বয়স ৯৭ হ’লে কি হ’ল, লক্ষীকান্ত মাহাতোৰ কণ্ঠ একেবাৰে স্পষ্ট আৰু গমগমীয়া। কথাত অনুনাদ উঠা এইজন সুঠাম লোকৰ আচাৰ-আচৰণ আৰু অভিব্যক্তি দেখি আপোনাৰ চকুৰ আগত ভাঁহি উঠিব ৰবীন্দ্ৰনাথ ঠাকুৰ।
২০২২ৰ মাৰ্চত যেতিয়া লক্ষীক লগ পাওঁ, তেওঁ পশ্চিমবংগৰ পিঁড়ৰা গাঁৱৰ তেওঁৰ এটা কোঠালীৰ জৰাজীৰ্ণ ঘৰটোত তেওঁৰ অতিকৈ প্ৰিয় বন্ধু থেলু মাহাতোৰ লগত চাৰপাই এখনত বহি আছিল।
তেতিয়া থেলুৰ বয়স আছিল ১০৩ বছৰ। ২০২৩ত তেওঁৰ মৃত্যু হয়। পঢ়ক: থেলু মাহাতোৱে খন্দা কুৱাঁটোথেলু দাদু (ককাদেউতা) আছিল অঞ্চলটোৰ শেষৰকেইজন মুক্তিযুঁজাৰুৰ মাজৰ এজন। আশী বছৰ আগতে তেওঁ পুৰুলিয়া জিলাৰ আৰক্ষী থানা এখনলৈ প্ৰতিবাদী মিচিল উলিয়াইছিল। সেয়া ১৯৪২ৰ কথা। তেওঁ স্থানীয় পৰ্য্যায়ত ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে তেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰিছিল।
লক্ষী অৱশ্যে পুলিচ থানালৈ যোৱা সেই মিচিলত ভাগ ল’ব পৰা নাছিল। তেতিয়া তেওঁৰ বয়স ১৭ বছৰৰো কম। ঘেৰাও কাৰ্য্যসূচীত অংশ লোৱাৰ বাবে আন্দোলনৰ কাণ্ডাৰীসকলে বান্ধি দিয়া বয়সৰ সীমাৰ তেনেই তলত।
থেলু কিম্বা লক্ষীৰ মুখত মুক্তিযুঁজাৰুৰ গতানুগতিক ভাষ্য শুনা নাযায়। বিশেষকৈ ৰাজ্য আৰু সম্ভ্ৰান্ত সমাজে সৃষ্টি কৰা প্ৰকৃতিৰ লোক তেওঁলোক নহয়। তেওঁলোক প্ৰতিবাদী মিচিলত এটা দিশতে গৈ থকা সেই প্ৰতিবাদী লোকো নহয়, যিয়ে কেৱল সংখ্যাহে বঢ়ায়। দুয়োজনৰে নিজ নিজ বিষয়ত দখল আছে। থেলুৱে কৃষি আৰু অঞ্চলটোৰ ইতিহাসৰ বিষয়ে স্বচ্ছন্দে ক’ব পাৰে। একেদৰে লক্ষীয়ে সংগীত আৰু সংস্কৃতিৰ ক্ষেত্ৰখনৰ কথা জানে।


