পংখেৱালা (বায়ুকল) , ব্লেডৱালা (সৌৰপাম)য়ে আমাৰ অ ৰনখন দখল কৰি পেলাইছে ,” চানৱাটা গাঁৱৰ সুমেৰ সিং ভাতিয়ে কয়। এগৰাকী খেতিয়ক তথা পশুপালক সুমেৰৰ ঘৰ জয়ছেলমেৰ জিলাৰ দেগ্ৰাই অ ৰনৰ গাতে লাগি আছে।

ৰনবোৰ হৈছে পৱিত্ৰ বন। এয়া সকলোৰে বাবে ৰাজহুৱা সম্পত্তি বুলি বিবেচনা কৰা হয় , যাৰ ওপৰত সকলোৰে অধিকাৰ আছে। প্ৰতিখন অ ৰনৰে নিজা আৰাধ্য দেৱতা আছে যাক সেইখন অ ৰন থকা গাঁৱৰ বাসিন্দাই পূজা কৰে। সেই অ ৰনৰ গছ কোনোৱে নাকাটে , কেৱল সৰি পৰা ডাল আদি সংগ্ৰহ কৰিব পাৰে , ঘৰ বনাব নোৱাৰে। জলাশয়বোৰো পৱিত্ৰ বুলি বিবেচনা কৰা হয়।

কিন্তু সুমেৰ সিঙে কয় , “ সিহঁতে শতবছৰ পুৰণি গছ কাটি পেলাইছে আৰু হাবি-বন উভালি সমূলি নষ্ট কৰিছে। এনেকুৱা লাগে যেন সিহঁতক ৰখাবলৈ কোনো নাই।

নৱীকৰণযোগ্য শক্তিৰ কোম্পানীবোৰে অ ৰনবোৰ এনেকৈ দখল কৰি পেলোৱাক লৈ কেৱল সুমেৰেই নহয় , জয়ছেলমেৰৰ শ শ গাঁৱৰ লোক ক্ষুণ্ণ হৈ পৰিছে , সুমেৰৰ কথাত সেয়া স্পষ্ট। তেওঁলোকে কয় যে যোৱা ১৫ বছৰত এই অঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি বায়ুকল আৰু ফেঞ্চ দিয়া সৌৰপামলৈ গতাই দিয়া হৈছে। উচ্চ বৈদ্যুতক শক্তিসম্পন্ন তাঁৰ আৰু মাইক্ৰ গ্ৰিডেৰে শক্তি জিলাখনৰ পৰা আন ঠাইলৈ পৰিবহণ কৰা হৈছে। এই সকলোবোৰ মিলি অঞ্চলটোৰ পৰিস্থিতিতন্ত্ৰত আঘাত হানিছে আৰু অৰণ্যনিৰ্ভৰ লোকৰ জীৱিকাত প্ৰভাৱ পেলাইছে।

চৰণীয়া পথাৰ নাইকিয়া হৈ পৰিছে। ঘাঁহবোৰ ইতিমধ্যে শুকাই গৈছে (মাৰ্চত) আৰু এতিয়া আমাৰ পশুধনক খুৱাবলৈ কেৱল কেৰ আৰু কেজৰি গছৰ পাতহে আছে। খাবলৈ ভালকৈ নোপোৱা কাৰণে গাখীৰো কমকৈ ওলায়। আগতে দিনে ৫ লিটাৰমান গাখীৰ পাইছিলো , এতিয়া ২ লিটাৰ মানহে ওলায় ,” জোৰা ৰামে কয়।

অৰ্ধ-শুষ্ক তৃণভূমি অঞ্চল অ ৰন হৈছে সম্প্ৰদায়টোৰ জীয়াই থকাৰ সম্বল। ই পশুধনৰ ঘাঁহ , দানা-পানী আৰু অ ৰনৰ আশে-পাশে থকা লোকৰ বাবে খৰি আদিৰ উৎস।

Left-Camels grazing in the Degray oran in Jaisalmer district.
PHOTO • Urja
Right: Jora Ram (red turban) and his brother Masingha Ram bring their camels here to graze. Accompanying them are Dina Ram (white shirt) and Jagdish Ram, young boys also from the Raika community
PHOTO • Urja

বাওঁফালে: জয়ছেলমেৰ জিলাৰ ডেগ্ৰাই এলেকাত উট চৰিছে। সোঁফালে: জোৰা ৰাম (ৰঙা পাগুৰি) আৰু তেওঁৰ ভাতৃ মাচিংঘা ৰামে ইয়ালৈ উট চৰাবলৈ লৈ আহিছে। তেওঁলোকক সংগ দিছে দিনা ৰাম (বগা চোলা পৰিহীত) আৰু জগদীশ ৰাম, ৰাইকা সম্প্ৰদায়ৰ চেঙেলীয়া ল’ৰাই

Left: Sumer Singh Bhati near the Degray oran where he cultivates different dryland crops.
PHOTO • Urja
Right: A pillar at the the Dungar Pir ji oran in Mokla panchayat is said to date back around 800 years, and is a marker of cultural and religious beliefs
PHOTO • Urja

বাওঁফালে: দেগ্ৰাই অ’ৰনৰ কাষত সুমেৰ সিং ভাটি, তাত তেওঁ শুকান মাটিত কৰা খেতি কৰে। সোঁফালে: মোকলা পঞ্চায়তৰ ডুগংৰ পীৰ জী অ’ৰনৰ এটা ৮০০ বছৰ পুৰণি বুলি কোৱা এটা স্তম্ভ, অঞ্চলটোৰ সাংস্কৃতিক আৰু ধৰ্মীয় চিন্তাৰ প্ৰতীক

জোৰা ৰামৰ উটকেইটা যোৱা কেইটামান বছৰত ক্ষীণাই-শুকাই গৈছে , দুৰ্বল হৈছে। আমাৰ উটবোৰৰ এদিনত ৫০ বিধৰো অধিক ঘাঁহ-পাত খোৱাৰ অভ্যাস ,” তেওঁ কয়। উচ্চ বৈদ্যুতিক বিভৱসম্পন্ন তাঁৰবোৰ ভূ-পৃষ্ঠৰ ৩০ মিটাৰ ওপৰেৰে গৈছে যদিও তলত থকা গছবোৰ ৭৫০ মেগাৱাট শক্তিৰ প্ৰভাৱত কঁপি থাকে। কম বয়সীয়া উট এটাৰ কথাই ভাবকচোন , সি যদি তেনে এজোপা জোপোহাত মুখখন দিয়ে ,” জোৰা ৰামে মূৰ ল ৰাই কয়।

ৰাচলা পঞ্চায়তৰ জোৰা আৰু মাচিংঘা ৰামৰ ৭০ টা উট আছে। চৰণীয়া পথাৰৰ সন্ধানত উটৰ জাকটো লৈ তেওঁলোকে জয়ছেলমেৰ জিলাত এদিনত ২০ কিলোমিটাৰ বাট অতিক্ৰম কৰে।

মাচিংঘা ৰামে কয় , “ দেৱালবোৰ ওখ হৈ গৈ আছে , তাঁৰ (উচ্চ বিভৱসম্পন্ন) আৰু বায়ুকলৰ খুঁটাবোৰ আমাৰ চৰণীয়া পথাৰত বিয়পি আছে আৰু আমাৰ উটবোৰৰ চলাচলত সীমাবদ্ধতা আনি দিছে। সিহঁত গাঁতত পৰে (খুঁটাৰ বাবে খন্দা) আৰু ঘাঁ হৈ যায়। এই সৌৰফলকবোৰ আমাৰ একো কামত নাহে।

দুয়ো ভাই ৰাইকা পশুপালক সম্প্ৰদায়ৰ , ভালেকেইটা প্ৰজন্ম ধৰি তেওঁলোকে পশুপালন কৰি আহিছে। কিন্তু বেচিবলৈ গাখীৰ কমি অহাত এতিয়া আমি পেট পুহিবলৈ কায়িক শ্ৰম কৰিবলগীয়া হৈছে। তেওঁলোকে কয় , “ পৰিয়ালৰ এজনে বাহিৰত কাম বিচাৰি যায় ,” বাকীসকলে পশুধন চৰোৱাৰ বাবে ঘৰত থাকে।

কেৱল উটপালকেই নহয় , আন পশুধন চৰোৱাসকলেও একেই সমস্যাৰ সন্মুখীন হৈছে।

Shepherd Najammudin brings his goats and sheep to graze in the Ganga Ram ki Dhani oran , among the last few places he says where open grazing is possible
PHOTO • Urja
Shepherd Najammudin brings his goats and sheep to graze in the Ganga Ram ki Dhani oran , among the last few places he says where open grazing is possible
PHOTO • Urja

গৰখীয়া নজমুদ্দিনে তেওঁৰ ছাগলী আৰু ভেঁড়াবোৰ গংগা ৰাম কি ধানি অ’ৰনলৈ আনিছে, মুকলিকৈ চৰাব পৰা মুষ্টিমেয় কেইখনমান ঠাইৰ ভিতৰত এইখনো এখন, তেওঁ কয়

Left: High tension wires act as a wind barrier for birds. The ground beneath them is also pulsing with current.
PHOTO • Urja
Right: Solar panels are rasing the ambient temperatures in the area
PHOTO • Radheshyam Bishnoi

বাওঁফালে: উচ্চ বিভৱসম্পন্ন তাঁৰবোৰে চৰাইৰ উৰণত বাধা জন্মায়। তাঁৰৰ তলৰ ভূমিভাগো তাৰ আৱেশত আহে। সোঁফালে: সৌৰফলকবোৰে অঞ্চলটোৰ উষ্ণতা বঢ়াইছে

৫০ কিলোমিটাৰ দূৰত পুৱা ১০ বজাত গৰখীয়া নজমুদ্দিনে জেছলমেৰ জিলাৰ গংগাৰাম ধানি অ ৰনত সোমাইছে। তেওঁৰ লগত আছে তেওঁৰ ২০০ ভেড়া আৰু ছাগলী , সেউজীয়া ঘাঁহৰ আশাত সিহঁত জপিয়াই ফুৰিছে।

তেওঁলোকৰ গোটটোত থকা ৫৫ বছৰীয়া গৰখীয়াজনে চাৰিওফালে চকু ফুৰাই কয় , “ ইয়াত এইখন অ ৰনেই ৰৈছেগৈ। মুকলিকৈ চৰাব পৰা ঠাই আৰু নাই। পশুখাদ্যৰ নামত বছৰি ২ লাখ টকা খৰছ হয় বুলি তেওঁ অনুমান কৰি কয়।

২০১৯ৰ লেখ অনুসৰি ৰাজস্থানত ১.৪ কোটি গৰু-ম হ আছে আৰু ছাগলীৰ সংখ্যা সৰ্বাধিক (২.৪ কোটি) , ৭০ লাখ ভেড়া আৰু ২০ লাখ উট আছে।

পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে।

ইণ্টাৰ-ষ্টেট ট্ৰান্সমিছন চিষ্টেম গ্ৰীণ এনাৰ্জি ক ৰিডৰ স্কীমৰ অধীনত দ্বিতীয় পৰ্য্যায়ত ১০ , ৭৫০ কিলোমিটাৰ চাৰ্কিট কিলোমিটাৰ (চি.কে.এম.) ট্ৰান্সমিছন লাইন বহুওৱা হ ব। ২০২২ৰ ৬ জানুৱাৰীত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে ইয়াৰ অনুমোদন দিয়ে আৰু ৰাজস্থানকে ধৰি সাতখন ৰাজ্যত এই পৰিকল্পনা ৰূপায়ণ কৰা হ ব। নব্য আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় (এম.এন.আৰ.ই.)ৰ ২০২১-২২ৰ বাৰ্ষিক প্ৰতিবেদনত এই কথা কোৱা হৈছে।

কেৱল চাৰণভূমিয়েই নাইকিয়া হোৱা নহয়। নৱীকৰণযোগ্য শক্তি কোম্পানীবোৰ আহি প্ৰথমতে অঞ্চলটোৰ গছবোৰ কাটি পেলায়। গতিকে স্থানীয় পোক-পতংগ , চৰাই , পখিলা আদি সকলো মৰে আৰু পৰিস্থিতিতান্ত্ৰিক চক্ৰত বিসংগতিৰ সৃষ্টি হয় ,” স্থানীয় পৰিৱেশ কৰ্মী পাৰ্থ জাগানিয়ে কয়।

আৰু শ শ কিলোমিটাৰ দীঘল বিজুলীৰ তাঁৰত লাগি হাজাৰ হাজাৰ চৰাইৰ মৃত্যু ঘটিছে। ৰাজস্থানৰ ৰাজ্যিক পক্ষী গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ডো তাৰে মাজৰ এবিধ। পঢ়ক: বিদ্যুৎশক্তিৰ নামত গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ডৰ বলি

সৌৰফলকৰ উপস্থিতিয়ে স্থানীয় উষ্ণতা বঢ়ায়। ভাৰতত উষ্ম বায়ুপ্ৰৱাহ বাঢ়িছে ; ৰাজস্থানৰ মৰু অঞ্চলত উষ্ণতা বছৰি ৫০ ডিগ্ৰী পৰ্য্যন্ত হয়গৈ। নিউয়ৰ্ক টাইমচৰ গোলকীয় উষ্ণতাৰ ইণ্টাৰেক্টিভ প ৰ্টেল এটাৰ তথ্য অনুসৰি অহা ৫০ বছৰত জয়ছেলমেৰত অত্যধিক গৰম দিন ৰ এটা মাহ বৃদ্ধি পাব - বছৰত ২৫৩ৰ পৰা ২৮৩ দিন গৰম পৰিব।

ড. সুমিত দুকিয়াই কয় যে সৌৰফলকৰ পৰা উৎপন্ন হোৱা উত্তাপৰ লগত যোগ দিয়েহি নৱীকৰণযোগ্য শক্তিৰ নামত গছবোৰ কটা যোৱা পৰিৱেশে। সংৰক্ষণ জীৱবিজ্ঞানী দুকিয়াই অ ৰনৰ পৰিৱৰ্তন বহুদশক ধৰি অধ্যয়ন কৰি আহিছে। কাঁচৰ ফলকবোৰৰ পৰা হোৱা প্ৰতিফলনৰ ফলত স্থানীয়ভাৱে উত্তাপ বৃদ্ধি পাইছে। আগন্তুক ৫০ বছৰত ১-২ ডিগ্ৰী উষ্ণতা বঢ়াটো জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা বুলি ক ব পাৰি , “ কিন্তু এতিয়া উত্তাপ বাঢ়িবলৈ ধৰিছে , স্থানীয় প্ৰজাতিৰ কীট-পতংগ , বিশেষকৈ পৰাগসংযোগ ঘটোৱা পতংগই উষ্ণতা বঢ়াৰ বাবে সেই ঠাই এৰিবলৈ বাধ্য হ ব।

Left: Windmills and solar farms stretch for miles here in Jaisalmer district.
PHOTO • Urja
Right: Conservation biologist, Dr. Sumit Dookia says the heat from solar panels is compounded by the loss of trees chopped to make way for renewable energy
PHOTO • Urja

বাওঁফালে: জয়ছেলমেৰ জিলাত বায়ুকল আৰু সৌৰফলক শ শ মাইল বিয়পি আছে। সোঁফালে: সংৰক্ষণ জীৱবিজ্ঞানী ড. সুমিত দুকিয়াই কয় যে নৱীকৰণযোগ্য শক্তিৰ বাবে গছবোৰ কাটি পেলোৱাৰ ফলত সৌৰফলকে ইতিমধ্যে সৃষ্টি কৰা উষ্ণতাত সিও যোগ দিছে

A water body in the Badariya oran supports animals and birds
PHOTO • Urja

ভদৰিয়াৰ এই জলাশয়ে পশু-পক্ষীৰ তৃষ্ণা দূৰ কৰি আহিছে

২০২১ৰ ডিচেম্বৰত ৰাজস্থানত ছখন নতুন সৌৰ উদ্যানৰ অনুমোদন দিয়া হয়। মহামাৰীৰ সময়ত ৰাজস্থান সৰ্বাধিক নৱীকৰণযোগ্য শক্তিৰ ভঁৰাল হৈ পৰে - কেৱল ৯টা মাহত (মাৰ্চৰ পৰা ডিচেম্বৰলৈ) ৪ , ২৪৭ মেগাৱাট শক্তি যোগ দিয়ে।

স্থানীয় লোকে কয় যে এয়া আছিল এক গোপন কাৰবাৰ: লকডাউনত যেতিয়া গোটেই জগত নিতাল মাৰি আছিল , তেতিয়াই গোপনে কাম চলি আছিল ,” স্থানীয় পৰিৱেশকৰ্মী পাৰ্থই কয়। চকুৰে নেদেখালৈ বিয়পি থকা বায়ুকলবোৰলৈ দেখুৱাই তেওঁ কয় , “ দেৱীকোটৰ পৰা দেগ্ৰাই মন্দিৰলৈ ১৫ কিলোমিটাৰ বাটৰ কোনোফালেই লকডাউনৰ আগতে একো বনোৱা হোৱা নাছিল।

ঘটনাবোৰ কেনেকৈ ঘটিল তাৰে বৰ্ণনা দি নাৰায়ন ৰামে কয় , “ সিহঁতে পুলিচ লৈ আহিছিল , হাতত লাঠি , সিহঁতে আমাক প্ৰথমে আঁতৰ কৰিলে , তাৰপিছত আৰম্ভ হ ল তেওঁলোকৰ মইমতালি। গছ কাটিলে , মাটিবোৰ সমান কৰিলে ,” গাঁৱৰ আন জ্যেষ্ঠসকলৰ সৈতে অ ৰানৰ ৰক্ষাকৰ্তা দেগ্ৰাই মন্দিৰৰ কাষত বহি থকা নাৰায়ণে কয়।

আমি আমাৰ মন্দিৰবোৰৰ প্ৰতি যিমান ভক্তিভাৱ ৰাখো , সমানেই ৰাখো দেগ্ৰাইৰ বাবে। এয়া পশু চৰোৱা ঠাই , বন্যজীৱ আৰু চৰাই-চিৰিকতিৰ আশ্ৰয় , জলাশয়বোৰো পৱিত্ৰ , এয়া আমাৰ বাবে দেৱীসদৃশ ; উট , ছাগলী , ভেড়া সকলোৱে এই পানী খায় ,” তেওঁ কয়।

জয়ছেলমেৰৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰি তেওঁৰ মতামত লোৱাৰ বাবে এই প্ৰতিবেদকে ভালেকেইবাৰ চেষ্টা কৰে যদিও সাক্ষাতৰ অনুমতি নাপালে। এম.এন.আৰ.ই.-ৰ অধীনস্থ সৌৰশক্তিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ যোগাযোগৰ সবিশেষ দিয়া আছে এম.এন.আৰ.ই.ত ইমেইল কৰা হয় যদিও এই প্ৰতিবেদন প্ৰকাশৰ মুহূৰ্তলৈ কোনো সঁহাৰি পোৱা হোৱা নাই।

ৰাজ্যিক বিদ্যুত বিভাগৰ এজন স্থানীয় বিষয়াই এই প্ৰতিবেদকৰ সৈতে কথা পতাৰ বাবে কৰ্তৃত্ব পোৱা নাই বুলি কয় যদিও তেওঁ জনায় যে তেওঁলোকে চলি থকা পাৱাৰ গ্ৰিডবোৰ মাটিৰ তলেৰে নিয়া সন্দৰ্ভত নাইবা প্ৰকল্পবোৰ ধীৰে ধীৰে কৰা সন্দৰ্ভত তেওঁ একো নিৰ্দেশনা উৰ্ধতন কৰ্তৃপক্ষৰ পৰা লাভ কৰা নাই।

*****

ভিডিঅ’টো চাওক: অ’ৰন বচোৱাৰ এখন যুঁজ

যিদৰে সহজতে নৱীকৰণযোগ্য শক্তি কোম্পানীবোৰে আহি ৰাজস্থানত মাটি দখল কৰিছে , ইয়াৰ আঁৰত আছে ঔপনিৱেশিক কালতেই সেই অঞ্চলৰ ৰাজহ-বিহীন মাটিক ব্যৱহাৰৰ অনুপযোগী বুলি তালিকাভুক্ত কৰি থোৱা পূৰণি নীতি।

জ্যেষ্ঠ বিজ্ঞানী আৰু সংৰক্ষণবিদসকলে যদিও ৰাজহুৱাভাৱে এই ক্ৰুটিপূৰ্ণ তালিকাভুক্তকৰণৰ প্ৰতিবাদ কৰিছে , তথাপি চৰকাৰে ২০০৫ চনৰ পৰা ৱেষ্টলেণ্ড এটলাচ প্ৰকাশ কৰিবলৈ এৰা নাই। পঞ্চম সংস্কৰণটো ২০১৯ত ওলাইছিল যদিও সেয়া সম্পূৰ্ণৰূপে ডাউনলোড কৰিব পৰা নগ ল।

২০১৫-১৬ৰ ৱেষ্টলেণ্ড এটলাচ অনুসৰি ভাৰতৰ ১৭ শতাংশ ভূমিক তৃণভূমি হিচাপে দৰ্শোৱা হৈছে। চৰকাৰী নীতিয়ে তৃণভূমি , গুল্মজাতীয় ভূমি আৰু কাঁইটীয়া হাবিক ৱেষ্ট নাইবা অনুপযোগী ভূমি হিচাপে তালিকভূক্ত কৰিছে।

ভাৰতে শুষ্কভূমিৰ পৰিস্থিতিতন্ত্ৰ জীৱিকা আৰু জৈৱবৈচিত্ৰতাৰ ক্ষেত্ৰত সংৰক্ষণযোগ্য বুলি বিবেচনা নকৰে। এনে কাৰণত এই ভূমি পৰিৱৰ্তনৰ বাবে সহজ লক্ষ্য হৈ পৰে আৰু এনেকৈয়ে পৰিস্থিতিতন্ত্ৰৰ অপূৰণীয় ক্ষতি হয় ,” সংৰক্ষণ বিজ্ঞানী ড. আবি টি. বনকে কয়। তেওঁ দুটা দশকৰো অধিককাল এই ক্ৰুটিপূৰ্ণ তালিকাভূকৰণৰ বিৰুদ্ধে যুঁজি আহিছে।

সৌৰপামে এখন ঠাই ছন পেলাব পাৰে , যিখন ঠাই আগতে ছন পৰি থকা নাছিল। আপুনি এখন জীৱন্ত পৰিস্থিতিতন্ত্ৰক এখন সৌৰপামত পৰিণত কৰি পেলাইছে। শক্তি উৎপাদন হৈছে ঠিকেই , কিন্তু সেয়া সেউজ শক্তিনে ?” তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে ৰাজস্থানৰ ৩৩ শতাংশ ভূমি মুক্ত প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ (অ পেন নেচাৰেল ইক চিষ্টেমচ্ চমুকৈ ও.এন.ই. বা ৱান) , তালিকাভূক্ত কৰা ধৰণে ব্যৰ্থভূমি (ৱেষ্টলেণ্ড) নহয়।

নেচাৰ কনজাৰ্ভেচন ফাউণ্ডেচনৰ পৰিস্থিতিবিজ্ঞানী এম.ডি. মধুসুদনৰ সৈতে যুটীয়াভাৱে লিখা এখন গৱেষণা পত্ৰত উল্লেখ যে ৱানৰ অধীনত ভাৰতৰ ১০ শতাংশ ভূমি পৰে যদিও ইয়াৰে আধা অংশহে সংৰক্ষিত অঞ্চল (প্ৰটেক্টেড এৰিয়া চমুকৈ পি.এ.)। এই গৱেষণাপত্ৰখনৰ নাম হৈছে ভাৰতৰ অৰ্ধশুষ্ক মুক্ত প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ বিতৰণ আৰু মানচিত্ৰণ

A map (left) showing the overlap of open natural ecosystems (ONEs) and ‘wasteland’; much of Rajasthan is ONE
A map (left) showing the overlap of open natural ecosystems (ONEs) and ‘wasteland’; much of Rajasthan is ONE
PHOTO • Urja

মানচিত্ৰত (বাওঁফালে) ভাৰতৰ মুক্ত প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ (ৱান) আৰু ‘ব্যৰ্থভূমি’ (ৱেষ্টলেণ্ড); ৰাজস্থানৰ অধিকাংশই ৱানত পৰে

এই গুৰুত্বপূৰ্ণ ঘাঁহনিৰ প্ৰসংগত জোৰা ৰামে কয় , “ চৰকাৰে আমাৰ ভৱিষ্যত কাঢ়ি নিছে। আমাৰ সম্প্ৰদায়টোক বচাবলৈ আমি উট বচাবই লাগিব।

বিড়ম্বনাৰ কথা যে পৰিস্থিতি অধিক শোচনীয় কৰি ১৯৯৯ত পূৰ্বৰ ব্যৰ্থভূমি উন্নয়ন বিভাগক পুনৰ্নামাকৰণ কৰি ভূমি সম্পদ বিভাগ (ডি.অ.এল.আৰ.) কৰা হয়।

বনকে কয় , “ ভূমি আৰু পৰিস্থিতিতন্ত্ৰ বিষয়ত চৰকাৰৰ জ্ঞান কাৰিকৰী-কেন্দ্ৰীক - চৰকাৰে সকলোবোৰ অভিযান্ত্ৰিক আৰু একৰূপতাৰে চাব খোজে। অশোকা ট্ৰাষ্ট ফৰ ৰিচাৰ্চ ইন ইক লজি এণ্ড দা এনভাইৰ মেণ্ট (এ.টি.আৰ.ই.ই.)ৰ এগৰাকী অধ্যাপক বনকে কয় , “ স্থানীয় পৰিস্থিতিতন্ত্ৰক গুৰুত্বসহকাৰে লোৱা হোৱা নাই আৰু আমি মাটিৰ সৈতে মানুহৰ সম্পৰ্কক আমি অৱজ্ঞা কৰিছে।

চান্তৱা গাঁৱৰ কমল কোঁৱৰে কয় , “ আনকি অ ৰনৰ পৰা কেৰ সাংগ্ৰি অনাও সম্ভৱ হৈ থকা নাই। প্ৰায় ৩০ বছৰ বয়সীয়া কোঁৱৰে বিশেষকৈ এই কথা লৈ ক্ষোভ প্ৰকাশ কৰে যে স্থানীয় কেৰ গছবোৰ কাটি পেলোৱাৰ ফলত তেওঁৰ পছন্দৰ বগৰী আদি ফল দুৰ্লভ হৈ পৰিছে।

ডি.অ . এল.আৰ.ৰ দ্বাৰা চলোৱা অভিযানত গ্ৰামাঞ্চলত নিয়োগ বৃদ্ধি আদি কাৰ্য্যসূচীও অন্তৰ্ভূক্ত কৰা হৈছে। কিন্তু নৱীকৰণযোগ্য শক্তি কোম্পানীক ভূমিৰ অধিকাৰ দিয়া , চৰণীয়া পথাৰবোৰৰ ৰাজহুৱা ব্যৱহাৰত বাধা আৰোপ আৰু নন-ফৰেষ্ট টিম্বাৰ প্ৰডিউচ (এন.টি.এফ.পি.) অপ্ৰাপ্য কৰি তোলাৰ ফলত সেই কাৰ্য্যসূচীৰ সম্পূৰ্ণ বিপৰীত ঘটনা ঘটিছে।

কুন্দন সিং জয়ছেলমেৰৰ মোকলা গাঁৱৰ এগৰাকী গৰখীয়া। ২৫ বছৰ বয়সীয়া কুন্দনে কয় যে তেওঁৰ গাঁৱত এতিয়া কোনোমতে ৩০ টা মান পৰিয়ালেহে কৃষি-গৰখীয়া জীৱনৰ সৈতে জড়িত আৰু পশুধন চৰোৱাটো এতিয়া কঠিন কাম হৈ পৰিছে।

Left- Young Raika boys Jagdish Ram (left) and Dina Ram who come to help with grazing
PHOTO • Urja
Right: Jora Ram with his camels in Degray oran
PHOTO • Urja

বাওঁফালে: ৰাইকা ল’ৰা জগদীশ ৰাম (বাওঁফালে) আৰু দিনা ৰামে পশু চৰোৱা কামত সহায় কৰিবলৈ আহিছে। সোঁফালে: দেগ্ৰাই অ’ৰনত নিজৰ উট এটাৰ সৈতে জোৰা ৰাম

Kamal Kunwar (left) and Sumer Singh Bhati (right) who live in Sanwata village rue the loss of access to trees and more
PHOTO • Priti David
Kamal Kunwar (left) and Sumer Singh Bhati (right) who live in Sanwata village rue the loss of access to trees and more
PHOTO • Urja

কমল কোঁৱৰ (বাওঁফালে) আৰু সুমেৰ সিং ভাটি (সোঁফালে), চানৱাটা গাঁৱৰ বাসিন্দা দুয়োজনে গছবোৰ কটা আৰু আন বহুতো কথাক লৈ দুখ ব্যক্ত কৰে

জয়ছেলমেৰ জিলাখনৰ ৮৭ শতাংশ গ্ৰামাঞ্চলত পৰে আৰু জিলাখনৰ ৬০ শতাংশ লোক কৃষিকৰ্মৰ সৈতে জড়িত আৰু পশুধন পোহে। এই অঞ্চলৰ আপুনি সকলোৰে ঘৰত পশুধন পাব ,” সুমেৰ সিঙে কয়। মই মোৰ পশুধনক পৰ্যাপ্ত পৰিমাণে খুৱাব পৰা নাই।

পশুৱে মূলতঃ ঘাঁহ খায় , ৰাজস্থানত এনে ৩৭৫ বিধ ঘাঁহ আছে , পেটাৰ্ন অৱ প্লাণ্ট ডাইভাৰ্চিটি শীৰ্ষক ২০১৪ৰ জুনত প্ৰকাশিত গৱেষণাপত্ৰ এখনে কয়। ইয়াৰে অল্পবৃষ্টিৰ সৈতে সেই ঘাঁহবোৰে অভিযোজন কৰি লৈছে।

কিন্তু যেতিয়া নৱীকৰণযোগ্য শক্তিৰ কোম্পানীয়ে এই মাটিবোৰ দখল কৰি লয় , তেতিয়া ভূমিৰ ভাৰসাম্য হেৰাই যায়। স্থানীয় উদ্ভিদৰ এটা এটা গুচ্ছ কেবাদশক পুৰণি আৰু ইয়াৰে পৰিস্থিতিতন্ত্ৰ শ শ বছৰ পুৰণি। আপুনি তাত হাত দিব নোৱাৰে! হাত দিয়া মানে মৰুভূমিকৰণ আৰম্ভ হৈ যায় ,” বনকে কয়।

ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ ৰ্ট , ২০২১ অনুযায়ী ৰাজস্থানত ৩.৪ কোটি হেক্টৰ মাটি আছে , কিন্তু কৃত্ৰিম উপগ্ৰহযোগে সংগ্ৰহ কৰা ডেটা অনুযায়ী কেৱল ৮ শতাংশহে বন্যভূমি বুলি চিনাক্ত কৰা হয় , উপগ্ৰহই গছে আগুৰি থকা অঞ্চলহে অৰণ্য হিচাপে চিনাক্ত কৰে।

কিন্তু এই ৰাজ্যখনৰ বনাঞ্চল তৃণভূমিৰ ওপৰত নিৰ্ভৰশীল প্ৰজাতিৰে ভৰা। তাৰে কিছুমান হেৰাই যোৱাৰ পথত আছে। লেছাৰ ফ্লৰিকান ব্ৰীড আৰু গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড , ইণ্ডিয়ান গ্ৰে ৱলফ , ল্ডেন জেকাল , ইণ্ডিয়ান ফক্স , ইণ্ডিয়ান গেজল , ব্লেকবাক , ষ্ট্ৰিপড হায়েনা , কেৰাকল , ডিজাৰ্ট কেট আৰু ইণ্ডিয়ান হেজহগ আদি বিভিন্ন প্ৰজাতি ইয়াৰ ভিতৰত অন্যতম। তাৰোপৰি ডেজাৰ্ট মনিটৰ লিজাৰ্ড আৰু স্পাইনি টেইলড লিজাৰ্ডো যথাশীঘ্ৰে সংৰক্ষণ কৰিবলগীয়া হৈ আছে।

ৰাষ্ট্ৰসংঘই ২০২১-২০৩০ কালছোৱাক পৰিস্থিতিতন্ত্ৰ পুনৰ্প্ৰতিষ্ঠাৰ দশক বুলি ঘোষণা কৰিছে। পৰিস্থিতিতন্ত্ৰ উদ্ধাৰ মানে অৱক্ষয ঘটা নাইবা ধ্বংস হোৱা পৰিস্থিতিতন্ত্ৰৰ পুনৰ্প্ৰতিষ্ঠা আৰু তাৰ সমানে সমানে যিবোৰ পৰিস্থিতিতন্ত্ৰ এতিয়াও অক্ষত অৱস্থাত আছে , তাৰ সংৰক্ষণ। তাৰোপৰি আই.ইউ.চি.এন.ৰ নেচাৰ ২০২৩ কাৰ্য্যসূচীত পৰিস্থিতিতন্ত্ৰৰ পুনৰ্প্ৰতিষ্ঠা ক অগ্ৰাধিকাৰৰ তালিকাত প্ৰথম স্থানতে ৰাখিছে।

Jaisalmer lies in the critical Central Asian Flyway – the annual route taken by birds migrating from the Arctic to Indian Ocean, via central Europe and Asia
PHOTO • Radheshyam Bishnoi
Jaisalmer lies in the critical Central Asian Flyway – the annual route taken by birds migrating from the Arctic to Indian Ocean, via central Europe and Asia
PHOTO • Radheshyam Bishnoi

জয়ছেলমেৰ অতিশয় গুৰুত্বপূৰ্ণ মধ্য এছিয়ান ফ্লাইৱে (CAF)ত অৱস্থিত - সুমেৰুৰ পৰা ভাৰত মহাসাগৰলৈ প্ৰব্ৰজন কৰা চৰাইবোৰে মধ্য ইউৰোপ আৰু এছিয়াৰ মাজেৰে আহোতে ব্যৱহাৰ কৰা এয়া বাৰ্ষিক আকাশীপথ

Orans are natural eco systems that support unique plant and animal species. Categorising them as ‘wasteland’ has opened them to takeovers by renewable energy companies
PHOTO • Radheshyam Bishnoi
Orans are natural eco systems that support unique plant and animal species. Categorising them as ‘wasteland’ has opened them to takeovers by renewable energy companies
PHOTO • Radheshyam Bishnoi

অ’ৰন হৈছে প্ৰাকৃতিক এক পৰিস্থিতিতন্ত্ৰ, ই বিশেষ কিছুমান তৰু-তৃণ আৰু জীৱ-জন্তুৰ ঘৰ। ‘ব্যৰ্থভূমি’ হিচাপে তাক তালিকাভূক্ত কৰাই নৱীকৰণযোগ্য শক্তিৰ কোম্পানীবোৰক সেই মাটি লৈ লোৱাত সহায় কৰিছে

ভাৰত চৰকাৰে তৃণভূমি আৰু মুক্ত অৰণ্যৰ পৰিস্থিতিতন্ত্ৰ ৰক্ষাৰ্থে চিতাবাঘ আনিছে আৰু সেই অনুযায়ী ২০২২ৰ জানুৱাৰীত ২২৪ কোটিৰ চিতা পুনৰ্পৰিচয়ৰ পৰিকল্পনা ঘোষণা কৰে। কিন্তু চিতাবাঘকেইটাই নিজকেহে বচাব নোৱাৰিলে - বাহিৰৰ পৰা অনা ২০ টা চিতাৰ পাঁচটা মৰিল , তাৰ লগতে ইয়াত জন্ম পোৱা তিনিটা পোৱালীও নাবাচিল।

*****

ৰন সম্পৰ্কত এটা ভাল খবৰ আহে ২০১৮ত , যেতিয়া উচ্চতম ন্যায়ালয়ে ৰায়দান দিয়ে যে “... শুষ্ক অঞ্চল , ত অপৰ্য্যাপ্ত উদ্ভিদ , তৃণভূমি বা পৰিস্থিতিতন্ত্ৰ আছে তাক অৰণ্য বুলি বিবেচনা কৰিব লাগিব।

কিন্তু কাৰ্য্যতঃ একো পৰিৱৰ্তন হোৱা নাই। নৱীকৰণ কোম্পানীৰ সৈতে চুক্তি চলিয়েই আছে। এই অৰণ্যবোৰৰ বৈধতাৰ কাৰণে কাম কৰি অহা স্থানীয় পৰিৱেশকৰ্মী অমন সিঙে নিৰ্দেশনা আৰু হস্তক্ষেপ ৰ বাবে উচ্চতম ন্যায়ালয়ত আৰ্জি দিছে। সৰ্বোচ্চ ন্যায়ালয়ে ২০২৩ৰ ১৩ মাৰ্চত ৰাজস্থান চৰকাৰলৈ ব্যৱস্থা গ্ৰহণৰ বাবে জাননী জাৰি কৰিছে।

ৰনৰ কাৰণে চৰকাৰৰ হাতত পৰ্য্যাপ্ত ডেটাবেচ নাই। ৰাজহৰ তথ্য উন্নীত কৰা নাই , আৰু বহুতো অ ৰন চৰকাৰী নথিত লিপিবদ্ধ হৈ থকা নাই আৰু/অথবা বেদখলগ্ৰস্ত হৈছে ,” ৰাজহুৱা সম্পদ , বিশেষকৈ অ ৰনসমূহ সংৰক্ষণৰ বাবে কাম কৰা কৃষি আৱাম পৰিস্থিতিকি বিকাশ সংস্থা (কে.আৰ.এ.পি.এ.ভি.আই.এছ.)ৰ প্ৰতিস্থাপক সিঙে কয়।

অৰণ্যৰ স্বীকৃতি পোৱা অ ৰনসমূহক খনন , সৌৰ আৰু বায়ুকল , নগৰীকৰণ আৰু আন যি ভাবুকিৰ সন্মুখীন এই অ ৰনসমূহে হৈ আছে , সেই সকলোবোৰৰ পৰা কটকটীয়া আইনী সুৰক্ষা দিয়া উচিত। এই ভূমিসমূহ যদি ব্যৰ্থভূমিৰ তালিকাতে ৰখা হয় , তেতিয়া তেনে ভূমি কোম্পানী আদিক আবণ্টন দি দিয়াৰ সম্ভাৱনা থাকি যায় ,” তেওঁ কয়।

ৰনবোৰ সংৰক্ষণ কৰাটো আৰু টান হৈ পৰিব। কিয়নো ৰাজস্থান সৌৰশক্তি নীতি , ২০১৯ অনুসৰি সৌৰশক্তি প্ৰকল্পৰ কোম্পানীয়ে চিলিং লিমিটৰ ওপৰিঞ্চি কৃষিভূমি আহৰণ কৰি তাক পৰিৱৰ্তিত কৰাৰ অনুমতি লাভ কৰে।

When pristine orans (right) are taken over for renewable energy, a large amount of non-biodegradable waste is generated, polluting the environment
PHOTO • Urja
When pristine orans (right) are taken over for renewable energy, a large amount of non-biodegradable waste is generated, polluting the environment
PHOTO • Urja

নৱীকৰণযোগ্য শক্তিৰ কাৰণে পৱিত্ৰ অ’ৰনবোৰ দখলীকৃত হোৱাত জৈৱ-অপচনীয় আৱৰ্জনাৰ সৃষ্টি হৈছে, যিয়ে পৰিৱেশ প্ৰদূষিত কৰিছে

Parth Jagani (left) and Radheshyam Bishnoi are local environmental activists .
PHOTO • Urja
Right: Bishnoi near the remains of a GIB that died after colliding with powerlines
PHOTO • Urja

স্থানীয় পৰিৱেশ কৰ্মী পাৰ্থ জগানি আৰু ৰাধেশ্যাম বিষ্ণই। সোঁফালে: বিদ্যুতপ্ৰৱাহী তাঁৰত লাগি মৃত্যু ঘটা জি.আই.বি. এটাৰ অৱশেষৰ কাষত বিষ্ণই

‘‘ ভাৰতৰ পৰিৱেশ আইনে সেউজ শক্তিৰ হিচাপ ৰখা নাই ,’’ নতুন দিল্লীৰ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড. সুমিত দুকিয়াই কয়। ‘‘ কিন্তু নৱীকৰণ শক্তিৰ প্ৰতি আইনী সমৰ্থন থকা হেতুকে চৰকাৰে একো কৰিব নোৱাৰে। ’’

নৱীকৰণযোগ্য শক্তিৰ স্থাপন-পৰিচালনত উৎপন্ন হোৱা জৈৱ-অপচনীয় আবৰ্জনাক লৈ দুকিয়া আৰু পাৰ্থ চিন্তিত। ‘‘ নৱীকৰণযোগ্য শক্তিৰ লীজবোৰ ৩০ বছৰৰ বাবে দিয়া হয় , কিন্তু বায়ুকল আৰু সৌৰফলকবোৰৰ ম্যাদ ২৫ বছৰলৈহে থাকে। তাৰপিছত কোনে সেইবোৰ নিষ্পত্তি কৰিব আৰু ক ত কৰিব ?’’ দুকিয়াই প্ৰশ্ন কৰে।

*****

‘‘ চিৰ চান্তে ৰৌক ৰহে থো ভি সস্তা জান (এটা মূৰৰ সলনি যদি এডালো গছ ) প্ৰাণ দি হ লেও যদি এডাল গছ বতাব পাৰো , তেতিয়াও বহুত ,’’ ৰাধেশ্যাম বিষ্ণইয়ে স্থানীয় প্ৰবাদ এটা শুনায় যিয়ে মানুহৰ সৈতে গছৰ সম্পৰ্ক কিমান গভীৰ , সেয়া বুজায়। ধৌলিয়াৰ বাসিন্দা ৰাধেশ্যামৰ ঘৰ বদৰিয়া অ ৰনৰ কাষতে। গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড বা স্থানীয়ভাৱে জনা গোডাৱন চৰাইবিধ ৰক্ষাৰ যুঁজখনত আগভাগ লৈছে।

‘‘ ৩০০ বছৰ আগতে যোধপুৰৰ ৰজাই এটা দুৰ্গ বনোৱাৰ সিদ্ধান্ত লয় আৰু কাষৰে খেতোলাই গাঁৱৰ পৰা তেওঁৰ মন্ত্ৰীসকলক কাঠ অনাবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীয়ে আদেশ পাই কাঠ আনিবলৈ সেনা পঠিয়ায় যদিও বিষ্ণইসকলে তেওঁলোকক গছ কটাৰ অনুমতি নিদিলে। মন্ত্ৰীয়ে আদেশ দিলে , গছবোৰ কাটা আৰু গছবোৰ সাবতি ধৰা মানুহবোৰো কাটি পেলোৱা। ’’

স্থানীয় লোকপ্ৰবাদ মতে অমৃতা দেৱীৰ অধীনত থকা সকলো গাঁৱৰ বাসিন্দাই গাইপতি এডাল গছ প্ৰতিপালনৰ দায়িত্ব লৈছিল। কিন্তু ৰজাৰ সেনাই আহি তেনে ৩৬৩ জন লোকক মাৰি পেলায়।

‘‘ পৰিৱেশৰ কাৰণে নিজকে উচৰ্গা কৰি দিয়াৰ সেই আৱেগ এতিয়াও আমাৰ মাজত আছে ,’’ তেওঁ কয়।

Left: Inside the Dungar Pir ji temple in Mokla oran .
PHOTO • Urja
Right: The Great Indian Bustard’s population is dangerously low. It’s only home is in Jaisalmer district, and already three have died after colliding with wires here
PHOTO • Radheshyam Bishnoi

বাওঁফালে: মৌকলা অ’ৰনৰ ডুংগাৰ পীৰ জীৰ মন্দিৰ। সোঁফালে: গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ডৰ সংখ্যা ভয়ংকৰ হাৰত কমি আহিছে। পক্ষীবিধৰ একমাত্ৰ আশ্ৰয় হৈছে জয়ছেলমেৰ জিলা, কিন্তু ইতিমধ্যে তাৰে তিনিটাৰ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু ঘটিছে

দেগ্ৰাইৰ ৬০ হাজাৰ বিঘা অ ৰনৰ ২৪ হাজাৰ বিঘা মন্দিৰৰ ন্যাসৰ অধীনস্থ। বাকী ৩৬ হাজাৰ বিঘা অ ৰনৰে অংশ বুলি স্থানীয়ভাৱে ঘোষিত যদিও চৰকাৰে সেই মাটি ন্যাসক নিদিলে , ‘‘ ২০০৪ত চৰকাৰে সেই মাটি বায়ুকল কোম্পানীক আবণ্টন দিয়ে। কিন্তু আমি যুঁজিছো আৰু সেই আবণ্টন স্থগিত কৰাইছো ,’’ সুমেৰ সিঙে কয়।

জয়ছেলমেৰৰ আন স্থানত সৰু সৰু অ ৰনবোৰে পিছে নিস্তাৰ নাপায় , কিয়নো সেইবোৰক পতিতভূমি বা ৱেষ্টলেণ্ড বুলি চৰকাৰে তালিকাভুক্ত কৰি থৈছে আৰু নৱীকৰণযোগ্য শক্তি কোম্পানীবোৰে চল পাই সেই অ ৰনবোৰ দখল কৰি পেলাইছে।

‘‘ চানৱাটাৰ নিজৰ খেতিপথাৰলৈ চাই তেওঁ কয় , ‘‘ এই মাটিখিনি শিলাময়। কিন্তু আমি ইয়াত বাজৰাৰ খেতি কৰো , আটাইতকৈ পুষ্টিকৰ জাতটোৰ। ’’ মৌকলা গাঁৱৰ কাষতে থকা ডংগাৰ পীৰজী অ ৰনখনত কেজৰি , কেৰ , জাল আৰু বগৰীৰ গছ অ ত-তত সিঁচৰতি হৈ আছে। জীৱ-জন্তু আৰু মানুহৰ বাবে সেয়া খাদ্যৰ অত্যাৱশ্যকীয় সুস্বাদু উৎস।

‘‘ বঞ্জৰ ভূমি (অনুৰ্বৰ ভূমি)! ’’ ভূমি বৰ্গীকৰণৰ প্ৰতি সন্দেহ ব্যক্ত কৰি সুমেৰ সিঙে কয়। ‘‘ নিয়োগৰ কোনো সুবিধা নথকা আমাৰ স্থানীয় লোকক এই ভূমি দিয়ক ; সিহঁতে ৰাগী , বাজৰা খেতি কৰি সকলোকে খুৱাব। ’’

জয়ছেলমেৰ আৰু খেতোলাইৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সৰু দোকান এখন চলোৱা মাংগি লালে প্ৰশ্নসূচক অথচ অসহায় ভংগীত কয় , ‘‘ আমি দুখীয়া মানুহ। আমাক মাটিৰ বিনিময়ত পইচা দিলে নালাগে বুলিনো কওঁ কেনেকৈ ?’’

প্ৰতিবেদকে বায় ডাইভাৰ্চিটি ক লেবৰেটিভৰ সদস্য ড. ৰবি চেল্লামক এই প্ৰতিবেদন প্ৰস্তুতত কৰা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Priti David

ਪ੍ਰੀਤੀ ਡੇਵਿਡ ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ਼ ਇੰਡੀਆ ਦੇ ਇਕ ਪੱਤਰਕਾਰ ਅਤੇ ਪਾਰੀ ਵਿਖੇ ਐਜੁਕੇਸ਼ਨ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਪੇਂਡੂ ਮੁੱਦਿਆਂ ਨੂੰ ਕਲਾਸਰੂਮ ਅਤੇ ਪਾਠਕ੍ਰਮ ਵਿੱਚ ਲਿਆਉਣ ਲਈ ਸਿੱਖਿਅਕਾਂ ਨਾਲ ਅਤੇ ਸਮਕਾਲੀ ਮੁੱਦਿਆਂ ਨੂੰ ਦਸਤਾਵੇਜਾ ਦੇ ਰੂਪ ’ਚ ਦਰਸਾਉਣ ਲਈ ਨੌਜਵਾਨਾਂ ਨਾਲ ਕੰਮ ਕਰਦੀ ਹਨ ।

Other stories by Priti David
Photos and Video : Urja

ਉਰਜਾ, ਪੀਪਲਜ਼ ਆਰਕਾਈਵ ਆਫ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਵੀਡੀਓ-ਸੀਨੀਅਰ ਅਸਿਸਟੈਂਟ ਐਡੀਟਰ ਹਨ। ਉਹ ਇੱਕ ਦਸਤਾਵੇਜ਼ੀ ਫਿਲਮ ਨਿਰਮਾਤਾ ਹਨ ਅਤੇ ਸ਼ਿਲਪਕਾਰੀ, ਰੋਜ਼ੀ-ਰੋਟੀ ਅਤੇ ਵਾਤਾਵਰਣ ਦੇ ਮੁੱਦਿਆਂ ਨੂੰ ਕਵਰ ਕਰਨ ਵਿੱਚ ਦਿਲਚਸਪੀ ਰੱਖਦੀ ਹਨ। ਊਰਜਾ ਪਾਰੀ ਦੀ ਸੋਸ਼ਲ ਮੀਡੀਆ ਟੀਮ ਨਾਲ ਵੀ ਕੰਮ ਕਰਦੀ ਹਨ।

Other stories by Urja

ਪੀ ਸਾਈਨਾਥ People’s Archive of Rural India ਦੇ ਮੋਢੀ-ਸੰਪਾਦਕ ਹਨ। ਉਹ ਕਈ ਦਹਾਕਿਆਂ ਤੋਂ ਦਿਹਾਤੀ ਭਾਰਤ ਨੂੰ ਪਾਠਕਾਂ ਦੇ ਰੂ-ਬ-ਰੂ ਕਰਵਾ ਰਹੇ ਹਨ। Everybody Loves a Good Drought ਉਨ੍ਹਾਂ ਦੀ ਪ੍ਰਸਿੱਧ ਕਿਤਾਬ ਹੈ। ਅਮਰਤਿਆ ਸੇਨ ਨੇ ਉਨ੍ਹਾਂ ਨੂੰ ਕਾਲ (famine) ਅਤੇ ਭੁੱਖਮਰੀ (hunger) ਬਾਰੇ ਸੰਸਾਰ ਦੇ ਮਹਾਂ ਮਾਹਿਰਾਂ ਵਿਚ ਸ਼ੁਮਾਰ ਕੀਤਾ ਹੈ।

Other stories by P. Sainath
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das