সৰ স্মৃতি মনত পেলায়, তেতিয়া জালত লগা মাছবোৰ ধৰফৰাই আছিল। জালখন চপায় মানে মাছৰ ধৰফৰনি বাঢ়িছিল। ইমান সতেজ আছিল মাছবোৰ। এতিয়া প্ৰায় ৫৬ বছৰ বয়সৰ পাছত, এই ‘বৰফৰ মাছ’বোৰেই দেখি থাকো, তেওঁ কয়। নাওবোৰে মাছ পেকিং কৰিবলৈ বৰফ কঢ়িয়াই আনে, আৰু লৈ যায়। ডাঙৰ ডাঙৰ মাছ লাখ টকাত বিক্ৰী হয়। “তেতিয়া আমি অনা-পইচাৰে লেনদেন কৰিছিলো, এশ টকা বৰ ডাঙৰ কথা আছিল। এতিয়া হাজাৰ আৰু লাখত লেনদেন হয়।”



























