“বৈষম্য থাকিলে অসুবিধা ক’ত?” দোধোৰ-মোধৰত পৰা ছাত্ৰ এজনে বেংগালুৰুৰ বেচৰকাৰী স্কুল এখনত পাৰিৰ প্ৰেজেণ্টেচন চলি থকা সময়ত সোধে।
“সৰু দোকানীজনৰ দোকান দোকানখন সৰু আৰু আম্বানিৰ ব্যৱসায় ডাঙৰ, তেওঁলোকে নিজে যেনেকৈ কষ্ট কৰিছে, তেনেকৈ পাইছে। কঠোৰ অধ্যৱসায় কৰা মানুহ সফল হ’বই.” তেওঁ নিজৰ যুক্তি অতি প্ৰত্যয়েৰে তুলি ধৰিছে।
এনেদৰেই সাফল্যৰ সংজ্ঞাৰ নিৰ্মাণ হয়। কিন্তু সফলতাৰ সংজ্ঞাক শিক্ষা, স্বাস্থ্যসেৱা আৰু ন্যায়ক কেন্দ্ৰ কৰি জনসাধাৰণে পাবলগীয়া সুবিধাৰ ভিত্তিত পাৰিৰ ষ্ট’ৰিৰ যোগেদি তুলি ধৰা হয় আৰু শিক্ষাৰ্থীক বুজাব পৰা যায়। পথাৰত, হাবিত আৰু চহৰৰ কদৰ্য্যময় পৰিৱেশত কঠোৰ পৰিশ্ৰমেৰে জীৱিকা নিৰ্বাহ কৰা মানুহৰ জীৱনবোৰৰ বিষয়ে শ্ৰেণীকোঠাত আমি আলোচনা কৰোঁ।
আমাৰ বৰ্তমান সময়ৰ সমস্যাবোৰৰ বিষয়ে যুৱচামৰ মাজত সচেতনতা বঢ়াবলৈ, উদ্যোগী কৰি তুলিবলৈ শ্ৰেণীকোঠাত পাৰিৰ সাংবাদিকসকলে নিজ অভিজ্ঞতা শিক্ষাৰ্থীৰ সৈতে ভাগ-বতৰা কৰে। গাঁৱে-ভূঞে আৰু চহৰে-নগৰে স্কুল-কলেজত, বিশ্ববিদ্যালয়ত আমি আমাৰ ষ্ট’ৰি, ফটো, ফিল্ম, গীত-মাত আৰু কলাৰ যোগেদি বাস্তৱ জগতখনৰ সৈতে শিক্ষাৰ্থীক পৰিচয় কৰোৱাও।
চেন্নাইৰ হাইস্কুলীয়া ছাত্ৰ অৰ্ণৱে কয়, “আমি তেওঁলোকক (নিজতকৈ নিম্ন আৰ্থ-সামাজিক গোটৰ মানুহক) আমি সততে সন্মুখীন নোহোৱা পৰিস্থিতিৰ মাজেৰে নিতৌ পাৰ হোৱা জীয়া মানুহৰ পৰিৱৰ্তে পৰিসংখ্যা হিচাপেহে গণ্য কৰোঁ।”












