“শাসন কা বৰা কদৰ কৰত নাহি আমচ্যা মেহনতিচি (প্ৰশাসনে আমাৰ এই কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি কিয় নিদিয়ে)?” অংগনবাদী কৰ্মী মংগল কাৰপেয়ে প্ৰশ্ন কৰে।
“দেশালা নিৰোগী, সুধ্ৰড় থেভন্যাত আমচা মোটা হাতভাৰ লাগতো (দেশখনক সুস্থ আৰু নিৰোগী কৰি ৰখাত আমাৰ অৱদান বহুত),” সমগ্ৰ দেশত অংগনবাদী কৰ্মীয়ে গৰ্ভৱতী আৰু স্তনপান কৰোৱা মাতৃ আৰু সন্তানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰকল্পসমূহ চলোৱাৰ প্ৰসংগ উত্থাপন কৰি আশা বাইদেউগৰাকীয়ে কয়।
মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰাহতা তালুকৰ দোৰহালে গাঁৱৰ অংগনবাদী কেন্দ্ৰটি চলায় ৩৯ বৰ্ষীয় এইগৰাকী মংগল বাইদেৱে। তেওঁ কোৱা অনুসৰি ৰাজ্যজুৰি দুই লাখ মহিলাই অংগনবাদী কৰ্মী আৰু সহকাৰী হিচাপে কাম কৰি আছে। তেওঁলোকে কেন্দ্ৰীয় নাৰী আৰু শিশুকল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ সংহত শিশুকল্যাণ প্ৰকল্প (আই.চি.ডি.এছ.)ৰ স্বাস্থ্য, পুষ্টি আৰু শিশু শিক্ষা বিষয়ক কাম-কাজ তৃণমূল পৰ্য্যায়ত ৰূপায়ণ কৰে।
তেওঁলোকৰ প্ৰতি ৰাজ্য চৰকাৰে কৰা অৱহেলাৰ প্ৰতিবাদত ২০২৩ৰ ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মহাৰাষ্ট্ৰজোৰা অনিৰ্দিষ্টকালীন বিক্ষোভ কাৰ্য্যসূচীত যোগ দিছে শ শ অংগনবাদী কৰ্মীয়ে।
“আগতেও বহুবাৰ আমি আন্দোলন কৰিছো,” মংগল বাইদেৱে কয়। “আমি চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি বিচাৰো। আমাৰ মাহিলী দৰমহা ২৬,০০০ (টকা) কৰাটো আমি বিচাৰিছো। আমাক অৱসৰৰ সময়ত পেঞ্চন, যাতায়াত আৰু তেলৰ খৰছ লাগে,” আন্দোলনৰ মূল দাবীবোৰ এনেদৰে দাঙি ধৰে আশাকৰ্মীগৰাকীয়ে।












